এটি নতুন সংগঠনৰ প্ৰস্তুতি (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

এটি নতুন সংগঠনৰ প্ৰস্তুতি


‘কথা এটা ভাবিছোঁ ও অনুপ, এটি নতুন সংগঠনৰ সৃষ্টি কৰো দে আমি কেইজনে মিলি। বি.এ পাছ কৰাৰ দহবছৰেই হ’বৰ হ’ল, একো এটা নহ’ল…’
‘কি? সংগঠন?? হাজাৰটা সংগঠন আছে এই অসমত। আকৌ এটা? আমি উলিয়াম?’ কথা কওঁতে অনুপৰ মুখৰপৰা মিঠা পাণখনৰ পিকবোৰ ব’ডি স্প্ৰে’ৰ দৰে ওলাইছে।
‘বেলেগ সংগঠনত সাধাৰণ সদস্য হৈ থাকি একো লাভ নাই। বহুত ভাবি-গুণি মই ঠিৰাং কৰিছো। মই সভাপতি, তই সম্পাদক।’
‘কিন্তু আমি কৰিম কি? তইতো ভাই যোৱাবছৰ চৰকাৰী চাকৰিও পাইছিলি, নকৰি গুচি আহিলি..’
‘আৰে ভাবিছিলো চৰকাৰী চাকৰি, বাৰটামানত যাম অ’ফিচলৈ ঘৰতে ভাত-পানী খাই। দুটামান ফাইলত চহী কৰি দুইমান বজাত ঘূৰি আহিম। নাই ও, তাত গৈ দেখিলোঁ কমেও চাৰিঘন্টামানতো কাম কৰিবই লাগে। নোৱাৰিলোঁ বুজিচ, গুচি আহিলো।’
‘বাৰু আমাৰ সংগঠনৰ কাম কেনেকুৱা হ’ব? কিবা দাবী-চাবী?’
‘চা, প্ৰথমতে দুটামান ভাল ৰাজহুৱা কাম কৰি সংগঠনটোৰ নাম ৰাইজৰ মুখলৈ-চকুলৈ আনিব লাগিব। তাৰ পিছত দেখা যাব। অসমীয়া মানুহ ছেন্টিমেন্টেল-ইম’শ্যনেল, এবাৰ মনৰ ভিতৰত ঠাই দিলে আমাৰ বিপক্ষে এশটা বেয়া শুনিলেও বিশ্বাস নকৰিব’।
‘কিন্তু ভাল কাম কি নো কৰিবি? আমাৰ বা লাভেই কি হ’ব?’
‘লাভ লগে লগে বিচাৰিলেই নহ’ব। প্ৰথম বছৰ আমাৰ কষ্ট-শ্ৰম ইনভেষ্ট কৰিব লাগিব বুলি ভাবি ল, লাহে লাহে সীমাহীন লাভ আহি থাকিব। ভাল কাম বহুত আছে। যেনে ধৰ, আমাৰ টাউনৰ সেই বৰলুইত ল’জখনত ফাকুৱা, থাৰ্টি ফাৰ্ষ্ট ডিচেম্বৰ আদি দিনত ডাঙৰ নাচ-গানৰ প্ৰ’গ্ৰেম চলে মাজৰাতিলৈ। লাখ-লাখ টকাৰ ব্যৱসায়। প্ৰথমতে আমাৰ সংগঠনৰপৰা সেইটো নিষিদ্ধ ঘোষণা কৰিম। ভেলেন্টাইন ডে’ৰ দিনা গাৰ্লছ কলেজৰ সন্মুখৰ আৰ্চিছ গেলাৰীত হাজাৰ-হাজাৰ টকাৰ কাৰ্ড-গিফ্ট বিক্ৰী হয়। পশ্চিমীয়া সংস্কৃতি – আমি বাধা দিমেই। অসমৰ ৰাইজেও ভাল পাব।’
‘পিছে বাধা দিলোৱেই বাৰু, আমাৰ কি লাভ…?’
‘তই একেবাৰে হেবাং হৈয়েই থাকিলি। চা, আমি সেই লজৰ সন্মুখত ধৰ্ণা দিম। চেনেলৰ মানুহ আহিব। খবৰ ডাঙৰ হ’ব। পুলিচ আহিব। আমাৰ সংগঠনৰ ভাল নাম এটা হ’ব। ল’ৰা-ছোৱালীবোৰে ৰুমাল-দোপাট্টাৰে মুখ ঢাকি ওলাই আহিব দৌৰি দৌৰি। তাৰ পিছত দুবাৰমান সেই লজটোৱে আৰু একো নাপাতে। আমাৰ লগত বুজাবুজি কৰিব। …বচ, আমি আৰু একো নকৰোঁ। দেখিবি সিহঁতৰপৰা সময়ে সময়ে লাভৰ পাৰ্চেন্টেজ এটা এনেয়ে আহি থাকিব।…বুজিলি?’
‘বুজিলোঁ। পিছে আমাৰ কিবা এটা লক্ষ্য-দাবীতো থাকিব লাগিব ভাই।’
‘সংগঠন এটা চলাই নিওতে আমি চৰকাৰৰ কাৰণে এনেকুৱা দাবী কিছুমান বাচি ল’ম, যিবোৰ কেতিয়াও পূৰণ নহয়। দাবী যদি মানিয়েই লয়, আমাৰ কাম দেখোন তাতেই শেষ। তই মাত্ৰ এতিয়া এশ-দুশ ল’ৰা গোটোৱাৰ চেষ্টা কৰ’।
‘আছে আছে, আমি এই চাৰিআলিত আড্ডা দিও কাৰণে বহুত নতুন নতুন ল’ৰাই টাউনৰ সৰু গলিবোৰতে বহে। বেছিভাগ এবছৰ-দুবছৰ আগতে বি.এ, এম.এ পাছ কৰা। সিহঁতক আনিব লাগিব। আৰু আমি দেখোন বিছজনমান আছোঁৱেই।’
‘হ’ব। সিহঁতক মাত্ৰ ভালকৈ ব্ৰেইন ৱাছ দি ল’ব লাগিব যাতে ভাবে – ‘তেজ দিম, সংগঠনৰ কাৰণে সকলো কৰিম’। আৰু সিহঁতৰ উন্নতি এধানিও নোহোৱাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব প্ৰতি মুহূৰ্ততে। বেলেগ সন্থাবোৰেই চা- সভাপতি,সম্পাদক স্ক’ৰপিঅ’ত ঘূৰে কিন্তু সাধাৰণ সদস্যৰ বিড়ি এটা কিনিবলৈও পইচা নাথাকে।’
‘কিন্তু ‘বন্ধ’ বোলে বন্ধ কৰিছে! আমি বন্ধ-চন্ধ নিদিমেই নেকি? বন্ধ দিলেহে সংগঠন ফে’মাচ হয়।’
‘আমি মাজে মাজে কিবা দাবী এটা লৈ পথ অৱৰোধ কৰিম। সেইটোও এটা বন্ধই দেচোন। বিহাৰী-পাঞ্জাৱী ড্ৰাইভাৰ দুটামানক অসমীয়া ক’ব নোৱাৰাৰ কাৰণে লপা-থপা দিম। বেছি কিবা ক’লে গাড়ী জ্বলাম। সন্থা-সমিতিয়ে গাড়ী জ্বলালে পুলিচেও একো নকৰে, বুজিছ?’
‘হুহ, যোৱাবাৰ চেন্নাই যাওতে তামিল এজনে তামিলৰ বাহিৰে বেলেগ ভাষা নাজানো বুলি কওতে দেখোন তয়েই চিঞৰিছিলি, অসমত থাকিলেই ট্ৰাক ড্ৰাইভাৰে অসমীয়া নোৱাৰিলে মাৰিবি? দুইফালে কিয় কৱ বাৰু?’
‘আৰে সেয়া ব্যক্তিগত কথা, সংগঠনৰ স্বাৰ্থত সেইবোৰ এৰিব লাগিব দেচোন, হে: হে:। মোৰ আৰু বহুত প্লেন আছে, তই মাত্ৰ মোৰ লগত থাকিবি ছাঁৰ দৰে। ক’ৰপৰা ক’ত যাও চাই থাকিবি। এতিয়া সপোন দেখি থাক।’
‘আহ..দেখিছো। ভাল লাগি গৈছে গা-মন।’
‘কিছুবছৰ পিছত কিজানিবা আমিও দিল্লীলৈ যাব পাৰো কেন্দ্ৰৰ লগত আলোচনাৰ কাৰণে। আলোচনাৰ দুদিন আগে-পিছে আমাৰ নাম টিভিৰ নিউজবোৰত! দিল্লীৰ বিলাসী হোটেলত আমাক ৰাখিব। অসমৰ ৰাইজে আশাৰে বাট চাব -কি হয়, কি নহয় শুনিবলৈ। আলোচনা কিবা হওক-নহওক, আমি মুখ ফুলাই টিভিত ওলাম। আকৌ এলানি আলোচনাৰ বাবে বাট মুকলি কৰি ৰাখিম…’
‘তাৰ পিছত…?’
‘তাৰ পিছত কি? দুদিন পিছত সকলো পাহৰিব। পিছত হঠাত কিবা মন গ’লে এগেইন আলোচনা কৰিম বুলি চিঞৰ-বাখৰ লগাম। আলোচনাৰ প্ৰক্ৰিয়াটোৰ কিবা সমাধান ওলালে দেখোন আমাৰেই বিপদ…’।
‘তই ইমান স্মাৰ্ট! পিছে আমাৰ সংগঠনটোৰ নাম কি দিবি?’
‘ভাবিয়েই থৈছোঁ অলৰে’ডি। চা, আমি এই চাৰিআলিবোৰত থিয় হৈ আড্ডা নিদিও জানো? গতিকে ‘অল চাৰিআলি ষ্টেণ্ডিং ইউনিয়ন’ মানে চুটিকৈ ‘আকচু’।
‘ঠিকেই আছে, পিছে অসমীয়াত নামটোহে কিবা ঠিক নহ’ব নেকি?’
‘অসমীয়াত নাম কেইটাই কয়? অসমীয়া চেনেলতো বিজেপি, এজিপি বুলি ক’লেহে আমিবোৰে বুজোঁ। হিন্দী চেনেলত কিন্তু ‘ভাজপা’ বুলি ঠিকেই কয়। গতিকে আমাৰ ‘আকচু’ নামটো বিৰাট হিট হ’ব।’
‘নামটোৱেই নে সংগঠনটোৱেই হ’ব ছুপাৰহিট!!’
হাঁহি হাঁহি অনুপে পান এখন খাবলৈ গ’ল। মোৰ চকুত ভাঁহি আহিল অজস্ৰ যুৱক-যুৱতী, আবাল-বৃদ্ধ-বনিতাৰ এখনি ছবি। সিহঁতৰ পিঠিত উঠি মই লাহে লাহে এখন স্বপ্ননগৰীত প্ৰৱেশ কৰিলোঁ।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments