এটা স্বীকাৰোক্তি(-প্ৰতিভূ দত্ত)

১৯৮৩ চন ৷
অসম আন্দোলন তুংগত ৷
পাছে মই মোৰ জীৱনৰ কথাহে ক’ব খুজিছো ৷

মই সপ্তম শ্ৰেণী পালো গৈ ৷
মোৰ হাতত পৰিল এখন কবিতাৰ কিতাপ ৷ নাম সুগন্ধি পখিলা ৷ লিখিছে কোনোবা হীৰু দা নামৰ কবি এজনে ৷ খবৰ কৰি গম পালো কোন এই হীৰুদা ৷

সুগন্ধি পখিলাৰ পাত লুটিয়াই পৰি গলো কবিতাৰ প্ৰেমত ৷ কবিতা মানে সেই সুগন্ধি পখিলাৰ পাতত থকা কবিতাবোৰৰ আৰু লগতে আমাৰ লগতে পঢ়া আন এগৰাকী সুগন্ধি পখিলাৰ ৷
পাছে মন কৰিলো মোৰেই আন এজন বন্ধু পুলকো আমাৰ লগৰ সেই পখিলাৰ প্ৰেমত পৰিছে ৷

কি কৰো কি নকৰো বুলি ভাবি প্ৰেমৰ কবিতাকে লিখিবলৈ ল’লো ৷ অভিধানৰ পাত লুটিয়াই লুটিয়াই বিচাৰি ফুৰো অলপ ৰোমান্তিক যেন লগা শব্দ ৷ দহ বাৰটামান শব্দ গোট খালেই শব্দবোৰ ইফাল সিফাল কৰি লিখি দিওঁ এক সৰু প্ৰেমৰ কবিতা ৷ এতিয়া বৰ মনত নাই কবিতাবোৰ বা শব্দবোৰ ৷ তথাপিও কেইটামান শব্দ আছিল যেনে হেঙুল, ভাটিয়ালী, প্ৰতীতি, উজাগৰী নিশা, বলুকা,…… ইত্যাদি ৷ বহু শব্দৰ অৰ্থ নজনাকৈয়ে কবিতা লিখি দিছিলো ৷ কোনোবাই সুধিলে কওঁ, ‘‘আধুনিক কবিতা ! চেষ্টা কৰা চোন বাৰু অৰ্থ বুজিবলৈ ৷’’

দেখুৱাও কবিতা আমাৰ লগৰ সেই সুগন্ধি পখিলাক ৷
কবিতা পঢ়ি, মোৰ আবৃতি শুনি অপলক নেত্ৰে মোৰ ফালে চাই থাকে ৷
মন পুলকিত হৈ উঠে ৷
পাছে সেই পুলক বেছি দিন বেছিদিন চিৰ স্থায়ী হোৱাৰ আগতেই এদিন মোৰ বন্ধু পুলকো আহি ওলাল এখিলা পাতত সি নিজে লিখা এটা আধুনিক প্ৰেমৰ কবিতা লৈ ৷

মই বৰ চিন্তাত পৰিলো ৷ কি কৰা যায়, কি কৰা নাযায় ভাবি ভাবি পালো বাতৰি কাকতত যদি মই লিখা কবিতা এটা ওলাই যায় তেনেহ’লে কিবা এটা হোৱাৰ আশা আছে ৷

কথামতে কাম ৷
আৰম্ভ কৰিলো বাতৰি কাকতলৈ প্ৰেমৰ কবিতা পঠিয়াবলৈ ৷
পাছে কবিতা নোলাই হে নোলাই দেখোন ৷
লগৰে সঞ্জয়ে ক’লে, ‘‘দোষ্টি কবিতা ওলোৱা নাই মানে বৰ ভাল হোৱা নাই নেকি ? মৌচাকলৈ পঠাবা নেকি ?’’
‘‘মৌচাক আৰু আধুনিক প্ৰেমৰ কবিতা ? নোলাব নেকি পাৰ্টনাৰ !’’

শেষত আকস্মিক ভাবেই এটা উপায় পালো ৷
কিবা কাৰনত ডিব্ৰুগড়লৈ গৈছিলো ৷ তাতই আইতাৰ আলমাৰিত বহু পুৰণি বাতৰি কাকত জমা কৰি থোৱা আছিল ৷ ১৯৭৬চন মানৰ নীলাচল নে কোনোবা এখন কাকতত ওলোৱা এটা সৰু কবিতা পালো ৷ প্ৰেমৰ কবিতা নাছিল, তথাপিও ভাল যেন লাগিল ৷ বগা কাগজ এখনত টুকি ল’লো ৷ তলত নাম লিখি দিলো মোৰ – প্ৰতিভূ দত্ত ৷ আজি কবিতাটো মনত নাই পাছে কিবা ‘শুকুলা ঘোৰা’ জাতীয় কথা আছিল ৷

ডিব্ৰুগড়ৰ পৰা চালাকাটি কোকৰাঝাৰলৈ উভটি আহোতে গুৱাহাটীত এদিনমানৰ বাবে ৰৈছিলো ৷ অগ্ৰদূত কাকতখনৰ কাৰ্য্যালয়লৈ গৈ দি আহিলো কবিতাটো ৷ সেই সময়ত কাকতখনৰ সৈতে আমাৰ খুড়া এজনৰ বেছ ভাল সম্পৰ্ক আছিল ৷ বাতৰি কাকতৰ কাৰ্য্যালয়ত এজনে পঢ়ি চাই মোক ক’লে, ‘‘ভাল হৈছে ৷ বুধবাৰৰ সংখ্যাত প্ৰকাশ পাব ৷’’
পাছদিনা আহি চালাকাটি পালো গৈ ৷
তাৰ পাছত অধীৰ অপেক্ষা , বুধবাৰলৈ ৷
যিমানেই দিন গৈছে সিমানেই অনুশোচনাই কোঙা কৰি পেলাইছে ৷
প্ৰথম বুধবাৰে কবিতাটো নোলাল ৷ কিমান সকাহ পালো বুজাব নোৱাৰো এতিয়া ৷

আকৌ অধীৰ অপেক্ষা আৰম্ভ হ’ল পাছৰ বুধবাৰৰ বাবে ৷ এইবাৰ কিন্তু প্ৰাৰ্থনা , ‘‘হে প্ৰভূ! প্ৰকাশ নহয় যেন কবিতাটো !’’ তাৰ পাছৰ বুধবাৰেও নোলাল ৷ এইদৰে কেইবাটাও বুধবাৰ পাৰ হৈ গ’ল, পাছে ডিব্ৰুগড়ৰ পৰা চুৰ কৰি অনা সেই ঘোৰাকেইটা কোনেও দেখা নাপালে ৷

যোৱা ৩০ বছৰে মই কাকো কথাটো কোৱাও নাছিলো ৷ আজি অংশুমানৰ কবিতাৰ লগত হোৱা লটি-ঘটিটোৱে মনত পেলাই দিলে ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক