এটা ভূতৰ সাধু – কোনবোৰ কথাক ব্যংগ বুলি কয়? ( সৌমিত্ৰ যোগী )

২০০২ চনৰ কথা৷ মই তেতিয়া হোৱাই-নোহোৱাই, ভুলে-শুদ্ধই কেৱল ৰাজনৈতিক বিষয়বিলাকেই লিখোঁ৷ গল্প দুই-এটা লিখিছোঁ, কিন্তু প্ৰকাশৰ কাৰণে কাকো নিদিওঁ৷ সেই সময়ত অজিত কুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশিত “আজি” কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰায়ে লিখোঁ৷

এদিনৰ কথা৷

লেখা এটা দিবলৈ গৈ সম্পাদকীয় পৃষ্ঠাৰ বিভাগীয় সম্পাদকজনৰ সৈতে বিভিন্ন বিষয়ত কথা পাতি আছিলোঁ৷ সম্পাদকীয় পৃষ্ঠাত “হাটে-বাটে” বুলি এটা ব্যংগ শিতান আছিল৷ কথা প্ৰসংগত মই ক’লো যে – দাদা, আপোনালোকৰ ব্যংগ শিতানটো কোনে লিখে নাজানো, কিন্তু মাজে মাজে বৰ বিৰক্ত হওঁ৷ ব্যংগৰ নামত বৰ ফটুৱা আৰু তৰল কথা লিখে৷

তেওঁ অলপ অস্বস্তিৰে সৈতেই ক’লে যে – লিখে ৰ’বা৷ তিনিজনমান আছে৷ ভাল মানুহেই লিখে৷

বয়সজনিত দোষ৷ মই অলপ ওস্তাদি মাৰিয়ে ক’লোঁ – বাদ দিয়কহে ভাল মানুহ৷ মই তাতকৈ ভাল ব্যংগ লিখিব পাৰোঁ৷

তেওঁ অত্যন্ত কৌতুহলেৰে সৈতে সুধিলে – তুমি ব্যংগ লিখা নেকি?

“নিলিখোঁ৷ কিন্তু কৈ চাওকচোন, তাৰ পাছত চাব৷”

মই আছিলোঁ বয়সজনিত উচ্ছ্বাসত৷ তেওঁ আছিল মোৰ বিপৰীত মেৰুত৷

“তুমি মোক দুটা ব্যংগ লিখি দিয়া, মই অজিতদাৰ সৈতে কথা পাতিম৷ “তেওঁ তেনেকৈ ক’ব বুলি মই ভবাই নাছিলোঁ৷ মই নিশ্চিত নাছিলোঁ তেওঁ মোৰ সৈতে ধেমালি কৰিছে নে কি? মই সুধি পেলালোঁ – সঁচাই কৈছে নেকি?

সঁচাই কৈছে তেওঁ৷

এইবাৰ আহি পৰিল মোৰ ইজ্জত ৰক্ষাৰ পাল৷ ঘৰলৈ গৈয়ে ব্যংগ লিখাত লাগিলোঁ৷ পিছদিনা দুটা ব্যংগ লৈ “আজি”ৰ কাৰ্যালয়ত হাজিৰ৷ এদিন পাছত তাৰে এটা ব্যংগ ওলাল৷ তাৰ পাছত মোকো পেনেল মেম্বাৰ কৰা বুলি জনাই সপ্তাহত দুটাকৈ ব্যংগ লিখিবলৈ আনুষ্ঠানিকভাৱে দায়িত্ব দিলে৷

থূলমূলকৈ মই ব্যংগ লিখিবলৈ লোৱাৰ এইটোৱে আছিল আৰম্ভণি৷

তাৰ পাছত “সাপ্তাহিক জনমত” কাকতত “দিছপুৰ সংবাদ”, “নতুন দিন”ত “খকৰা-মুকুটি”, “অসমীয়া প্ৰতিদিন”ত “তৌবা-তৌবা” আদি নিয়মিত শিতান লিখিবলৈ ল’লোঁ৷ তদুপৰি “সাতসৰী”, “জীৱন”, “সাদিন” আদিত নিজৰ নামত লিখি গ’লোঁ৷

যি কি নহওক, ইজ্জত বচাবলৈ ভৰ বাৰিষাৰ নদীত জাঁপ মাৰি দিলো হয়, পিছে মইতো ক’তো সাঁতুৰিবলৈ শিকা নাছিলো – মোৰ ভৈল তেহ্নয় অৱস্থা৷ বহুতেই লিখিবলৈ কয়, সময় পালে লিখোঁ, নাপালে তেনেকৈয়ে থাকি যায়৷ “সাতসৰী”ত লিখি থকা ব্যংগ শিতানটো প্ৰকাশনৰ কাম আৰু ব্যস্ততাৰ কাৰণে সাময়িকভাৱে বাদ দিব লগা হৈছিল আৰু দিগন্তদাই (দিগন্ত ওজা)কৈ থকাৰ পাছতো নিয়মিত লিখিব পৰা নাছিলোঁ৷ অপু ভৰদ্বাজেও বহুদিন ক’লে৷ আৰু নাম নলওঁ, ইতিমধ্যেই আত্মঢোলবাদন হৈছেগৈ৷ তাৰ মাজতে ব্যংগৰ ভাষাটো চৰ্চা কৰি থাকিবলৈকে “নিয়মীয়া বাৰ্তা” আৰু “সাদিন”ত নিয়মিত লিখিবলৈ ঠিক কৰিলোঁ৷ তদুপৰি বহুতেই আক্ষেপ প্ৰকাশ কৰে যে – আমাৰ ভাষাত ব্যংগ সাহিত্য চৰ্চা কৰা মানুহ কম, ব্যংগ সাহিত্য যথেষ্ট দুৰ্বল ইত্যাদি৷ সেয়ে এইটো মোৰো দায়িত্ব বুলি ধৰি লৈ লিখি আছো৷

অসমীয়াত এষাৰ কথা আছে, বোলে – “বেলিয়ে আঁটে মানে, কাঁচিয়ে কাটে মানে৷ “আৰু কোৱা হয় – “সাঁতুৰিব লাগিবতো নিজৰ বাহুৰ বলেৰেই৷ “

আৰু এষাৰ কথা আছে – “বাঘ চাব নালাগে বিড়ালীকে চাবা, বৰ মানুহ চাবলৈ বাটলৈ যাবা৷” মোৰ বংশত কোনো ডাঙৰ সাহিত্যিক বা লেখক নাই৷ গতিকে মোক ব্যংগ লিখিবলৈ কোনে শিকাব? এতেকে মই মেকুৰী চায়ে বাঘ নামৰ প্ৰাণীটো কেনে হ’ব পাৰে এটা আওভাও বুজিবলৈ চেষ্টা কৰিলোঁ৷ ব্যংগনো আচলতে কেনেকৈ লিখিব লাগে, সেইটো শিকিবৰ কাৰণে মই জীৱনত এতিয়ালৈকে কোনো দ্ৰোণাচাৰ্যক লগ পোৱা নাই, আৰু সত্য কথা যে বিচৰাও নাই৷ ভৰ বাৰিষাৰ নদীত পাৰ পাবলৈ সাঁতুৰি আছোঁ, এইখিনি সময়ত ক’ত আৰু ছুইমিঙৰ জ্ঞান ল’ম বা লোৱাৰ কথা ভাবিম? ঘটনাক্ৰমে, একলব্যৰ দৰে কাৰোবাৰ মূৰ্তি প্ৰতিষ্ঠা কৰি শিক্ষা লোৱা কাৰবাৰটোও কৰা হোৱা নাই৷ যিটো শুদ্ধ বুলি ভাবিছো, বৃহত্তৰ স্বাৰ্থত যিটো বিষয় লিখাটো উচিত বুলি বিবেচনা কৰিছো, তাকে লিখি গৈছো৷ বহুতেই ভাল হোৱা বুলি কয়, তাকে বিশ্বাস কৰোঁ৷ কোনোবাই বেয়া হোৱা বুলি আন্ধাৰত কোনো কাকো নেদেখা সময়ত চিঞৰি কয়, তাকো বিশ্বাস কৰোঁ৷ তেতিয়া ভাবো, এজন গুৰু লাগিবই লাগিব৷

এনেকৈ আন্ধাৰৰ মাজত মই প্ৰায়ে শুনা পাওঁ কিছুমান কণ্ঠ – “কাৰোবাৰ ব্যক্তিগত কথা লিখাকে ব্যংগ বুলি নকয়৷”

এই বাক্যটো বিভিন্ন স্থানত প্ৰতিধ্বনিত হয়৷ আৱাজটো কোনফালৰ পৰা আহে ধৰিব নোৱাৰি৷ অনুমানতে কাৰোবাৰ ডিঙিত ধৰি দিয়া যায়, কিন্তু কণ্ঠটো সেইটো ডিঙিৰ নহয়৷ যিখন জিভাৰ পৰা ওলোৱা বুলি নিশ্চিত হৈ যোৱা যায়, সেই জিভাখন কাটি দিলেও বাজনাটো বাজি থাকে৷ ভূতৰ চিনেমাৰ দৰে৷ মই জানো, আচল ভূতটো বেলেগ৷ তাৰ মাথাটো বেলেগ ক’ৰবাত আছে, যিবোৰ আৱাজ মই শুনি থাকোঁ, সেইবোৰ কেৱল জিভা আৰু কণ্ঠহে৷

মই এতিয়া সেই মাথাটো বিচাৰি আছোঁ৷ মই গুৰুবৰণ কৰিম৷ মই তেওঁৰ পৰা শিকিম ব্যংগ কেনেকৈ আৰু কিয় লিখা উচিত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments