এদিন শাৰদীয় সন্ধিয়া: বিশ্বজিৎ সূত্ৰধৰ

এদিন শাৰদীয় সন্ধিয়া

মূল: লেংষ্টন হিউজ

অনুবাদ: বিশ্বজিৎ সূত্ৰধৰ

বিল যেতিয়া কিশোৰ তেতিয়াৰ পৰাই সিহঁত দুটাৰ মাজত কিবা এক মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল। একো একোটা সুন্দৰ সন্ধিয়াৰ বহুখিনি সময় সিহঁত দুটাই একেলগে ফুৰি ফুৰি নানান ধৰনৰ কথা পাতি পাতি বৰ মধুৰ ভাবে কটাইছিল। এনে দৰেই দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু সময়ৰ সোঁতত এদিন দুয়ো পৰস্পৰে পৰস্পৰৰ পৰা বিচ্ছিন্ন হৈ যাবলগীয়া হ’ল। তাই এজন এনে লোকক বিয়া কৰালে যিজন লোকৰ প্ৰতি তাইৰ তিল মাত্ৰও অনুভূতিৰ অনুৰণন আছিল বুলি বিলে আজিও বিশ্বাস নকৰে। সেই সময়ৰ পৰাই বিলৰ মনত যেন ছোৱালী সম্পৰ্কে কিবা এক তিক্ত ধাৰণাই বাহ বান্ধিছিল। সি নিজে বুজিব নোৱাৰা কিবা এক অজান কাৰণত সকলো ছোৱালীৰ প্ৰতি তাৰ মনটো নিস্পৃহ হৈ পৰিছিল।

এদিন সি ৱাছিংটন স্কোৱাদেৰে গৈ আছিল। হঠাৎ তাৰ দৃষ্টিগোচৰ হ’ল ৰাস্তটোৰ অন্য ফালৰ পৰা বৰ অলস খোজেৰে এজনী ভদ্ৰ মহিলা আহি আছে। সি লক্ষ্য কৰিছিল মহিলাগৰাকীয়ে প্ৰথমতে তাৰ ফালে অলপ চাইছিল আৰু তাৰ পিছত মহিলাগৰাকীয়ে এক বিস্ময়াভিভূত কণ্ঠেৰে চিঞৰি উঠিছিল “আৰে বিল নহয়নে?”

বিলে খকমককৈ ৰৈ গৈছিল। প্ৰথম অৱস্থাত সি মহিলাগৰাকীক চিনি পোৱা নাছিল। কিন্তু লাহে লাহে তাৰ মনত যেন বৰ বিষাদ বিষাদ লগা এখন মুখৰ প্ৰতিচ্ছবি ভাহি উঠিছিল। সি কিছু আবেগ আৰু বিস্ময় মিহলি অনুভূতিৰে ভাবিছিল কিমান যে বয়সীয়াল যেন হৈ পৰিছে তাই৷

সি আথে-বেথে সুধিছিল- “আৰে মেৰি নহয়নে? কিমান দিনৰ মূৰত তোমাক দেখা পালো৷ সঁচাকৈয়ে আচৰিত লাগিছে৷’’

মেৰিয়ে বিলৰ একেবাৰে কাষ চাপি আহি বিলৰ ফালে এনেদৰে মুখ তুলি চাইছিল যেন তাই তাৰ পৰা এটা চুমাহে বিছাৰিছে। বিলে তাৰ হাতখন আগবঢই দিলে। তাই হাতখন খামোচ মাৰি ধৰি কলে মই এতিয়া নিউইয়কৰ্তে থাকো।

“হয় নেকি!” বিলে সুন্দৰকৈ হাঁহিলে। তাৰ দুচকুত ফুটি উঠিল তীব্ৰ এক ভ্ৰৃকুটিৰ ভাব।

“তুমি ক’ত আছা কি কৰিছা সেইবোৰ ভাবিলে সঁচাকৈয়ে মই বৰকৈ ভাবুক হৈ পৰো বিল৷”

“মই এতিয়া ওকালতি কৰো। ডাউন টাউনত এটা কাৰ্যালয়ো খুলিছো।”

“বিয়া কৰাইছা?”

“বিয়া কৰাইছো। দুটা সনতানৰ বাপেকো হৈছো।”

“বাপৰে হয় নেকি?”

পাকৰ্খনৰ যি ঠাইত সিহঁত দুটাই কথা পাতি আছিল সেই ঠাইখিনিৰ আশে পাশে আৰু অন্য বহু মানুহৰেই সমাবেশ হৈছিল। সিহঁত দুটাই সেই মানুহবোৰৰ কাকোৱে চিনি নাপায়। সায়াহ্নপৰৰ সেই সময়খিনি সঁচাকৈয়ে অপৰূপ হৈ উঠিছিল। ক্ৰমশঃ ৰাতিৰ গভৰ্ত প্ৰৱেশ কৰা দিনটোৰ ঈৰ্ষৎ পোহৰ আৰু ঠাণ্ডা ঠাণ্ডা এটা ভাবে চৌপাশৰ পৰিবেশটো যেন বৰ বিষন্ন কৰি তুলিছিল।

“বাৰু এতিয়া তোমাৰ খবৰ কোৱাচোন?” অতি সাধাৰণ ভাবেৰেই বিলে সুধিছিল।

“আমাৰ তিনিটা সন্তান। মই কলম্বিয়াৰ এটা কাৰ্যালয়ত কাম কৰি আছো।”

“তোমাক কিন্তু ভীষণ……..(বিলে ক’ব খুজিছিল বয়সীয়াল যেন লগা বুলি) যাওক বাৰু কোৱাচোন আৰু কিবা কিবি খবৰ।” বিলৰ মনোভাব বুজাত মেৰিয়ে অলপো অসুবিধা নাপালে।

ৱাছিংটন স্কোৱাদৰ সেই আমন-জিমন গ’ধূলিৰ সময়খিনিত বিলৰ স’তে এজোপা গছৰ তলত থিয় হৈ তাই যেন ঘূৰি গৈছিল অতীতৰ এখন ধূসৰ জগতলৈ। বিলৰ শাৰীৰিক পৰিবতৰ্ন বৰ বেছি হোৱা নাই। অথচ তাই দেখাত বিলতকৈ বহুত বয়সীয়াল যেন হৈ পৰিছে। যদিও বিল আৰু তাইৰ বয়স প্ৰায় সমানেই, তথাপিও সময়ে যেন তাইৰ চকু মুখত বিলতকৈ বহুত বেছি আঁক-বাক আঁকি দিছে।

মেৰিয়ে বৰ বিষন্ন ভাবেৰে কৈছিল- “আমি চেণ্ট্ৰেল পাকৰ্ৰ পশ্চিম ফালে থাকো। এদিন আমাৰ ঘৰলৈ আহিবাচোন।”

“নিশ্চয় নিশ্চয, তোমালোকেও কিন্তু এদিন আমাৰ ঘৰলৈ আহিব লাগিব। এটা কাম কৰিবা এদিন ৰাতিলৈ আমাৰ ঘৰত এসাজ খাওঁ বুলিয়েই আহিবা। তোমালোক অহিলে লুচিলি আৰু মই সঁচাকৈয়ে বৰ সুখী হ’ম।”

পাকৰ্ৰ গছবোৰৰ পাতবোৰ সৰি পৰিছিল। শৰতৰ স্নিগ্ধ আকাশখনে যেন কিবা এক বিষাদ সিক্ত সুৰেৰে গুনগুনাইছিল। বিল আৰু মেৰিৰ মনটো সেই সময়খিনিত কিবা এক চিনা-নিচিনা অনুভূতিৰে ভৰি পৰিছিল। সন্ধিয়াটো সিহঁত দুটাৰ কাৰণে হৈ পৰিছিল বতৰ্মানৰ মাজত অতীতক হেৰুৱাই পেলোৱা মায়া সনা কৰুণ ভৈৰবী ৰাগৰ দৰে।

“বিল তোমালোকৰ লগত সিদৰে একেলগে বহিব পাৰিলে আমাৰো নিশ্চয় বৰ ভাল লাগিব।”

হঠাৎ পাকৰ্ৰ বিজুলি বাতিবোৰ জ্বলি উঠিছিল। সিহঁত দুয়োৰে এনে অনুভৱ হৈছিল যেন চৌপাশৰ ঘনঘোৰ অন্ধকাৰৰ মাজত শাৰী শাৰী পোহৰৰ মালা কিছুমানহে দুলি আছে।

“মেৰীয়ে কৈছিল বিল মোৰ যাবৰ সময় হ’লেই। বাছখন আহি পালেই।”

বিলে মেৰিৰ হাতখন লাহেকৈ খামুচি ধৰি কৈছিল- “এতিয়ালৈ বিদায় মেৰি।”

ইতিমধ্যে বাছখন আহি পাইছিল আৰু মেৰিয়ে মানুহেৰে ঠাহ খাই অহা বাছখনত ঠেলি হেঁচি কোনোমতে প্ৰৱেশ কৰিছিল। “তুমি কিন্তু…….” মেৰিয়ে কিবা ক’ব খুজিছিল। বাছখন কিন্তু ইতিমধ্যে চলিবলৈ অৰম্ভ কৰিছিল। বিলৰ দৃষ্টিৰ পৰিসীমাৰ ভিতৰত থকা বিজুলী বাতিবোৰৰ আগেৰে বাছখন পাৰ হৈ যাওঁতে অলপ সময়ৰ কাৰণে বিজুলি বাতিবোৰ বিলৰ দৃষ্টিৰ পৰা লুকাই পৰি পুনৰ জিলিকি উঠিছিল। বাছখনৰ ভিতৰৰ পৰা তাই কোনো কথাই ক’ব পৰা অৱস্থা নাছিল। হঠাৎ তাই জোৰেৰে চিঞৰি উঠিছিল “বিদায় বিল…৷”

ঠিক সেই মুহূতৰ্ত বাছখনৰ দুৱাৰখন বন্ধ হৈ গৈছিল। বিলে মেৰিয়ে চিঞৰি চিঞৰি কোৱা কথাখিনিৰ একোৱে শুনা নাছিল। বাছখনে ক্ৰমশঃ দ্ৰত বেগত গতি কৰিবলৈ আৰম্ভ কৰিছিল। গোটেই সময়খিনিত ৰাস্তাটোৰে বহুত মানুহে ব্যস্ততাৰে অহা যোৱা কৰি আছিল। সেইসকল মানুহৰ কাকোৱেই সিহঁত দুটাই চিনি নাপায়। বহুত মানুহ আৰু তাৰ মাজতেই যেন কিবা এক নিজৰ্নতা। ইতিমধ্যে বাছখন যথেষ্ট দূৰলৈ আঁতৰি গৈছিল। সেই মুহূতৰ্ত মেৰিৰ মনত পৰিছিল যে তাই বিলক তাইৰ ঠিকনাটো দিবলৈ পাহৰিলে আৰু বিলৰ ঠিকনাটোও তাই ৰাখিবলৈ পাহৰি গ’ল। আনকি তাক এইটোও কোৱা নহ’ল যে তাইৰ ডাঙৰ ল’ৰাটোৰ নামো তাই বিল ৰাখিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments