এটি প্ৰশ্নবোধক কবিতা – জুপিতৰা সৃজনী

 

গধূলি এটা মেৰিয়াই
গছপাতবোৰে কি সাধু ৰচে
বতাহে জানেনে?
জানিলেও মোক নকয়৷

মোৰ স’তে মই কি কথা পাতোঁ
মই বতাহক নকওঁ..

টেঙেচীপাতত শোক লুকুৱাই
আইয়ে দুপৰীয়া দাইল ৰান্ধে

আইকো সোধা নহ’ল
তিতা খৰিৰ ধোঁৱাই আছিলনে তেওঁৰ চকুপানীৰ কাৰণ!

থমথমকৈ বহি থকা শিলবোৰেও সোধেনে নৈক
ক’লৈ যাবি বৈ!

নক্ষত্ৰই এন্ধাৰক সোধে জানো
অথবা
ভোকে পেটক?

চলি থাকে পৃথিৱী
বাহিৰে আৰু ভিতৰে

ভিতৰৰ পৃথিৱীয়ে
বাহিৰৰ পৃথিৱীক হয়তো নুবুজাকৈয়ে
জীৱনক এন্ধাৰ -পোহৰ কৰে…

উশাহক সোধেনে মৃত্যুৱে
জীৱনৰ লগ এৰিবলে?

জুপিতৰা সৃজনী
স্নাতকোত্তৰ শিক্ষয়িত্ৰী(ৰাজনীতি বিজ্ঞান) বিবেকানন্দ বিদ্যালয়, ডিগবৈ
পিন নম্বৰঃ৭৮৬১৭১
ভ্ৰাম্যভাষঃ৭০০২২১৩৩৮৪

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments