“এদিন এখন বিয়ালৈ” (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

 

“এদিন এখন বিয়ালৈ”

লেখক : দিগন্ত কুমাৰ ভট্টাচাৰ্য ।

 

 

দুদিনমানৰ পৰা ঠাণ্ডা পৰিছে ভালকৈয়ে। বিয়া এখন আছিল পৰহি।

‘এইডাল কি পিন্ধি ওলালা?       চ্যুটৰ তলত হাফ ছুয়েটাৰ?’

‘ঠাণ্ডা পৰিছে হে…তাতে স্কুটাৰত যাম নহয়। দহ কিল’মিটাৰৰ বাট’

‘বাজে কথা নক’বা। ছুয়েটাৰ খোলা…আৰু ডিঙিত সেই পঘাডাল নাবান্ধিলে নহয়?’

‘পঘা নহয় ও মাফলাৰ। এই ঠাণ্ডাত বতাহ লাগি কাঁহ হ’লে…’

‘কি হ’ব?  ইস, যেন একেবাৰে জুবিন গাৰ্গৰহে ডিঙি, কাঁহ হৈ মাত ভাগিলে অসমে যেন গানহে শুনিবলৈ নাপাব!’

‘পিছে তুমি অকল এই মেখেলা-চাদৰ পিন্ধিবা?  গৰম শ্বল-টল একো নোলোৱা?  মৰিবাহে, ছুয়েটাৰ নিপিন্ধিলে…’

‘ফেশ্যনৰ কাৰণে গৰম কাপোৰ নিপিন্ধি মানুহ মৰিলে আমাৰ নাৰী জাতিৰ কিজানি কেইজনীমানহে বাচি থাকিলহেঁতেন! তোমাৰ আইডিয়াই নাই, একেবাৰে আউটডেটেড! বিয়াত পাটৰ ছেটৰ লগত ছুয়েটাৰ পিন্ধিলে সকলোৱে হাঁহিব’।

অৱশেষত আমি ওলালো বিয়ালৈ। স্কুটাৰত আগে-পিছে সৰ্বমুঠ চাৰিজন গ’লে এওঁৰ ‘ইজ্জত’ যাব, সেইবাবে কণমানি দুটা ৰীণাৰ লগতে থাকিল। ৰীণাই আমাৰ ঘৰতে থাকি কাম-বন কৰে। পকেটত মনে মনে ভৰাই অনা বান্দৰ টুপীটো পিন্ধাৰ চান্সেই নাপালোঁ। ৰাস্তাত সৰ্বশৰীৰ কঁপাই গ’ল শীতে। বুকুখন কিবা গধুৰ গধুৰ লাগিল। নাকটোত বিষ অনুভৱ কৰিলোঁ,  যেন এইমুহূৰ্তৰপৰাই নাকটোৱে অনশন কৰিব-‘চাল্লা নৰাধম, ইমান ঠাণ্ডাত আনিছ! নলওঁ যা উশাহ,  নাখাওঁ যা অক্সিজেন!’

কাণ দুখন আছে নে নাই- স্কুটাৰৰপৰা নামি আঙুলিৰে চুই চোৱাতহে গম পালোঁ।

শ্ৰীমতীলৈ চাই তবধ মানিলোঁ। একেই আছে। শীতে যেন গাৰ নোম এডালো লৰাব পৰা নাই- হে, নাৰী তুমি মহান!

এওঁ গৈ হাজৰিকানী আৰু শৰ্মানীৰ লগত কথাৰ মহলা আৰম্ভ কৰিলে। তেওঁলোক কোনেও ছুয়েটাৰ পিন্ধা নাই। ওচৰতে কইনাৰ ভনীয়েক ঠিয় হৈ আছে। শাড়ীৰ লগত পিন্ধা ব্লাউজটো শ্লিভলেছ। পিঠিৰফালেও ঢকা নহয়, সূতা কেইডালমানহে আঁক-পাক খাই আছে। তাই দেখোন আৰু এখোপ চৰা। তাই যেন শীতৰ লগত সন্মুখ সমৰতহে ঠিয় দিছে বীৰাংগনাৰ দৰে-‘আহ শীত, আন ছোৱালী-তিৰোতাক এৰি দে। যিমান পাৰো হাড়-ছাল উলিয়াই আজি চেলেঞ্জ কৰিছোঁ, কি কৰিব পাৰ কৰ, আহ কৰহি মোক আক্ৰমণ…’।

মই, হাজৰিকা আৰু শৰ্মাৰ লগত পিছফালে ৰান্ধনিঘৰত গৈ গা-মূৰ সেকি আহি খাবলৈ বহিলোঁ। বহিলোঁ মানে প্লেটখন লৈ ঠিয় হ’লোঁ। আমাৰ খোৱা হোৱাৰ পিছত হঠাতে শৰ্মানী আৰু আমাৰ এওঁ চিঞৰি উঠিল-‘আইচক্ৰীম!!’ মই সৰুকৈ সুধিলোঁ-‘ইমান চিঞৰিছা যে? এই ঠাণ্ডাত আইচক্ৰীম খালে…’

‘ছলমান খানৰ ছাৰ্টবিহীন দেহা আৰু আইচক্ৰীম-চকলেট দেখিলে যি নাৰীয়ে নিচিঞৰে, গম পাবা তেওঁৰ বয়স হৈছে। আমি এতিয়াও ছোৱালী হৈয়ে আছো! আইচক্ৰীম খাবৰ বাবে গৰম-ঠাণ্ডা বুলি একো নাই, অভিজাত মানুহে যেতিয়াই তেতিয়াই আইচক্ৰীম খায়!’

উভতি আহোতে মই বান্দৰ টুপীটো পিন্ধিলোঁ। ৰাতি হোৱাৰ বাবে ঠাণ্ডাৰ প্ৰকোপটোও বেছি হ’ল। বাটত এওঁ টু শব্দ এটাও কৰা নাই। ঘৰ পালোঁ। এওঁ স্কুটাৰৰপৰা নানামে। মুখৰ মাত নাই। সৰ্বশৰীৰ বৰফৰ দৰে চেঁচা পৰিছে। ৰীণাহঁত দৌৰি আহিল। ৰীণা আৰু মই এওঁক ধৰি-মেলি বিচনাত শুৱাই দিলোঁগৈ। এওঁ চকু দুটা মেলি কিবা ক’বলৈ চেষ্টা কৰিছে, ক’ব পৰা নাই। প্ৰথমতে ৰুম হিটাৰটোৰে গোটেই গা’তে সেক দিলোঁ। দুই-তিনিখনমান কম্বল জাপি দিয়া হ’ল।

পিছদিনা পুৱা এওঁৰ গাটো গৰম। জুখি চাই দেখিলো এশ তিনি জ্বৰ। সেহাই-সেহাই কৈ আছে-‘ঠাণ্ডা, ঠাণ্ডা’। মোৰ টেনশ্যন হ’ল। মই দৌৰা-দৌৰিকৈ ৰামু ৰিক্সাৱালাক মাতিলোঁ হস্পিটেললৈ নিবলৈ। কম্বল এখনেৰে গা-মূৰ ঢাকি ৰিক্সাখনত বহুৱালোঁ। ৰাস্তাৰ মানুহে ঘূৰি ঘূৰি চাইছে। এওঁ সৰু-সৰুকৈ ক’লে-‘মাফলাৰখনেৰে মুখখন ঢাকি দিয়া। চিনাকী মানুহ দেখিলে মই বুলি নক’বা, ৰীণা বুলি ক’বা’।

এওঁক হ’স্পিটেলৰ ৰুম এটাত থৈ মই অলপ বাহিৰলৈ আহিলোঁ। ডক্তৰে কৈছে জ্বৰ, চিন্তাৰ কাৰণ নাই। এনেতে দেখিলোঁ সন্মুখত হাজৰিকা আৰু শৰ্মা! মোৰ বৰ লাজ লাগিল -ৰীণাই চাগে প্ৰচাৰ কৰিলেই এওঁৰ অসুখ হোৱা কথাটো।

‘হেহ, আপোনালোক আকৌ কিয়নো আহিল ইয়ালৈ? বেছি একো হোৱা নাছিল?’

‘কি ফাল্টু কথা কয় হে, বেছি একো হোৱা নাই? গোটেই ৰাতি শুব দিয়া নাই’- হাজৰিকাৰ খং!

মই হতবাক। মোৰ শ্ৰীমতীৰ অসুখ, আৰু এওঁলোক শুব পৰা নাই!

‘বাদ দিয়ক সেইবোৰ, আপুনি কিবা কামত আহিছিল?’- শৰ্মাই মোলৈ চাই সুধিলে।

মই কিবা কোৱাৰ আগতে হাজৰিকাই শৰ্মাক ক’লে-‘মই যাও..ডাক্তৰ আহিবৰ হৈছে। জেনেৰেল ৱাৰ্ডতে ৰাখিছোঁ এওঁক’।

‘আমাৰজনীৰ আকৌ আইচক্ৰীম খাই মাত নাই তথাপিও দুপৰীয়া হেনো গৰম পাব। উপাই নাই, এ.চি থকা কেবিন এটাকে লৈছোঁ আৰু। এই তিৰোতাবোৰৰ কথা নক’ব আৰু বুইচেনে….’- শৰ্মাই লাহেকৈ ক’লে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments