এটা মৰাশৰ স্বীকাৰোক্তি – (দেবেশ্বৰ কাকতি)

বৰ ঠাণ্ডা৷ মাইনাচ চাৰি ডিগ্ৰী চেলচিয়াছত তহঁতে মোক ভৰাই থৈছ৷ উঃ৷ জীয়াই থাকোতে দিয়া যন্ত্ৰনাই তহঁতৰ সুখ নপলালে আৰু এতিয়া মৰিও যন্ত্ৰনা ভোগাইছ! তহঁতে মোক সোনকালে চিতাৰ গৰম জুইকুৰাত তুলি দে৷ মৰাৰ পাছতো তহঁতি মোক শাস্তি দিবলৈ নেৰিলি৷
খেতিয়কৰ ল’ৰা আছিলোঁ মই৷ মোৰ দেউতাই কেকোঁৰা নাঙলৰে গুটিয়া ম’হৰ হাল বাই দ’ পথাৰত খেতি কৰি আমাক পঢ়ালে-শুনালে, ডাঙৰ-দীঘল কৰিলে৷ গাৱঁৰে হাইস্কুল খনত মাষ্টৰৰ চাকৰি কৰি থাকোতে চলিহা এম এল এয়ে সচিবালয়ৰ এই কেৰাণীৰ চাকৰিত সুমুৱাই দিলে৷ শ্বিলঙৰ পৰা ৰাজধানী নামি গুৱাহাটী পালোঁহি৷ বহুত মানুহ শ্বিলঙত থাকি আহিল৷ নতুন সচিবালয় বহুত কাম৷ মোৰ প্ৰমোচন হ’ল৷ উচ্চবৰ্গৰ কেৰাণী হ’লোঁ৷ তাৰ পাছত বহুত দিন প্ৰমোচন নাই৷ কৰি আছো চাকৰি, দুই হাতেৰে টেবুলৰ তলে ওপৰে কোৰোনাৰে চপোৱাৰ দৰে ধন চপালোঁ৷ দুটা ল’ৰা ডাঙৰ কৰিলোঁ৷ পঢ়া শুনা কৰি এটা বিদেশলৈ গুছি গ’ল৷ হওঁতে তেতিয়াৰ এম পি চাহাবক কৈ কমনৱেল্থ বৃত্তি দি মইয়ে তাক বিলাতত পঢ়িবলৈ সুবিধা কৰি দিছিলোঁ৷ পাছে কি হ’ব, মেম বিয়া কৰাই সি তাতে নিগাজি বাসিন্দা হৈ পৰিল৷ দুবাৰ নে এবাৰ আহিছিল, তাৰ পাছত আৰু খবৰ নাই৷ সৰুটো ই এণ্ড ডিৰ ঠিকাদাৰ হ’ল৷ ঢেৰ টকা পইচাৰ মালিক হ’ল৷ এতিয়া তাৰ ব্যৱসায় ডাঙৰ৷ মাক জীয়াই থকালৈকে কেতিয়াবা বিহুৱে সংক্ৰান্তিয়ে আহিছিল৷ মানুহজনী ঢুকোৱাৰ পাছৰ পৰা কাৰো মোক চাবলৈ সময় নাই৷ সৰু বোৱাৰীজনী একলা চৰা৷ এবাৰ অসুখ হৈ থাকোতে দেউতা এইখিনিতে চহী এটা কৰক বুলি মোৰ চহী লৈ গ’ল৷ ময়ো ভাবিলোঁ, জীয়াই থাকোতেই যেতিয়া ভোগ কৰিব নোৱাৰিলোঁ, মৰিলেনো কি কৰিম! চহী মাৰি দিলোঁ৷ পাছত গম পালোঁ সকলো মাটি বাৰী তাইৰ নামত কৰি ল’লে৷ মই বৃদ্ধাশ্ৰমলৈ অহাৰ আগতে থকা ঘৰটোও তাইৰ নামত কৰি ললে৷ ল, ল কি কৰিবি লৈ! লগত লৈ যাব পাৰিবি! মইয়ে দেখোন নোৱাৰিলোঁ৷
অকলে অকলে জীৱন নাযায়-নুপুৱায় লগাত বৃদ্ধাশ্ৰমলৈ গুছি আহিলোঁ৷ দুয়োটা ল’ৰাৰে ঠিকনা, ফোন নম্বৰ বৃদ্ধাশ্ৰমত দিছিলোঁ৷ বৃদ্ধাশ্ৰমৰ মানুহে কেইবাবাৰো খবৰ দিলে, কোনোটোৰে পৰিয়ালৰ মানুহৰ মোৰ খবৰ লবলৈ আহৰি নহ’ল৷ জীৱনৰ শেষ দিনটোৰ আগতে কনোবাই মোৰ কাণৰ ওচৰত চিঞৰি চিঞৰি কৈছিল, বোলে আপোনাৰ বিদেশত থকা ল’ৰাটো আহি আছে আপোনাক চাবলৈ৷ কোনোবাই কথা পাতি থকা শুনিছিলোঁ বোলে মোক চিতাত দিয়াৰ সময়লৈকে ডাঙৰবোপা যদি আহি নাপায়হি তেনেহ’লে মোক ঠাণ্ডাদি থৈ দিব লাগিব৷ সি হেনো তেনেকৈ কৈছে৷
মই এতিয়া মৰা শই ঠাণ্ডাত কঁপি আছোঁ৷ সোনকালে আহ, হেৰ’ ডাঙৰবোপা৷ মোক চিতাৰ তাপ ল’বলৈ দে৷ মই জানো, ইমান নৰক যন্ত্ৰনাৰ পাছত মই স্বৰ্গলৈ গৈ কি কৰিম! তই আৰু পিণ্ড দি মোক স্বৰ্গলৈ নপঠাবি৷ বৃদ্ধাশ্ৰমখনেই মোৰ স্বৰ্গ আছিল অ’৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক