-এটি গল্পৰ আৰম্ভণি- (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

চিটিবাছ ষ্ট’পটোৰ পৰা অলপ আগুৱাই বাওঁফালে সোমাই যোৱা সৰু গলিটোৰ চুকটোতে সৰু পাণদোকানখন। মূঢ়া এটাৰ ওপৰত বহে দোকানীজন। টেবুলখনৰ ওপৰতে এটি বাকচ। তাতে পাণ-চিগাৰেট আদিবোৰ ৰাখে। বাকচটোৰ সন্মুখটো আইনা লগোৱা। তাত চূণেৰে একা-বেঁকা আখৰেৰে লিখা আছে-‘ইয়াত পাণ পাব’। আইনাখনৰ ভিতৰৰ ফালে এখন ৰঙা কাপোৰ। কাপোৰখনে আখৰবোৰ ভালদৰে পঢ়িবলৈ সুবিধা কৰি দিছে। ‘ইয়াত পাণ পাব’বোৰে মোক গাঁৱৰ মথাউৰিৰ পাৰৰ নৰহৰি হালৈৰ সৰু চাহ-দোকানখনৰ সন্মুখৰ তৰ্জাৰ বেৰত ‘চিকেন-ৰুটি পাব’ লিখি থোৱা কাগজ টুকুৰালৈ মনত পেলাই দিয়ে, যেনেকৈ মনত পেলায় গাঁৱৰ স্কুলখনৰ কাষতে থকা কাপোৰৰ দোকানখনৰ ভিতৰত ওলোমাই ৰখা ‘ইয়াত পাটৰ কাপোৰো পাব’লৈ। পাণদোকানখন চিনাকি, দোকানীজনো চিনাকি…আখৰকেইটাও মোৰ চিনাকি।
দোকানখনৰ পিছফালে সৰু হোটেলখন। বাতৰি-কাগজেৰে ঢাকি ৰখা পৰঠা-চিঙৰা থৈ দিয়া ডাঙৰ খৰাহীটো মোৰ চিনাকি। প্ৰথমতে গজা, তাৰপাছত লং, কাষতে ৰসগোল্লা…মিঠাই থোৱা প্লেটৰ শাৰীটোও চিনাকি। হোটেলখনৰ আগে-পিছে দৌৰি থকা ফাপৰে খোৱা ঢেকুৰা দুটাও চিনাকি। যোৱা দহবছৰে হোটেলখনত এনেকুৱা কুকুৰ কেইটামান দেখিয়েই থাকোঁ। সময়ে সময়ে কোনোবাটো নোহোৱা হয়। আকৌ নতুন এটা আহে। তথাপিও সিহঁত কেইটাৰ চাৱনি, চাল-চলন মোৰ যেন চিনাকি। ৰৈ যোৱা পৰঠাৰ অৱশিষ্ট এটুকুৰা বা ক্ৰীম ৰোলটো খাই থাকোতে হঠাতে ক্ৰীম নথকা অংশটিৰ আৰম্ভণিয়ে আনি দিয়া অসন্তুষ্টিত বহু গ্ৰাহকে দলিয়াই দিয়া ক্ৰীমৰোলটোৰ শেষ অংশখিনিৰ আশাত সিহঁতে জিভা উলিয়াই ৰৈ থাকে। মাজে মাজে মালিকজন বা কাম কৰি থকা ল’ৰাটোৱে দুই-এটা চিঞৰ মাৰি কুকুৰকেইটাক খেদিবলৈ চেষ্টা কৰে। সেই চিঞৰ কেইটাও মোৰ বহুদিনৰ চিনাকি।
অলপ আগুৱাই গ’লে ৰাস্তাতে দুখন চাইন-বোৰ্ড ঠিয় কৰাই থোৱা দেখিবলৈ পোৱা যায়। প্ৰথমখন ফাৰ্মাচী এখনৰ। বোৰ্ডখনত ডাক্তৰ এজনৰ নাম লিখি থোৱা আছে, দাঁতৰ ডাক্তৰ। আৰু তলতে তেওঁ ফাৰ্মাচীখনত ৰোগী চোৱাৰ সময়কেইটা। ওপৰতে দাঁত এটিৰ ছবিও আঁকি থোৱা আছে। চিনাকি ছবি। ৰাস্তাৰ ধুলি, গাড়ী-মটৰৰ ধোঁৱাই ক্ৰমাৎ হালধীয়া বৰণৰ কৰি তুলিছে দাঁতৰ ৰঙটো।
আনখন বোৰ্ড ষ্টেচনাৰী দোকানখনৰ। তাত কি কি পোৱা যায় তাৰে সৰু তালিকা এখন লিখি থোৱা আছে। আগতে ওপৰতে লিখা অাছিল পি.চিঅ’ বুলি। এতিয়া পিচিঅ’টো বন্ধ হ’ল। টেলিফোন বুথটোও সন্মুখৰ বাৰাণ্ডাখনৰপৰা নোহোৱা হৈ গ’ল। সেই বুথটোও মোৰ চিনাকি আছিল। বহুবাৰ বহুকেইজনলৈ ইয়াৰ পৰাই ফোন কৰিছিলোঁ। প্ৰায় দহ-বাৰবছৰ আগতে সন্ধিয়া ইয়াতে মানুহৰ দীঘলীয়া শাৰী দেখিছিলোঁ। বেছিভাগ ওচৰৰে ফেক্ট’ৰিটোত কাম কৰা বনুৱাসকল। কাগজ এটুকুৰাত দূৰণিত থকা নিজৰ আত্মীয়সকলৰ ফোন নম্বৰবোৰ লিখি আনি দোকানৰ ল’ৰাজনক দিছিল। সেইসময়ত ল’ৰাজনৰ ব্যস্ততা বাঢ়িছিল। ফোন নম্বৰ ডায়েল কৰি ইংগিতেৰে বুথটোৰ ভিতৰত বহি ৰোৱা কেইজনক ৰিচিভাৰটো উঠাই কথা আৰম্ভ কৰিবলৈ কৈছিল। আৰম্ভ হৈছিল কথা-বাৰ্তা। সময় বাগৰিছিল। ছেকেণ্ডত বাঢ়িছিল কথা কোৱা-শুনাৰ দাম। এতিয়া বাহিৰৰ বোৰ্ডখনত পিচিঅ’ লিখা থকা ঠাইখিনিত বগা কাগজ এখন মাৰি তাত জেৰক্স লিখি থৈছে। হয়তো দোকানখনত নতুনকৈ জেৰক্স মেচিন বহুৱাইছে। কোনোবাই নখেৰে চিকুটি চিকুটি কাগজ টুকুৰা আঁতৰাবলৈ চেষ্টা কৰিছিল কিজানি। সেই কাগজৰ ফাঁকে-ফাঁকে দেখিবলৈ পোৱা গৈছে পিচিঅ’ৰ অৱস্থিতি। এসময়ৰ অতি আপোন পিচিঅ’ আজি ধীৰে ধীৰে অচিনাকি হৈ গ’ল। কেতিয়াবা বুকুৰ আপোন কোনোবাও সময়ৰ আঁচোৰ খাই অচিনাকি হৈ আহে এনেকৈয়ে….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments