এটি অঘৰীৰ বুকুৰ কক্ষপথ(- ৰক্তিম গোস্বামী)

কেকটাচ জোপা উদং পিঠিত খুচ মাৰি লৈ তপত ৰ’দ সনা আলিটোৱেদি অনাই
বনাই পুণৰ বাট বুলিলে অঘৰীটোৱে। তাৰ ভৰিৰ চাপত নিজৰ মূখৰ প্রতিবিম্ব চাই চাই সংগোপনে তাৰ পিছ ল’লো।
প্রতি খোজতে গলি পৰা তাৰ অবয়বৰ টুকুৰাবোৰ এটা এটাকৈ বুটলি গলো।

তৰপে তৰপে জঁহি খঁহি পৰা আমাৰ ঘৰটো বাৰে বাৰে সামৰি লঁও মৰমৰে।
চাৰিওবেৰ আৱৰি ৰাখে বিশ্বাসৰ এজাক ৰণুৱা ঘোঁৰায়ে। নিসংগতাৰ কোনো
ষ্টপেজত জিৰণি নোলোৱা এজাক তেঁজাল সেউজীয়া ঘোঁৰা। তাৰ হৃদয়ত বাৰে বাৰে
খুন্দিয়াই থকা কোনো অঘৰীৰ কোলাহল টোপনি গৈছে কিছুদিনৰ পৰা।
মনে মনেনিশব্দতাৰ বতাহজাক ববলৈ দিয়া….
তাৰ বহুদিনীয়া অভিমানী ভাগৰবোৰক টোপনিত বিলীন হবলৈ দিয়া।
পশ্চিমৰ ডুব যোৱা এজাক চৰাই মাতৰ ৰাতিবোৰ সামৰি অঘৰীটোৱে তাৰ প্রেমৰ
দিনবোৰৰ কথা ভাবে। তাৰো কোনোবা প্রেয়সী আছিল। সিও কাৰোবাক ভাল
পাইছিল প্রাণভৰি, ঠিক তাক ভালপোৱাৰ দৰে কোনোবাই। সি আজিও প্রেমত
মগন কোনো ‘ভেলেণ্টাইন অঘৰী।
অগণন গ্রহ, নক্ষত্র ভৰা বুকুৰ সৌৰজগতখন কেতিয়াবা বুকু ফাটি ওলাই আহি
যেন পুণৰ দোহাৰিব বিচাৰে জগত সৃষ্টিৰ আদি কথা। এটা নতুন কক্ষপথৰে কোনো
আদিম অঘৰীৰ সেউজীয়া পাতৰ আঁৰৰ এটা নতুন সেউজীয়া জীৱন।
বহু দিন পাৰ হ’ল….
এটা মাছ হৈ পানীৰ কণিকাবোৰৰ লগত খেলি খেলি নীলাত বিলীন হ’ল অঘৰীটো….
লুঙলুঙীয়া পুৰণি বাটটোৰে তাৰ আদিম গুহালৈ মই বাট পোনালো…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments