এটা ল’ৰা আৰু এজোপা আপেল গছ (মূল উত্স-Akramulla Syed অনুবাদ- অঞ্জল বৰা)

এখন গাঁৱত এজোপা অতি ডাঙৰ আপেল গছ আছিল৷ এটা সৰু ল’ৰাই সেই গছজোপাৰ মৰমতে সদায় তাৰ তলত খেলিবলৈ আহিছিল৷ ল’ৰাটোৱে গছজোপাৰ ওপৰত বগাই ধেমালি কৰি কৰি আপেল খাইছিল আৰু দিনটো তাৰ তলত শুই সময় কটাইছিল৷ ল’ৰাটোৰ এনে কামবিলাক দেখি গছজোপায়েও তাক মৰম কৰিছিল৷ ল’ৰাটো লাহে লাহে ডাঙৰ হৈ আহিছিল আৰু গছজোপাৰ তলত সদায় খেলিবলৈ এৰি দিছিল৷ এদিন সেই ল’ৰাটোৱে গছজোপাৰ কাষলৈ আহি দুখেৰে গছজোপাৰ ফাললৈ চাই আছিল৷ তাকে দেখি গছজোপাই তাক তাৰ লগত খেলিবলৈ মাতিলে৷

–“আহা মোৰ লগত খেলাহি৷”

কিন্তু ল’ৰাটোৱে উত্তৰ দিলে-

–“মই এতিয়া আগৰ দৰে কেচুৱা হৈ থকা নাই, মই এতিয়া তোমাৰ লগত খেলিব নোৱাৰোঁ৷ মোক এটা পুতলা পিস্তল কিনিবৰ কাৰণে কিছু পইচাৰ দৰকাৰ হৈছে৷ তুমি দিব পাৰিবানেকি?”

ল’ৰাটোৰ কথা শুনি আপেলজোপাই উত্তৰ দিলে-

–“মোৰ হাতত পইচা নাই, কিন্তু তুমি মোৰ আপেলবিলাক পাৰি লৈ যাব পাৰা আৰু তাক বজাৰত বেচি কিছু পইচা গোটাব পাৰা৷”

ল’ৰাটো আনন্দত জপিয়াই উঠিল৷ সি গছজোপাৰ পৰা আপেলবিলাক পাৰি আনন্দৰে তাৰ পৰা আঁতৰি গ’ল৷ ল’ৰাটোৱে আপেলবিলাক পাৰি লৈ যোৱাৰ পিছত বহু বছৰলৈ আপেলজোপাৰ কাষলৈ ঘুৰি নাহিল৷ গছজোপাই দুখেৰে দিন কটাবলৈ ধৰিলে৷ পুনৰ এদিন সেই ল’ৰাটোক আপেলজোপাৰ কাষত দেখা গ’ল৷ তেতিয়া সি এজন ডেকা ল’ৰা৷ আপেলজোপাই তাক দেখি পুনৰ আনন্দিত হ’ল আৰু তাক তাৰ লগত খেলিবলৈ মাতিলে৷

–“আহা আৰু মোৰ লগত খেলাহি৷”

–“তোমাৰ লগত খেলিবলৈ মোৰ একেবাৰে সময় নাই৷ মোৰ পৰিয়ালৰ বাবে মই এতিয়া কাম কৰিব লাগে৷ আমি থাকিবলৈ এটা ঘৰৰ প্ৰয়োজন হৈছে৷ তুমি সহায় কৰিব পাৰিবানেকি?”

ডেকাল’ৰাটোৰ কথা শুনি আপেলজোপাই পুনৰ ক’লে-

–“মোৰ কোনো ঘৰ নাই৷ কিন্তু তুমি এটা ঘৰ সাজিবলৈ মোৰ ডালবিলাক কাটি লৈ যাব পাৰা৷”

সেই কথা শুনি ডেকাল’ৰাটোৱে আপেলজোপাৰ ডালবিলাক কাটি পেলালে আৰু আনন্দৰে উভতি গ’ল৷ গছজোপাই তাৰ সুখ দেখি আনন্দিত হ’ল৷ কিন্তু ডেকাল’ৰাটোক পুনৰ বহু দিনলৈ গছজোপাৰ কাষত দেখা পোৱা নগ’ল৷ গছজোপা আকৌ অকলশৰীয়া হৈ পৰিল আৰু বেজাৰ মনেৰে দিন কটাবলৈ ধৰিলে৷
এদিন গৰমৰ দিনত, এজন মানুহক আপেলজোপাৰ কাষত দেখা পোৱা গ’ল৷ গছজোপাই তাক চিনি পাই আনন্দতে তাৰ লগত খেলিবলৈ মাতিলে৷

–“আহা আৰু মোৰ লগত খেলাহি৷”

কিন্তু মানুহজনে উত্তৰ দিলে-

–“মই এতিয়া বুঢ়া হ’লোঁ৷ সেয়ে ফুৰিবৰ কাৰণে মই নদীৰ কাষলৈ যাব বিচাৰোঁ৷ তুমি মোক এখন নাওৰ ব্যৱস্থা কৰি দিব পাৰিবানে?”

গছজোপাই তাৰ কথা শুনি ক’লে-

–“এখন নাও সাজিবলৈ মোৰ গা-গছজোপা ব্যৱহাৰ কৰিব পাৰা৷ তুমি তাৰে এখন নাও সাজি নদীত ফুৰিব পাৰিবা৷”

সেই কথা শুনি মানুহজনে গছজোপা কাটি তাৰে এখন নাও সাজি আনন্দৰে ফুৰিবলৈ গ’ল৷ তাৰ পিছত মানুহজনে বহু বছৰলৈ আপেলজোপাৰ খা-খবৰ ৰখা নাছিল৷ অৱশেষত, বহু বছৰৰ পিছত মানুহজন পুনৰ আপেলজোপাৰ কাষলৈ ঘুৰি আহিল৷ মানুহজনক দেখি আপেলজোপাই এইবাৰ ক’লে-

–“এতিয়া তোমাক দিবলৈ মোৰ আৰু একোৱেই নাই৷ আনকি তোমাক খাবলৈ দিবৰ কাৰণে এতিয়া এটা আপেলো নাই, তুমি মোৰ গাত বগাব পৰাকৈ মোৰ কোনো গা-গছ নাই, সঁচাকৈ মই তোমাক একোৱেই দিব নোৱাৰো৷ কেৱল মোৰ হাতত মোৰ শুকান মুঢ়াটো আছে৷”

ইয়াকে কৈ গছজোপাই চকুলো টুকিবলৈ ধৰিলে৷ আপেলজোপাৰ কথা শুনি মানুহজনে ক’লে-

–“কোনো কথা নাই, আপেল খাবলৈ এতিয়া মোৰ এটাও দাঁত নাই, গছত বগাবলৈও মই এতিয়া বহুত বুঢ়া হ’লো৷ এতিয়া মোক অধিক একো নালাগে, মাত্ৰ জিৰণি ল’বৰ কাৰণে অকনমান ঠাই লাগে৷ মই এতিয়া অতি ভাগৰুৱা হৈ পৰিছোঁ৷”

এই কথা শুনি আপেলজোপাই ক’লে-

–“ভাল কথা! জিৰাবৰ কাৰণে পুৰণি গছৰ মুঢ়াই হৈছে অতি ভাল ঠাই৷ আহা, মোৰ ওপৰত বহা আৰু আৰাম কৰা৷” সেই কথা শুনি মানুহজনে গছজোপাৰ মুঢ়াটোৰ ওপৰত বহিল পৰিল আৰু গছজোপাইও মানুহজনক ঘুৰাই পাই আনন্দৰে চকুপানি টুকিলে৷

(এই গল্পটো হৈছে আমাৰ প্ৰত্যেকৰে জীৱনৰ ঘটনা৷ গছজোপা হৈছে আমাৰ পিতৃ-মাতৃ৷ আমি শিশু হৈ থকাৰ সময়ত, আমাৰ মা-দেউতাৰ লগত খেলিবলৈ ভাল পাওঁ৷ যেতিয়াই আমি ডাঙৰ হওঁ, আমি তেওঁলোকক এৰি দিওঁ, আৰু তেতিয়াহে তেওঁলোকৰ কাষলৈ ঘুৰি যাও যেতিয়া আমাক কিবা প্ৰয়োজন হয় বা আমি অসুবিধাত পৰোঁ৷ কিন্তু আমি যিয়েই নকৰো, পিতৃ-মাতৃয়ে আমাৰ পৰা  কোনো প্ৰতিদান নিবিচৰাকৈ আমাৰ সুখৰ কাৰণে সকলো উজাৰি দিয়ে৷ অথচ আমি স্বাৰ্থপৰ মানুহৰ দৰে সকলো পাহৰি যাওঁ৷)

…………………………​…
মূল উত্স-Akramulla Syed
অনুবাদ- অঞ্জল বৰা

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

এটা ল’ৰা আৰু এজোপা আপেল গছ নামৰ মূল Akramulla Syed ৰ অনুবাদ গল্পটোৱে আমাৰ
বাস্তবৰ এখন সঁচা ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ সময়ৰ প্রয়োজনেই আমাৰ বাস্তবৰ অভিজ্ঞতা ৷
হাঁহাকাৰ জীবনৰ এইয়াই প্রকৃত সত্য ৷ লেখক অঞ্জল বৰালৈ অশেষ ধন্যবাদ থাকিল ৷