এটা ৰঙা-নীলা কোটচোলা: অঞ্জল বৰা

এটা ৰঙা-নীলা কোটচোলা

অঞ্জল বৰা

এখন গাঁৱত দুটা ল’ৰা সৰুৰে পৰাই একেলগে ডাঙৰ দীঘল হৈছিল৷ সিহঁতে গোটেই জীৱন একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ যেতিয়া সিহঁত ডেকা হ’ল আৰু বিয়া-বাৰু কৰাই সংসাৰ কৰিলে দুয়োটাই ইটোৱে সিটোক চাই থাকিব পৰাকৈ সমুখা-সমুখিকৈ দুটা ঘৰ সাজিলে৷ দুয়োটা ঘৰৰ মাজত মাত্ৰ ঠেক এটা পথ আছিল৷

এদিন, এজন ধেমেলীয়া স্বভাৱৰ মানুহে সিহঁতৰ লগত ধেমালি কৰিবৰ বাবে গাঁৱত উপস্থিত হ’ল৷ তেওঁ দুটা ৰঙৰ এটা কোট পৰিধান কৰি আহিল৷ যাক মাজে মাজে ওপৰৰ পৰা তললৈ দুটা ৰঙত বিভক্ত কৰা হৈছিল৷ এফালে ৰঙা আৰু আনটো ফালে নীলা আছিল৷

মানুহজনে কোটচোলাটো পিন্ধি দুয়োজন বন্ধুৰ ঘৰৰ সন্মুখৰ ঠেক পথটোৰে চিঞৰি চিঞৰি যাবলৈ ধৰিলে৷ দুয়োজন বন্ধুৱে সেই সময়ত নিজৰ নিজৰ ঘৰৰ চোঁতালত কাম কৰি আছিল৷ ধেমেলীয়া মানুহজনে এনেদৰে চিঞৰিবলৈ ধৰিলে যাতে দুয়োজন বন্ধুৱে তেওঁক পাৰহৈ যোৱা দেখে আৰু মন দি লক্ষ্য কৰে৷
দিনটোৰ শেষত, এজন বন্ধুৱে আনজন বন্ধুক ক’লে, “আজি সেই মানুহজনে পিন্ধি অহা ধুনীয়া ৰঙা কোটটো দেখিছিলানে?”
“নাই”, অন্যজনে উত্তৰ দিলে৷ “সেইটো নীলা কোটহে আছিল৷”
“মই মানুহজন মোৰ কাষেৰে পাৰ হৈ যাওঁতে ভালদৰে দেখিছোঁ!” প্ৰথমজনে ক’লে, “তেওঁৰ কোটটো ৰঙা আছিল৷”
“তুমি ভুল কৰিছা!” অন্যজনে ক’লে, “মইও ভালদৰে দেখিছোঁ আৰু সেইটো নীলা আছিল৷”
“মই জানোঁ মই কি দেখিছোঁ!” প্ৰথমজনে দৃঢ়তাৰে ক’লে৷ “কোটটো ৰঙা আছিল!”
“তুমি একো নাজানা,” দ্বিতীয়জনে খঙেৰে উত্তৰ দিলে৷ “এইটো নীলা আছিল!”
তেওঁলোক দুয়োৱে বাৰে বাৰে নিজৰ যুক্তি দিবলৈ ধৰিলে, ইজনে সিজনক অপমান কৰিলে আৰু শেষত দুয়ো কাজিয়াত লিপ্ত হৈ পথতে বাগৰি পৰিল৷

তেতিয়াই, সেই ধেমেলীয়া মানুহজন ঘুৰি আহিল আৰু দুয়োজন মানুহৰ সন্মুখত উপস্থিত হ’ল, কিন্তু ইতিমধ্যে দুয়োজন মানুহে ইজনে আনজনক চৰ, ঘোচা আদিৰে প্ৰত্যাক্ৰমণ কৰি চিঞৰি চিঞৰি কৈছিল, “আমাৰ বন্ধুত্ব ইমানতে শেষ! আমাৰ বন্ধুত্ব আৰু কেতিয়াও নাথাকে!!”

ধেমেলীয়া মানুহজন প্ৰত্যক্ষভাৱে তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল আৰু তেওঁৰ কোটটো ভালদৰে দেখুৱালে৷ তেওঁ তেওঁলোকৰ যুঁজ-বাগৰ দেখি মুখ টিপি হাঁহিলে৷ দুয়োজন বন্ধুৱে মানুহজনৰ কোটটো লক্ষ্য কৰি দেখিলে যে কোটটোৰ এফাল ৰঙা আৰু আনটো ফাল নীলা৷ বন্ধু দুজনে তেওঁলোকৰ যুঁজ-বাগৰ বন্ধ কৰিলে আৰু সেই ব্যক্তিজনক খঙেৰে ক’লে, “আমি গোটেই জীৱন একেলগে ককাই-ভাইৰ দৰে আছিলোঁ আৰু তোমাৰ ভুলৰ বাবেই আমি যুঁজ-বাগৰ আৰম্ভ কৰিলোঁ৷ তুমিয়ে আমাৰ মাজত যুদ্ধ লগালা৷”

“এই যুঁজৰ বাবে মোক দোষাৰোপ কৰিব নোৱাৰা,” ধেমেলীয়া ব্যক্তিজনে ক’লে৷ “মই তোমালোকক যুদ্ধ কৰিবলৈ শিকাই দিয়া নাছিলোঁ৷ তোমালোক দুয়োজনেই ভুল আৰু দুয়োজনেই শুদ্ধ৷ হয়, যিজনেই নিজৰ ঠাইত থাকি দেখিছিল তেৱেই শুদ্ধ আছিল৷ তোমালোকে যুঁজ-বাগৰ কৰিছা কাৰণ তোমালোকে কেৱল নিজৰ ঠাইত থাকি নিজৰ দৃষ্টিৰে মোৰ কোটটো লক্ষ্য কৰিছা৷ আনৰ ঠাইত থাকি আনৰ দৃষ্টিৰে চাবলৈ নিশিকিলে কেতিয়াও মানুহ শুদ্ধ হ’ব নোৱাৰে আৰু আনক বুজিব নোৱাৰে৷”

(ইংৰাজীৰ পৰা কৰা অনুবাদ- লেখক অজ্ঞাত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক