এডাল নজ্বলা ধূপকাঠি (ৰাজপ্ৰতিম গগৈ)

এডাল নজ্বলা ধূপকাঠি

ৰাজপ্ৰতিম গগৈ

“হেৰা এইফালে আহাচোন, এইডাল জ্বলাই দিয়াহি। সদায় সদায় নুমাই যায় কি যে হয়?” বৰুৱাই আনদিনাৰ দৰেই চিঞৰিবলৈ ধৰিলে। “উপায় নাই আৰু এখেতৰ পৰা”- বুলি কৈ বৰুৱানী আহিল পাকঘৰৰ পৰা। চাঁও দিয়কচোন এইয়া জ্বলিলেই দেখোন। ঘৰত মানুহ বুলিবলৈ বৰুৱা আৰু বৰুৱানী লগতে একমাত্ৰ পুত্ৰৰ সৈতে এখন সুখৰ সংসাৰ আছিলে এসময়ত। এতিয়া সকলো ব্যস্ত নিজৰ লগত খবৰ ল’বলৈ যেন কাৰোৰেই আহৰি নাই। চাকৰিৰ অৱসৰৰ পাছত দিনবিলাক বৰ আমনিদায়ক হৈ পৰিছে বৰুৱাৰ বাবে, এটা দিন যেন এযুগ সময়। বৰুৱানীৰ মৰমসনা চাহকাপৰ আমেজ লৈ বাতৰি কাকতত পঢ়াটোৱেই তেওঁৰ দিনটোৰ প্ৰথম আৰম্ভণি।
বৰুৱানী : হেৰি ক’ত আছে? আপোনাক লগ কৰিবলৈ গোলাঘাটৰ পৰা ল’ৰাকেইজনমান আহিছে!
বৰুৱা : অ’ গৈছো ৰ’বা।
– “ছাৰ আমি আচলতে আপোনাৰ ওচৰলৈ বিশেষ এটা অনুৰোধ কৰিবলৈ আহিছো।“

 

বৰুৱা : কোৱাচোন কেনেধৰণৰ অনুৰোধ।
“আমি আহিছো অসম বন্যপ্ৰাণী সজাগতা ক্লাৱ’ৰ হৈ। এনেকৈ অসম গৌৰৱ বিশ্ববিখ্যাত এশিঙিয়া গঁড় হত্যা কৰাৰ প্ৰতিবাদত অহা ৩০ নৱেন্বৰৰ পৰা এখন সজাগতা শিৱিৰৰ আয়োজন কৰিবলৈ লোৱা হৈছে আৰু এই শিবিৰত অসমৰ এজন বিশিষ্ট চিন্তাবিদ আৰু এজন সক্ৰিয় সমাজকৰ্মী হিচাবে আপোনাক নিমন্ত্ৰণ কৰিবলৈ আহিলো।“
বৰুৱা : বৰ ভাল কথা, শুনি নথৈ আনন্দিত হ’লো। ডেকা ল’ৰা তোমালোকে বহুত ভাল পদক্ষেপ হাতত লৈছা। চৰকাৰলৈ বাট চোৱাতকৈ এনেকৈ আমি সকলোৱে একগোট হৈ কিবা এটা কৰাৰ সময় আহিলে। পলম কৰিলে আমাৰেই বিপদ। নহ’লে বিশ্ববিখ্যাত গঁড় ইতিসাহ হৈ পৰিব। তোমালোকৰ এনে কামৰ প্ৰতি মোৰ সদায় সহযোগিতা আৰু শুভকামনা থাকিব একো চিন্তা নকৰিবা। তোমালোকৰ শিৱিৰলৈ মই যামেই কথা দিলো।
“ছাৰ আপোনাক আমিয়েই লৈ যামহি, “-এইবুলি কৈ তেঁওলোক বিদায় ল’লে বৰুৱাৰ ঘৰৰ পৰা।
বৰুৱাই মনতে ভাৱিলে ছেহ: বন্যপ্ৰাণী সজাগতা শিৱিৰলৈ যাম বুলি কৈ দিলো নহয় কিন্তু গৈ কি ক’ম? কিতাপৰ আলমিৰাটোৰ পৰা নেচাৰ্চবেকনৰ কিতাপ দুখন মান বিচাৰিবলৈ যাঁওতেই হঠাত্ তেখেতৰ চকু পৰিল এখন ডায়েৰীলৈ? ক’ৰ পৰা আহিল এইখন? বহুত প্ৰশ্নই বৰুৱাক ব্যাকুল কৰি তুলিলে, চাঁও নেচাঁওকৈ অনিচ্ছাকৃতভাৱেই ডায়েৰীৰ পাত লুটিয়াবলৈ ধৰিলে। এইখন দেখোন তেঁওৰ একমাত্ৰ পুত্ৰ সোণটো(ৰাহুল)ৰ ডায়েৰী। য’ত ডাঙৰ ডাঙৰকৈ লিখা আছিলে স্মৃতিৰ এখিলা পাত যিখিনিৰ অবিহনে মোৰ জীৱনটো বৃথা।
প্ৰথম পৃষ্ঠাতেই লিখা আছিল-
“বৰ ইচ্ছা আছিল দেউতাৰ দৰে হ’বলৈ
কিন্তু হ’ব নোৱাৰিলো মুঠেও।
আস তেওঁৰ ইচ্ছাৰ সমাধি বগাই
আজি মই কি যে হ’লোহি
এখন হালধীয়া মৰুভূমি
জীৱনহীনতাৰ শ্মশান।
অৱশ্যে মোৰ দেউতাই নিশ্চয় মানি ল’ব এই কথা
মোৰ দৰে তেওঁৰ আকাশখন নাছিল শূণ্য,
এতিয়া বৰ কঠিন হ’ল সময়
যান্ত্ৰিক হ’ল জীৱন যাত্ৰা
জটিল হ’ল মানুহৰ হৃদয়।
মই মোৰ দেউতাৰ দৰে হোৱাহেতেন
মই কেতিয়াও হ’ব নোৱাৰিলোহেতেন মোৰ দৰে।“
প্ৰথম পৃষ্ঠাটোৱেই বৰুৱাৰ মনত খলকনি তুলিলে, কি ক’ব নিজেই ভাবি নাপালে আৰু পাত লুটিয়াবলৈ ধৰিলে।

২য় পৃষ্ঠা:
জীৱন জীৱন বৰ অনুপম। জীৱন নামৰ নাটকখনত ভাঁও জুৰি জুৰি ক্ৰমশ ভাগৰুৱা হৈ পৰিছো। কাইটীয়া খলা-বমা পথত যেন মই আজি অকলশৰীয়া। কি যে বিচাৰি ফুৰিছেো জীৱনৰ পৰা নিজেই নাজানো কিন্তু ভগৱানৰ ওপৰত সদায় বিশ্বাস কঁৰো। তেখেতৰ বাবেই জীয়াই আছো। ভগৱান অলপ চকু মেলি কৃপা দৃষ্টি কৰি চাৱ আৰু এই দূৰ্ভগীয়াৰ ওপৰত। আনদিনাৰ দৰে মনতে ভগৱানক প্ৰাৰ্থনা কৰিলো কাইলৈ পুৱাইতেই ঘৰলৈ যাম আশাও কামনা কঁৰো খুউব ধুনীয়া ছোৱালী কেইজনীমান আমাৰ ডবাটোত থাকিলেই হয়।

জনশতাব্দী ট্ৰেইনখনৰ D7 ডবাটোৰ লগত যেন মোৰ কিবা সন্পৰ্ক আছে, সদায় টিকট কৰিলে D7তেই যে পাঁও। অনুপম আমাৰ শুব হ’ল দেই ঘড়ীটোলৈ এবাৰ চাচোন।
অনুপম : মোৰ যে ঘড়ীৱেই নাই এটা দিবিছোন তই!
বিক্ৰম : ইমান দিনৰ মূৰত তিনিটা লগ পাইছো শুব হ’লেই নে? গঞা সদায় গঞায়ে হৈ থাকিবি!
হবদে টাউনীয়া গাধ তইটো নিজকে শুক্ৰগ্ৰহৰ প্ৰাণী বুলি ভাৱ নঅ।
অনুপম : একেবাৰেই জেগাত।
বিক্ৰম : তইটো গাধ বুলি কবিয়েই মোক কাৰণ তোৰ ফিউচাৰ ছুইজাৰলেণ্ড, অনুপমৰ ইংলেণ্ড আৰু মোৰ নাগালেণ্ড।
হা:হা:হা: বৰ জমিলে দেই! এতিয়া হাঁহিব পাৰোনে মহাশয়?
অনুপম : অই বিক্ৰম তোৰ লেটেষ্ট নিউজবিলাক ক আকৌ।
বিক্ৰম : তেনেকৈ একো নাই, আজিকালি আমাৰ ভাতৰ প্ৰেছাৰকুকাৰটোৱো অলপ সোনকালে উকি মাৰে। আগতে ৰাতি ২টা বাজত প্ৰেছাৰকুকাৰটোৱে উকিয়াইছিলে। কাষত থকা দাদাহঁতৰ বৌৱে মোক পাছবেলা ৩টা বজাত শুই উঠি দাঁত ব্ৰাছ কৰি থকা দেখি যেনেকৈ

চাই হাঁহিলে সেইদিনাৰ পৰা অলপ মানুহৰ দৰে কামবিলাক কৰিবলৈ লৈছো। এতিয়া শুই থাকো দে শুভৰাত্ৰি।
এনেদৰেই ৰাতিটো পাৰ হৈ গ’ল মোৰ আটাইতকৈ প্ৰিয় বন্ধুকেইজনৰ লগত।

৩য় পৃষ্ঠা:
প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায় কিন্তু প্ৰেম কৰিবলৈ তুমি যে নাই!ৰাতিপুৱা খৰধৰকৈ শুই উঠি আমি তিনিও ট্ৰেইন ষ্টেচন পালোগৈ। যিকেইটা ছিট নাপালে হয় বুলি ভাবিছিলো সেইকেইটাকে পালোগৈ শেষত, বৰ বেয়া কথা হৈ থাকিল।
অনুপম : ইণ্ডিয়ান ৰেলৱে গৌ ৱেক।
বিক্ৰম : দুখীয়াৰ ওপৰত অত্যাচাৰ।
এই ৰহচোন টেপটেপাই নাথাকিবি এতিয়া, এই মুখামুখিকৈ বহিব লগা ছিটকেইটা দেখিলেই মূৰটো গৰম হৈ গৈছে। তেনেকুৱাতে আমাৰ সন্মুখৰ ছিটকেইটাত তিনিজনী ধুনীয়া ছোৱালী আহি বহিলহি আৰু আমাৰ তিনিওৰে মুখত একেলগেই উচ্চাৰণ হ’ল ‘গড টুজচি গ্ৰেট হৌ’।
মাজৰজনী মোৰ, সোঁফালৰজনী অনুপমৰ আৰু বাঁওফালৰজনী বিক্ৰমৰ আৰু পাছত সলনি নহবদেই কৈ দিলো কিন্তু।
অনুপম : অলপ পাছত বহিবলৈ যাম ট্ৰেইন চলিবলৈ এতিয়াও ১৫ মিনিট বাকী।
বিক্ৰম : তহতি বহ নবহ থাক যতেই থাকিবলৈ আছে থাক মই ছিটত বহিবলৈ যাঁও।
দেখিছ তাৰ ভৰিৰ বিষেই ওলালে এতিয়া।
অনুপম : আমিও বহি দিও গৈ নেকি?
ব’লা তেনেহ’লে।
বিক্ৰম : অই নিউজপেপাৰখন দেচোন।
মই ফুচফুচাই অনুপমৰ কাণত ক’লো আমি নিউজপেপাৰ কেতিয়া কিনিলো, ইয়াৰ আৰন্ভ হ’ল আৰু।
বিক্ৰম : নিদিঅ কিয়?
অনুপম : বেগৰ ভিতৰতেই আছে।
৫০% ভাল বেয়া মিক্স হৈ গৈছে, ৬.৩০ মিনিট ধৰি ছোৱালীকেইজনীক যাত্ৰাৰ সংগী হিচাপে পাম আৰু তাৰ পাছত বা কেতিয়া আকৌ লগ পাম ঠিকনা নাই। মোৰ টোপনি ধৰিছে চাহ আহিলে মোক উঠাই দিবি বুলি সিহঁতক কৈ চকুদুটা জপাই সন্মুখৰ গৰাকীৰ কথা

ভাবিবলৈ ধৰিলো, তেখেতৰ ঘৰ ক’ত? তেখেতৰ নাম কি? ইত্যাদি ইত্যাদি।
বিক্ৰম গাত চিকুটি দিলে চাহ আহিছে উঠ বুলি কৈ।
চাহ অনা মানুহটোলৈ আঙুলিৰে ৩টা দেখুৱাই দিয়াত তিনিকাপ চাহ দিলে। পকেটৰপৰা ২০ টকা উলিয়াই দিয়াত তেঁও হাঁহি এটা মাৰি ক’লে কি দিছে এটাটেই ২১ টকা! ২১ টকা চাহৰ কেতিয়া ইমান দাম হ’ল?
এইয়া চাহ নহয় চিকেন চূপ হে মানুহজনে ক’লে।
উঠিল পুৱাটেই গৰম হৈ মূৰটো। ইহঁত দুইটাৰ ওপৰতো খং উঠিছিলে মোৰ টোপনি ভাঙি দিয়াত। চিকেন চূপ বুলি গম পাই দুইটাৰে মুখত হাঁহি নাইকিয়া হ’ল। মানুহজনৰ হাতত ব্লেক পেপাৰ দেখি আৰু অলপ দিয়ক দিয়ক কৈ মোৰ চিকেন চূপটো ব্লেক পেপাৰেৰে এটা সৰু সুৰা পাহাৰ কৰি ল’লো। চূপখিনি অলপ গৰম হৈ আছিল অলপ ঠাণ্ডা হওঁক ফুৱাই দিছিলো হে গোটেই ব্লেক পেপাৰখিনি মোৰ নাকে মুখে সোমোৱাৰ লগতে নতুনকৈ কিনা ক’লা ৰঙৰ ব্লেজাৰটো বগা কৰি পেলালে। অনুপম আৰু বিক্ৰমৰ লগতেই ছোৱালীকেইজনীয়েও হাঁহিত থাকিব নোৱাৰা হ’ল। এজনীয়ে কাৰোবাৰ লগত কথা পাতি আছিলে ইমান ৰস পালে যে কথা পাতি থকা ফোনটোৱেও তলত জপিয়াই দিলে আৰু ফোনটোৰ ভিতৰৰপৰা বেটেৰী ছিমকাৰ্ড ওলায় দৌৰ মাৰিলে। ৰুমালেৰে মুখখন মচি চিধাই  মই টয়লেটলৈ দৌৰ মাৰিলো। বৰ লাজ পালো সবৰে আগত, নিজৰ ছিটলৈ উভতি আহিবলৈ ২০ মিনিটমান সময়ৰ দৰকাৰ হৈছিলে। অনামিকা শইকীয়াৰ প্ৰেমত এনেদৰেই পৰিছিলো। মোৰ জীৱনৰ প্ৰথম আৰু অন্তিম প্ৰেম কিন্তু নিষ্ঠুৰ সময়ে তেখেতক মোৰ পৰা আজিৰ দিনটোতেই কাঢ়ি নিছিল। আজিৰ দিনটো বৰ অভিশপ্ত দিন মোৰ বাবে। অনামিকা আজি তুমি মোৰ কাষত নাই কিন্তু আকাশত উজ্বলি থকা তৰাটোত মই তোমাৰ মুখখনি দেখা পাঁও…………।

………………………..
পৃষ্ঠা লুটিয়াবলৈ বৰুৱাৰ আৰু সাহস নহ’ল। এক অজান শোকে তীব্ৰ গতিত বুকুত খুন্দা মাৰিলে। বৰুৱানীক ক’বলৈ ধৰিলে এইখন আমাৰ সোণটোৰ ডায়েৰী ইয়াত আগতে দেখা নাছিলো যে। বৰুৱানীৰ চকুহালৰ পৰা চকুপানী সৰ সৰকৈ সৰিবলৈ ধৰিলে আৰু ক’লে আজি আমাৰ সোণটো কাষত নাই কিন্তু তাৰ এইখন ডায়েৰীয়ে তাৰ জীৱনৰ আমি নজনা কথাবিলাক ক’লে। বৰুৱাই যেনেতেনে নিজৰ চকুপানীখিনি নিয়ন্ৰণ কৰি বৰুৱানীক ক’লে এনেকৈ তোমাক কান্দি থকা দেখিলে সি জানো সুখত তাকিব পাৰিৱ? তুমিয়েই কোৱাচোন? আজিৰ পৰা সোণটো আৰু অনামিকাৰ বাবে আমি দুডালকৈ ধূপ জ্বলাম।
বৰুৱাই কেতিয়ানো দুডাল ধূপ জ্বলালে গমকেই নাপালে, সদায় নজ্বলা ধূপডালো আজি জ্বলি জ্বলি তেওঁৰ হাততেই শেষ হ’ল গমকেই নাপালে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক