এটা সঁচা কাহিনী- বিশ্বজিৎ দাস

“দাদা ৰুটি একপ্লেট বনাব”, ৰাজুদাৰ দোকানৰ ল’ৰাজনক উদ্দেশ্যি কথাষাৰ কলোঁ। ইউনিভাৰ্ছিটিৰ পৰা ৰূমলৈ আহোঁতে প্ৰতি সন্ধিয়া উজানবজাৰৰ সেই নিৰ্দিষ্ট দোকানখনত ৰুটি খোৱাটো মোৰ প্ৰায় অভ্যাসত পৰিণত হৈছে। আজিও তাৰ ব্যতিক্ৰম নহ’ল। লেপটপ বেগটো কাষৰ চকীখনতে থৈ ফেনৰ চুইচটো দি বহি দিলোঁ। অলপ পাছত ৰুটিপ্লেট আহিল। হয়তো নিয়মিত গ্ৰাহক বাবেই বৰ আটোমটোকাৰিকৈ ৰুটি প্লেট দিয়ে। খোৱা প্ৰায় শেষ, আহিল নহয় বৰষুণজাক। লগত ছাতিও নাছিল। সেয়ে দোকানৰ ল’ৰাটোৰ লগতেই কথা পতিব ল’লোঁ। মনত ভাৱ বৰষুণ শেষ হ’লে ৰূমলৈ যাম। ল’ৰাজন বয়সত মোতকৈ ডাঙৰ, যদিও মোক আপুনি বুলিয়ে সম্বোধন কৰে। অলপ সময় পাছত কাৰেণ্টো গ’ল। মোৰ মোবাইলৰ পোহৰত সি চাৰ্জ লাইটটো বিচাৰি জ্বলাই দিলে। বাহিৰত তেতিয়াও ধাৰাষাৰ বৰষুণ। চকু চাট মাৰি ধৰা বিজুলী ঢেৰেকনি, মেঘবোৰেও ভোকাতুৰ সিংহৰ দৰে গৰ্জন কৰি আছে। হঠাতে মই ল’ৰাটোক চাৰ্জ লাইটটো বন্ধ কৰিব কলোঁ, কিয় জানো বৰষুণজাক কিবা এটা ভাল লাগি আহিছিল। মই নোসোধাকৈয়ে সি কথাবোৰ কৈ গৈছে। কথা মানে তাৰ কথা, কেনেকৈ গোটেই ৰাতি সি দোকানৰ ভিতৰত শুই কটায়, কেনেকৈ কেতিয়াবা মদ খাই উজাগৰি নিশা পাৰ কৰে ইত্যাদি কথা। হঠাতে দোকানখনত এটা সৰু লৰা দৌৰি সোমাই আহিল। কাকো একো নোকোৱাকৈ সি ভিতৰলৈ সোমাই গ’ল। হয়তো চিনাকি সি। অলপ পিছত হাতত এটা চিগাৰেট জ্বলাই ওলাই আহি মোৰ কাষতে বহিল। তাৰ পিছত ৰাজুদাৰ দোকানৰ ল’ৰাটোৰ লগত কথা পাতিবলৈ ধৰিলে। কথাবোৰৰ পৰা গম পালোঁ সি ৰাজুদাৰ দোকানৰ সন্মুখত চাহ বিক্ৰী কৰে। ইমান বৰষুণত ক’ত আৰু চাহ খোৱা মানুহ পাব, সেয়ে সি ইয়ালৈ গুচি আহিল। তাৰ সাজ পোছাকত অভাৱৰ চিন স্পষ্ট। চিগাৰেটৰ শেষ অংশটো ৰাজুদাৰ দোকানৰ ল’ৰাটোৰ হাতত দি সি তাৰ দোকানৰ পিনে দৌৰ দিলে। মই দেখিলোঁ সি তাৰ দোকানৰ ওপৰত থকা এয়াৰটেলৰ ছাতিটো ভালকৈ লগালে, যাতে তাৰ দোকানত পানী নপৰে আৰু হাতত এটা পুৰৱী গাখীৰৰ পেকেট লৈ উভতি আহিল। সি পেকেটটো ৰাজুদাৰ দোকানৰ ল’ৰাটোক দি ক’লে যে গৰম কৰি তিনিটা গিলাচত লৈ আহিবি। মই মনে মনে ভাবিলোঁ সি মানে মোলৈও আনিব কৈছে। কিন্তু কিয়? মই তাৰ লগত কথা পাতিব ধৰিলোঁ, নাম, ঘৰ, পঢ়া শুনা, দোকান কিয় দিলে ইত্যাদি। সি ক’লে নাম তাৰ চটু। ঘৰ কৰিমগঞ্জত। ইয়াত গান্ধীবস্তিত ভাৰা থাকে অকলে। পঢ়া শুনা নকৰে, ৰতিপুৱা দোকানৰ বস্তু লৈ ওলাই আহে আৰু দিনটোৰ উপাৰ্জনেৰে ৰাতিৰ বাবে কিবা এটা লৈ ৰূমলৈ যায়গৈ। মই তাক সুধিলোঁ, পঢ়া শুনা কৰিব মন নাযায়? সি কলে, “আমাৰ দৰে দুখীয়া মানুহে পঢ়ি শুনি কৰিব কি?”। মই কিবা এটা কম বুলিও ৰৈ গ’লোঁ। অলপ পাছত ৰাজুদাৰ দোকানৰ ল’ৰাটোৱে গাখীৰ তিনি গিলাচ লৈ ওলাই আহিল। ইতিমধ্যে কাৰেণ্টো আহিছিল। এগিলাচ গাখীৰ মোলৈও দিলে। মই নালাগে বুলি কোৱাত চটুৱে হিন্দীতে কলে, “আৰে চাহাব, পি লো, ঔৰ দৰো মত, পেইচা নেহি চাহিয়ে,”। মই গাখীৰ গিলাচ ল’লোঁ। চটুয়ে আকৌ কৈ গ’ল, “চাহাব আমি সৰু মানুহ, ডাঙৰ ডাঙৰ বিল্ডিং বনাবলৈ দোকান নাই দিয়া, মাথোঁ লঘোনত নপৰাকৈ থাকিবলৈহে বেপাৰ কৰোঁ। কাকো অন্যায় নকৰোঁ, দুই নম্বৰী বস্তুও বিক্ৰী নকৰোঁ” । ইতিমধ্যে বৰষুণ কমিছিল, কিন্তু কিয় জানো মোৰ ৰূমলৈ আহিবলৈ মন নগ’ল। মই চটুৰ লগত কথা পাতিবলৈ ধৰিলোঁ। সি অলপ সময়তে মোৰ আপোন হৈ পৰিল। বহুতো কথা পতাৰ পিছত মই হাতৰ ঘড়ীটোলৈ চালোঁ, কি? ন বাজিবৰ হল! কেনেকৈ সময়বোৰ পাৰ হ’ল গমেই নাপালোঁ। লেপটপ বেগটো লৈ, ৰুটীৰ পইচা দিলোঁ। তাৰ পিছত চটুক গাখীৰৰ পইচা বুলি দহ টকীয়া নোট এখন আগবঢ়াই দিলোঁ। সি নল’লে, কলে, “চাহাব মোৰ আজি ৰাতি খাব পৰাকৈ ইনকাম হৈ গৈছে, আৰু আপোনাক মোৰ দাদা বুলি ভাবি খুৱাইছোঁ, পইচা নালাগে, আপুনি মোৰ লগত কথা পাতিলে, মোৰ খুব ভাল লাগিল, মানুহে মোক গুৰুত্বয়ে নিদিয়ে, এটা চোলা এসপ্তাহ পিন্ধিব লাগে, গতিকে লেতেৰাতো হবএ। সেইবুলি মোৰ মনটো লেতেৰা নহয়। হ’ব দিয়ক চাহাব আপুনি এতিয়া যাওক, আকৌ আহিব, এইবাৰ গাখীৰৰ চাহ খাই কথা পাতিম”। মই দোকানখনৰ পৰা ওলাই আহিলোঁ, মনত চটুৰ কথায়ে ভাবি থাকিলোঁ। আচলতে শিক্ষিত কোন? চটুহঁত? নে আমিবোৰ?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments