এতিয়া আৰু সেই দিন ক’ত?(- হাচান উল্লাহ)

সৰু থাকোতে কিছুমান কথায়ে মনত দ-কৈ সাঁচ বহুৱালে….. এতিয়া সেই কথাবিলাকে মনটোক সেমেকাই তোলে…. ভাব হয়, আমাৰ মাজত থাকিব লগা সহজাত মৰম-চেনেহ-হেঁপাহবিলাক ক’ৰবাত হেৰাই থাকিল…. সৰু থাকোতে প্ৰত্যক্ষ কৰা এটা সাধাৰণ দৃশ্য আছিল ওচৰ-চুবুৰীয়াৰ সৈতে থকা অকপত মৰম-চেনেহ তথা সঘন আহ-যাহ….. ৰবাব টেঙাৰ বল খেলি ভৰি ফুলাটোও এক স্ফুৰ্তি আছিল….. ৰজা-ৰাণীৰ খেলাই দিছিল এক অনাবিল আনন্দ….. ককাহঁত থকা অৱস্থাত প্ৰায়ে ওচৰৰ দুই-এজন সন্ধ্যা আহি আদ্দা দিয়াৰ এটা নৈমিত্তিক ধৰণ আছিল….

সেই আদ্দাৰ কোনো প্ৰভাৱ স্কুলীয়া আমিবোৰৰ ওপৰত পৰা নাছিল, তাৰ প্ৰতি তেওঁলোক সজাগ আছিল…. আলহী অহাৰ আমেজ এটা কিন্তু আমি সদায়েই উপভোগ কৰিছিলো…. গৰমৰ দিনত আগফালৰ চোতালত বহি বিচনীৰ বা-লৈ তেওঁলোকে আদ্দা দিছিল ঘণ্টা-ঘণ্টা ধৰি….. একেদৰে ঠাণ্ডা দিনত জুইৰ উত্তাপত আদ্দা জমাইছিল….. লগতে ৰঙা চাহৰ জুতি, আৰু পিঠাপনা যি থাকে…. কেতিয়াবা কোনোবা আহিব নোৱাৰিলে ককাহঁতৰ চিন্তা হয় “অমুক আজি অহা নাই, কি বা হ’ল, গা বেয়া নেকি”……. সেই বুলিয়েই খবৰ লবলৈ বুলি দৌৰ দিছিল…. কাষৰ ঘৰত বনোৱা খাৰ বা টেঙা জোলৰ জুতি কাষৰ দুই তিনি ঘৰে নোপোৱাকৈ নাছিল…. বাৰীৰ ফল-মূলৰ সোৱাদ গাঁৱৰ কিমান ঘৰে পাইছিল, ঠিকনা নাই…. মাছ মাৰিলে তাৰে কিঞ্চিত চুবুৰীয়াই নিশ্চয়কৈ পাইছিল…. লাগে সেয়া গুলনেমুৰ পৰশত পাটত দিয়া দৰিকণাৰ পিটিকাই নহওক কিয়….. ৰাতিপুৱা কাষৰ ঘৰৰ কাৰোবাক প্ৰত্যক্ষ কৰিলে চিঞঁৰ এটা মাৰি “ভাত খালিনে, কিহেৰে খালি” আদি সহজাত আচৰণ আছিল….. কিন্তু লাহে লাহে সেই ছবি নষ্টালজিক হৈ পৰিল….. আজি সকলো ব্যস্ত…. আবেলি খেলা-ধূলা কৰাতো এতিয়া যেন নিষিদ্ধ হ’ল……স্কুলীয়া ল’ৰা-ছোৱালীৰ স্কুলৰ পৰা আহি হোমৱৰ্ক, তাৰ পাছত টি.ভি.ত কাৰ্টুন জাতীয় কিবাকিবি….. তাৰ পাছত নিয়মমাফিক পঢ়া-শুনা…. দুবৰণি দৰাত ভৰি দিয়াৰ আজৰিও নাই সিঁহতৰ….. সেয়ে সৰু-সৰু ল’ৰা-ছোৱালীৰ চকুত এতিয়া চচমা…. ওচৰ-চুবুৰীয়াৰ ঘৰলৈ যোৱাতো কিবা অস্বাভাৱিক কথা হৈ পৰিল…. কাষৰ ঘৰত কোনোবা অসুখত চটফটাই থাকিলেও খবৰ এটা লোৱাৰ আজৰি কাৰো নাই….. চাৰি বেৰৰ মাজৰ মানুহ কেইটাৰেহে ঘৰৰ মানুহৰ সংখ্যা নিৰূপিত হয়…. কাষৰ মানুহঘৰ কি অৱস্থাত আছে, কি খাইছে সেয়া জনাৰ কাৰো সময় নাই, সময় থাকিলেও জনাৰ ইচ্ছা নাই…. সকলো নিজক লৈ ব্যস্ত…. আনকি মাত এষাৰ মাতিবলৈও আজৰি নোহোৱা হ’ল….. পুৱা-গধূলীৰ চিঞঁৰি প্ৰাৰ্থনা গোৱাৰ পৰিৱেশটো কৰবাত বিলিন হ’ল….. চিঞঁৰি পদ্য পঢ়ি সিঘৰৰ সমনীয়াক পঢ়াৰ ওমান দিয়া দিন কেতিয়াবাই উকলিল….. যান্ত্ৰিকতাই সকলোকে গো-গ্ৰাসে গিলিছে…… আধুনিকতাৰ সংজ্ঞাত এতিয়া মৰম-চেনেহ-হেঁপাহ সকলো থান-বান হৈ পৰিল….. অতিস্থ হও বৰ্তমানৰ কৃত্ৰিমতাত পোত যোৱা আধুনিক প্ৰজন্মক দেখি…… তাতোকৈ আচৰিত হও এই প্ৰজন্মৰ গৰিষ্ঠ সংখ্যক অভিভাৱকক দেখি….. সন্তানৰ কথাত উঠা-বহা কৰা এইসকল অভিভাৱকে সন্তানৰ মঙ্গল কোন দিশৰপৰা দেখা পায়, সেয়া প্ৰশ্নবোধক….. সেয়ে মন যায় পুনৰ সেই দিনবোৰলৈ উভতি যাবলৈ….. নিৰূপম সেই সোণালী দিনৰ মাদকতা এতিয়া বুজোতা আৰু নাই…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments