এটা সন্ধিয়াৰ ডায়েৰী (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

এটা সন্ধিয়াৰ ডায়েৰী  (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

(এক)

‘গট এনি ক্লু অ’ৰ ষ্টিল ট্ৰাইং?’, মূৰ ডাঙি চালোঁ। আমাৰ প্ৰজেক্ট মেনেজাৰজন ৰৈ আছে। মানুহজন ভাল। কিন্তু এই মুহুৰ্তত তেওঁ পৃথিৱীৰ সমস্ত খং, বিৰক্তি আৰু অশান্তি নিজৰ মুখলৈ টানি আজুৰি লৈ আনিছে বাবে মই বেছি দেৰি চাব নোৱাৰিলোঁ তেওঁৰ মুখখন।
‘নো, ষ্টিল ট্ৰাইং টু ফাইণ্ড দা ৰূট ক’জ’।
আমি অ’নলাইন এডভাৰ্টাইজিঙত কাম কৰো। আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰি ক্লায়েন্টে ‘ফ্লেছ এড্’ বনাই বিভিন্ন ৱেব চাইটত চাৰ্ভ কৰে। আজি আবেলি আমেৰিকাৰ ক্লায়েন্টৰ ই-মেইল পালো তেওঁলোকৰ এড্ ফায়াৰফক্সত নচলে। সেই আবেলিৰ পৰা মূৰ নদঙাকৈ এই ইচ্যুটোৰ কাৰন আৰু সমাধান বিচাৰি মূৰ ঘমাই আছো। কিন্তু নাই, একোৱেই ধৰিব পৰা নাই।
‘এইটো বিৰাট আৰ্জেন্ট ইচ্যু ভাই। আমেৰিকাৰ ৰাতিপুৱাৰ আগতে আমাৰ পৰা আপডেট যাব লাগিব কিন্তু’। কথাখিনি কৈ বছ ঘৰমুৱা হ’ল। চাৰে ছ্য়টা বাজিছে। অ’ফিচৰ প্ৰায়খিনিয়েই ঘৰলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিলেই।
আজি আমাৰ প্ৰথম বিবাহ-বাৰ্ষিকি। ছয়বজাত ঘৰ গৈ পাম বুলি কথা দিছিলোঁ পত্নীক। ফোন কৰি ক’লো আৰু এঘন্টামান দেৰি হ’ব অ’ফিচতে। তেওঁ একো নামাতিলে মুখেৰে। নাৰীৰ নিঃশব্দ অভিমান আৰু বেজীৰ খোচ একেই।

(দুই)
‘সন্ধ্যা যেতিয়া নামে…আইলৈ মনত পৰে’ – পাপনৰ চিনাকি গানটো বাজি উঠিল মোৰ মোবাইলত। ৰিং টোন। অচিনাকি নাম্বাৰৰ ফোন।
‘হেল্লো’
‘ছাৰ, হমাৰী বেংক কী তৰফ সে আপকে লিয়ে এক ক্ৰেডিট কাৰ্ড…..’
‘ছ’ৰি বছ!’ মানুহজনক পিচত ফোন কৰিবলৈ ক’লোঁ।

সি মই ক’ত চাকৰি কৰো সুধিলে। ক’লোঁ।
‘আপকা নাম?’
‘বিজয় চৌহান….পুৰা নাম বিজয় দীননাথ চৌহান’। খঙতে ক’লোঁ মই। হাৰে, নাম নাজান; ক’ত চাকৰি কৰো নাজান, অথচ ফ্ৰী ক্ৰেডিট কাৰ্ডৰ কাৰনে মোক চিলেক্ট কৰা বুলি কৈছ!
‘মই বিৰাট ব্যস্ত, দুই মিনিটও কথা ক’ব নোৱাৰো এই সময়ত’ কথাখিনি কৈ মই ফোনটো কাটি দিব ওলালো।
‘ছাৰ, অকল আপোনালোক ডাঙৰ মানুহবোৰ হে ব্যস্ত নেকি? আমি নহয়? আমি নুবুজো সময়ৰ মূল্য? ৰাতিপুৱাৰ পৰা এশজনক ফোন কৰিলো। সকলো ‘বিজি’। একমিনিট আমাৰ কথা শুনিবলৈ আহৰি নাই।’ এজেন্টজনে চিঞৰি চিঞৰি কোৱা কথাখিনি শুনি
মোৰ এইবাৰ খং নুঠিল, অবাক হ’লো।
‘ছ’ৰি ছাৰ, মই টাৰ্গেট চুব পৰা নাই। আৰু পাঁচজন বাকী। কাইলৈ দুপৰীয়া বাৰটাৰ আগত নহ’লে মোৰ চাকৰিৰ টনা-টনি হোৱাটো খাটাং। আপোনালোকেই যদি সহায় নকৰে কোনে কৰিব কওঁক?’ এইবাৰ সি খুব লাহে লাহে ক’লে কথাখিনি। লগতে কৈ গ’ল তাৰ হেজাৰটা সমস্যাৰ কথা – তাৰ বাইকৰ লোন, মাকৰ অসুখ ইত্যাদি। তাৰ কথাবোৰ সম্পূৰ্ণকৈ বিশ্বাস নকৰিলেও জীৱনত প্ৰথমবাৰৰ বাবে ক্ৰেডিট কাৰ্ডৰ এজেন্ট এজনে তাৰ ব্যক্তিগত কথাৰ জোলোঙাটো মোৰ আগত খুলি দিবলৈ চেষ্টা কৰা বাবে ভাবিলোঁ ইয়াক সহায় কৰিব পাৰিলে বেয়া নহ’ব। তাক ৰাতিপুৱা আহি দ’কুমেন্টবোৰ লৈ যাবলৈ ক’লোঁ। দুই ছেকেণ্ডত দহবাৰ ‘থেংক ইউ’ কৈ সি ফোনটো ৰাখিলে।

(তিনি)
পাপনৰ গানটোৱে সচাঁকৈ আইলৈ মনত পেলাই দিলে। পৰহিলৈ মাৰ গল-ব্লাডাৰৰ অ’পাৰেচন। কাইলৈ হ’স্পিটালত ভৰ্তি কৰোৱাৰ সময়তে সমূদায় ধন জমা দিব লাগিব। দেউতাৰ একাউন্টলৈ পইচা ট্ৰান্সফাৰ কৰিব লাগে, কিন্তু আবেলিৰ পৰা চেষ্টা কৰিও পৰা নাই। ‘ছিকিউৰিটি কোড’ৰ কিবা অমিল হৈছে হেনো। তেতিয়াই কমপ্লেইন দিছিলো কাষ্ট’মাৰ কেয়াৰত। এতিয়ালৈকে একো খা-খবৰ নাই। বোধকৰো কোনোবা এজনে সেই প্ৰ’ব্লেমটোৰ সমাধান বিচাৰি মূৰ ঘমাইছে, ঠিক মোৰ দৰেই। আকৌ কাষ্ট’মাৰ কেয়াৰৰ নম্বৰ লগালো।
‘হিন্দী মে সুননে কেলিয়ে এক ডবাইয়ে..মাৰাঠী মে সুননে কেলিয়ে দো ডবাইয়ে…’ নিৰ্দেশানুযায়ী নম্বৰবোৰ টিপি গ’লোঁ। দুইমিনিটমানৰ পিছত কানত বাজি উঠিল নাৰীকন্ঠৰ সেই স্বয়ংক্ৰিয় কন্ঠস্বৰ – সকলো এক্সিকিউটিভ আন আন টেলিফোনত ব্যস্ত, ‘প্লিজ্, ডায়েল আফ্টাৰ ছাম টাইম’। শুৱলা কন্ঠস্বৰ! নাৰীৰ সুমধুৰ কন্ঠই কেতিয়াবা জ্বলা জুইত পানীও ঢালে। সেইকাৰনে যিমান খং উঠিব লাগিছিল, নুঠিল।
ঘড়ীটোলৈ চালোঁ, আঠ বাজি গৈছে। আকৌ এবাৰ পত্নীলৈ ফোন লগালো। ৰিং হৈ আছে, ৰিচিভ কৰা নাই। অভিমানবোৰ চাগে এতিয়া খঙলৈ ৰূপান্তৰ হ’ব ধৰিছে লাহে লাহে।
আকৌ আৰম্ভ কৰিলোঁ আমাৰ আমেৰিকান ক্লায়েন্টৰ প্ৰ’ব্লেমটোৰ অনুসন্ধান।

(চাৰি)

হঠাতে পেটটোৱে এক মৃদু বিষৰ সৃষ্টি কৰি মনত পেলাই দিলে দুপৰীয়াৰ পৰা একো নোখোৱা কথাটো। অ’ফিচৰ কেন্টিনখন বন্ধ হ’ল কিজানি। অলপ আগতে ক্লায়েন্টে ই-মেইল কৰি জনাইছে পুৱা চাৰে ন’ বজাত এখন টেলি-ক’নফাৰেন্স হ’ব। মই থাকিব লাগিব। আমেৰিকাৰ মাউন্টেইন ভিউ’ৰ ক্লায়েন্ট। তাৰমানে আমাৰ নিশা এঘাৰ বজাত হ’ব এই ক’নফাৰেন্সিং। ঘড়ীলৈ চালো- এঘাৰ বাজিবলৈ পোন্ধৰ মিনিট আছে। অ’ফিচৰ তলতে বহা পাটিলৰ ঠেলাগাড়ীতে কিবা এটা খাই অহা ভাল হ’ব।
‘পাটিল ভাউ, বড়া-পাউৰ আগৰ দৰে সেই সোৱাদ নাই দেখোন’।
‘আৰে চাহাব, আপুনিতো জানেই মোৰ প্ৰ’ব্লেমৰ কথা’। সি মাৰাঠীতে ক’লে।
হয়, বহুত সমস্যাই একেলগে আহি লগ দিছে পাটিলক। কিছুদিন আগতে তাৰ ঘৈণীয়েকজনী পলাই গ’ল ওচৰৰ তেলেগু পাণদোকানীজনৰ লগত। আগতে, বড়া-ৰুটি-চব্জি তাই ৰান্ধিছিল। এতিয়া সকলো কাম পাটিলে কৰিবলগা হৈছে। সি ভালকৈ নাজানে। থানাত এজাহাৰ দিছে। পুলিচেও বহুত টকা খালে। মুঠতে হাজাৰটা সমস্যা তাৰ।
‘পাটিল ভাউ, সমস্যাবোৰৰ সমাধান বিচৰা লাহে লাহে’।
‘হয় চাহাব’, লাহেকৈ হাঁহি এটা মাৰিলে সি। এক নিঃশব্দ আৰু সেমেকা হাঁহি।

(পাঁচ)
আকৌ উভতি আহিলো অ’ফিচৰ ডেস্কলৈ। পত্নীৰ ফোন অ’ফ এইবাৰ। খঙবোৰ এতিয়া কিজানি দুখহৈ দুগাল টিয়াই নিগৰিছে চকুলোৰ ৰূপত।
হ’ব, কথা নাই। একাষাৰ কথাতেই নাৰীৰ অভিমান জাগে, দুআষাৰত অভিমান ভাগে। অলপ পিছতে ক্লায়েন্টে ফোন কৰিব। বাৰ বজাৰ আগত কল শেষ কৰি ঘৰ যাব পাৰিলে চিন্তা নাই। নহ’লে পত্নীক বুজাম ‘হ’ব দিয়া, তোমাক হোমৰ গুৰিত সেন্দুৰ পিন্ধাইছিলো মাজ ৰাতিহে, এতিয়াও বাৰ্ষিকিৰ সময় উকলি যোৱা নাই’।
ডেস্কৰ ফোনটো বাজি উঠিল। ইমান কৰ্কশ ইয়াৰ শব্দ! প্ৰব্লেমটোৰ একো তলা-মূধা নাপালো বুলি কোৱাৰ পিছত ক্লায়েন্টৰ সাম্ভাব্য কথাৰ বিস্ফোৰণ শুনিবলৈ নিজকে সাজু কৰিলো।
‘হেল্লো’
‘হেই দিগেন্তা, হাউ আৰ ইউ?’
‘হাই গাইজ, আই এম ডুইং গ্ৰেট………’ কথাখিনি কওঁতে এক নিঃশব্দ আৰু সেমেকা হাঁহি বিৰিঙি উঠিল মোৰ দুই ওঠত। হয়, ঠিক সেই পাটিল ভাউৰ হাঁহিটোৰ দৰে!!

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments