এটি অনুভৱ

-কৌশিক বৰা
-ঐ ব’লা, চেন্টাৰলৈ যাঁও…
-যাব পাৰি, ওলোৱা তেন্তে…. মই আকৌ চাইকেলখনত পাম্প দিব লাগিব..
-অহ !! ভাল মনত পেলালা.. অথনি বত্তাৰ ঘৰলৈ যাওতে মোৰো চাইকেলৰ চেইন পৰিছিল..সেই আপদীয়াডাল তুলিবলৈ আছেই..
… -যি কৰা, সোনকালে কৰা, মই ১৫ মিনিটমান পিছত তোমালোকৰ পদূলিমুখত আহি বেল দিমহি..ওলাই আহিবা..
-অ’কে
….টিলিং টিলিং….১৫ মিনিটমান পিছত আমাৰ পদূলিমুখত বন্ধুৰ চাইকেলৰ বেল বাজি উঠে । পদূলিমুখত সি এনেকৈ চাইকেলত উঠি মোলৈ ৰৈ থাকে যেন সি তাৰ পালচাৰখনত বহিহে মোলৈ ৰৈ আছে । মই ততাতয়াকৈ চেইন তুলি ক’লা হৈ থকা মোৰ হাতখন ধুই ওলাই যাও চাইকেলখন লৈ । আবেলি এনেকৈ চাইকেল-ৰ পেদেল মাৰি বতাহ খাই খাই চেন্টাৰলৈ ওলাই যোৱাৰ আমেজেই সুকীয়া । তিনিআলিৰ চ’কটোতে আৰু দুটামান আমাৰ লগ লাগেহি । কোনোবাটোৰ চাইকেল নাথাকে, আমাৰে কোনোবা এটাই তাক ‘দবল’ (double)কৰি নিব লগা হয় । ‘দবল’ কৰি উঠোৱাৰ আগতেই চৰ্ত হৈ যায়…
-যাওতে বাৰু মই চলাম, আহোতে কিন্তু অলপো নচলাও
-আজি চলাচোন, মোৰ সাংঘাটিক ভৰিৰ বিষ অ’
-তেন্তে বেলেগৰ লগত উঠ
-হ’ব দে, আহোতে চলাম
এনেকৈয়ে সৰুসুৰা এখন চুক্তি হৈ যায় আৰু মনে বিচৰা প্ৰত্যুত্তৰ পালেও নাপালেও এটাই তাক উঠাই নিব লগা হয় । ৰাষ্টাৰ কাষে কাষে চাইকেলেৰে শাৰী পাতি কথাৰ মহলা মাৰি আমি চেন্টাৰত উপস্থিত হওঁগৈ..

উপৰোক্ত দৃশ্যপট বেছি দিনৰ আগৰ নহয় । কোনোবা ঠাইত এতিয়াও এনে দৃশ্য বিৰাজমান । কিন্তু মই বসবাস কৰা ঠাইত প্ৰায় তিনি চাৰি বছৰৰ আগতেই এনে দৃশ্যপট সলনি হ’ল.. সেই দিন হেৰাই গ’ল যেতিয়া চাইকেলখন আমাৰ অতিকে আপোন আছিল । কথাপ্ৰসংগত উল্লেখ কৰো যে ২০০২ চনত বহুত খাটনিৰ অন্তত যিদিনা দেউতাই মোক এখন চাইকেল আনি দিছিল, সেইদিনাৰ পৰাই মোৰ ৰাতিপুৱা শুই উঠি প্ৰথম কাম হৈ পৰিছিল চাইকেলখন ভালদৰে মচি-মেলি ঠিক ঠাক কৰি থোৱা । দেউতা বা খুড়াহতক নিজা বাইক খন ছাফা কৰা দেখা পাই ময়ো মো চাইকেল খনকে ছাফা কৰাত লাগি যাও.. বিশ্বকর্মা পুজাত প্রথম ধুপ জলে মোৰ চাইকেলর ওপৰত । হয়তো মোৰ ক্ষেত্রতে এনে নহয়, এনেকুৱা সময়ত হয়তো প্ৰায় ল’ৰাই মই কৰা কামখিনিকে কৰে । লাহে লাহে খুড়া-দেউতাহঁতৰ বাইক চলাবলৈ শিকিলো । এদিন অ’লৈ ত’লৈ বাইকখন লৈ যাব পৰা হ’লো । বাইক চলোৱাৰ এটা বেলেগ নিচা লাগিবলৈ আৰম্ভ হ’ল মনত । ফলশ্ৰুতিত এলাগী হৈ পৰিল এসময়ৰ মোৰ অতিকে আপোন চাইকেলখন.. লাহে লাহে মোৰ বন্ধুবিলাকৰো অৱস্থা একেই হ’ল । চাইকেল এৰি সকলোৱে বাইকত ধৰিলে । বাইক চলাবলৈ নোপোৱা কেইটাও লোকৰ বাইকৰ পিছতহে উঠি ঘুৰিবলৈ আৰম্ভ কৰিলে । মুঠতে যিমান পাৰে –
চাইকেল Bye Bye

মোৰ চাইকেলখন মইয়ে এলাগী হ’বলৈ দিলো । আচলতে এইয়া প্ৰগতিৰে আহ্বান । আগতে যেনিবা চাইকেলখন লৈ ওলাই গৈছিলো, এতিয়া ঘৰত থকা বাইকখন লৈ যাঁও । এইখিনিলৈকে সকলো ঠিকেই…. কিন্তু চেন্টাৰলৈ গৈ কিছুমান দৃশ্য দেখি মাথো ৰ লাগি চাই ৰঁও । স্কুলত পঢ়ি থকা অৱস্থাত যিকেইটা ভাইটিয়ে চাইকেলখন ভালকৈ চলাব নাজানিছিল, সেইকেইটা ল’ৰাই বাইক লৈ ঘুৰি ফুৰিছে । অৱশ্যে প্ৰগতিৰ ঢৌৱে সিহতকো চুইছে, সেইটো দিশৰ পৰা আজিৰ দিনত সিহতক দোষ দিব নোৱাৰি । কিন্তু ইটো সিটোক সোধোতে গম পাও যে ল’ৰাকেইটাৰ ভিতৰত বেছিভাগৰে সেইখন নিজা বাইক । আচৰিত হৈ যাও এনে কথা শুনি… এই ল’ৰাবোৰৰতো ১৮ বছৰৰ দেওনা পাৰেই হোৱা নাই । বাইক লাগে বুলি ঘৰত হুলস্থুল লগাই দিলত দেউতাকে মৰমতে হয়তো কিনি দিছে । ট্ৰেফিক পুলিছ বা কোনোবাই ধৰিব বুলিও সিহঁতে ভয় নাখায় কাৰণ সিহঁতৰ দেউতাক সমাজত যথেষ্ট প্ৰতিস্থিত লোক । গতিকে কোনোবাই যদি ধৰে, দেউতাকৰ নাম কৈ দিলেই হ’ল ।
….চেন্টাৰত বৰ্তমান খুব ল’ৰাকে দেখা পোৱা যায় চাইকেলৰ ওপৰত…. অথচ মই জানো, এনে সকলো ল’ৰাৰ ঘৰতে একোখনকৈ চাইকেল আছে… যিখন আজি কিছুদিনৰ আগলৈকে আছিল সুখ দুখৰ লগৰীৰ দৰে…. কিন্তু আজি হয়তো চালকৰ অভাৱত পৰি ৰৈছে ঘৰৰ এচুকত…… এলাগী হৈ….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments