এনিশাৰ সাধু -(বন্দিতা গগৈ বৰা)

এনিশাৰ সাধু

বন্দিতা গগৈ বৰা

 

বৰ্ষাই ঘৰৰ কাম-বনবোৰ শেষ কৰি বিছনালৈ আহে মানে এঘাৰটা বাজিবৰে হৈছিল! অৱশ্যে ইচ্ছা কৰিয়েই তাই কামবোৰ কৰি আছিল যাতে সময়বোৰ যায়৷ আজি দেৱালীৰ নিশা যদিও মানস মানে তাইৰ স্বামীৰ নাইট ডিউটি পৰাত তেওঁ ঘৰত নাই৷ যেতিয়াই স্বামীৰ নাইট ডিউটি পৰে বৰ্ষাৰ সেই ৰাতি ভাল টোপনি নাহে! অকলে অকলে ঘৰটোত থাকি ভাল নলগাৰ বাবে আজি দুমাহমানৰ পৰা ওপৰৰ তলাটো ভাৰালৈ দিয়াত অলপ সাহস পাইছে৷ যদিও বৰুৱা খুৰা খুৰীৰ বয়স হৈছে তথাপিও মাতবোলৰ বাবে মানুহ দুজন পাই তাই বৰ সুখী৷ ছোৱালী দুজনীকো কেতিয়াবা তেওঁলোকৰ লগত থৈ ইফালে সিফালে যাবলৈ সুবিধা হৈছে৷

চিলমিলকৈ টোপনিটো ধৰিছিল হে হঠাৎ কাণৰ কাষতে যেন কিবা এটা ফুটিছে এনে লাগিল বৰ্ষাৰ! খকমককৈ সাৰপাই কি হৈছেনো বুজিবলৈ অলপ সময় লাগিল৷ এনেতে আকৌ বিকট এটা শব্দ, “ধুউম! ! ““ লগেলগে এজাউৰি কিৰিলি, “ধুউম, ধুউম, ধুউম! ! ““ একেলগে কেইবাটাও বিকট শব্দ, লগে লগে হাঁহি আৰু কিৰিলি অশ্লীল শব্দও শুনা গল৷ কোন হব পাৰে বাৰু? সিহঁতৰ এই চুবুৰিত এনে ধৰণে উৎকট আনন্দ কৰিব পৰা কোনো নাই৷ তেতিয়া হ’লে গলিটোৰ মূৰত থকা ক্লাৱটোৰ ল’ৰাকেইটা নি বাৰু? নাই নাই সিহঁত হ’ব নোৱাৰে, সিহঁতেটো কালীপূজা আৰু আজিও দেৱালীৰ কিবাকিবি প্ৰগেমত ব্যস্ত হৈ আছে! সিহঁতৰ ক্লাৱৰ মুখত ইমান মুকলি জেগা সিহঁতে কৰিলে তাতেই কৰিব৷ ইতিমধ্যে ধুমধাম ফুটাৰ শব্দ বাঢ়ি আহিছিল৷ খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে জুপি চাই দেখিলে ঠিক সিহঁতৰ ঘৰৰ মুখতে পাচঁটামান ল’ৰা, সেইকেইটাৰে কাম৷ এটাও পিছে চিনাকি যেন নালাগিল৷ বেলেগ জেগাৰ ল’ৰা আহি ইমান অতপালি কৰিছে৷ তেনেতে ওপৰত বৰুৱা খুৰাৰ গলখেকাৰি শুনা গল৷ বেচেৰী খুৰীজনী হাৰ্ট উইক থকা মানুহ, এই ৰাতি খন টোপনি ভাঙি কিমান কষ্ট পাইছে চাগৈ৷ ওপৰৰ পৰা খুৰাই সিহঁতক উদ্দেশ্যি কিবা এটা কোৱা কাণত পৰিল৷ তাইও সাহ কৰি দুৱাৰমেলি চোতাল পালেহি৷ বৰুৱা খুৰাও নামি আহিল৷ সিহঁতৰ সন্মুখৰ মিনতি বাইদেউও বাহিৰলৈ আহিল৷

: “তোমালোকে ইমান ৰাতি খন ইয়াত এইবোৰ কি কৰিছা? “বৰুৱা খুৰাই কবলৈহে পালে, বম এটা অগ্নি সংযোগ কৰিবলৈ হাউলি থকা ৰঙা স্পৰটিং পৰিহিত যুৱক জনৰ মুখেদি অশ্লীল শব্দ এটা বাগৰি আহিল৷

: “আজি ( অশ্লীল ) দেৱালী বুলি নাজানে নি?”

“দেৱালী হ’ল বুলি এই ৰাতিখন তোমালোকে লোকৰ পদুলিত এনেকৈ বম ফুটাই মানুহৰ টোপনি ভাঙিবা নি? বেমাৰী মানুহ…” বৰুৱা খুৰাৰ কথা শেষ হ’বলৈ নাপালেই গোটেই কেইটাই একেলগে হো হোৱাই হাঁহি দিলে৷” এই ফুট গধূলিতে শুবলৈ আপোনাক কোনে কৈছিল আংকল? “বৰ্ষাই হাতৰ মবাইলটোত সময়টো চালে, এটা বাজো বাজো৷

“ৰাতিখন লোকৰ পদুলিত গণ্ডগোল নকৰি নিজৰ ঘৰৰ মুখত কৰাগৈ যোৱা৷ প্ৰসাশনে ইমান ৰাতি এইবোৰ ফুটোৱা নিষিদ্ধ কৰিছে বুলি নাজানা নেকি?” মিনতি বাইদেৱেও কৈ উঠিল!

: “থৈ দিয়ক আপোনাৰ পুলিচ প্ৰসাশনৰ নিষেধাজ্ঞা! (অশ্লীল ) চাল্লা লেকচাৰ মাৰি চব ফূৰ্তি মাটি কৰি দিছে!” কৈয়ে বম এটা জ্বলাই মিনতি বাইদেউৰ ঘৰৰ ফাললৈ মাৰি পঠিয়ালে৷ বাইদেৱে, “কি কৰা কি কৰা” বুলি ভিতৰলৈ দৌৰি দুৱাৰ মাৰিলে৷ বেচৰী মানুহজনী গিৰীয়েকৰৰ মৃত্যুৰ পাছত ৰুগীয়া শহুৰ শাহুৱেকৰ লগত অকলে থাকে, একমাত্ৰ ল’ৰাটো অসমৰ বাহিৰত পঢ়ি আছে৷

এইবাৰ সিহঁতৰ উৎপাত আৰু বাঢ়িল৷ যেনি তেনি বমবোৰ জ্বলাই দলিয়াই দিবলৈ ললে আৰু লগতে অশ্লীল কথা কৈ কিৰিলি আছেই৷ বৰ্ষাহতো পিছুৱাই বাৰাণ্ডাত উঠি গ্লীল জপাই দিলে৷ সিহঁত কেইটা সুস্থিৰ অৱস্থাত নাই, ডিঙি লৈকে এটুপি ধৰি লৈ যে এই অতপালি কৰিছে বুজিবলৈ বাকী নাথাকিল৷ কিন্তু সিহঁতক এনেকৈ অতপালি কৰি থাকিবলৈয়ো দিব নোৱাৰি৷ এইখিনিত সিহঁত কেইটাক কিবা এটা কৰিব পৰাকৈ কোনো ডেকা লৰাও নাই৷ হঠাতে তাইৰ গলিটোৰ মূৰৰ “হেপ্পী হেপ্পী য়ুওঠ ক্লাৱ”ৰ ল’ৰাকেইটাৰ মুখকেইখন মনলৈ আহিল৷ ল’ৰাকেইটা যদিও এই গলিটোৰ কোনো ঘৰৰে নহয় তথাপিও সিহঁতৰ লগত সিহঁতৰ এইখিনিৰ মানুহৰ এটা ভাল সম্পৰ্ক আছে৷ সিহঁতৰ ক্লাৱে পতা দুৰ্গা পূজা, কালীপূজাত এই গোটেই কেইঘৰে মোটা মোটা চান্দা দিয়ে, তদুপৰি ক্লাৱত হোৱা শনিবাৰ আৰু ৰবিবাৰৰ আৰ্ট আৰু গানৰ ক্লাছত এই চুবুৰিৰ মানুহ কেইঘৰৰ গোটেই কেইটা সৰু সৰু ল’ৰা ছোৱালী যায় শিকিবলৈ৷ ক্লাৱৰ ল’ৰাকেইটা বহু সামাজিক কাম কাজৰ লগতো জড়িত৷ সিহঁত কেইটাৰ দুটামান ভাল ভাল চাকৰিয়াল, দুটা মানে ব্যৱসায় কৰে৷ আজৰি সময় খিনি পাৰ কৰিবলৈ এই ক্লাৱটো খুলি লৈছে৷ পঢ়াশুনা থকা ভাল ঘৰৰ লৰাকেইটা খুউব ভদ্ৰও৷ আজি ৰাতিপুৱাই সিহঁত কেইটামান আহি ঘৰে ঘৰে আগৰাতিৰ পূজাৰ খিচিৰি প্ৰসাদৰ পেকেট দি গৈছিল৷ তেতিয়াই বৰ্ষাই বিভূতি বোলা লৰাটোৰ ফোন নাম্বাৰটো লৈছিল৷ আছলতে কথাই কথাই আগদিনা মিনতি বাইদেৱে কোৱা কথা এটা মনত পৰি তাই বিভূতিৰ নম্বৰ লৈ লগে লগে চেইভ কৰিছিল৷ বৰ্ষাহঁতৰ এই সৰু চহৰখনত এটা বস্তুৰ বৰ আতংক৷ সেইটো হল ইয়াত যিকোনো চিজনত প্ৰকাণ্ড প্ৰকাণ্ড সাপ ওলায়৷ ঘৰৰ ভিতৰতো সোমাই আতংকৰ সৃষ্টি কৰে৷ আচলতে চহৰ খনৰ চাৰিওফালে থকা জংঘল বোৰ কাটি কাটি ঘৰ সাজিছে, সেইকাৰণে সাপবোৰৰ থকা ঠাই আৰু খাদ্যৰ নাটনি হোৱাত সিহঁতে যেনি তেনি ঘূৰি ফুৰিবলৈ লৈছে৷ মিনতি বাইদেৱে কথাই কথাই এদিন কৈছিল “হেপ্পী হেপ্পী য়ুওঠ” ক্লাৱৰ লৰাকেইটাই হেনো মানুহৰ ঘৰত সোমোৱা সাপ ধৰি লৈ হাবিত এৰি দিয়ে, ফোন এটা কৰি মাতি দিলেই হ’ল তেওঁলোকক৷ কথাটোৱে বৰ্ষাৰ মনত খুন্দিয়াইছিল, এৰা বৰ দৰকাৰী কথা এটা কলে বাইদেৱে৷ যদিও আজিলৈকে সাপ ঘৰত সোমোৱা নাই কেতিয়াবা যদি সোমায়? সেয়ে ৰাতিপুৱা বিভূতিহতে প্ৰসাদ দিবলৈ আহোঁতে তাই তাৰ ফোন নাম্বাৰটো লৈছিল! প্ৰয়োজনত কামত আহিব৷

সেই প্ৰয়োজন নহলেও এতিয়া এই দুষ্ট লৰাকেইটাক কিবা এটা কৰি ইয়াৰ পৰা আঁতৰাই নিবলৈকে তাই বিভূতিলৈ ফোন লগালে৷ বহুদেৰি ৰিং হৈ থাকিল৷ আজি ক্লাৱত দেৱালী উপলক্ষে কিবাকিবি অনুষ্ঠান আছিল৷ এতিয়া চাগৈ খোৱা বোৱাত ব্যস্ত সিহঁত, সেয়ে ফোন ধৰিব পৰা নাই তাই মনতে ভাবিলে৷ বহুদেৰি ৰিং হোৱাৰ পাছত সিমূৰে বিভূতিৰ মাতটো শুনা গল, “হেল্ল, কোনে কৈছে?”

“মই মই মানে বৰ্ষা বাইদেৱে কৈছোঁ, ৰাতিপুৱা যে তোমাৰ ফোন নং লৈছিলো, ধৰিব পাৰিছানে?”

“হেল্ল, ৰব দেই কি কৈছে একো শুনা নাই!” তাৰ পাছত সি চিঞৰি কাৰোবাক, “অই ভলিউমটো কমাচোন!” বুলি কৈ আকৌ তাইৰ লগত কথা কলে “আজি ক্লাৱৰ গোটেই কেইটা লৰামিলি নাচ গান কৰি এসাঁজ খাইছো বাইদেউ৷ কওকচোন কিয় ফোন কৰিলে?” বৰ্ষাই যিমান পাৰে খৰকৈ বেলেগৰ পৰা যে লৰাকেইটামান আহি গণ্ডগোল কৰি আছে, সিহতক কিবা কৰি ইয়াৰ পৰা আঁতৰাই নিব পাৰিবনেকি সুধিলে৷ লগতে ইয়াকো কলে যে বুদ্ধি কৰি আঁতৰাই নিলেই ভাল আন হুলস্থুল হব নালাগে৷ বিভূতিয়ে সুধিলে, “ল’ৰা কেইটা?” তাইৰ পৰা সংখ্যাটো শুনি লৈ, “ৰব, একো চিন্তা নকৰিব আমি গৈ আছোঁ৷”

বিভূতিৰ পৰা অভয় বাণী পাই তাইৰ ভাল লাগিল৷ কালি মিনতি বাইদেৱে কোৱা আৰু এটা কথা মনত পৰিল বিভূতিহতে সাপ ধৰাৰ ঢেৰ কাহিনী আছে৷ তাৰেই এটা কালি তেওঁ কৈছিল৷ সিহঁতে সাধাৰণতে দুডাল লাঠিৰে সাপ ধৰে৷ এডালৰে সাপটোৰ মুখখনৰ আগত লাহেকৈ লগাই দিয়ে, সাপে খপকৈ সেইডাল গিলি দিলে বেলেগ ডালেৰে ডিঙিটো হেচি ধৰে, আৰু বস্তাত ঠেলি ঠেলি ভৰাই৷ এবাৰ এঘৰ মানুহৰ চিলিংত সোমাই থকা সাপ তেনেকৈ ধৰোতে, সাপটো টানি টানি চিলিংৰ পৰা নমাওতে ডিচেম্বৰ মাহৰ ঠাণ্ডাতো বোলে চপচপীয়াকৈ ঘামিছিল৷ কাৰণ সাপটো ইমান দীঘল আছিল যে দুইহাতে লাঠি দুডালেৰে টানেহে টানে সেইডাল বোলে শেষই নহয়৷

অগাপিছাকৈ অহা তিনি চাৰিখন বাইকৰ পোহৰ চকুত পৰাত বৰ্ষাৰ ভাবত যতি পৰিল৷ বিভূতিহত আহিল৷ বৰ্ষাহত আকৌ চোতালৈ ওলাল৷ ওচৰৰ দুই এঘৰৰ বাৰান্দাৰ লাইটবোৰো জ্বলিল৷ আচম্বিতে দহ এঘাৰটা লৰা আহি সিহঁতক আগুৰি ধৰাত উৎপাত কৰিবলৈ এৰি সিহঁতে তেলতেলকৈ চালে৷ চফুট ওখ বিভূতিৰ গলগলীয়া মাতটো শুনা গল, “আৰে ভাই ৰাজা, ইয়াত কি কৰিছা?” গলগলীয়া যদিও মাতটো ধমকীৰ সুৰত নহয় বন্ধুসুলভ আছিল৷

“কি কৰিছা মানে? দেৱালী বুলি অলপ ফূৰ্তি কৰিছোঁ আকৌ, দেখা নাই! ! ফূৰ্তি কৰাত আপত্তি আছে?” দোৰোল খোৱা জিভাৰে ৰঙা চোলা পিন্ধাটোৱে কলে৷

“আপত্তি নাই, খালী লোকৰ পদুলিত কিয় কৰিব লাগে, ঘৰে ঘৰে অসুখীয়া বুঢ়া মানুহ আছে নহয়, বলা আমাৰ ক্লাৱত একেলগে ফূৰ্তি কৰিবা আমাৰ লগত৷” কৈয়ে ৰাজা বোলাটোক গাত ধৰি নিয়াৰ চেষ্টা কৰিলে৷ নাই সি আৰু লগৰ কেইটাও নাচোৰবোন্দা, নাযায় ইয়াতে কৰিব যি কৰিব, ৰাজহুৱা ৰাষ্টা কাৰো বাপৰ সম্পত্তি নহয়৷ বাকীবোৰেও বুজাবলৈ চেষ্টা কৰিছে কিন্তু সিহঁত এটাও বুজাৰ নাম নলয়৷ মাত কথাবোৰ বাঢ়ি বাঢ়ি তৰ্কৰ ৰূপ লৈছে৷ ভয়তে বৰ্ষাহঁতৰ জীৱ উৰি যাওঁ যাওঁ হল৷ ভাল হওক চাৰি এতিয়াচোন বেয়াহে হব৷ ডেকা তেজ, মাৰপিট নহলেই ৰক্ষা৷ এনেতে বিভূতিয়ে ৰাজাবোলাটোৰ কাণে কাণে কিবা কলে, বাকী দুষ্ট কেইটাকো ওচৰলৈ গৈ গৈ কিবা কলে, তাৰপাচতে গোটেই কেইটা বিভূতিহঁতৰ লগত যাবলৈ মান্তি হল৷ সিহঁতবোৰ ঢপঢপাই মটৰচাইকেল চলাই ক্লাৱৰ ফালে গলগৈ৷ গোটেই চুবুৰীটো শান্ত হৈ পৰিল, অকল বিভূতি ৰৈ গল৷

“এতিয়া আৰু আপোনালোকৰ একো দিগদাৰী নহয়৷”

“কি কলা তুমি সিহঁতক, মান্তি হ’ব নিবিচৰা কেইটাও যে ইমান সহজে যাবলৈ ওলাল৷”

“ক্লাৱত ভাল বটল দুটা মান আৰু কুকুৰাৰ ৰাণ ফ্ৰাই দি পাৰ্টি কৰিম কলো!” হাঁহি এটা মাৰি বিভূতিয়ে কলে৷

“সচাকৈয়ে আছে নে?”

“আছে কিবাকিবি, লগৰ দুটামানে আজি নিৰামিষ খায় বাবে ৰৈ যোৱা মাংস দুবাটি মান আছে, ক’ত ৰাণ ফ্ৰাই খুৱাম! “হো হোৱাই হাঁহি দিলে বিভূতিয়ে,” সিহঁত কেইটাৰ যি অৱস্থা, কৰবাত গাঁতত পেলাই দিলে নিজে উঠি আহিব নোৱাৰে এতিয়া৷” কৈয়ে আকৌ হাঁহিলে, তাৰ হাঁহিত গোটেই চুবুৰীতো কপি গল৷ কিন্তু এইবাৰ ভয়ত নহয় আনন্দত কপিঁল৷ বিভূতিৰ লগতে বৰ্ষাহতেও হাঁহিলে৷

“আপোনালোক নিচিন্তমনে শুই থাকক!” কৈয়ে বিভূতিয়ে মটৰচাইকেল ষ্ট্ৰাৰ্ট দি গলগৈ! বিভূতি যোৱাৰ ফালে অলপ সময় এনেই চাই থাকি বৰ্ষাও ঘৰত সোমাল৷ ইতিমধ্যে বৰুৱা খুৰায়ো তাইক মাত লগাই ওপৰলৈ গলগৈ, এতিয়া সকলোৱে শান্তিৰে শুব পাৰিব৷

দুৱাৰ জপাই, লাইট নুমুৱাই তাইও বিছনাত বাগৰ দিলে৷ মনলৈ বিভূতিহঁতৰ ক্লাৱৰ লৰাকেইটা আৰু এই উৎপতীয়া লৰাকেইটাৰ কথাই আহি থাকিল৷ একে বয়সৰ লৰা অথচ আচাৰ ব্যৱহাৰ, চিন্তাধাৰাৰ কিমান প্ৰাৰ্থক্য৷ “হেপ্পী হেপ্পী য়ুওঠ ক্লাৱে” চান্দা তুলি পূজা পাতি ফূৰ্তি কৰিয়ে ক্ষান্ত থকা নাই বা টকা নষ্ট কৰা নাই৷ পূজাৰ দিনা দুপৰীয়া আৰু আজিও দুখীয়া মানুহক এসাঁজ সুন্দৰকৈ খুৱাইছে৷ দুখীয়া লৰাছোৱালীক মিঠাই কিনি দিছে৷ তদুপৰি ক্লাৱৰ লৰাবোৰৰ এটা ব্লাড ডনেট কৰা গ্ৰুপ আছে, যাৰে প্ৰয়োজন হয় তেওঁলোকে নিজে আগুৱাই গৈ ব্লাড দিয়ে৷ আজিও দেৱালী বুলি অলপ গান গাই নাচি নিজৰ মাজত পাৰ্টি কৰিছে, কোনো মানুহক দিগদাৰী দিয়া নাই৷ অথচ একেবয়সৰ এই লৰাকেইটা? বৰ্ষাই মনে মনে প্ৰাৰ্থনা কৰিলে যাতে এইলৰাকেইটাও বিভূতিহঁতৰ লগত পৰি সিহঁতৰ দৰেই ভাল হৈ পৰক৷ এইবছৰতে হেনো “হেপ্পী হেপ্পী য়ুওঠ ক্লাৱৰ” পচিশ বছৰ সম্পূৰ্ণ হব৷ বৰ্ষাই ভাবিলে ক্লাৱটো এশবছৰ কিয় আৰু দীৰ্ঘায়ু হওক তাই সুখী হ’ব৷ এইবোৰ ভাবি ভাবি কেতিয়ানো টোপনি গল গমেই নাপালে৷ ৰাতিটোৰ বাকী সময় খিনি চুবুৰিটোৰ সকলোৱে পৰম শান্তিত শুব পাৰিলে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments