এটা ৰাজনৈতিক সাধুকথা- পাৰ্থপ্ৰদীপ বৰা

প্ৰিয় কবি ‘নৱকান্ত বৰুৱা’ৰ ‘ক্ৰমশঃ’ কবিতাটো আজিও মাজে মাজে পঢ়ি চাওঁ৷ ভাল লাগে যিমান দুখো লাগে সিমান৷ ৰজা আৰু বাৰীকোঁৱৰৰ সাধুকথা, তেজীমলা মৰি ভোগজৰা হোৱাৰ কাহিনী, কমলাকুঁৱৰী আৰু জলকোঁৱৰৰ সপোন… এনেকৈ ‘ক্ৰমশঃ’ কবিতাই আমাৰ ঐতিহ্যপূৰ্ণ ইতিহাস, আমাৰ শুকান বৰ্তমান আৰু আমাৰ ধূসৰ ভৱিষ্যতৰ এখন কৰুণ ছবি সুন্দৰ আৰু পৰিষ্কাৰকৈ আঁকি গৈছে৷ পানী নাই- চাকিনাৰ জীভাৰ ৰসেৰে সিক্ত কৰি ৰাখিব পাৰি জানো কাৰবালাৰ মৰু প্ৰান্তৰ৷ … কিন্তুু সাউদৰ নাও চলিয়ে থাকে৷ সাউদৰ নাও তৰাং মাটিতো চলে৷ পানীৰ পিয়াহ সাউদৰৰ নাই- মাথোন সোণৰ পিয়াহ৷ ‘ক্ৰমশঃ’ কবিতাৰ শেষত কবিয়ে কৈছে- ‘আমি জানো কি বেদনা অসংখ্য মৃত্যুৰ সেতু তাৰ ওপৰেদি জীৱনৰ সৰীসৃপ আহিছে বগাই- আৰু কি বিলাই আছে কোনে ক’ব এই এটা সাধু আজিওটো শেষ হোৱা নাই৷ ’
অসম দেশৰ বিষম কথা দকৈ হৃদয়ংগম কৰিব খুজিলেই ‘ক্ৰমশঃ’ কবিতাৰ কবিৰ দৰে এক গভীৰ দুঃখবোধে আমাকো তিঁয়াই পেলায়৷ এই দেশৰ অসংখ্য সমস্যাৰ অন্যতম প্ৰধান কাৰণ আমাৰ আজিৰ ৰাজনীতিত মূল্যবোধ, নীতি, মগজু আৰু হৃদয়ৰ বৰকৈ অভাৱ ঘটিছে৷ মাতমৰা, ৰহমৰীয়া, মাজুলী, ধেমাজী, বিহপুৰীয়া, লক্ষীমপুৰ বানত উটি ফুৰিছে৷ ওখ ওখ অট্টালিকা গঢ়িছে মন্ত্ৰীগণ আৰু তেওঁলোকৰ সাংগো-পাংগোবোৰে৷ দুনৰ্ীতি, ভ্ৰষ্টাচাৰ, অকৰ্মন্যতা, নীতিহীনতা, অমানৱীয়তাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ কিবা লাগেনে৷ অসমৰ ৰাজনীতি অপৰাধী, অমানুহ, ভ্ৰষ্ট আৰু নষ্ট মানুহৰ ভূস্বৰ্গ হৈ পৰিছে বুলি এটা গুৰুতৰ অভিযোগ উঠিছে৷ অভিযোগটো বহুলাংশে সঁচাও৷ শৰৎ সিংহ, গোলাপ বৰবৰা, মহেন্দ্ৰ মোহন চৌধুৰী, সোণেশ্বৰ বৰা, লক্ষ্যধৰ চৌধুৰী, খগেন বৰবৰুৱা… এনে টোকোনা(! ) ৰাজনীতিক আজিৰ ৰাজনীতিত অচল টকা হৈ পৰিছে৷ পঞ্চায়ত পৰ্যায়ৰ নেতাইও চৰকাৰী গাড়ীত উঠি পেঁ পেঁ বজোৱাৰ ঘটনা এই মুলূকত আজি তেনেই সুলভ৷ বোকা, বিষ্টা, পিতনি, পুতিদুৰ্গন্ধময় নৰক সদৃশ হৈ পৰিছে কমলাকুৱঁৰীৰ দেশৰ আজিৰ ৰাজনীতি৷ কৃষিমন্ত্ৰীয়ে হাল-কোৰলৈ পথাৰত হালবোৱাৰ দৃশ্য এতিয়া ৰূপালী পৰ্দাতো দেখা পোৱা নাযায়৷ এনে এক অন্ধকাৰ, ঘোপমৰা পৰিৱেশত ‘আমাৰ অসম’ৰ সমূহ পাঠকক এটা ৰাজনৈতিক সাধুকথা শুনাবলৈ লৈছো৷ ঘটনাটো সঁঁচা- কিন্তুু আমাৰ বাবে এইয়া যেন সাধুকথা৷ এইয়া যেন তাঁতশাল আৰু চিলনী জীয়েকৰ সাধুৰ দৰে অবাস্তৱ আৰু অকপ্লনীয়৷ আমাৰ ৰাজনীতিৰ সদাগৰ সকলে মাজে মাজে এনে সাধু আঁওৰাব জনাঁহেতন; এনে উদ্ভট কপ্লনা অৱশ্যে আমি আজি আৰু নকৰো৷
শিৱসাগৰৰ তিনিজন কবি এবাৰ ত্ৰিপুৰালৈ গৈছিল৷ ত্ৰিপুৰাত বামপন্থীৰ শাসন৷ বামপন্থী সকলৰো বহুতেই আজি নিজা ৰং, সুবাস হেৰুৱাইছে৷ তথাপি সংখ্যালঘু হ’লেও এচাম সমৰ্পিত, নিকা বামপন্থী ৰাজনীতিক আজিও আছে৷ আমি যেতিয়া কেৰেলাত আছিলো তেতিয়া কেৰেলাৰ মুখ্যমন্ত্ৰী আছিল ‘ই কে নয়নাৰ’৷ তেওঁ জমিদাৰ পৰিয়ালৰ ল’ৰা আছিল৷ ৰাজনীতিত সোমায়েই নিজৰ বহু পুৰা মাটি সৰ্বহাৰাৰ মাজত বিলাই দিলে তেওঁ৷ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ‘বুদ্ধদেৱ ভট্টাচাৰ্য’ৰ সহজ-সৰল, সাধাৰণ জীৱন যাপনৰ কাহিনী মাজে মাজে পাঁও৷ এই ক্ষেত্ৰত অসমৰ প্ৰবাদপুৰুষ ‘বিষু ৰাভা’ৰ নামো ল’ব পৰা যায়৷ এতিয়াৰ ৰাজনীতিকৰ ভিতৰ দ্ৰুপদ বৰগোঁহাই, ফনীভূষণ চৌধুৰীৰ দৰে দুই এজন ৰাজনীতিকৰ সৰল জীৱন আমিও প্ৰত্যক্ষ কৰিছো৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ‘মাণিক সৰকাৰ’ৰ কথাও অ’ত ত’ত পঢ়িছো৷ মাণিক সৰকাৰৰ পত্নীয়ে হেনো এতিয়াও চাকৰি কৰি দুয়োৰে দৰমহাৰে টানি-টুনি সংসাৰ চলাই আছে৷ খোজকাঢ়ি বজাৰ কৰি ফুৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ কথা বাদেই দিয়ক দ্বিতীয় শ্ৰেণীৰ নেতা পত্নীৰ দৃশ্যও অসম মুলুকত এক দুষ্পাপ্য দৃশ্যই হ’ল৷ এই মাণিক সৰকাৰ মন্ত্ৰীসভাৰ এসময়ৰ শিক্ষামন্ত্ৰী আৰু এতিয়াৰ সাংস্কৃতিক মন্ত্ৰী ‘অনিল সৰকাৰ’ৰ এক নিজা পৰিচয় আছে৷ মানুহজন কবি৷ ৰাজনীতি আৰু কবিতা- দুয়োটা তেওঁৰ নিচা৷ আজিৰ ৰাজনীতিকৰ দৰে সোণৰ কণী পৰা পেচা মুঠেইও নহয়! !
‘কবি সন্মিলন’ কৰি ঘূৰি ফুৰা কবি প্ৰেম গগৈদা ত্ৰিপুৰাত এবাৰ কবিতা শুনিবলৈ আৰু গাবলৈ গৈছিল৷ তাতেই প্ৰথম লগ পাইছিল মন্ত্ৰী কবি অনিল সৰকাৰক৷ ইমান সহজ-সৰল কবিও তেন্তে মন্ত্ৰী হ’ব পাৰে প্ৰতিবেশী ৰাজ্যখনত! কবিৰ মাজত ভাৱৰ আদান-প্ৰদানৰ সময়তে কবি মন্ত্ৰীৰ লগত অসমৰ কবিজনাৰ চিনাজনা হ’ল৷ ক্ৰমশঃ অন্তৰংগতা বাঢ়িল৷ সেই চিনাকিৰ আলমতে প্ৰেমদাকে ধৰি তিনি কবি এদিন ত্ৰিপুৰা পালেগৈ৷ গুৱাহাটীৰ পৰা অনিল সৰকাৰৰ লগত দুৰভাষৰ সংযোগ লগোৱা হ’ল৷ ধৰিলে মন্ত্ৰীয়ে নিজে৷ তেওঁ বাথৰুমত গা-ধুই নাইবা শুই থকা অন্ততঃ নাছিল আমাৰ মন্ত্ৰীৰ দৰে ফোনৰ সিপাৰত৷ সতীৰ্থ কবিৰ আগমনৰ বাতৰি পাই কবি মন্ত্ৰী উচ্ছ্বসিত হৈ পৰিল৷ নিজৰ ঘৰলৈ অহা বাট ফোনতেই অসমীয়া কবিকেইজনক বুজাই দিলে৷ আগৰতালা পাইয়েই আমাৰ কবিগণ সেই ঠিকনাত উপস্থিত হ’ল৷ আঁকোৱা-পকোঁৱা বাটৰ শেষত এটা বাঁহৰ চকোৱা দিয়া সৰু জুপুৰী৷ এই জুপুৰী এজন মন্ত্ৰীৰ ঘৰ! নাই কোনো নিৰাপত্তাৰক্ষী, নাই কোনো চাইৰেনৰ শব্দ, নাই জিক্‌মিক্‌ চিক্‌মিক্‌ অট্টালিকা৷ এটা সাধাৰণ টিনৰ ঘৰ৷ এই ঘৰতেই বাস কৰে আমাৰ প্ৰতিবেশী ৰাজ্যৰ এজন অতি প্ৰভাৱশালী মন্ত্ৰী৷ অসমৰ কোনো মন্ত্ৰীৰ ঘৰলৈ এজনো খিলঞ্জীয়া অসমীয়া এবাৰো এনেকৈ যাব পাৰেনে- প্ৰটো তেওঁলোকে নিজেই নিজকে সুধি ল’লে৷ অসমত মন্ত্ৰী মানেই এতিয়া দিল্লী, গুৱাহাটী, নিজা চহৰ ইত্যাদি ইত্যাদিত দহটামান অট্টালিকা, দহখনমান চাইৰেন বজাই কৰ্ণপটহ বিদীৰ্ণ কৰা গাড়ীৰ কনভয়, এ.কে. ৪৭ লোৱা একডজন চিপাহী, চন্তৰী, দুই হাতত দহটামান গ্ৰহৰত্ন, তোষামোদকাৰী, মধ্যভূগীৰ বাদে বেলেগে মানুহৰ প্ৰৱেশ নিষিদ্ধ- এনে এক শুকান পৰিৱেশৰ পৰা গৈ সেই পৰিৱেশ হজম কৰা কিমান যে কঠিন৷
মন্ত্ৰী কবি ‘অনিল সৰকাৰে’ অভ্যাগত কবিসকলক অথে বেথে নি ড্ৰয়িং কোঠাত বহালেগৈ৷ তেওঁৰ পিন্ধনত আছিল এটা হাতকটা গেঞ্জী আৰু এখন সাধাৰণ লুঙী৷ বন কৰা একমাত্ৰ ছোৱালীজনীয়ে চাহ তাহ যোগাৰ কৰিলে৷ কবিতা, জীৱন, সাহিত্য, মানুহৰ ওপৰত নাতিদীৰ্ঘ আলোচনা চলিল৷ অসমত কবি মন্ত্ৰীৰ কথা বাদেই দিয়ক হৃদয়ত অকণমান কবিতা বা গীত থকা মানুহ ৰাজনীতিত সোমাবই নোৱাৰে৷ জীৱনত ‘জীৱন’ নামমৰ গদ্যৰ প্ৰথম পাঠ নপঢ়া ৰাজনীতিকেই সমাজক পাঠশালাৰ মাষ্টৰৰ দৰে পাঠ পঢ়াই থাকে৷ বহুত দিন ধৰি ৰাজনীতিৰ বাদে আন কথা অন্তৰংগতাৰে পাতিব জনা ৰাজনীতিবিদৰ অভাৱ বৰকৈ অনুভৱ কৰিবলৈ লৈছো৷ কবি অনিল সৰকাৰো ব্যস্ত মানুহ৷ কবি তিনিজনৰ লগত পঞ্চাশ মিনিটমান কটোৱাৰ পাছত তেওঁৰ যাবৰ পাল পৰিল৷ বুলনি কোঠাত এটাই মাথোন চ’ফা৷ তাৰো জৰাজীৰ্ণ অৱস্থা৷ কেইখনমান টিনৰ চকী… চোফাটোত চাৰিজন নধৰে৷ মন্ত্ৰীয়ে ক’লে- আপোনালোক কবি, মোৰ আলহী৷ আপোনালোক চ’ফাত বহক৷ কাষত টিনৰ চকীত মই বহো৷ এজন ডেকা কবিয়ে নিদিলে৷ চাৰিওজনৰে এখন দুষ্পাপ্য ফট’গ্ৰাফ লৈ লোৱা হ’ল৷
সাংস্কৃতিক মন্ত্ৰী সৰকাৰ অসমীয়া সংস্কৃতিৰ এক সৰু-সুৰা ভক্তও৷ অসমৰ কবি সাহিত্যিকৰ লগত হৃদয়ৰ আদান-প্ৰদান কৰিবলৈ তেওঁৰ অকৃত্ৰিম আগ্ৰহ আছে৷ ‘এইবাৰ কিবা পাতিলে ময়ো যাম, বহুত দিন ভাল মানুহৰ লগত একেলগে ভিতৰৰ পৰা কথা পতা নাই৷ ….’ পদূলীমুখলৈকে তিনি কবিক কবি মন্ত্ৰীয়ে আগবঢ়াই থৈ গ’ল৷
… এইয়া ত্ৰিপুৰাৰ মন্ত্ৰীৰ কথা৷ সাংস্কৃতিক মন্ত্ৰীৰ সংস্কৃতিবান মন, হৃদয়ৰ বতৰা৷ শিক্ষামন্ত্ৰীয়ে নিজৰ সাধাৰণ জীৱন যাপনৰে আনক শিক্ষা দিয়াৰ কথা৷ অসমত এনে সুন্দৰ কপ্লনাও কেতিয়াবা কৰিব পাৰিনে? হৃদয় আৰু মগজুৰে, ভিতৰৰ পৰা অসমৰ মন্ত্ৰীয়ে কথা পাতেনে? অসমৰ কোনো মন্ত্ৰীয়ে বাঁহৰ চকোৱাৰে বেৰা ঘৰত আজিও বাস কৰেনে? অসমৰ মন্ত্ৰীৰ পোচাকবোৰত লাগি থকা আলকতৰা কোনোবাই দেখুৱাই দিলেও তেওঁ চাফা কৰেনে? সমাজৰ গণ্য-মান্য, শিক্ষিত, সংস্কৃতিবান মানুহৰ লগত অন্তৰংগতা গঢ়িবলৈ সময় ওলায়নে আজিৰ অসমৰ মদগবৰ্ী, অসংস্কৃতিবান, হিংসুক বেছিভাগ ৰাজনীতিকৰ৷ নোলায়- কি এক পৰিহাস!
অসমৰ এই দীন অৱস্থাৰ বাবে, অসমৰ এই ভয়াবহ দুনৰ্ীতি, কৰ্মহীনতা, ক্ষোভ-হিংসাৰ বাবে অসমীয়া ৰাজনীতিৰ এই স্খলনো জগৰীয়া৷ ধন-ক্ষমতা আহৰণ যেতিয়াই ৰাজনীতিকৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰে, আনৰ পিঠিত চুৰী ভৰোৱা যেতিয়াই ৰাজনীতিকৰ প্ৰধান নিচা হৈ পৰে; শুভ্ৰ কোমল বিছনা, শীত তাপ নিয়ন্ত্ৰিত গাড়ী-ঘৰ আৰু মাৰ্বল পাথৰেই যেতিয়া ৰাজনীতিকৰ প্ৰিয়তম সপোন হৈ পৰে- তেতিয়াই এখন দেশৰ সমাজ ‘ক্ৰমশঃ’ কবিতাৰ ‘কমলাকুঁৱৰী’ৰ দৰে ডুবিবলৈ ধৰে৷
এনে এক ৰাজনৈতিক নৰকৰ সমাজত ত্ৰিপুৰাৰ এই সঁচা গপ্ল অসমত যেন মাথোন এক সাধুকথা৷ তথাপি এই কাকতৰ অনুভৱী আৰু সচেতন পাঠকলৈ এই ৰাজনৈতিক সাধুকথাটো আগবঢ়াই দিলো৷ একে কত’ সাধুকথা আপুনিও চাগৈ ক’ব পাৰে৷ বৰ দুখৰে উপলব্ধি কৰিছো, ‘ক্ৰমশঃ’ কবিতাৰ দৰেই-
‘‘… কমলাকুঁৱৰী বুৰি গ’ল
কমলাকুঁৱৰী বুৰি গ’ল৷ আৰু
ইতিহাস জুৰি পৰি ৰ’ল মাথোন
শুকান হাড়ৰ
সিজু কাঁইটৰ দেশ
মৰা পৃথিৱীৰ দেশ৷ …..’’ কিম অধিকম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments