এটা সপোনৰ মৃতদেহৰ কাষত (পংকজজ্যোতি মহন্ত)

PANKAJ JYOTI MAHANTA L
এটা সপোনৰ মৃতদেহ চাই বহি আছোঁ মই।
কি পৰিহাস! সি জন্মতেই মৃত হৈ আহিছিল।
মাথোঁ প্ৰসৱ বেদনাহে আছিল সত্য, তাৰ বাহিৰে সকলো অবাস্তৱ,
সি মৃত!
জন্মতেই মৰি আহিছিল সি। সি মৰা সপোন।
সেই মৰা সপোনক কাষত লৈ বহি আছোঁ মই। অত দিন!
কেই বছৰ হৈ গ’ল?
মইতো তাক
খৰি দিয়া দূৰৰে কথা, তাক মই কবৰো দিব নোৱাৰো।
ইমান উজ্জ্বল হৈ আহিছে সি সময়ৰ লগে লগে
দিন যোৱাৰ লগে লগে তাৰ শৰীৰৰ পৰা ওলাইছে সুগন্ধ; আৰু
তাৰ পঁয়া লগা লেহুকা কেঁচা কোমল হাড়
দিন যোৱাৰ লগে লগে মোক শক্তি যোগাব পৰা কঠিন ধাতুলৈহে পৰিণত হৈছে।
মইতো তাক কবৰো দিব নোৱাৰো, খৰি দিয়াটো দূৰৰে কথা।
কিন্তু সি যে এটা মৃত সপোন! জন্মতেই মৃত!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক