এটা সৰি পৰা কবিতা – (জ্যোতি পি চি শইকীয়া)

???????????????????????হেমন্ত সন্ধিয়াৰ
এখিলা হালধীয়া পাত
কঁপি কঁপি সৰি পৰিল
এটি জীয়া কবিতা হৈ ।।
আলফুলকৈ হাত বুলাই
থৈ দিলোঁ দুবৰি দলিচাত ।।
অনুভৱৰ আঁহে-পাহে
হঠাতে বিয়পি পৰিল
এক বিষাদ গাঁথা ।।
একাকিত্ব আৰু কুঁৱলিৰ
নিশব্দ সুৰে-সুৰে
গধুলিটোৱে বাট কাটিলে ।।
এটুকুৰা কপটীয়া ডাৱৰে
জানি বুজিয়েই যেন ঢাকি থ’লে
আধা ফুলা জোনৰ জোনাকখিনি ।।
পুৱা দেখিলোঁ -,
তেতিয়াও বতাহে উৰুৱাই নিনিয়া পাতখিলাক
ৰ’দোজ্জল মুকুতাৰে সজাই
জীয়াই তোলাৰ কিযে
আলৌলৌৱা হাবিয়াস
নিয়ৰৰ ।।
দুটোপাল অশ্রু সহযাত্রী হ’ল ।।
যেতিয়াই –
চৌপাশে নিৰিবিলি বা’ বলে
মোৰ জলৌলৌৱা কলিজাৰ বঙিয়াইদি
মূৰ দাঙি উঠে বেদনামুখৰ লহৰ ।।
শুনা পাওঁ সেমেকা মাতৰ গুণগুণনি
ভাহি আহে,বাঢ়ি আহে
অনুৰণন…….,
হেমন্তৰ সৰাপাতৰ ।।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments