এটা ৰহস্য গল্প (ধ্ৰুৱজ্যোতি বাৰিক)


ডায়েৰীৰ এটা পৃষ্ঠা:
“হতাশাৰ গান! এই পৃথিৱীতনো আৰু কি আছে আত্ম-ধংসাত্মকতাৰ বাহিৰে। Nocturnal depression গান বাজি আছে ওফাৰত।
“I have seen my death in your eyes
You are the most important suffering”
আত্মধ্বংসৰ গান। আত্মঘৃণাৰ গান।
……………
গ্লানিৰ সৈতে কিমান দিন জীয়াই থাকিম মই! এজনী ছোৱালীৰ জীৱন ধ্বংস কৰাৰ গ্লানি! কিন্তু আত্মহত্যা কৰিব নোৱাৰো মই। সেইখিনি সাহসৰ অভাৱ। তাতকৈ তিলতিলকৈ মৰিলে কেনে হয়! মদ, ড্ৰাগছ আদিৰ সংস্পৰ্শত মই সেইবাবে প্ৰায়ে থাকো।
……………
……………
জীৱন-মৰণৰ পাৰ্থক্য আজি নিজ চকুৰে দেখা পালো। গ’ল্ডফিছটোক পানীৰপৰা উলিয়াই টাইলছত পেলাই দিয়াৰ সময়ত সি ছটফটাইছিল। পিছে মূৰত বুটেৰে গচকি দিয়াৰ পিছত সি শান্তিৰে পৰি আছিল। মৃত্যু হয়তো সিমানেই শান্তিদায়ক। একুৰিয়ামৰ এটা মাছৰ বিনিময়ত জীৱনৰ এই চিৰন্তন সত্যটো জানিলো।
……………
……………
আচলতে মনৰ কথাবোৰ এইদৰে ডায়েৰিত লিখি থৈ মই শান্তি পাওঁ। পিছত ফালি পেলাওঁ সেইটো বাৰু বেলেগ কথা। আৰু নিলিখো আজিলৈ। ‘ecstacy’ এটা খাই নৰকলৈ যাওঁ।”
—ডায়েৰিৰ পৃষ্ঠাটো পঢ়ি প্ৰজ্ঞানে এটা স্মিত হাঁহি মাৰিলে। এইখনৰ প্ৰয়োজনেই নহ’ল। সি ভাবিলে। কিন্তু বিদ্যুতে তাৰ সেইটো অপৰাধ কিয় স্বীকাৰ কৰিলে, যিটো সি কৰাই নাছিল! দুটায়ে কাৰণ হ’ব পাৰে, তাৰ পৰিকল্পনাৰ নিখুঁটতাই তাক নিজে নকৰা অপৰাধটোকেই নিজে কৰা বুলি ভাবিবলৈ বাধ্য কৰিলে অথবা বিদ্যুতে নিজে শাস্তি কাম্য কৰিছিল যিটো তাৰ হোৱা নাছিল।
 
***
এটা নিখুঁট হত্যাকাণ্ড:
প্ৰজ্ঞানে তাৰ কোঠালৈ বিদ্যুত আৰু দ্বীপক জানি-বুজিয়েই শনিবাৰে নিমন্ত্ৰণ কৰিছিল। শনিবাৰে ৱালমেট বাইদেওজনী ঘৰলৈ যায় আৰু মালিকো সেইদিনা ঘৰত নাছিল। কেম্পাছত সি অকলে আছিল। কোনোবা এজন ভিতৰত মৰি থাকিলে কোনে গম পাব! মহানগৰীৰ আত্মকেন্দ্ৰিকতাই তাৰ কাম আৰু সহজ কৰি দিলে। হত্যাৰ বাবে প্ৰয়োজনীয় Zyklon B নামৰ বিষবিধো যোগাৰ কৰাত তাৰ অসুবিধা নহ’ল। তাৰ জাৰ্মানীত থকা বাল্যবন্ধু ‘কেমিকেল ইনজিয়াৰ’ দ্বিবনে সেই কামফেৰাও কৰি দিলে। হত্যা কৰাটো সহজ আছিল। বিদ্যুতক আগতেই অলপ বেছিকৈ মদ খুৱাই বেহুছ কৰি লোৱা হ’ল। দ্বীপক মদৰ লগত Zyklon B মিহলাই খুৱাই হত্যা কৰা হ’ল। তাৰপিছত দ্বীপৰ মৃতদেহৰ ডিঙিৰ ওপৰত ডিঙি টিপাৰ দৰে দাগ বহুৱাই বিদ্যুতৰ হাতৰ ফিংগাৰপ্ৰিন্টিং তাত বহুৱাই দি সি বাইকখন লৈ মদ কিনাৰ বাহানাৰে বাইকখন লৈ ওলাই গ’ল। মদ কিনি ওভটি অহাৰ সময়ত সি দ্বীপ আৰু বিদ্যুতৰ কমন ফ্ৰেইণ্ড বিকাশকো লগত লৈ আহিলে যাতে সাক্ষী এটা পোৱা যায়। পিছদিনাখন পুলিচৰ আগত বিকাশ আৰু প্ৰজ্ঞানে নিজৰ নিজৰ ভাষ্য ক’লে। বিদ্যুতে দ্বীপক মৰা বুলি পুলিচৰ আগত লগে লগে স্বীকাৰ কৰিলে। গতিকে পুলিছে কেচটোক ইমান চিৰিয়াছলি নল’লে। প্ৰজ্ঞানে ভালকৈয়ে জানিছিল সিও পুলিছৰ সন্দেহৰ আওঁতাত থাকিব। প্লেনটো বনাই থাকোতেই এদিন সি বিদ্যুতৰ ডায়েৰি এখন পালে। দুপৃষ্ঠামান পঢ়ি বুজিলে এইখন পঢ়াৰ পিছত পুলিচৰ আন কাৰোবাক সন্দেহ কৰাৰ অৱকাশেই নাথাকিব।
 
***
বাতৰি কাকতৰ এটা বাতৰি:
“মহানগৰীত লোমহৰ্ষক ঘটনা। পোন্ধৰ বছৰীয়া এগৰাকী যুবতীক পাঁচজনীয়া যুবকৰ দল এটাৰ দ্বাৰা গণধৰ্ষণ। পাঁচোজন যুবক বৰ্তমান আৰক্ষীৰ জিন্মাত। জানিব পৰামতে ইয়াৰে দুজন মহানগৰীৰ দুটা অভিজাত পৰিয়ালৰ সন্তান।”
বিচাৰ চলিল। টকাৰ জোৰত বিদ্যুত আৰু দ্বীপ বাচি গ’ল। বাকী তিনিজনে সকলো দোষ গাতপাতি ল’লে। এদিন ধৰ্ষিতা কিশোৰী প্ৰজ্ঞান কলিতা আত্ৰেয়ৰ ভগ্নী প্ৰিয়ম আত্ৰেয়ই আত্মহত্যা কৰিলে। প্ৰিয়ম আৰু প্ৰজ্ঞানৰ মাতৃ যামিনী আত্ৰেয়ৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হ’ল। আই আই টিৰ কাৰণে প্ৰস্তুতি চলাই থকা মেধাৱী ছাত্ৰ প্ৰজ্ঞানৰ জীৱনত এইবোৰ ঘটনায়ে যথেষ্ঠ প্ৰভাৱ পেলালে। মাকৰ মৃত্যুৰ দিনায়ে সি মনে মনে প্ৰতিজ্ঞা কৰিলে যে সি প্ৰতিশোধ ল’ব। প্ৰথমে সি সিহঁত দুটাৰ লগত চিনাকি হ’ল। স্মাৰ্ট প্ৰজ্ঞানৰ পক্ষে সিহঁত দুটাৰ লাইস্টাইলৰ অনুকৰণ কৰাটো বিশেষ টান নাছিল। সিহঁতৰ আগত নিজকে প্ৰজ্ঞান কলিতা বুলি চিনাকি দিলে। (তাৰ মাক তাৰ অতিকে প্ৰিয় আছিল গতিকে সি তাৰ নামত মাকৰ উপাধিটোও লগাইছিল। গতিকে তাৰ নাম হৈ পৰিল ‘প্ৰজ্ঞান কলিতা আত্ৰেয়’)। সি বুজিলে বিদ্যুত বাৰুকৈয়ে অনুশোচনাত দগ্ধ, নিজক শেষ কৰি দিয়াৰ প্ৰৱণতাৰ সৃষ্টি হোৱা পৰ্যায়লৈকে। পিছে দ্বীপ মুঠেও নহয়। জীৱনটো অপৰাধিকভাৱে জীয়াই আছে এতিয়াওঁ। বিদ্যুতে ইতিমধ্যে তাৰ শাস্তি পাইছে। কিন্তু দ্বীপক সুদাই এৰিব নোৱাৰি। সি সুযোগৰ সন্ধানত আছিল আৰু এদিন সেই সুযোগ পাই গ’ল। দোষীয়ে শাস্তি পালে অৱশেষত।
 
***
পাঁচ বছৰৰ পিছত:
থানাখনত নতুন এচ পি য়ে যোগদান কৰিছে। এওঁৰ তলত বেছি দিন কাম কৰা নহ’ব, হাবিলদাৰ ডেকায়ে ভাবিলে। নতুন এচ পি জনৰ নাম প্ৰজ্ঞান কলিতা আত্ৰেয়! আত্ৰেয়? ডেকাৰ যেন কিবা এটা মনত পৰিল। প্ৰিয়ম আত্ৰেয়, প্ৰজ্ঞান কলিতা আত্ৰেয়, বিদ্যুত হোজাই, দ্বীপ বৰদলৈ নামবোৰ আওঁৰালে। হয় সেইজন প্ৰজ্ঞানেই এইজন। নতুন এচ পিৰ মুখৰ ফালে চাই তেওঁ ভাবিলে। এই প্ৰজ্ঞানেই দ্বীপক হত্যা কৰা নাছিলতো, ডেকায়ে মনতে ভাবিলে। ধুৰ কি কথাবোৰত মাথা মাৰি আছো, ডেকায়ে নিজকে ডবিয়ালে। লাহে লাহে তেওঁ এচ পি চাৰৰ কোঠাৰ পিনে সোমাই গ’ল। চাৰে মাতিছিল হেনো…।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক