এটি কবিতা – গিৰীশ চন্দ্ৰ শৰ্মা

ভৱা নাছিলো – নাছিল কল্পনাৰ কাৰেং
ৰজাঘৰৰ দোলাখন – মোৰ পদূলিত
উখল মাখল- ৰজাঘৰৰ বহল মজিয়াত ,
গীতাখনত হাত ৰাখি – শপত খালো
শুভ্ৰ টুপীটোৰ আৰৰ – মস্তিষ্কটোক
অসত্যৰ বাটে নেমেলো
দোলাখনত বহি পাহৰি গ’লো
মোৰ ভৰিৰ তলুৱাতো এমুঠি মাটি আছে
ভাৱিবলৈ ল’লো
দোলাখন যেন মোৰ – নিগাজী পাম
সূৰ্য্য স্নানত কৃষ্ণাংগ দোলাভাৰীৰ
টেঙা ঘামৰ গোন্ধ – বন্দী
মোৰ বিলাতী সুগন্ধিৰ শিকলিত
মই যেন এটা পূৰ্ণ প্ৰস্ফুটিত নীলকমল
এবুকু পানীত৷

ভৱা নাই ক্ষন্তেকৰ বাবেও
ডাৱৰহীন শৰতৰ আকাশখন
গীতাখনত হাত থৈ কোৱা শব্দবোৰ
পাহৰনিৰ গৰ্ভত
ৰাইজৰ পদূলিত মোৰ দোলা,
স্বৰ্গদেও!
দোলাখনৰ চৌদিশে এজাক মানুহ
কামিহাড়বোৰ বেঁকা -চকুবোৰত হেজাৰ প্ৰশ্ন
বাকৰুদ্ধ দোলাভাৰীয়ে ক’লে
লাখুটিত ভৰ দি – তিনিমূৰীয়া আইতাজনীৰ শোতোৰা চকুৰ দুৰ্বল দৃষ্টিয়ে ক’লে,
বোপাই ! সিহত বধিৰ, বাকৰুদ্ধ ,
ভয়াৰ্ত -নৈখনৰ আপোচহীন গতিত
মই ৰিক্ত তোমাক দিবলৈ
নৈৰ বুকুতে মোৰ মৰমবোৰ
থাপনাৰ গীতাখনেই লৈ আহিলো
তোমালৈ
ভৰষাহীন- ৰজাঘৰৰ গীতাখন
কবলৈ দিয়া শব্দবোৰ
হৃদয়ঙ্গম কৰি
গীতাখনত হাত ৰাখিবা।
থৰক বৰক লাখুটিডাল বিলীন জনসমুদ্ৰত
দোলাখন আৰু মই – দোলাভাৰীও নাই
ঠিকেই- গীতাখনত শপত খাই
কোৱা শব্দবোৰটো মই কোৱা নাছিলো
মোক ক’বলৈ দিছিল
শব্দবোৰ হৃদয়ঙ্গম নকৰাকৈয়ে
ওঠ দুটাই বাট বুলিছিল।
চকুহালৰ বিচৰণ জনসমুদ্ৰত
থৰকবৰক লাখুটিডাল বিচাৰি।
গীতাখন কাষৰতে
চুবলৈ সাহস হোৱা নাই
ৰজাঘৰৰ গীতাখন – শব্দবোৰ যেন এক পৰম্পৰা
মাথোঁ মই এটা পূৰ্ণ প্ৰস্ফুটিত
নীলকমল
বেদনাভৰা কামিহাড়বোৰৰ মাজত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক