এটা সাধুৰ নাম:ৰুবুল – তৃপ্তি দাস

 

আৰম্ভণিঃ মোৰ ভতিজা প্ৰিয়মে সদায় নিশা সাধু শুনি শোৱে৷ তাক আইতাকে সাধু কয়৷ কেতিয়াবা প্ৰিয়মক মই সাধু ক’ব লগীয়া হয়৷ মই তাক দুটা সাধু ক’লেহে তাৰ হেনো টোপনি আহে৷ মোৰ সাধুৰ ভঁৰাল উদং হৈ পৰাত কিছুদিনৰ আগে প্ৰিয়মক ক’লো – মই জনা সকলো সাধু তোমাক ক’লো৷ আজি তোমাক মই সাধু ক’ব নোৱাৰিম৷

সি লগে লগে ক’লে -“আজি তই ৰুবুলৰ সাধুটো ক৷”

ৰুবুলৰ সাধুটোঃ মই পঢ়িবলৈ আৰম্ভ কৰিছিলো ডঃ ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” নামৰ আত্মজীৱনীমূলক গ্ৰন্থখন৷ পঢ়ি থাকোতে প্ৰিয়মে দেখি সুধিছিল –

“কি পঢ়িছ?”

মই তাক কৈছিলো – ল’ৰা এজনৰ বিষয়ে পঢ়িছো৷
“ল’ৰাটোৰ নাম কি?”

-ডঃ ৰুবুল মাউত

“সি ফেমাচ মানুহ নেকি?”

ফেমাচ মানুহ৷ বহুত ব্ৰিলিয়েণ্ট ( চোকা ল’ৰা/ ছোৱালী বুলি ক’লে প্ৰিয়মে কয় – “কটাৰীহে চোকা থাকে৷ মানুহক ব্ৰিলিয়েণ্ট বুলিহে কয়৷”)৷ সেইকাৰণে গাঁৱৰ পৰা একেবাবে আমেৰিকা পালেগৈ৷

“কেনেকৈ গ’ল তই মোক কচোন৷”

পঢ়ি শেষ হ’লে কম বাৰু বুলি প্ৰিয়মক কৈছিলো যদিও সি ডঃ ৰুবুল মাউতৰ বিষয়ে পাছত জনাৰ আগ্ৰহ প্ৰকাশ কৰিব বুলি আশা কৰা নাছিলো৷ প্ৰিয়মে “ৰুবুলৰ সাধুটো ক” বুলি কোৱাত সি মোক সাগৰ চাবলৈ লগ ধৰা যেন লাগিল৷ সন্তুষ্টিৰে মই তাক ৰুবুল মাউত নামৰ সাগৰখন দেখুওৱাবলৈ চেষ্টা কৰো৷ প্ৰিয় পাঠক, আপোনালোককো মোৰ ডঃ ৰুবুল মাউতৰ বিষয়ে ক’বলৈ মন গৈছে৷

অসম-অৰুণাচল সীমান্তৰ কৈলাসপুৰৰ টঙনা ন-গাওঁ নামৰ গাঁৱত ৰুবুল মাউতে জন্ম গ্ৰহণ কৰিছিল৷ ‘মোৰো এটা সপোন আছে’ নামৰ গ্ৰন্থখনৰ লেখক ৰুবুল মাউতে শৈশৱৰ কথা এনেদৰে উল্লেখ কৰিছে – “বহল চাংখনৰ কাষতে দীঘল টেবুলখন৷ চাৰিটা খুঁটা পুতি বাঁহেৰে বনোৱা টেবুলখন আচলতে এখন চাঙেই৷ টেবুলৰ ওপৰত নিৰ্দিষ্ট স্থানত থাকে মোৰ, বাইদেউ আৰু ককাইদেউৰ কিতাপ-পত্ৰ, বহী৷ কণ আৰু মুন তেতিয়াও স্কুল যাবৰ হোৱাই নাই৷ সন্ধিয়া হ’লেই টেবুলৰ সন্মুখত ৰৈ আমি আটায়ে প্ৰাৰ্থনা জুৰোঁ৷ … মোৰ বাবে প্ৰাৰ্থনা আছিল কেৱল এক পুৱা-গধূলিৰ গীত৷ পুৱা হ’লে যিদৰে বেলি ওলায়, গধূলি মাৰ যায় নতুবা পুৱা গোহালিৰ গৰু মেলি দিয়া হয়, গধূলি আকৌ বান্ধি থোৱা হয়, ঠিক প্ৰাৰ্থনাও মোৰ বাবে পুৱা-গধূলি পালন কৰা নিয়ম৷”

পৰিস্থিতিয়ে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰিবলৈ অনুমতি নিদিয়া খেতিয়ক দেউতাকে শিক্ষাৰ গুৰুত্ব বুজি পোৱাৰ বাবেই পুতেকহঁতক পঢ়িবলৈ পুৱাতে জগাই দিছিল৷ ৰুবুল মাউতে লিখিছে -“এলাৰ্ম ঘড়ীৰ দৰে বাজি উঠা দেউতাৰ কৰ্কশ মাতত সাৰ পাওঁ – সৰুদৌ উঠ৷ ডাঙৰদৌ উঠ৷” দুখীয়া মানুহৰ দুচকুৰ সপোনে জীৱনৰ বাট পোহৰায়৷ কিন্তু পোহৰৰ বাবে বেলিতেই ভৰসা৷ তেল পুৰি পোহৰক আদৰিবলৈ ধনৰ অভাৱ৷ দেউতাকৰ মাত শুনি চাং এৰা ৰুবুল মাউতে গ্ৰন্থখনত লিখিছে -“জাৰৰ দিনত মজিয়াৰ মাটি ইমান চেঁচা৷ মা-আইতাই বৈ দিয়া ডাঙৰ সূতাৰ চাদৰ এখন গায়ে-মূৰে মেৰিয়াই আধা টোপনিৰেই চাঙৰ পৰা নামি আহোঁ৷ আন্ধাৰতে খেপিয়াই চাকিটো জ্বলাব খোজোঁ৷ জুইশলা কাঠি ঘঁহনি খোৱাৰ মাত শুনি, আকস্মিক পোহৰৰ ৰেশ দেখি দেউতাই পুনৰ চিঞৰি উঠে-‘বাহিৰত পোহৰ হৈছে, বাৰাণ্ডাত পঢ়গৈ যা, চাকি জ্বলাই তেল শেষ কৰিব নালাগে৷’ উপায়ন্তৰত আমি কিতাপ ফলি লৈ বাহিৰলৈ ওলাওঁ৷ বাহিৰত দেখ-নেদেখকৈ পোহৰ হৈছে৷ পিৰালিত ঢাৰি এখন পাৰি বহোঁ৷ সন্মুখত পীৰা এখন পাৰি কিতাপ থওঁ৷”

পঢ়া-শুনাৰ লগতে ৰুবুল মাউতে শৈশৱৰ পৰাই দেউতাকক খেতিৰ কামত সহায় কৰিব লগীয়া হৈছিল৷ বাম খেতিত বনৰীয়া কচু বচা, মৈত উঠি মাটি মিহি কৰাত সহায় কৰা, গৰু চৰোৱা আদি কামবোৰ কৰাৰ লগতে চতুৰ্থ-পঞ্চম শ্ৰেণীত থাকোঁতেই পথাৰত হাল-কোৰ বাব লগীয়া হৈছিল৷ জেঠ-আহাৰ মাহত ব্ৰহ্মপুৱাতে পথাৰলৈ হাল নিয়া, গৰুৱে যাতে ৰোৱা খাব নোৱাৰে তাৰ বাবে স্কুলৰ পৰা আহি ভাত খায়েই চালি ঘৰলৈ লৰ মৰা ৰুবুল মাউতক মাকে কৈছিল -“কিতাপ-বহী লৈ যা, পথাৰতে পঢ়িবি৷”

পথাৰতে ৰুবুল মাউতে কেইবাখনো উপন্যাস পঢ়াৰ কথা গ্ৰন্থখনত লিখিছে৷ জীৱনৰ বাবে সংগ্ৰাম কৰা, সাহিত্যৰ সোৱাদ লোৱা, জ্ঞান অন্বেষণত ব্যস্ত ৰুবুল মাউতৰ বাবে গ্ৰীষ্মকাল প্ৰিয় নাছিল৷ ইয়াৰ কাৰণো আছে -“তেতিয়াৰ পৰা গ্ৰীষ্মকাল মোৰ একেবাৰে প্ৰিয় নাছিল৷ অত্যধিক গৰম বা বৰষুণ হোৱাৰ বাবে ঠিক নহয়, মোৰ শৰীৰ-মনত অত্যধিক কষ্ট হোৱাৰ বাবেহে৷ দিনত ইমান শ্ৰম কৰি, ৰাতিলৈ স্কুলৰ পাঠ পঢ়িব লাগিছিল৷ ইফালে আহাৰ-শাওণৰ কিছুদিন আমাৰ ঘৰত প্ৰায়ে খাবলৈ নুজুৰিছিল৷”

ৰুবুল মাউতে কেৱল খেতিয়েই কৰা নাছিল৷ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰলৈও গৈছিল৷ বজাৰত শাক-পাচলি বিক্ৰী কৰি পোৱা টকাৰে তেল-নিমখ কিনিছিল৷ খাবলৈ নোজোৰা দিনকেইটাত চাউল-আটা কিনিছিল৷ শাক-পাচলি বিক্ৰী কৰিয়েই কিনিছিল- কাগজ, ফাউনটেইন পেন, চিয়াঁহী, দোৱাত, কাঠপেঞ্চিল, ৰবৰ আদি৷ সপ্তম শ্ৰেণীত পঢ়ি থাকোতে ৰুবুল মাউতে নিজে ৰোৱা কোমোৰা গছৰ কোমোৰা বজাৰলৈ নি বিক্ৰী কৰি পোৱা ধনেৰে ইউনিফৰ্মৰ হাফপেণ্ট কিনিছিল৷ প্ৰতিকূলতাক নেওচি পোহৰৰ বাট কাটি ল’বলৈ ৰুবুল মাউতক অভাৱী শৈশৱে শিকাইছিল৷ দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ অধ্যয়নৰ বিকল্প নাছিল বুলিও কম বয়সতে বুজিব পাৰিছিল৷

সেইবাবেই কৈছে -“মোৰ সন্মুখত দুখন ছবি ভাহি উঠিছিল৷ এখনত আছিল জীৰ্ণ উৰুখা চালৰ ঘৰত বাসকৰা শীৰ্ণকায় মোৰ মা-দেউতা, আনখনত নগৰীয়া সভ্যতাৰ ভাস্বৰ প্ৰতিবিম্ব৷ মই যেন বন্দী হৈ আছিলো প্ৰথমখন পৃথিৱীত৷ প্ৰথমখনৰ পৰা দ্বিতীয়খনলৈ যেন দূৰত্ব বহুযোজন৷ কেৱল মেট্ৰিক পাছৰ যোগেদি মই এই দূৰত্ব অতিক্ৰম কৰিব পাৰিম৷ মই মোৰ মগজুৰ নিভৃতত এক সপোন দেখিবলৈ লৈছিলোঁ-এখন কষ্টহীন মনোৰম পৃথিৱীৰ৷”

জীৱনক সলনি কৰিবলৈ ৰুবুল মাউতে সময়ৰ সদ্ব্যৱহাৰ কৰিছিল৷ সমস্ত শাৰীৰিক শক্তিৰে শ্ৰম কৰাৰ পাছতো অধ্যয়ন অব্যাহত ৰখা ৰুবুল মাউতে ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰিবলৈ সক্ষম হৈছিল৷ ‘মোৰো এটা সপোন আছে’ গ্ৰন্থখনত ৰুবুল মাউতে লিখিছে -“আমাৰ ঘৰ আৰু স্কুলৰ বুৰঞ্জী চালে অনুমান কৰিব পাৰি যে মই পৰীক্ষাত ফেইল কৰাৰ অৱকাশ বহুত৷ কোনো কোনোৱে কৈছিল-‘ৰুবুলে ফাৰ্ষ্ট ডিভিজন পাব৷’ আনবোৰে হাঁহিছিল (বিদ্ৰূপৰ হাঁহি!), কৈছিল –‘ফাৰ্ষ্ট ডিভিজন?’ কৈলাসপুৰৰ পৰা ফাৰ্ষ্ট ডিভিজন পোৱাটো অলিম্পিকত ভাৰতে সোণৰ পদক পোৱাৰ দৰে৷”

কৈলাসপুৰ স্কুলৰ ওঁঠৰ বছৰীয়া ইতিসহাসত ৰুবুল মাউত আছিল প্ৰথম বিভাগত পাছ কৰা প্ৰথমজন ছাত্ৰ৷ সন্তানৰ ভাল ফলাফল সকলো পিতৃ-মাতৃৰ কাম্য৷ কিন্তু অভাৱক বশ কৰিবলৈ অপাৰগ মাতৃয়ে পুত্ৰৰ সাফল্যত আনন্দ প্ৰকাশ কৰাৰ বিপৰীতে ভৱিষ্যতৰ ভাৱনাত মন গধুৰ হৈ পৰাত কৈছে “বোপাই তই কেলেনো ফাৰ্ষ্ট ডিভিজন পালি ঐ, ছেকেণ্ড বা থাৰ্ডেই ভাল আছিল৷ এতিয়া তোৰ সামৰ্থ্যৰে আমি কেনেকৈ পঢ়ুৱাম?” দেউতাকে মাটি বন্ধকত থৈ ৰুবুল মাউতক পঢ়াৰ খৰচ যোগাৰ কৰিছিল, ঘৰ নচলা বাবেই ৰুবুল মাউতৰ আণ্ডাৰ মেট্ৰিক ককায়েকে ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি সামান্য উপাৰ্জনেৰে ভায়েকলৈ সহায়ৰ হাত আগবঢ়াইছিল, কলেজত পঢ়া দিনত নিজ হাতে ৰোৱা জালুক বেচিও ৰুবুল মাউতে পঢ়াৰ খৰচ উলিয়াব লগীয়া হৈছিল৷ নিজৰ ৰুমৰ বাল্বটো ফিউজ হোৱাত আৰু বাল্ব কিনিবলৈ হাতত পইচা নথকাত ৰাতি পঢ়িবলৈ নাপাব বুলি ভাবি কলেজীয়া ছাত্ৰ ৰুবুল মাউতে ভাৰাঘৰৰ এগৰাকী আৱাসীৰ ষাঠি ৱাটৰ বাল্ব এটা চুৰ কৰিছিল৷

ডিগ্ৰীত ৰুবুল মাউতে ভবাতকৈ ভাল ৰিজাল্ট কৰে৷ এই বিষয়ে তেওঁ লিখিছে – “তৃতীয় বছৰত মোৰ প্ৰাপ্ত নম্বৰ দেখি মই নিজকেই বিশ্বাস কৰিব পৰা নাছিলোঁ৷ আনন্দৰ বন্যাই মোৰ মন নধৰা হৈছিল৷ ইমান আনন্দ কৰাৰ এটা কাৰণ আছিল- আমাৰ দৰে গৰীব নিছলা মানুহৰ বাবে পৰীক্ষাৰ ৰিজাল্টেই আছিল আশা-ভৰসাৰ একমাত্ৰ অৱলম্বন৷ ৰিজাল্টেই আছিল নতুন প্ৰতিশ্ৰুতি৷ ৰিজাল্টেই আছিল দৰিদ্ৰতা বিনাশৰ একমাত্ৰ অস্ত্ৰ৷” মাষ্টাৰ্চ ডিগ্ৰী পঢ়াৰ কথা ওলোৱাত কিছুমান মানুহে ঘৰলৈ আহি হেনো ৰুবুল মাউতক কৈছিল -“পঢ়াৰ মতলব বাদ দে, পুলিচৰ চাকৰি বিচাৰ৷”

মাকে সুধিছিল- “মাষ্টাৰ্চ ডিগ্ৰী পঢ়িম বুলি যে উৎপাত লগাই আছ, কাৰ মূৰটো বেচি পঢ়িবি?” ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে ৰসায়ন বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান পোৱাত নিজৰ ঠাইত স্কুলৰ ছাত্ৰ একতা সভা আৰু গাঁৱৰ যুৱক সংঘই সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনাৰ জৰিয়তে ৰুবুল মাউতৰ হাতলৈ টকা দুহেজাৰমান আহে৷ দেউতাকে পুনৰ মাটি বন্ধকত দি পুতেকক পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰুবুল মাউতে লিখিছে -“পঢ়াবলৈ সামৰ্থ্য নথকা সত্ত্বেও, ঘৰত যেতিয়াই মোক ইউনিভাৰ্ছিটিত পঢ়াম বুলি সিদ্ধান্ত ল’লে, সেয়া মোৰ বাবে আছিল মা-দেউতাই মোক পৃথিৱীত দ্বিতীয়বাৰ জন্ম দিয়াৰ দৰে৷ এজন মানুহে যদি একেখন পৃথিৱীতে দুবাৰ জন্ম লাভ কৰে, তেন্তে তেওঁৰ বাবে জীৱনটো কেনেকৈ বিৰাগৰ বস্তু হ’ব পাৰে?” জীৱনক ভালপোৱা মানুহে মৰুভূমিতো সপোনক সেউজ কৰি ৰাখিব পাৰে৷ ৰুবুল মাউতে কৈছে -“মোৰ জীৱনৰ অভিজ্ঞতাই মোক কৈছে যে প্ৰথমে এটা সপোন দেখিম, তাৰ পাছত এই সপোনক বাস্তৱায়িত কৰিবলৈ উঠিপৰি লাগিম৷”

ৰুবুল মাউতে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়৷ নেট পৰীক্ষাত ‘চি এছ আই আৰ’ৰ জুনিয়ৰ ফেল’শ্বিপ পায়৷ তাৰ পিছত ৰুবুল মাউতে গৱেষণাৰ বাবে যায়- পুনেৰ নেচনেল কেমিকেল লেবৰেটৰীলৈ, দেশৰ অগ্ৰণী গৱেষণা প্ৰতিষ্ঠান ‘টাটা ইন্সষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ’ত ছায়েণ্টিফিক অফিচাৰৰ চাকৰি কৰে, আমেৰিকাৰ পাৰডিউ বিশ্ববিদ্যালয়লৈ চামাৰ ইণ্টাৰ্নশ্বিপৰ বাবে যায়৷ ফেল’শ্বিপ লাভ কৰে৷ আমেৰিকাৰ পৰা পুনৰ মুম্বাইলৈ আহে৷

এইবাৰ ৰুবুল মাউতে আমেৰিকাত পি এইচ ডি কৰাৰ সপোন দেখে৷ সপোনৰ বাবে কঠোৰ শ্ৰম কৰে৷ অধ্যৱসায়ে আলোকিত পথৰ সন্ধান দিয়ে৷ প্ৰত্যাহ্বানৰ বিৰূদ্ধে যুঁজি ৰুবুল মাউতে পি এইছ ডি কৰিবলৈ আমেৰিকাৰ মাচাছ্যুটচ বিশ্ববিদ্যালয়লৈ যায়৷ সপোনে ৰুবুল মাউতক লাহে লাহে আগলৈ লৈ গ’ল৷ কিন্তু তেওঁ পিছলৈ ঘূৰি চাবলৈ পাহৰা নাই৷ পুতেকৰ উচ্চ শিক্ষা লাভৰ সপোন বাস্তৱায়িত কৰিবলৈ মাটি বন্ধকত দিয়া, দুহাতেৰে কৰিব পৰা সকলো শ্ৰম কৰা, ঘৰতে চুলাই মদ তৈয়াৰ কৰি বিক্ৰী কৰা দেউতাকক পাহৰিব পাৰি জানো?

গাঁৱৰ কোনো কোনো মানুহে বোলে কৈছিল -“তই তিলেশ্বৰ ডুবিলি আৰু তোৰ পুতেৰৰ পাখি গজিল, এতিয়া উৰি যাব!” ৰুবুল মাউতে উৰি উৰি আকাশ চুইছিল৷ কিন্তু ঘৰখনলৈ পিঠি দিয়া নাই৷ দেউতাকে বন্ধকত দিয়া মাটি মোকলাই দিয়ে, ফুটা মুধচৰ সৰু ঘৰটো নটা কোঠাৰ পকী ঘৰলৈ ৰূপান্তৰিত কৰে৷ ৰুবুল মাউতৰ মতে -“আমি আটায়ে লাগি যুঁজিলোঁ, এতিয়া সকলোৱে মিলি ভোগ কৰা উচিত৷” দেউতাকৰ মৃত্যৰ খবৰ পাই ৰুবুল মাউতে অনুভৱ কৰিছে -“এখন অখ্যাত গাঁৱত এটি কিশোৰে উৰিবলৈ বিচাৰিছিল৷ অক্ষম দেউতাকে নানা সংঘাতৰ মাজেদি কিশোৰটিক দুহাতেৰে ধৰি যেন ওপৰলৈ তুলি দিছিল, যাতে সি উৰিব পাৰে৷ কিশোৰটি উৰি গ’ল আৰু দেউতাকজনে আকাশত তাৰ উৰণ চাই চাই তাতেই ৰৈ গ’ল৷ আৰু এইমাত্ৰ সন্তানৰ উৰণ চাই গৌৰৱাম্বিত হোৱা সেই দেউতাকজন এই পৃথিৱীৰ পৰা আঁতৰি গ’ল …৷”

উল্লেখযোগ্য যে ৰুবুল মাউতে শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনত বিজ্ঞানৰ শিক্ষক নাছিল৷ নিজে বিজ্ঞান পঢ়ি বিষয়টোৰ প্ৰতি অধিক আকৰ্ষিত হৈ বিজ্ঞান অধ্যয়নত মনোনিৱেশ কৰা ৰুবুল মাউতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা আধুনিক জীৱবিজ্ঞানৰ এক যুগন্তকাৰী আৱিষ্কাৰ ‘জিন এডিটিং’ৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ বাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত বিজ্ঞানী তথা ইন’ভেশ্যন ফেল’ ৰুবুল মাউতৰ ন ন গৱেষণাই বিশ্বৰ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ তিনিচুকীয়া জিলাৰ এখন অখ্যাত গাঁৱৰ বিজ্ঞানৰ শিক্ষক নথকা বিদ্যালয়ৰ পৰা বিশ্বৰ বিখ্যাত বিশ্ববিদ্যালয়ত বিজ্ঞানী হিচাপে সুনাম অৰ্জন কৰালৈকে ৰুবুল মাউতে কৰা যাত্ৰা আশ্চৰ্য্যজনক আৰু অনুপ্ৰেৰণাদায়ক নহয় নে? স্ব-পঠনৰ বিষয়েও ৰুবুল মাউতে গ্ৰন্থখনত লিখিছে -“সেই সময়তেই বিজ্ঞানৰ দৰে গভীৰ বিষয় এটা স্ব-পঠনৰ যোগেদি আয়ত্ত কৰাৰ বাবে মোৰ দূৰ ভৱিষ্যতত বেছ সহায় হৈছিল৷ কাৰণ মই আমেৰিকাত গৱেষণা কৰিবলৈ অহাৰ পিছত মোৰ আণৱিক জীৱবিজ্ঞানৰ বেছি জ্ঞান নথকাত, ঠিক একেদৰেই স্ব-পঠনৰ যোগেদিয়েই নজনা কথাবোৰ আয়ত্ত কৰিব লগাত পৰিছিলো৷ স্ব-পঠনৰ মহিমাক মই এনেদৰে গুৰুত্ব দিওঁ- আনে পঢ়ালে, আনে দেখুওৱা বাটেৰে গ’লে কেৱল আনে দেখা ঠাইহে চাব পাৰি, নতুন ঠাই, নতুন উদঘাটন-আৱিষ্কাৰ কৰিব নোৱাৰি৷ কিন্তু বিজ্ঞানৰ উদ্দেশ্যই হ’ল নতুন আৱিষ্কাৰ, নতুন উদঘাটন৷”

ৰুবুল মাউতে ‘মোৰো এটা সপোন আছে’ নামৰ গ্ৰন্থখনত শেষফালে লিখিছে -“সকলোৱেই সপোন দেখক৷ সপোনৰ যোগেদিয়ে দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি সকলো আগুৱাই যাওক৷ নহ’লেচোন মানুহবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বন্দী হৈ আছে দৰিদ্ৰতাৰ মেৰপাকত৷”

ডঃ ৰুবুল মাউত যেন এখন চিলা৷ অভাৱ নামৰ সূতাডালে চিলাখন যিমানেই পিছলৈ টানিলে সপোনৰ বতাহে চিলাখনক আকাশৰ উচ্চতালৈ নিলে৷ উৰি থকা চিলাখনক এতিয়া চকুবোৰে ৰ লাগি চাইছে৷

সামৰণিঃ আমি উৎসৱ প্ৰিয় অসমীয়া জাতি৷ উৎসৱ উদযাপন কৰোতে, দিৱস পালন কৰোতে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰোতে আমাৰ হাতৰ পৰা মূল্যৱান সময় সৰকি যায়৷ অধিৱেশন, বিহু সন্মিলন, প্ৰতিষ্ঠা দিৱস আদি পাতোতে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা বহু ধন ব্যয় কৰো৷ আমাৰ চৌপাশে থকা ৰুবুল মাউতৰ দৰে মেধা সম্পন্ন ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে সংগ্ৰহিত ধনৰ কিছু অংশ ব্যয় কৰিব নোৱাৰি নে? আমাৰ নৱ প্ৰজন্মই দল – সংগঠনৰ বিষয়ববীয়া হোৱাৰ সপোন দেখাতকৈ ৰুবুল মাউতৰ দৰে শ্ৰম আৰু শিক্ষাৰে জীৱন পৰিৱৰ্তন কৰাৰ সপোন দেখিলে জাতিটোৰ বাবেই মংগল৷ মানৱ সম্পদহে আচল সম্পদ৷ আমি মানৱ সম্পদ গঢ়া কামত ঐক্যবদ্ধভাবে মনোনিৱেশ কৰিলে অনেক সমস্যা সমাধান হ’ব৷ ৰুবুল মাউতৰ দৰে ব্যক্তিৰ সংখ্যা বৃদ্ধি হওক৷ আমি আমাৰ ল’ৰা – ছোৱালীহঁতক ৰুবুল মাউতৰ দৰে ব্যক্তিৰ সাধু শুনাই সিহঁতৰ সপোন দেখা দুচকুক জগাই দিওঁ আহক৷ ■■

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
গায়ত্ৰী গোস্বামী অধ্যাপক
2 years ago

পঢ়ি চকু সেমেকি উঠিল । সকলোৱে পঢ়া উচিত

Parul boro
1 year ago

ভাল লাগিল

ৰুবুল দাস
1 year ago

ৰূপকথাৰ দৰেই তেওঁৰ কাহিনী

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক