এটা ম’বাইল হেণ্ডছেটৰ আত্মকথা (হিৰণ্ময় বৰুৱা)

এটা মবাইল হেণ্ডছেটৰ আত্মকথা

হিৰণ্ময় বৰুৱা

 

(ইতিপূৰ্বে প্ৰকাশিত লেখাটোৰ ৰচনাকাল ২০১০ বৰ্ষ । ৰাইজে ২০১০ ৰ কোনো এটি ফৰকাল দুপৰীয়াত পঢ়ি আছো বুলি ভাবি লয় যেন)

মোক আপোনালোকে নিশ্চয় চিনি পাইছে । আজিৰ যুগত সকলোৰে হাতে হাতে মই উপলব্ধ । সাইলাখ মই নাথাকিলেও মোৰ দাদা-বাইদেউ, ভাইটী-ভন্টিহঁতৰ মাজৰ কোনোবা নিশ্চয় আপোনালোকৰ হাতৰ মুঠিত । সিহঁত লাগিলে মোৰ দৰে “ন’কিয়া” পৰিয়ালৰেই হওক বা আন “এল জি”, “চেমচাং” কিম্বা আজিকালিৰ নাম শুনিলেই চকু কপালত উঠা “মেদ ইন চাইনা” পৰিয়ালৰেই হওক ।

এটা সময় আছিল- যেতিয়া মোক ‘পকেট’ত ৰখা মানেই একেবাৰে চন্দ্ৰটোকে থাপ মাৰি আনি পকেটত ভৰাই ৰখা যেন আছিল । কিন্তু !.. আজি সেই দিন নাই । এতিয়া ঠেলাৱালা, ৰিক্সাৱালা সকলোৰে বাবে মই সুলভ । সকলোৱে মোক যিমান পাৰি সিমান ব্যৱহাৰ কৰে । আনকি সৰু সৰু ল’ৰা-ছোৱালীবোৰেও আমাৰ ‘ডুপ্লিকেট ভাৰ্চন’টো (সেই যে পূজাত দোকানে দোকানে বিক্ৰী কৰা, ছুইছ টিপিলেই হেল্ল’ হেল্ল’ মতা)খেলনা হিচাপে ব্যৱহাৰ কৰে । ইস আমাৰ যেন নিজৰ বুলিবলৈ একোৱেই নাই ।
আপোনালোকৰ দৰে মোৰো এখন ‘হাৰ্ট’ মানে হৃদয় আছে, যাৰ নাম ‘চিম কাৰ্ড’ । মোৰ এই হৃদয়্খন আকৌ সৃষ্টিকৰ্তাৰ দান নহয় দেই । মোক ক’ত, কেতিয়া, কোনখন হৃদয়ৰ প্ৰয়োজন, সেয়া একমাত্ৰ মোৰ মালিকেহে থিৰাং কৰে। যোৱা তিনি মাহত তেওঁ মোৰ যিমানবাৰহে ‘হাৰ্ট চাৰ্জাৰী’ কৰিলে । প্ৰথমে ‘বি এছ অন এল’ , তাৰ পিছত ‘এয়াৰচেল’, তাৰ পিছত ‘ভোডাফোন’ আৰু এতিয়া ‘এয়াৰটেল’ । ইয়াৰ পিছত কিবা ‘মিঠাতেল’ নামৰ ‘হাৰ্ট’ নলগালেই হ’ল । শুনিছোঁ আমাৰ কিছুমানৰ আজিকালি দুখনকৈ ‘হাৰ্ট’ থাকে । ‘ক্যা জমানা আ গয়া’ — এখন ‘হাৰ্ট’ চম্ভালিবলৈ ইমান দিগদাৰ, দুখনকৈ ‘হাৰ্ট’ ?… ভাবিলেই মূৰ্চ্ছা যোৱাৰ উপক্ৰম হওঁ ।
এসময়ত ‘ভোডাফোন’ত থাকোঁতে মই বৰ কষ্ট পালো । মোৰ মালিকে তেখেতৰ লগৰীৰ লগত ঘন্টাৰ পিছত ঘন্টা যেনেদৰেহে কথা পাতিছিল! কিবা বোলে ‘নাইট-পেক’ আছিল । পিছে মোৰ বোধেৰে সেয়া ‘নাইট পেক’ নহৈ ‘ফাইট-পেক’ৰহে ৰুপ লৈছিল। বাপৰে, কিমান যে কাজিয়া কৰিছিল । কেতিয়াবা আকৌ খঙৰ ভমকত, উৰহৰ খং ভগা ঢাৰিত উজৰাৰ দৰেই মোকেই থেকেচা মাৰি দলিয়াই দিছিল । থেকেচা খাই মোৰ ‘কিডনী’ মানে সেই বেটেৰিটো ওলাই দৌৰ মাৰিছিল । ’কিডনী’টো নাথাকিলে মইতো একো কামেই কৰিব নোৱাৰোঁ । হিঃ হিঃ । ‘কিডনী ফেইলৰ’ অকল আপোনালোকৰেই হয় বুলি ভাবিছিল নেকি?
মই গান গাই বৰ ভাল পাওঁ ।কিন্তু কেতিয়াবা কিছুমানৰ হাতত পৰি যিহে টেঁটুফলা চিঞৰ মাৰি গান গাব লগা হয়। কিছুমানেতো কথা পাতিলেও মোক চিঞৰাই ভাল পায় । তেতিয়া ভাব হয়–এই ‘ম’বাইল’বোৰত ‘লাউড-স্পীকাৰ’ ‘অপশ্যন’টো কিয় দিয়ে বাৰু ?
অন্য কিছুমান আকৌ সম্পূৰ্ণ বিপৰীত । তেওঁলোকে মোক অনবৰতে ‘ভাইব্ৰেশ্যন’ত ৰাখি ভাল পায় । এইটো কথাত মই বৰ অশান্তি পাওঁ; বুকুখন ধপধপায় বুজিছা । মোক ‘ভাইব্ৰেশ্যন’ত নাৰাখিলে ময়ো দুশাৰীমান গান গুণগুণাই ‘ফ্ৰেছ’ হ’ব পাৰো দিয়কচোন ।
এহ !
‘কৈনো কৈ থাকিলে / ওৰকে নপৰে/
আমাৰে জীৱনৰ কথা/
এইবোৰ কামত ‘বিজি’ হৈ থাকিলে /
মালিকৰ লাগিব লেঠা…।’
সেয়েহে আজিলৈ সামৰো । বিদায় পৰত এটা গোপন কথা কৈ থওঁ দেই কাণে কাণে– এই যে ‘ম’বাইল বিস্ফোৰণ’ হৈছিল যোৱাবাৰ । সেয়া আচলতে আমি জানি বুজিয়েই কৰাইছিলোঁ । মানে আমাৰ মাজৰে কেইজনমানে ‘চুইচাইদ-বম্বাৰ’ৰ কাম কৰিছিল । আপোনালোকে আমাৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিবাদত আমি তেনে কৰিছিলোঁ । সেয়ে আগলৈ এনে কাম নহ’বলে আমাকো অলপ শান্তি দিব । অন্ততঃ কেইঘন্টামানৰ বাবে হ’লেও আমাক জিৰণি দিয়াৰ অভ্যাস গঢ়ি তুলিব ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments