এটা সংকল্প-(নিৰুপমা ডেকা)

: : : : : : : : : এটা সংকল্প: : : : : : :

নিৰুপমা ডেকা

 
বিকলাংগ বিদ্যালয় খনৰ আবাসিক ঘৰটোলৈ গেট খন খুলি সোমাই যাওঁতে অণুৰ মনটো সেমেকি আহিল৷ কিমানদিন পিছত তাইৰ মিনু বা জনীক দেখিব তাই৷ বাহিৰত ৰৈ থকা কেইটামান শিশুৱে তাইলৈ চাই হাঁহিলে৷ পৃথিৱীৰ আটাইতকৈ নিষ্পাপ হাঁহি৷ জীৱনৰ কঠিনতাই সিহঁতক চুব পৰা নাই বাবেই এই নিৰ্মল হাঁহি শিশুৰ মুখত জিলিকে৷ প্ৰতুত্তৰত তায়ো হাঁহিলে৷ মনটো অলপ পাতল লাগিল৷ তাই বেগৰ পৰা ফোনটো উলিয়াই বিদ্যালয়খনৰ শিক্ষয়ত্ৰী তথা আবাসিক গৃহটোৰ পৰিচালিকা মিনু বাইদেউলৈ ফোন লগালে৷
’হেল্ল বাইদেউ মই অণুলেখা’
’অ অ অণু পালাহি নে’
বাইদেউৰ উতৎকণ্ঠিত মাত৷
’পালোহি মানে গেটৰ ভিতৰ সোমাই ফোন কৰিছো৷ কোন ফালে যাম? ’
’ৰবা মই ছোবালী দুজনী পঠিয়াই দিছোঁ ’
বাওঁফালৰ ঘৰটোৰ সন্মুখত দুজনী ছোবালী দেখি অণু নিশ্চিত হ’ল তেওঁলোকে তাইক আগুবাই নিবলৈ আহিছে৷ তাই সেইফালে খোজ ল’লে৷ ওচৰ পায়ে দুয়োজনীয় সম্ভাষণ জনাই কলে বাইদেৱে আপোনালৈ আগ্ৰহেৰে ৰৈ আছে৷ অণুৰ খোজটো গম নোপোৱাকৈয়ে খৰ হৈ গ’ল৷ তাৰ মাজতে অণুৱে গোটেই চৌহদটোত চকু ফুৰালে৷ ওহো কোনো ধৰণৰ বিশেষ সা সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ বাবে চকুত নপৰিল৷ তেনেই সাধাৰণ শ্ৰেণীকোঠা আৰু আবাস সমূহ৷ দেওবাৰ বাবে নিমাওমাও হৈ আছে চৌপাশ৷

ভিতৰলৈ সোমায়ে এটা শৌচ প্ৰস্বাবৰ মিশ্ৰিত গোন্ধ তাইৰ নাকত লাগিল৷ তাইক লৈ যোৱা কোঠাটোৰ, ঠিক কোঠা বুলিলে ভুল হ’ব মাজতে পাৰ্টিচন দি ভাগ কৰা আৰু সন্মুখত খোলা, একমাত্ৰ বিছনাখনত বহি আছে মিনু বাইদেউ৷ চকুৱে চকুৱে পৰাত দুয়োৰো চকু সেমেকি উঠিল৷ অণুৱে আবেগেৰে মিনুক সাৱটি ধৰিলে৷ আৰু দুয়ো নিজকে ৰখাৰ নোবাৰি উচুপি উঠিল৷ মিনুক এৰি দি অণুৱে দেখিলে সিহঁতৰ চাৰিওফালে বহু ল’ৰা- ছোৱালী৷ তাই হাতযোৰ কৰি সম্ভাষণ জনালে৷ মুখেৰে নমস্কাৰ বুলিও কলে৷ সকলোকে একে লাগিল তাইৰ৷ বিভন্ন শাৰীৰিক অসুবিধাৰ লগত যুঁজি থকা বীৰ পুৰুষ আৰু নাৰী
৷ মিনু বাইদেবে কলে–’ইয়াত আমাৰ একো দুখ নাই অণু৷ আমি প্ৰত্যেকেই সুখী৷ সাধাৰণ মানুহবোৰৰ স’তে আমি অলপ অসুবিধাত ভোগো৷ হীনমান্যতাৰ জ্বৰত কেঁকাও৷ ইয়াত থাকিলে কোনো কাকো হেয় জ্ঞান নকৰে৷ কাৰণ প্ৰত্যেকেই প্ৰত্যেকৰ সহায়ক হ’ব পাৰো৷ কোনো কাকো দয়া কৰিছে বুলি ভাবিবলৈ ঠাই নাই ইয়াত৷
মই তোমাক সকলোৰে লগত চিনাকি কৰাই দিছোঁ —– এইয়া আমাৰ সুকণ্ঠি গায়িকা লিপি, এইয়া জিতা, বিএ থাৰ্ড চেম …এইয়া…..নিভা…..
এনেদৰে আটাইবোৰৰ লগত চিনাকি পৰ্বৰ সামৰণি পৰিল৷
মিনু বাইদেউৰ কথাৰ পিছতে লিপিয়ে কলে -’আপোনাক চকুৰে দেখাৰ সৌভাগ্য নাই যদিও মই আপোনাক মিনু বাইদেউৰ চকুৰে দেখিছো৷ তেখেতে প্ৰায়ে আপোনাৰ কথা কয়৷ কিদৰে স্কুলত মিনুবাক জোকালে ফেঁপেৰি পাতি আহে সেইবোৰ কৈ আমাক খুব হঁহুৱাই মাজে মাজে৷ ইমান মৰমিয়াল বাইদেউ এজনী আমাকো লাগে পায়৷ ’
’অ…মিনুবাই মোৰ অঁকৰামি বোৰৰ কথা কৈ মোক চিনাকি কৰি থৈছে৷ মোৰো ভাল লাগিব তোমালোকৰ লগত সময় কটাবলৈ, আজি কিন্তু মোক গান এটা শুনাব লাগিব লিপি৷ ’
’উম কিয় নুশুনাম, আৰু আমিও শুনিম আপোনাৰ যাদুকৰী হাতৰ লিখা কবিতা আপোনাৰ কণ্ঠত৷ প্ৰায়ে আমি শুনোঁ৷ নতুন কিবা আহিলেই মিনুবাই আমাক শুনায়৷ ’ নিভা বোলাজনীয়ে কলে৷
’ হ’ব হ’ব আজি তোমালোকৰ স’তে উমলিম এটা তেজাল পুৱাত, হৃদয় ভৰাই গাম সুখৰ দিনৰ গান’….অণুৱে কবিতাৰ সুৰতে কলে৷
’জানে বাইদেউ আমাৰ বৰ দুখ অ, পাৰিব জানো আমাৰ স’তে সুখ ভগাব? জীৱন আমাৰ বাবে কলংক৷ আমি একো একোটা সমাজৰ আবৰ্জনা৷ কিয় বা দেহাবোৰত আমাৰ জীৱন থাকে, দৰাচলতে আমিচোন নিজক মৃত বুলিয়েই ভাবোঁ.……………’
’তেনেকৈ কিয় কৈছা জিতা! তোমালোকে ভাবিছা নেকি অংগ সম্পূৰ্ণ থকা সকল বিকলাংগ নহয়? সকলো থকা বোৰৰ মাজতো অন্তত এশটাত দহটা তোমালোকতৈ বেছি হাৰত বিকলাংগ হোৱা মানুহ ওলাব৷ সেইবোৰহে অপদাৰ্থ৷ তোমালোক নহয়৷ তোমালোকে এনে দুখৰ পাহাৰ আৰু যন্ত্ৰণা কঢ়িয়াই ও হাঁহিব পাৰা, সেইটো বাৰু কম ডাঙৰ কথা নে? ’
হয়টো হয় নতুবা নহয়৷ আমাক সান্ত্বনা দিবলৈ বহুতে বহুত কথা কয় অণু, কিন্তু আমাৰ দুখবোৰৰ উপলব্ধিৰ সামৰ্থ কাৰো চাগে নহ’ব৷ কাৰণ আমাৰ সমস্যাবোৰৰ স’তে জীয়াই থকা ভুক্তভোগীজনে হে আমাক বুজিব৷’

মিনুবাইদেৱে এটা হুমুনিয়াহ পেলাই কলে৷ ’চাচোন মোৰ ভৰি দুখন আগতকৈও অকৰ্মণ্য হৈ পৰিছে৷ হতাশ নহওঁ বুলিও হৈ পৰোঁ৷ কোনোবা এটা নহ’লে বিছনাৰ পৰা নামিব নোৱাৰা হ’লো৷ এইজনী ইৰা৷ তাইৰ মুখখন চালেই মৰম লাগি যায়৷ তাইৰ দুয়োখন হাত নায়েই৷ লগোৱা হাত দুখনে তাইৰ সৌন্দয্যক প্ৰহসন কৰে৷ প্ৰেমিকে তাইৰ বাট ভিৰ কৰে অথচ তাইৰ হাতৰ কথা গম পালেই পলায়ন কৰে …………এনে আৰু বহু কথা, বহু সপোনৰ মুখ থেকেচা নিশাবোৰৰ নিৰৱতা ভাঙি ইয়াত দুখৰ ৰোল তোলে, পিছত আহিলে শুনাম এনে বহু কাহিনী, আহিবি নহয় অণু?’
অণু বাকৰুদ্ধ হ’ল৷ এৰা এইষাৰে সঁচা কথা৷ কেৱল উপলব্ধিৰে কাৰোবাৰ কুৰুকি কুৰুকি খোৱা দুখবোৰ জানো দূৰ কৰিব পাৰি? সমবেদনা সূচক তাই একো কথা আৰু নকয় সিহঁতক৷ একো দিব নোঁবাৰিলেও আজি সিহঁতক অলপ হাঁহি দি যাব৷ অণুৱে তাকে ঠিক কৰি কলে –’উম আহিম মিনু বা, মই জীৱনৰ পাঠ ইয়াতে শিকিব আহিম৷ ’
কিছু সুখৰ সময় তাইৰ গাঁৱৰ মৰমৰ মিনুবাইদেউ আৰু আন আন সকলৰ লগত কটাই অণুলেখা যাবলৈ উঠিল পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে৷
মনত এটা দৃঢ় সংকল্প আৰু এটা ফৰকাল মন লৈ অণুই বিদাই ললে৷ যদি পাৰে এই স্কুলখনৰ সুবিধাবোৰ পোৱাই দিয়াৰ যুঁজত তাই ব্ৰতী হ’ব আগলৈ …………
সিহঁতৰ প্ৰাপ্যৰ যুঁজত তাই সহযোগী হৈ আগুৱাব আজীৱন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments