এদিনীয়া ৰজা–পূৰৱী কাকতী

ৰজা হোৱাৰ অনুভৱটো কেনেকুৱা হ”ব পাৰে বাৰু….? – সদানন্দ বৰাই কথাষাৰ এনেই ভাবিলে। কালিৰে পৰা বৰাদেৱৰ মনটো উগুল-থুগুল। 

সঁচাকৈয়ে ৰজা হ’বলৈ তেওঁবিলাকৰ দৰে বৰচোতাল হেন কপাল এখন লৈ এই পৃথিৱীত জন্ম ধৰা নাই সদানন্দ বৰাই। কিন্তু, তেওঁ ভাবে যে এক বিশেষ দিনত নিশ্চয় ইয়াৰ পূৰ্ণ অনুভৱ আদায় কৰিব পাৰি। সতকাই এই বিশেষ দিনটো নাহে। এবছৰ, দুবছৰ, তিনিবছৰো নহয়, সম্পূৰ্ণ পাঁচবছৰৰ অধীৰ অপেক্ষাৰ অন্তত এই বিশেষ দিনটোত ৰজা হোৱাৰ মজা ভালকৈ ল’ব পৰা যায়। অৱশ্যে, ইচ্ছা থাকে যদিহে…। “

সদানন্দ বৰাই এই বিশেষ দিনটো উপভোগ কৰে। আগতেও কৰিছিল আৰু এইবাৰো কৰিব। 

ৰাতিপুৱা সোনকালেই গা-পা ধুই, ইস্ত্ৰি কৰা পেণ্ট-চাৰ্টযোৰ পিন্ধি বৰাদেৱে চাহকাপ খাই ওলাই গ’ল। যাওঁতে শ্ৰীমতীক কৈ থৈ গ’ল – “পাৰিলে তুমিয়ো সোনকালে গৈ আজৰি হৈ আহিবা..।“

প্ৰতিবেশী মহেশ দত্তকো ৰিঙিয়াই ক’লে – “দত্ত…., যোৱা যদি ওলোৱা….। সোনকালে আজৰি হোৱাই ভাল।“

মহেশ দত্তই বৰাদেৱলৈ চাই মিচিকিয়াই হাঁহিলে। 

“আপুনি আহকগৈচোন, মই গৈ আছোঁ“ 

দত্তৰ এয়া জিভাত লাগি থকা উত্তৰ। বৰাদেৱে সুধিলে যদিও দত্তলৈ কিন্তু অপেক্ষা কৰি থকা নাছিল। কাৰণ, প্ৰত্যেকবাৰে দত্তই দেৰিকৈ গৈ বতাহ কোনফালে বৈছে তাৰ আলেখ-লেখ লৈ বহি থকাৰ বহু পুৰণি অভ্যাস আছে তেওঁৰ। 

বৰাদেৱে ভালকৈয়ে জানে কথাটো। 

তেওঁ গৈ থাকোঁতে জেপটো আকৌ এবাৰ খেপিয়াই চালে। আছে…। 

প্ৰয়োজনীয় বস্তুকেইপদ নল’লে পুনৰ তেওঁ ঘৰলৈ উভতি আহিব লাগিব। 

পুৱাই ৰ’দটোৱো টেক্ টেককৈ ওলাইছে। 

পুনৰ এবাৰ ঘৰলৈ উভতি অহা……! অহ্ ন’….। 

এই ‘পুনৰ’ শব্দটো বৰাদেৱে তেখেতৰ দিনলিপিত পৰাপক্ষত স্থান দিব নিবিচাৰে। 

কিন্তু, মানুহৰ জীৱনত এইটো কেতিয়াও সম্ভৱ নহয়। ভুল হ’বই। দ্বিতীয়, তৃতীয়, চতুৰ্থবাৰ বা বহুবাৰ এটা কাম কৰিব লগা হ’ব পাৰে। 

হ’ব পাৰে……কিন্তু, নহ’বওটো পাৰে। 

এই পিছৰ কথাটোত গুৰুত্ব দিয়েই যিকোনো কাম কৰোঁতে তেওঁ সাৱধানতাৰে কৰিব বিচাৰে। 

প্ৰয়োজনীয় বস্তুকেইপদ কালিয়েই তেওঁ সাজু কৰি ৰাখিছিল। আহিবৰ সময়ত মাত্ৰ চাৰ্টৰ জেপটোত সুমুৱাই আনিছে। 

পিছে, আজিৰ কথা সুকীয়া। জেপটো স্পৰ্শ কৰি এনেয়ে মনটো ভাল লাগিছে তেওঁৰ। আনদিনা সেই একেটা বস্তুৱেই দিনৰ দিনটো জেপটোতে অস্তিত্বহীনভাৱে পৰি থাকে। আজি একেবাৰে নিজৰ অস্তিত্ব জাহিৰ কৰি মূৰ দাঙি আছে বাৰে বাৰে। 

বৰাদেৱৰ হাঁহি উঠিল। 

মুল পথটোত উঠিয়েই তেওঁৰ মনটো হঠাতে কেকুঁৰিত ঘূৰি দিয়া গাড়ীখনৰ দৰেই পৰিবৰ্তিত হৈ পৰিল। 

ৰাস্তাৰ দুয়োকাষে থুপ খাই মানুহবিলাকে কথা পাতি আছে। বহু গুৰুত্বপূৰ্ণ যেন…. কিন্তু, মুঠেই নহয়। এইবোৰ মাথোঁ সময় খোৱাৰ আলাপহে। 

দুয়োকাষৰ মানুহবোৰৰ মাজেদি যাওঁতে বৰাদেৱৰ নিজকে ‘গজেন্দ্ৰ’ যেন অনুভৱ হ’ল। বহুবিলাক চকুৱে যে তেওঁকেই লক্ষ্য কৰি আছে তেওঁ আঁৰ চকুৱেদি গম পাই আছে। খোজটো লাহেকৈ দি এইবাৰ গজেন্দ্ৰ গমনৰ ৰূপত গৈ থাকিল তেওঁ। 

চিনাকি বহুকেইজনে তেওঁক মাতিছে। বয়সস্থ যিহেতু, সকলোৱে আজি সমীহ কৰা যেন লাগিল তেওঁক। কোনদিনে নমতা ধুমনে আজি তেওঁক বৰ সমীহেৰে মাতিলেহি। অচিনাকি বহুজনে আগবাঢ়ি আহি ‘খুড়াদেউ’ বুলি মাতিলেহি। 

বাঃ, নিজকে ৰজাৰ দৰে অনুভৱ এটাই দোলা দি গ’ল বৰাদেৱক। 

বৰাদেৱে কোনোবাই মাতিলে উত্তৰ হিচাবে সোঁ-হাতখন দাঙি মূৰটো দুপিয়ালে মাত্ৰ। 

গন্তব‍্যস্থল পাই থমকি ৰ’ল তেওঁ। আবতৰীয়া বিহুৰ দৰেই লাগিল তেওঁৰ। পাটৰ পাঞ্জাৱী, ডিঙিত গামোচা লৈ কেইবাজনো লোকে গম্ভীৰভাৱে কথা পাতি আছে। লোককেইজন চিনাকি যেন লাগিল যদিও সঠিক মনত পেলাব নোৱাৰিলে তেওঁ। 

বৰাদেৱে ভাবিছিল আজি সোনকালে আহি তেওঁহে প্ৰথম হ’ব… সৌৱা গুণ শইকীয়াই ইতিমধ্যে কাম সমাধা কৰি ওলাই আহিলেই। দুয়োজনে মুখামুখি হৈ হাঁহি এটাৰে সম্ভাষণ জনালে যদিও বৰাদেৱে শইকীয়াৰ মুখমণ্ডল পঢ়ি পেলালে। 

ভবিষ্যত সম্পৰ্কে বা তেওঁ কি সিদ্ধান্ত ল’লে! 

কি বা দিক্ নিৰ্ণয় কৰি থৈ আহিল! 

গুণ শইকীয়াক তেওঁ ভালদৰেই জানে। নিজেই একো সিদ্ধান্ত নলয়। বহু আলোচনা কৰিছে তেওঁৰ লগত। এজন পূৱত হ’লে, আনজন পশ্চিমত। অলপ পিছতে কাজিয়া এখন আৰম্ভ হয় আৰু তেওঁ উঠি যায়। 

বৰাদেৱৰ খং উঠে তেতিয়া। আনে ক’লে বুলিয়েই সৱ কথা মানিব নেকি…. নিজৰ বিবেচনা শক্তিৰ ব‍্যৱহাৰতো কৰিব লাগে…! 

তেওঁ আঠ-দহজনমানেৰে সৃষ্টি হোৱা শাৰীটোত ৰৈ দিলে। এজনে লৰালৰিকৈ আহি ‘খুড়া, আপোনাসৱৰ সুবিধাৰ বাবে আমি সৌখন দুৱাৰ মুকলি কৰি ৰাখিছোঁ। আহক, আহক এইফালে“- বুলি তেওঁক আগবঢ়াই লৈ গ’ল। 

জ‍্যেষ্ঠ নাগৰিকৰ সুবিধাকণ লৈ তেওঁ সোমাই গ“ল কোঠাটোলৈ। নিজকে বিশেষ ব‍্যক্তি যেন অনুভৱ হ’ল তেওঁৰ। ভিতৰত বহি থকাসকলে ‘আহক, আহক’ – বুলি আথে-বেথে মাতিলে। 

এইখিনি সময়ে তেওঁ বৰ উপভোগ কৰে। সমগ্ৰ পৰিবেশটোৰ ওপৰত তেওঁ এবাৰ চকু ফুৰালে। 

নিজকে সঁচাকৈয়ে আজি বহু ওপৰত যেন অনুভৱ এটাই তেওঁৰ ওঁঠত এটি হাঁহি বিৰিঙাই তুলিলে। 

এইবাৰ যি কাৰণে তেওঁ আহিছিল, কামটো সমাপনৰ দিশে আগবাঢ়িল তেওঁ। এক কথাত আচল ৰজাৰ কামটো এতিয়াহে..! 

ইয়াৰ বাবেইতো সকলোৱে খাতিৰদাৰী কৰি মৰে সময়ে সময়ে…। 

এই খাতিৰদাৰী কৰাৰ সময়চোৱাৰ যেতিয়া ভৰপক হয়, তেতিয়াৰ পৰাই অৱশ্যে বৰাদেৱৰ নিজকে ‘ৰজা’ হোৱাৰ অনুভৱ এটাই চেলেকি যায়। 

তেওঁ গম্ভীৰ ভাৱেই উত্তৰ দিয়ে -“ভাবি চাম…, চিন্তা কৰি চাম বাৰু..।“

এইটো অৱশ্যে সম্ভৱ হয় তেওঁ এতিয়ালৈকে ক’তো নামটো লিখাই থোৱা নাই বাবেহে। এইটো সময়ত বৰাদেৱৰ দৰে লোকসকলৰে গুৰুত্বটো বেচি হয়। 

বৰাদেৱে গণতন্ত্ৰৰ জয়গান গাই উঠিল তেওঁৰ আঙুলিটোৰে। 

এটা মাথোঁ শব্দ….। 

আস্… হৈ গ’ল। দেশ জয় কৰাৰ দৰেই সন্তোষিত মন এটা লৈ বৰাদেৱ কোঠাটোৰ পৰা ওলাই আহিল। 

এটা আঙুলিৰ ইমান শক্তি…! বাহিৰৰ মানুহখিনিলৈ এবাৰ চাই শক্তি নিক্ষেপৰ আধাৰ সম্পৰ্কে অনুমান এটা কৰি চালে তেওঁ। 

চাই বৰ ভাল লাগিছে। সকলোৱে দুখ-সুখ, জৰা-ব‍্যাধি পৰিহাৰ কৰি মুকলি মনেৰে শাৰী পাতিছেহি। মুখবিলাক সকলোৰে ফৰকাল। বিভিন্নজনে বাৰ্তালাপ কৰি চোকা ৰ’দটোকো অমান্য কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। 

গামোচা লৈ থকা চিনাকি অথচ অচিনাকি যেন লগা মানুহজনক দেখি বৰাদেৱে কাষত ৰৈ থকা লোকজনকে সুধিলে তেওঁৰ বিষয়ে। 

মানুহজন আচৰিত হ’ল – “এইজনেইতো সেইজন.… আজিৰ আচলজন..।“

বৰাদেৱে একেথৰে তেওঁলৈকে চাই ৰ’ল। 

বৰাদেৱক দেখি তেওঁ নিজেই আগবাঢ়ি আহি নমস্কাৰ এটি দিলে – “ছাৰ, চিনি পাইছেনে.. আশীৰ্বাদ কৰিব আৰু…।“

অ’ হয়, হয় – বৰাদেৱৰ সকলোখিনি মনত পৰি গ’ল। এইজনক টিভিত কিমানবাৰ যে দেখিছে…। 

এইখিনি সময়ত ৰ’দে-বৰষুণে ঘূৰি ফুৰা বাবেই চাগৈ মুখখনে বৰণ সলাইছে। সেয়েহে চিনি পোৱা নাছিল তেওঁ। 

বৰাদেৱে তেওঁৰ পৰম আশাৰ দৃষ্টিটো সহ‍্য কৰিব নোৱাৰি বেলেগ এফালে মুখখন ঘূৰাই দিলে। 

কেনেকৈনো ক’ব এতিয়া আশীৰ্বাদটো যে তেওঁ ইতিমধ্যে কাৰোবাক দি থৈ আহিলে…! চকুৱেতো সদায় সঁচা কথায়ে কয়। 

কিয় জানো হঠাতে তেওঁৰ পূৰ্বৰ “ৰজাৰ দৰে“ অনুভৱটো মষিমূৰ হৈ গ’ল এই ভাবি যে তেওঁৰ কাম ইতিমধ্যে হৈ গৈছে আৰু এতিয়া তেওঁৰ কোনো গুৰুত্ব নাই ইয়াত..। 

মানুহৰ শাৰীটো দীঘল হৈ গৈ আছে। 

ঘৰলৈ উভতি আহোঁতে দূৰৈত তেওঁ শ্ৰীমতী আৰু তেওঁৰ লগৰীয়া কেইগৰাকীমানক লৈ হাঁহি হাঁহি আহি থকা দেখিলে। যিসকলে নিজৰ শক্তি এতিয়ালৈকে প্ৰতিপন্ন কৰা নাই, বৰাদেৱৰ দৰেই নিজকে ৰজা-ৰাণী অনুভৱৰে জী উঠিছে। উঠাৰ কথাই…। 

তেওঁলোকেই আজি সৰ্বে-সৰ্বা। 

দেশৰ বাবে-জাতিৰ বাবে ই প্ৰয়োজন। 

যিসকল গৈছে তেওঁলোকলৈ সকলোৰে আগ্ৰহী দৃষ্টি আৰু যিসকল উভতি ঘৰলৈ গৈছে তেওঁলোকলৈ কাৰো আগ্ৰহী দৃষ্টি নেদেখিলে বৰাদেৱে। 

তেওঁৰ খোজটো গজেন্দ্ৰ গমন নহৈ সাধাৰণ হৈ পৰিল। এইয়াই ক্ষন্তেকীয়া সুখ। এদিনীয়া ৰজাৰ কেইঘণ্টীয়ামান অনুভৱৰে জী চাবলৈ ভাল পাই তেওঁ। 

এতিয়া শেষ। তেওঁৰ কোনো মূল্য নাই আজিৰ এই বিশেষ সেৱাৰ পিছত। সকলোৰে বাবে হয়তো..। 

আজিৰ এই বিশেষ উৎসৱৰ পিছত কোনে কাক চিনি পাব? অভিজ্ঞতাই কয় কিছুমান কথা। 

ঘৰ আহি পাই কাপোৰসাজ সলাই বৰাদেৱে শ্ৰীমতীয়ে সজাই থৈ যোৱা পুৱাৰ আহাৰখিনি খাই নিজৰ ঘৰুৱা কামত ব‍্যস্ত হৈ পৰিল। 

এতিয়া তেওঁ প্ৰজা। 

হয়নে বাৰু…! 

নিজৰ ভাৱনাত নিজেই সন্তুষ্ট নহ’ল বৰাদেৱ। 

আজিৰ প্ৰেক্ষাপটত প্ৰজা বুলি কোৱা ভাল হ’ব নে গোলাম বুলি কোৱা উচিত হ’ব..? 

তৰ্জনি আঙুলিটোত আজি লৈ অহা ক’লা দীঘলীয়া দাগটো চাই চাই ভাবি থাকিল বৰাদেৱে। 

  *******

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments