“এটি সপোনৰ কথাৰে…”- মৌচুমী বৰি

 

এজাক চিপচিপীয়া বৰষুণত তিতি তিতি আলফুলে গেটখুলি ঘৰটোলৈ আগবাঢ়ি গ’ল৷ বাৰাণ্ডাত থকা কলিং বেলত হাত দিলে৷ অলপ সময়ৰ পিছতে আলফুলৰ বয়সৰে ছোৱালী এজনী দুৱাৰ খুলি ওলাই আহিল৷ আলফুলক দেখাৰ লগে লগে তাইৰ ভ্ৰু কোঁচ খালে আৰু পৰম বিৰক্তিৰে আলফুললৈ চালে আৰু ফুঁ ফুঁৱাই ভিতৰলৈ সোমাই গ’ল৷
“ধাৰাম” – দুৱাৰখন বন্ধ হৈ গ’ল
–“হিয়াচাকি শুনাচোন” –আকুল ভাৱে আলফুলে কৈ উঠিল আৰু হঠাতে সাৰপাই গ’ল তাই৷
আলফুলে প্ৰায়ে এই সপোনটো দেখে আৰু সাৰপাই যায়৷
ঃআলফুল উঠা, অফিচ দেৰি হ’ব
বৌয়েকৰ মাতত আলফুল লৰালৰিকৈ বিছনাৰ পৰা উঠি আহিল৷
অফিচলৈ যাওঁতে আলফুলে ভাবি গ’ল – মনৰ অৱচেতনত হিয়াচাকি এতিয়াও হেৰাই যোৱা নাই৷ সপোনটোৱে বাৰে বাৰে তাইক তাকেই সোঁৱৰাই দিয়ে৷ হিয়াচাকি তুমি য’তে থাকা ভালে থাকা৷ মই তোমাৰ ওচৰলৈ পুনৰ যাম, তুমি দুৱাৰ খুলি মোক আদৰি নিবা….

০০০০০০০০
ঃগোস্বামী দা, টকা পাঁচশ দিয়ক৷ প্ৰবীৰ চেতিয়াৰ বিদায় সভাৰ বাবে তুলা হৈছে৷ তেওঁ অহা সোমবাৰে চাকৰি জীৱনৰ পৰা অৱসৰ ল’ব নহয়!
ঃনাই হে বৰা৷ সকলোৰে বিদায় সভাৰ বাবে টকা দিলেও মই এই প্ৰবীৰ চেতিয়াৰ বিদায় সভাত এক পইচাও নিদিওঁ৷ মোক তেওঁ এসময়ত যিবোৰ কথা শুনাই থৈছে সেইবোৰ মই পাহৰিম? মৰিলেও লগত লৈ যাম বুজিছে৷ —গোস্বামীয়ে ক’লে৷ কৈ থাকোঁতে তেওঁৰ মুখখন কঠিন হৈ পৰিছিল৷
ঃঅফিচৰ নিয়ম বুলিহে আপোনাক কথাটো ক’লো৷ পিছে দিয়া নিদিয়াটো আপোনাৰ কথা দিয়ক৷ —ৰমেন বৰাই কৈ উঠিল৷
ঃনাই, মই মানুহটো অলপ বেলেগ৷ —অহংকাৰ সুৰত গোস্বামীয়ে পুনৰ কৈ উঠিল৷
ঃআচ্ছা গোস্বামী দা, আপুনি এই ফাইলটো হাতত লওক আৰু হাতখন দহমিনিট ওপৰলৈ উঠাই থওক৷ তাৰপিছত কেনে লাগিল মোক কব৷ – আলফুলে গোস্বামী দাক ক’লে৷
ঃহ’ব আলফুল, মোক জীৱনৰ শিক্ষা দিবলৈ চেষ্টা নকৰিবা৷ মই তোমাতকৈ পচিঁশ বছৰৰ ডাঙৰ মানে পচিঁশ বছৰীয়া অভিজ্ঞতা মোৰ তোমাতকৈ বেছি আছে৷ –এইবুলি কৈ সাউতকৈ গোস্বামী আলফুলহঁতৰ কোঠাৰ পৰা ওলাই গ’ল৷ আলফুলৰ এনে লাগিল হিয়াচাকিয়েহে যেন ধাৰাম কৈ দুৱাৰখন পুনৰ বন্ধ কৰি দিলে৷
ঃআলফুল, গোস্বামী দাৰ এক্সপেৰিমেণ্টটো মোকে বুজাই দিয়া – ৰমেন বৰাই হাঁহি হাঁহি ক’লে
ঃবৰা দা, ফাইলটো লৈ আপুনি যিমানে হাতখন ওপৰলৈ উঠাই থব আপোনাৰ হাতখনৰ ভাৰ বাঢ়ি যাব ঠিক তেনেকৈ আমি যদি কিছুমান সমস্যা মনৰ ভিতৰত সাঁচি ৰাখো তেতিয়াও আমাৰ মনটো মুকলি নহ’ব আৰু মন গধুৰ হৈ থাকিব৷ আমি যিমান পাৰোঁ মুক্ত বিহংগৰ দৰে হ’বলৈ চেষ্টা কৰিব লাগে৷ মই কোৱা কথাখিনি ভাবি চাবচোন শুদ্ধ হয় নে নহয়?
ঃসঁচা কথা কৈছা আলফুল, আমুকে এনেকৈ ক’লে, তামুকে তামুক কৰিলে –এনেকৈ ভাবি ভাবি আমি যে আমাৰ জীৱনৰ কিমান মূল্যৱান সময় অপচয় কৰোঁ, নহয়নে?
ঃহয় বৰা দা …. আলফুলে কৈ উঠিল৷
ড্ৰাফ্ট এখন লিখি আলফুল অফিচ কোঠাৰ পৰা ওলাই আহিল৷ নাতিদূৰত প্ৰবীৰ চেতিয়া আৰু গোস্বামী দা—এনেকৈ হাঁহি হাঁহি কথা পাতি আছে যেন তেওঁলোকৰ মাজত মৰমৰ দুলেৰে বন্ধা যুগ যুগৰ মিত্ৰতা৷ মুহূৰ্ততে গোস্বামী দাৰ দুখন ছবিয়ে আলফুলৰ মন তৰংগত খেলিমেলিৰ সৃষ্টি কৰিলে৷ মানুহ সঁচাই ৰহস্যময় – আলফুলে ভাবিলে৷
কেৱল গোস্বামী দায়েই নহয় অফিচৰ বহুকেইজনৰ মাজত দুটা চৰিত্ৰ তাই দেখা পায়৷ যাক নেকি কয়—মুখত এটা পেটত এটা৷ —কথাবোৰ ভাবিলে বৰ অস্থিৰ হয় তাই৷ ক’তোচোন স্বস্ছতা আৰু পবিত্ৰতা অনুভৱ নহয়৷ বাৰে বাৰে হতাশাই আবৰি ধৰে আলফুলক৷
ঃআলফুল কি ভাবি আছা? চম্পা আৰু কৃষ্ণা তাইৰ ফালে আগবাঢ়ি আহে৷
ঃব’লা, কেণ্টিনত চাহ খাই আহোঁ৷ — তিনিওজনী অফিচ কেণ্টিনৰ ফালে আগবাঢ়ে৷

চাহত চুমুক দি চম্পাই কৈ উঠে –“কেণ্টিনৰ কাপবোৰ বেয়া হৈছে, কেনেকৈ ফাট মেলিছে চাছোন! ”
ঃঅঁ, তেওঁলোকক নতুন কাপ কিনিবলৈ কব লাগিব – কৃষ্ণাই কয়৷
ঃজাননে এইবাৰ ঘৰলৈ যাওঁতে মোৰ বৰ বেয়া লাগিল৷ কথাটো বেয়া লাগিব লগা কথা হয়নে নহয় মই নাজানো কিন্তু মোৰ কথাটো মনত পৰিলেই বেয়া লাগে – চম্পাই দুখেৰে কৈ উঠিল
ঃকি হ’লনো? – আলফুলে সুধিলে৷
ঃআমাৰ শশুৰৰ ঘৰখনত প্ৰত্যেকৰে নামত নিজৰ নিজৰ চাহ খোৱা কাপ আছে কিন্তু আমি নাথাকো বাবে আমাৰ নামত চাহখোৱা কাপ নাই৷ এইবাৰ ঘৰলৈ যাওঁতে পিছে শাশুমাই মোৰ মানুহজনৰ বাবে এটা ধুনীয়া চাহখোৱা কাপ কিনি থ’লে কিন্তু মোৰ কাৰণে নিকিনিলে৷ আমি যেতিয়া ঘৰৰ সকলো সদস্যই একেলগে বহি চাহ খালোঁ মোৰ চকুৰ আগতে সকলোৱে নিজৰ নিজৰ নামত থকা স্পেচিয়েল কাপত চাহ খাই থাকিল, মোৰ কাপটোহে স্পেচিয়েল নাছিল৷ মোৰ চাহখোৱা কাপটো স্পেচিয়েল নহ’ল বাবেই মোৰ বৰ গাত লাগিল বুজিছ’, কাৰণ মই ভাবো কথাবোৰৰ সমব্যৱহাৰ হোৱা উচিত৷ কিন্তু মুঠেও প্ৰতিবাদ নকৰিলোঁ, মনে মনে থাকিলোঁ৷ এবাৰ এবাৰ ভাবিলো, এই সাধাৰণ কথাটোত মইনো ইমান আহত হ’বলৈ কি হ’ল! এই দুখৰ কথা মই কাকো কোৱা নাই আজিহে তহঁতৰ আগত কৈছোঁ৷ কথাখিনি দেখিবলৈ সৰু কিন্তু মোৰ বাবে ডাঙৰ হৈ দেখা দিছে—মোৰ এনে লাগিছে –বোৱাৰী হোৱা বাবেই যেন মোৰ প্ৰতি এই অৱজ্ঞা৷ ক’ চোন মোক কিয় ইম্পৰটেন্স দিয়া নাই? বোৱাৰী কাৰণেই নহয়জানো? কথাখিনি মনত পৰিলে মোৰ এজনী বাঘিণীলৈ ৰূপান্তৰ হ’ব মন যায়৷ অৱজ্ঞা বস্তুটো মই বহুত বেয়া পাওঁ৷ এইয়া মোৰ ভুল চিন্তাও হ’ব পাৰে৷ মোৰ চিন্তাৰ দুৰ্বলতাও হ’ব পাৰে৷
চম্পাৰ কথাখিনি শুনি আলফুলে নিজৰ জীৱন দৰ্শন কবলৈ সাজু হৈ উঠিল –
ঃএটা কাম কৰিবা৷ এই কথাখিনি কাগজ এখনত লিখিবা আৰু জ্বলাই দিবা৷ যাৰ যাৰ ওপৰত তোমাৰ ক্ষোভ উপজিছে তেওঁলোকৰ নামত প্ৰাৰ্থনা কৰিবা৷ ক্ষোভ আঁতৰি নোযোৱালৈকে প্ৰাৰ্থনা কৰিবা৷ মনৰ মাজত যদি কথাখিনি আকৌ ভূমুকি মাৰে “cancel cancel cancel” তিনিবাৰ কবা৷
আলফুলৰ কথা শুনি কৃষ্ণাই মিচিক মাচাক কৈ হাঁহি থাকিল৷
ঃআচলতে আমাৰ ইগ’ থকা বাবেই কথাবোৰ গাত লাগে৷ —কৃষ্ণাই ক’লে
ঃসঁচা কথা৷ আমাৰ সকলোৰে আত্মসন্মান থকা বাবেই অৱহেলিত অনুভৱ কৰিলেই গাত লাগে কথাবোৰ৷ আচলতে পৃথিৱীৰ বেছিভাগ মানুহেই চেন্সিটিভ৷ পৃথিৱীৰ প্ৰতিজন মানুহেই বুকুৰ কোনোবা কোণত নিজকেই ভালপাই আটাইতকৈ বেছি —আলফুলে ক’লে৷

আলফুলৰ আকৌ এবাৰ হিয়াচাকিলৈ মনত পৰিল৷

অফিচৰ পৰা আহি গধূলিপৰত বাৰাণ্ডাখনতে বহি পৰিল আলফুল৷ বাৰাণ্ডাৰ লাইটটো জ্বলাবলৈ মন নগ’ল তাইৰ৷ এন্ধাৰখিনি কিয় জানো আপোন আপোন লাগিল আলফুলৰ৷ চোতালত জোনাকী পৰুৱা কেইটামান আপোনমনে উৰি থকা দেখিলে তাই৷ আজি বাৰু সপোনটো দেখিবনে? চিপচিপীয়া বৰষুণ….হিয়াচাকিৰ ক্ষোভিত দুচকু…তাৰপিছত ….জোৰকৈ শব্দ কৰি … “ধাৰাম”….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments