এটা স্নেপশ্বট্ আৰু কিছু প্ৰাসঙ্গিক চিন্তা (সুশান্ত কাশ্যপ)


এম.এ ফাইনেল পৰীক্ষাত অ‍ৱতীৰ্ণ হৈয়েই কেইদিনমানৰ বাবে এখন কলেজত ‘পাৰ্ট টাইম’ শিক্ষক হিচাপে ‘জইন’ কৰিছিলোঁ। এদিন হায়াৰ ছেকেন্ডাৰী ক্লাছত শেষৰ বেঞ্চত বহি থকা কেইজন মান ছাত্ৰই পাঠদানলৈ মন নিদি হাঁহি-খিকিণ্ডালি কৰি আছিল। কেইবাবাৰো মানা কৰাৰ পিছতো সিহঁতে গুৰুত্ব দিয়া নাই। গোটেই শ্ৰেণীটোৰে পৰিবেশ প্ৰায় বিনষ্ট হৈছিল। মোৰ হঠাতে খঙে মূৰৰ চুলিৰ আগ পোৱাত হাতত থকা দাষ্টাৰটো মাৰি পঠিয়ালো ক’ব নোৱাৰাকৈয়ে (মানি লওঁ সেয়া মোৰ ভুল হৈছিল সেইদিনা)। দুৰ্ভাগ্যবশত: দাষ্টাৰটো এজন ছাত্ৰৰ মূৰত লাগিল। কঁপালৰ পৰা তেজ ওলাব ধৰিলে। গোটেই শ্ৰেণীটো যেন কাঁহ পৰি জীণ গ’ল। ছোৱালী এজনীৰ পৰা ৰুমাল এখন লৈ ল’ৰাজনৰ মূৰত বান্ধি দিলোঁ আৰু লগৰ কেইজনৰ হাতত এশ টকা এখন দি তাক ওচৰৰ ফাৰ্মাচী এখনলৈ লৈ যাব ক’লো। মনটো ভাল নালাগিল। কি যে কৰিলোঁ! অলপ টেনছনো হ’ল। ক্লাছ আধাতেই সামৰি ওলাই আহিলো।

সিদিনা ৰাতি মোৰ টোপনি নাহিল। বিভিন্ন চিন্তা-অশান্তিয়ে মনটোক ঘেৰি ধৰিলেহি। ভাবিলোঁ অভিভাবকে যদি কমপ্লেইন দিয়ে নতুবা থানাত গোচৰ দিয়ে! মোক কলেজৰ পৰা উলিয়াই দিয়াটো খাটাং বুলি ভাবি পিছদিনা কমন ৰুমৰ চুক এটাত দুখ মনে বহি আছোঁ।
হঠাৎ দেখা পালো মূৰত বেন্দেইজ লগাই সেই ছাত্ৰজন মোৰ ওচৰলৈ আহিল। আহি ক’লে- “ছাৰ, আব্বা-আম্মা আহিছে আপোনাক লগ কৰিবলৈ, বাহিৰত ৰৈ আছে ।” মোৰ ভয় লাগিবলৈ ধৰিলে। নাই, ক্ষমা খুজিম আৰু তাৰ চিকিৎসাৰ বাবে অলপ খৰচ দিম বুলি ভাবি তাৰ লগত বাহিৰলৈ আহিলোঁ। নমস্কাৰ জনাই মাক-দেউতাক ওচৰলৈ আহিল। মইও প্ৰতি নমস্কাৰ জনালোঁ।
“ছাৰ, কালি আপুনি তাক মাৰি খুউব ভাল কাম কৰিলে। সি বৰ উদণ্ড। কাৰো কথা নুশুনে, শাসন কৰিব নোৱাৰা হৈছোঁ তাক। আমি স্কুল-কলেজ নেদেখা অশিক্ষিত মানুহ, কোনোমতে নদীত মাছ মাৰি-বেচি তাক পঢ়াই আছোঁ। আপুনি যদি তাৰ দায়িত্ব লয় বৰ সুখ পাম ছাৰ ।” -কথাখিনি কৈ এশ টকাৰ লগতে এটা মাছৰ টোপোলা মোলৈ আগবঢ়ালে। তেতিয়া মনত পৰিল ল’ৰাজনক আগদিনা টকা এশ দিয়াৰ কথা। কৰযোৰে প্ৰত্যাখ্যান কৰিলোঁ। মই অবাক হৈ গ’লো গোটেই ঘটনাটোত!

আমি তথাকথিত শিক্ষাৰে শিক্ষিত অভিভাবক বোৰে পদমৰ্যদা, বংশ গৌৰৱ, আভিজাত্যৰ অহংকাৰত উটি-ভাঁহি একো কব নোৱাৰা হৈ গৈছো আজিকালি। নাবালকে চিগাৰেট হুপে মুকলিকৈ, মদ খায়, বলাৎকাৰ কৰিবলৈ ভয় নকৰে….কিয়নো আমি অভিভাবক বোৰ আছো সিহঁতক বচাবলৈ। আমি আইন জানো, জুভেলাইনৰ কথা জানোঁ। গতিকে ভয় কিহৰ? নৱপ্ৰজন্ম ধ্বংস হৈছে বুলি আস্ফালন কৰো, কিন্ত আমিয়েই নৱপ্ৰজন্ম ধংসৰ একো একোজন চৰ্দাৰ নহয় জানো ! ভাব হয়, কোন শিক্ষিত- সেই স্কুল-কলেজ নেদেখা মাছমৰীয়াজন নে আমিবোৰ!??

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments