এটা সম্ভাৱ্য গল্পৰ প্লট নিৰ্মাণ (প্ৰতিম প্ৰতাপ বৰুৱা)

(গল্প নিলিখি নিলিখি হাতখন পৰিল। এইটো প্লট এতিয়াও নিৰ্মাণৰত অৱস্থাতে আছে। কথাবোৰ ছিজিল কৰিবই পৰা নাই। গল্প এটা হ’বগৈ যেন লাগিছে যদিও শেষত গৈ কি হয়গৈ ঠিক নাই। শিৰোনামো ঠিক কৰা নাই। পাৰিলে কোনোবাই নাম এটা দিবচোন।)
 
শুকান ধূলিয়ৰী বাটটোৰে আহি থকা বাছখন এজাৰ গছজোপাৰ কাষত আহি ৰ’লহি। এজন যুৱক আৰু এগৰাকী যুৱতী নামি আহিল। তেওঁলোকৰ বয়স ৩০ তকৈ কম। দুয়ো বাছখনৰ পৰা নামি পথাৰখনৰ মাজেদি খোজকাঢ়ি গৈ আছে। খোজবোৰ খৰ, প্ৰায় দৌৰাৰ দৰে। তেওঁলোকৰ নামকেইটা? যুৱকজনৰ নামটো অভিমন্যু। মাকে তেওঁক মৰমতে অভি বুলি মাতিছিল। আৰু যুৱতীগৰাকীৰ নামটো ছিম্‌ৰণ। দুয়ো পতি-পত্নী। দুয়োৰে চিনাকীটো পিছত নিজে নিজে ওলাব, এতিয়া অলপ অতীতলৈ যোৱা যাওক।
দিনটোৰ মাত্ৰ এখন নে দুখন বাছ চলা, সৌ সিদিনালৈকে বিজুলী সংযোগ নথকা, নৈপৰীয়া এইখন গাঁও। এইখন গাঁৱলৈকে আজিৰপৰা প্ৰায় ৩০ বছৰ আগতে ধনবৰ কাকতিৰ ঘৰলৈ বিয়া হৈ আহিছিল অভিৰ মাক সেউতী। ধনবৰ-সেউতী দুয়ো নিৰক্ষৰ আছিল। কিন্তু দুয়ো কৰ্মঠ আৰু সুখী আছিল। তেওঁলোকৰ অভাৱ-অনাটন আছিল, হা-হুমুনিয়াহ আছিল, কিন্তু অভিযোগ-প্ৰতিঅভিযোগ নাছিল। কামবোৰ খুব খৰকৈ আৰু নিয়াৰীকৈ কৰিব পাৰে বুলি ধনবৰৰ নাম আছিল। এদিন দুয়োৰে মুখলৈ হাঁহি উজলাই সেউতী মাক হ’বলৈ ওলাল। কিন্তু খবৰটো ইকান-সিকান হোৱাৰ আগতেই ধনবৰৰ যাবৰ হ’লেই। সকলো কাম খৰখেদাকৈ কৰি ভাল পোৱা ধনবৰে যেন জীৱনটোও খৰখেদাকৈহে জীলে। এদিন গধুলি ধনবৰে সেউতীক ক’লে – “বুকুখন কিবা চটহা মাৰি ধৰিছে। উশাহ পোৱা নাই।’’ অলপ সময় ছটফটাই থাকি সেউতীৰ চকুৰ আগতে ধনবৰ গ’লগৈ।
তাৰ পিছতহে সেউতীয়ে বুজি পালে সমাজখনৰ মানুহবোৰ কেনেকুৱা। আন কথাবোৰ বাদেই, আনকি সেউতীৰ গাত থকা কেচুৱাটো লৈও সমাজত বু বু বা বা হ’বলৈ ধৰিলে – সেইটো বোলে ধনবৰৰ নহয়, সেইটো হেনো আন কাৰোবাৰহে, কাৰ ঠিক নাই।
কিন্তু তাৰ মাজতো, অমানুহৰ মাজতো মানুহ থাকে। ধনবৰৰ দূৰ সম্পৰ্কীয় আদহীয়া, কেও কিছু নোহোৱা, আবিয়ৈ মাহীয়েক এগৰাকী সেউতীৰ লগত থাকিবলৈ আহিল। অভাৱ-অনাটন, হা-হুমুনিয়াহ আগতকৈ বহুত বাঢ়িল। তিত্‌কাৰী মৰা, পদুলি শুঙা মানুহৰ সংখ্যাও সমানে বাঢ়িল। কিন্তু সেউতীৰ ঘৰৰ পদুলিটো পাৰ হৈ সোমাই আহিবলৈ কোনেও সাহ নকৰিলে। এদিন সেউতীৰ লৰা এটা জন্ম হ’ল। মাকে নাম থলে অভিমন্যু।
একলা দুকলাকৈ অভিমন্যু বাঢ়ি আহিল। তিয়ঁহৰ জালি যেন চেহেৰা। এদিন ল’ৰা গৈ গাঁৱৰ স্কুল পালেগৈ। লোকৰ এৰেহা ফটা-চিটা কাপোৰ, ফটা চিটা কিতাপ। কিন্তু ল’ৰাটোৰ মনটো তীখাৰ দৰে, মগজৰ চোকটো ধনবৰৰ দা খনৰ দৰে। এটা কথা এবাৰ ক’লে দুবাৰ ক’ব নালাগে, এবাৰ পঢ়িলে দুবাৰ পঢ়িব নালাগে। দৃষ্টি সদায় ওপৰলৈ, কোনে কি কৈছে, ক’ত কি চলিছে একো খবৰ নাই।
অভিৰ ছাত্ৰ জীৱনটো কেনেকৈ গ’ল সেইবিষয়ে লিখিলে বহুত দীঘল হ’ব। থুলমূলকৈ ইমানেই কোৱা যাওঁক যে ল’ৰাটোৱে এটা সময়লৈকে আনৰ দয়াত পঢ়ি গ’ল, তাৰ পিছত বৃত্তিৰ পইচাৰে, নিজে টিউচন কৰি পোৱা টকাৰে পঢ়িলে। মাজে মাজে সি বজাৰত শাক-পাচলি বিক্ৰী কৰা, খবৰকাগজ বিলোৱা আদি কামো কৰিছিল। এদিন সি আহি গুৱাহাটী বিশ্ববিদ্যালয় পালেহি। কষ্টক কষ্ট বুলি নভবা গুণটোৰ কাৰণেই সি গুৱাহাটীত মাজে মাজে নোখোৱাকৈ থাকিও কষ্ট নাপালে। বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈয়েই ইফালে সিফালে নাচাই হাততে পোৱা চাকৰি এটাত সোমাই সি ঘৰৰ দায়িত্ব সম্পূৰ্ণকৈ মাকৰপৰা ল’লে। অৱশ্যে ইয়াৰ আগতেই সি কিবা কিবি কৰি দুপইচা সাঁচি মাকলৈ পঠাইছিল। এতিয়া সি চাকৰি পোৱা দেখি মাকৰ মুখত হাঁহি বিৰিঙিল।
এদিন অভিয়ে মাকক ক’লে – “আই, মোৰ বহুত কাম আছে কিন্তু। তোমাৰ কাৰণে, মোৰ নিজৰ কাৰণে, আমাৰ গাঁওখনৰ কাৰণে, দেশখনৰ কাৰণে মই বহুত কাম কৰিবলগীয়া আছে। সেই কামখিনি কৰিবলৈ মই এই ঠেক গণ্ডীতে সোমাই থাকিলে নহ’ব। মই ওলাই যাম৷’’
মাকে আজিকালি অভিৰ কথাবোৰৰ সিমান ভু-ভা নাপায়। আজলী, নিৰক্ষৰ মাকজনীয়ে কেনেকৈনো জানিব অভিয়ে কি কামৰ কথা কৈছে। তেওঁ মাত্ৰ ক’লে – “যা অভি, নিজৰ বাটটো নিজে সাজি ল’। আনে সাজি থোৱা বাটেদি অহা-যোৱা কৰিবলৈ সহজ। নিজে নতুন বাট এটা সাজি আগেয়ে কোনেও নোযোৱা ঠাইলৈ যাবলৈ টান। কিন্তু টানৰ আগত যাবি আৰু উজুৰ পিছতো নাযাবি।’’
এইদৰে অভি ওলাই আহিল। দিল্লী পালেহি। দিল্লীত এটা চাকৰি যোগাৰ কৰি ল’লে। দিনত চাকৰি, ৰাতি পঢ়া-শুনা। তাৰ মনটো এতিয়াও তীখাৰ দৰে, মগজৰ চোকটো ধনবৰৰ দা খনৰ দৰে। পিছৰ বছৰ অসমৰ কোনোবা এখন স্থানীয় বাতৰি কাকতত সৰুকৈ খবৰ এটা ওলাল – অভিমন্যু কাকতি নামৰ ২৫ বছৰীয়া ল’ৰাজনে ৰাষ্ট্ৰসংঘৰ চাকৰিত যোগদান কৰিবৰ বাবে নিৰ্বাচিত হৈছে। যিবোৰ মানুহে এসময়ত অভিৰ মাকক তিতা-কেঁহা দিছিল, সেইবোৰ মানুহে এতিয়া তেওঁক মূৰত তুলি নাচো যেন কৰিলে। কিন্তু মানুহজনীয়ে একো নামাতি অভি অহালৈ বাট চালে।
অভি আহিল। মাকক সি কথাবোৰ বুজাই দিলে। তাৰ পিছত ক’লে – “আই, মই ছোমালিয়ালৈ যাব লাগিব। তাত এতিয়া লাখে লাখে মানুহ জীৱ-জন্তু মৰাদি মৰিছে। মই চাওঁগৈচোন, কি কৰিব পাৰো। অলপ কথাবোৰ শিকি বুজি লওঁ। তাৰ পিছত ঘূৰি আহিম অসমলৈ। মাজুলী, কাজিৰঙা – বহুত কাম কৰিবলৈ আছে৷’’
দিন বাগৰিল। এদিন অভিহঁতৰ গাঁৱলৈ বিজুলী বাতি আহিল, অভিৰ ঘৰত এটা টেলিফোন হ’ল। ছোমালিয়াৰ পৰা অভিয়ে মাকলৈ ফোন কৰে। মাকৰ মাক মন। দিনে নিশাই মাত্ৰ এটাই কথা – “অভি ঔ, তোৰ ঘৰখন পাতিব লাগে।’’
এদিন অভিয়ে মাকলৈ ফোন কৰিলে। কথা বতৰাত সি সদায় স্পষ্ট, সংক্ষিপ্ত। ক’ব লগাখিনি খোকোজা নলগাকৈ, পোনে পোনে কয়। সেইদিনা কিন্তু সি অলপ থুতামোজা খালে। সি মাকক ক’লে – “আই, কথা এটা কওঁ। ছিমৰণ নামৰ পাঞ্জাৱী ছোৱালী এজনী আছে ইয়াতে। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ কামবোৰ চোৱাচিতা কৰে। মোৰ লগত ভাল৷’’
অভিৰ কথা শুনি মাকৰ গা সাতখন আঠখন হ’ল – “তোৰ লগত ভাল যদি মোৰ লগতো ভাল। দেৰী নকৰিবি। যি কৰ সোনকালে কৰি তাইক আনি মোক দেখুৱাহি।’’
– “কিন্তু মা, আমাৰ গাঁৱৰ মানুহবোৰে বা কি কয়?”
– “কি ক’ব? গাঁৱৰ মানুহে কি ক’ব সেইটো তই ভাবিব নালাগে। মই আছো নহয়। তাইৰ ঘৰত আপত্তি নকৰিলেই হ’ল।’’
– “তাইৰ ঘৰত আপত্তি নাই।’’
– “তেন্তে লৈ আন তাইক মোৰ ওচৰলৈ। এইবেলি বহাগতে। দেৰী নকৰো।’’
এইদৰে অভিৰ বিয়াখনো হৈ গ’ল। এইখন বিয়া মুঠতে তিনিঠাইত তিনিবাৰ হ’ল – এবাৰ মোগাদিছুত, এবাৰ অভিহঁতৰ এজাৰগুৰি গাঁৱত, এবাৰ পাঞ্জাৱৰ ৰুপাৰ জিলাত ছিমৰণহঁতৰ ঘৰত। ছিমৰণক আশীৰ্বাদ দিবলৈ গৈ ধনবৰলৈ মনত পৰি অভিৰ মাকৰ শোকে খুন্দা ধৰি মুখেৰে মাতিব নোৱাৰা হ’ল। ছিমৰণেহে ওলোটাই মাকক সাবটি ধৰি শান্ত কৰিব লগা হ’ল। প্ৰথমদিনাই তাই অভিৰ মাকক আই বুলি মাতি বুকুত সোমাই ল’লে।
অভি-ছিমৰণৰ হাজাৰ অনুৰোধ, কান্দোনেও মাকক গাঁৱৰ পৰা উলিয়াই অভিহঁতৰ লগলৈ নিব নোৱাৰিলে। মাকে ক’লে – “মই ইয়াতেই থাকিম দে। এইহেনটো ঘৰ সাজি দিছ’। মানুহে দুনুহে ইমানবোৰ সুবিধা কৰি দিছ’। কিহৰ চিন্তা? তহঁত যা, আগবাঢ়। মই ইয়াৰপৰাই চাই থাকিম তহঁতক।’’ মুখ ফুটাই নক’লে – “মই ইয়াত তহঁতৰ দেউতাৰক ৰখি আছোঁ।’’
ইয়াৰপৰাই চাই থাকিম বুলি কোৱা মাকজনী ইমান সোনকালে নাইকিয়া হ’ব বুলি অভি-ছিমৰণে ভাবিবকে পৰা নাছিল। বয়সনো কিমান হৈছিল? মুঠেই ৫৩ বছৰ। সকলো ঠিকেই আছিল। মাত্ৰ এদিন আগতে ছিমৰণৰ সৈতে কথা পাতিছিল। কিছুদিনৰ পৰা মাকে অভিতকৈ ছিমৰণৰ লগতহে বেছি কথা পাতিবলৈ লৈছিল। ছিমৰণৰ আধা অসমীয়া, আধা হিন্দী আৰু অভিৰ মাকৰ বেছি অসমীয়া, অলপ হিন্দী। দুয়ো দুয়োৰে কথা কিন্তু ঠিকেই বুজি পায়। সেই লৈ অভিয়ে মাজে মাজে কিবা কিবি কয়ো – “হো:, বোৱাৰীয়েকক পাই মোলৈ উলটিকে নাচায়।’’ মাকে বুজায় – “হেৰৌ, তহঁত দুটাৰ বাদেনো মোৰ আছে কোন?”
মানুহজনী গ’লগৈ। আজি তিনিদিন হ’ল। কোনে জানো খৱৰটো অভিক দিছিল। মোগাদিছুৰ পৰা এজাৰগুৰি গাঁৱলৈ গোটেই বাটছোৱা অভি-ছিমৰণে উধাতু খাই অহাদি আহিছিল। এতিয়া বাছখনৰ পৰা নামি দুয়ো পথাৰখনৰ মাজেদি খোজকাঢ়ি ঘৰলৈ গৈ আছে। খোজবোৰ খৰ, প্ৰায় দৌৰাৰ দৰে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments