এটি তাও কথা – অসীম শইকীয়া

চীনৰ এজন ৰজাই ৰাজত্বৰ শেষ সময়ত অন্তিমবাৰৰ বাবে এখন কুকুৰাৰ যুঁজ আয়োজন কৰাৰ কথা ভাবিলে। এই প্ৰতিযোগিতাত ৰজাৰ হৈয়ো যুঁজ কৰিবলৈ এটা মতা হিষ্ট-

পুষ্ট কুকুৰা বাছনি কৰা হ’ল।

কুকুৰাটো বাছনি হৈ গ’ল যদিও ৰজাৰ চিন্তা হ’ল যে কিজানি কুকুৰাটো প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডতে পৰাজিত হয়, তেতিয়া তেওঁৰ সন্মান সকলো যাব। গতিকে ৰজাই

তাওবাদী প্ৰভাৱশালী সমৰকলাৰ এখন স্কুলত কুকুৰাটো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে।

স্কুলখনৰ মূল প্ৰশিক্ষকজন এজন বিখ্যাত সমৰকলাবিদ আছিল। তেওঁৰ লগত যুদ্ধ কৰি কোনো জিকিব পৰা নাছিল, হৰুৱাটো দূৰৰ কথা, তেওঁৰ লগত যুদ্ধত হৰাটোৱো

প্ৰতিপক্ষই পৰম গৌৰৱৰ কথা বুলিহে ভাবিছিল। তেওঁৰ লগত যুদ্ধত হাৰি প্ৰতিপক্ষ প্ৰসন্ন হৈহে উলটি যায়।

ৰজাই কুকুৰাটোক প্ৰশিক্ষণ লবলৈ সমৰকলাবিদজনৰ ওচৰলৈ পঠিয়ালে।

এমাহৰ পাছত ৰজাই দূত পঠিয়াই সুধিলে কুকুৰাটো যুঁজৰ বাবে তৈয়াৰ হ’লনে। প্ৰশিক্ষকজনে জনালে যে এতিয়াও কুকুৰাটো যুঁজৰ বাবে তৈয়াৰ নাই হোৱা আৰু লগতে

জনালে যে সি এতিয়াও আন কুকুৰা দেখিলে হুংকাৰ দিয়ে, মূৰ তুলি ডাঙৰ শব্দ কৰি তালফাল লগাই থাকে।

ৰজাই ভাবিলে এইটো কি কথা, ভালহে, প্ৰতিপক্ষক দেখি হুংকাৰ দিয়ে কুকুৰাটোৱে। সি বিশ্বাসী যে যুঁজত প্ৰতিপক্ষক হৰুৱাব পাৰিব। ৰজাই ভাবিলে মূৰ তুলিয়েই প্ৰতিপক্ষক

হৰুৱাব পৰা যায়, এইয়াটো যুঁজৰ বাবে ভাল লক্ষণ।

এমাহৰ পাছত ৰজাই কুকুৰাটো তৈয়াৰ হ’লনে আকৌ জানিব বিচাৰিলে। সমৰকলাবিদজনে জনালে যে , নাই এতিয়াও তৈয়াৰ হোৱা নাই, আগৰ হুংকাৰ দিয়া স্বভাৱবোৰ

গ’ল বাৰু, পিছে এতিয়া আন কুকুৰা দেখিলে ব্যথিত হৈ পৰে আস্বস্ত হব নোৱাৰে, ভিতৰি ভিতৰি এক উত্তেজনা অনুভৱ কৰে।

আকৌ এমাহৰ পাছত সমৰকলাবিদজনে ৰজাক জনালে এতিয়া কুকুৰাটো যুঁজৰ বাবে তৈয়াৰ হৈছে। এতিয়া সি এনেকৈ থাকে আন কুকুৰা ওচৰলৈ আহিলেও সি একো

নকৰে। মাত্ৰ নিজৰ ঠাইত থিয় হৈ থাকে। ঠিক যেন কোনো তেওঁৰ ওচৰলৈ অহাই নাই। কোনো যেন তাৰ ওচৰৰ পৰা আঁতৰিও যোৱা নাই।

ৰজাই জানিব বিচাৰিলে ,এইখিনি বাৰু ঠিক আছে, পিছে ই যুঁজত জিকিব কেনেকৈ?

সমৰকলাবিদজনে ক’লে- আপুনি ইয়াৰ বাবে চিন্তা নকৰিব,এতিয়া হৰাৰ কোনো সম্ভাৱনা নাই। খেলপথাৰত ইয়াক দেখামাত্ৰকেই আন সকলো প্ৰতিযোগী পলাই প্ৰত্ৰং দিব ,

যুঁজৰ আৱশ্যকেই নহয়। খেলপথাৰত ইয়াৰ উপস্থিতিয়েই যথেষ্ট।

যেতিয়া প্ৰতিযোগিতা আৰম্ভ হ’ল তেতিয়া আনবোৰ কুকুৰাই তালৈ মূৰ দাঙি চালে, সি শান্ত হৈ থাকিল, একো শব্দ নকৰিলে, কাৰণ সি জানে হুংকাৰ দিয়া মানে নিজৰ ভয়ক

ঢাকি ৰখা, বাহিৰত হুংকাৰ ভিতৰি কিন্তু ভয়। সি এনেকৈ খেলপথাৰত ঠিয় হৈ থাকিল যে সি যেন কাকো দেখা নাই।শিলৰ মূৰ্তিৰ দৰেই ঠিয় হৈ থাকিল। বাকী কুকুৰাবোৰ

তাৰ থমক দেখি অতি ভয় খালে। সিহঁতে ভাবিলে নাই কোনো যুঁজৰ আহ্বান, নাই কাৰোলৈকে তাৰ ভ্ৰুক্ষেপ। কোনো কুকুৰা তাৰ লগত যুঁজ কৰিবলৈ নাহিল। শেষত ৰজাৰ

মুৰ্গীটোকে বিজয়ী ঘোষণা কৰা হ’ল।

তাওবাদৰ মতে যুদ্ধৰ মূল পৰিভাষা হ’ল- যি আচল আক্ৰমণকাৰী ,যোদ্ধা, সি কেতিয়াও ক্ৰোধ নকৰে, প্ৰতিক্ৰিয়া নকৰে প্ৰতিপক্ষ দেখি। ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক