এটি সুগন্ধি দুপৰৰ কথা- মধুমিতা বৰুৱা শইকীয়া

যোৱা বছৰৰ কথা৷ জাৰ গুছি পাতলীয়া গৰম সোমাওঁ সোমাওঁ বতৰৰ আবেশভৰা মধুৰতাত দুপৰীয়াটো আবেলিৰ বেলিৰ ওচৰত সমৰ্পিত হৈছিল৷ কুহুমিয়া ৰ’দৰ স’তে লাগি আছিল ভিজা ভিজা, নিকা নিকা ভাব৷ মনগলে পাতলকৈ এখন গৰম আলোৱান নিৰ্বিঘ্নে গাত পেলাই লব পাৰি৷

উৰুঙা হবলৈ ধৰা বতৰৰ মায়াময় নিজৰ্নতাত কিয় জানো, মোৰ এপাক বাচত উঠি তহল দিবলৈ মন গ’ল৷ উদ্দেশ্য বিহীন ভ্ৰমণ মোৰ অন্যতম প্ৰিয় বিলাস৷ বতৰৰ পাৰ্শ্বক্ৰিয়া ক্ৰিয়াই হ’ল নেকি, অলপ সাজোনমতী হবলৈ মন গ’ল মোৰ৷ সাজোন বুলিলেই ওঁঠত লিপষ্টিকৰ প্ৰলেপ আৰু উগ্ৰতাহীন পাতল সুগন্ধি অকণমানয়েই যথেষ্ট মোৰ বাবে৷ কথা মতেই সমাপ্ত কৰিলো শৃংগাৰৰ পৰ্ব৷ সুগন্ধি খিনি, ডিঙিয়ে, কাপোৰে উপচাই দিলো৷ গৃহস্থ ই দিয়া এই সুগন্ধিটোৰ নাম, Lets love৷ গোন্ধটো স‌ঁচা কৈয়ে অতি সুন্দৰ৷ মুঠতে এইবোৰ সানিমেলি যথাসময়ত এঘণ্টামান হাততলৈ বাচত উঠিলো৷ বাচত বাজি আছিল, আমাৰ অসমৰ চিনাকি কণ্ঠৰ গান এটা, …… দিন জ্বলে ৰাতি জ্বলে…….
বামুণীমৈদাম ষ্টপেজ ত বাচখন ৰ’ল৷ হুৰহৰাই এজাক মানুহ উঠিল৷ ম ই খিৰিকীৰ কাষত৷ বাহিৰত অলস দূপৰৰ বা৷ চকু হাল টানি ধৰিলে, বতৰেই আছিল টোপনি টোপনি লগা৷ মনলৈও এনেই কিবা এটা প্ৰশান্তি আহিল৷ ভাললগা এটা আৱহাৱা৷
কথাবোৰ সেইখিনি লৈকে ঠিকেই আছিল৷ তাৰপাছতেই ছন্দপতণ ঘটিল, মোৰ দুপৰৰ বিলাসৰ৷
বামুণীমৈদাম বজাৰত পাচলি বেচা মহিলাই টালিয়ে টোপোলাই বাচত ভিৰ কৰিলেহি৷ বতৰটো ইতিমধ্যে ডাৱৰীয়া নহলেও অকণমান ওন্দোলাই আহিছিল৷ বতৰৰ গতিবিধিবোৰ চাই তেওঁলোকে বজাৰ সামৰি বাচত উঠিল৷ গ্ৰাহকৰ সমাগম সেৰেঙা৷ আনদিনাৰ দৰে বামুণীমৈদাম বাচষ্টপটোত ব্যস্ততাৰ পোহাৰ নাছিল৷ খৰখেদাকৈ হেলাই হেফাই তেওঁলোক বাচত উঠাৰ লগে লগে তেওঁলোকৰ গা আৰু টোপোলাৰ পৰা সেমেকা মাটি আৰু শস্যৰ গোন্ধ এটা বিয়পি পৰিল৷ অসহনীয় অৱস্থাৰ সৃষ্টি কৰি ভেদাইলতাৰ কেঁচা কেঁচা গোন্ধ৷ মুখত ৰুমাল এখন লৈ কেইবাজনে ভোৰভোৰাই উঠিল৷ ড্ৰাইভাৰ ও ৰৈ নাথাকিল৷ কণ্ডাক্টৰক থুলুৱা মাতষাৰ ৰে গালি দিবলৈ ধৰিলে, ত ই বে, গোন্ধবোৰ কঢ়িওৱা মানুহ সোপাক উঠাই মস্তি দুপৰীয়াটো বৰবাদ কৰি দিলি৷ নিৰ্বিকাৰ কণ্ডাক্টৰ প ইচা উঠোৱাত ব্যস্ত তেতিয়া৷
মোৰো বিকচনা লাগিল৷ ইতিমধ্যে মোৰ কাপোৰত লাগি থকা let s loveৰ গোন্ধে সুগন্ধি হেৰুৱাই এটা অদ্ভুত গোন্ধলৈ পৰ্যবসিত হৈছিল৷ কিহে পাইছিল মোক এই দুপৰীয়াখন ওলাই আহি পাগলামি কৰিবলৈ, বুলি নিজকে ধিক্কাৰ দিলো৷ তেতিয়া, পাচলি বিক্ৰী কৰা মানুহ কেইজনীৰ মেল তুংগত উঠিছে৷ দুজনী মানে ঘৰলৈ মোবাইল টিপিছে৷ আদাবাৰীৰ ৰাস্তাৰ দোকানৰ পৰা গৰম৷ পকৰী লৈ যাব, একো বনাব নালাগে৷ তেওঁলোকৰ দগধা মেখেলাৰ পাতলিবোৰ তিতা তিতা হৈ আছিল৷ চাটকৈ ম ই মোৰ ভৰিহাল আঁতৰাই নিৰাপদ দূৰত্বত আনি ৰাখিলো৷ গোন্ধ আতঁৰাও কেনেকৈ একা? অসহনীয় অৱস্থা মোৰ তেতিয়া৷ অস্বত্বি এটা ই মূৰ দাঙি উঠোতেই মোৰ ইন্দ্ৰিয় সজাগ হ’ল, ম ই মহা মূৰ্খ৷ মোৰ বিলাসী সুগন্ধিত আছে জানো কৰ্মৰ সুবাস? ফচলৰ অমিয়া মাধুৰী গোন্ধ?
তেওঁলোকৰ গোন্ধত লাগি আছিল জীৱনৰ গোন্ধ৷
হাঁহি এটা মাৰি তামোলৰ সেলেঙিৰে বুঢ়ী বেপাৰী এগৰাকী আগবাঢ়ি আহিল, সন্মান সহকাৰে তেওঁ ক মোৰ চিটটো এৰি দিলো৷ বাচৰ ঘূৰণীয়া হেন্দেলডালত ধৰি ম ই দূলি দুলি গৈ থাকিলো৷ মোৰ মনাকাশ তেতিয়া উদ্দেশ্য বিহীন যাত্ৰাৰ অমল অনুভৱত সিক্ত হৈ উঠিছিল৷
মোৰ মনলৈ আহিছিল, হীৰুদাৰ’শ ইচৰ সুদৃশ্য৷ বৰ্ণমালা“নামৰ কবিতা টো

….মোক চহাই মৈয়াই শ ইচৰ গুটি সি‍ঁচি দিয়া,
চকুৰ পানী ৰে জীপ দিম শিলুৱা বুকুৰ মাটি… বুকুৰ তলেৰে মোৰ ৰ’দ-বতাহৰ অদৃশ্য শিপা৷ **

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক