এনেই বুঢ়ী নাচনি, তাতে বুঢ়াও আজি অনলাইন (মন জিত)

এনেই বুঢ়ী নাচনি, তাতে বুঢ়াও আজি অনলাইন


মন জিত

বুঢ়া: হৌৰা!

বুঢ়ী: অ’ হৌৰা কোৱা।

বুঢ়া: হাও দু ইউ দু ?

বুঢ়ী: ডাক্টৰৰ ঘৰলে মাজে মাজে আলহী খাবলে যোৱাকে ধৰি কোনোমতে ফাইন আৰু দেই। তুমি পিছে হাও?

বুঢ়া: মোৰো চেম চেম। এই মাত্র ভাত খাই উঠি খুন্দা তামোল এখনে মূহুদি কৰিছিলো পিছে তামোলে মূৰত ধৰি মোৰ উশাহ নুঘুৰিছিলেই বুজিছানে। তোমাক অনলাইন দেখিলতহে অক্সিজেন অলপ পোৱা যেন পাইছো।

বুঢ়ী: ইহ কি যে কোৱা, লাজতে মোৰ সোতোৰাপৰা গাল খনত লাজৰ ৰঙচুৱা দোতোৰা বাজি গৈছে পাই!

বুঢ়া: আয়ৈ দেহী, এই বয়সতো তাৰ মানে তোমাৰ লাজ তজবজিয়াই হৈ আছে। বেলেগ আৰু দেই।

বুঢ়ী: যাহ এইডাল, কি নো কৈ থাকা আৰু তোমাৰ কথাত হাঁহি উঠি তামোলৰ পিক মনিটৰত পৰি মনিটৰ টোৱেই লাজবৰণীয়া হৈ গ’ল হে।:পি

বুঢ়া: হয়নে ….:ডি

বুঢ়ী: আৰু কি… পিছে এমুঠি ল’লা নে নাই?

বুঢ়া: ল’লো ল’লো। এমুঠি লৈ আজৰি হৈ দাঁত যোৰ খুলি সযতনে থৈ হে তোমাৰ সতে কথা পাতিব বহিছো।

বুঢ়ী: কথা পতাৰ লগত আকৌ দাঁত যোৰৰ কি সম্পর্ক?

বুঢ়া: নাই মানে তোমাৰ লগত কথা পাতি পাতি তোমাক জোকাই থাকোতে কেইবা বাৰো দাঁত কামোৰ খালো ঔ, সেয়ে আজি দাঁত যোৰ খুলি মনোমোহা লাপুং হাঁহি লৈ মই বুঢ়াই তোমাৰ ফেছবুকৰ চোতালত মুঢ়া পাৰি বঢ়িছো।:পি

বুঢ়ী: দেহী ঐ মোৰ লাপুং সোণামুৱাটো, ময়ো মোৰ ৰঙাকৈ দাঁতৰ আলু আৰু তামোলে ৰঙীন কৰা জিভা আৰু তালুৰে সৈতে তোমাক সাদৰ সম্ভাষন জনালো:পি

বুঢ়া: হেঃ হেঃ হেঃ,,,, আহহহহহহ্..!

বুঢ়ী: কি হ’ল??

বুঢ়া: নাই একো নাই…

বুঢ়ী: কি হ’ল কোৱা আকৌ…

বুঢ়া: নাই অ’ কঁকালটো কেছেক কৰিলে ঘপহ কে…আঠুটোৱো মাজে মাজে বিষাই যে। একো নাই আল ইজ ৱেল…আল ইজ ৱেল। তুমি পিছে কি কৰি আছা এতিয়া।

বুঢ়ী: মোৰ বাদ দিয়া। তোমাৰ কি বেছিকে বিষাইছে নেকি?

বুঢ়া: নাই ঔ এই সময়ত মাজে মাজে হয় আৰু.. তুমি জানাই দেখোন। সত্তৰটা বসন্তই গৰকি যোৱা দেহা,

চুগাৰ প্রেছাৰ ইউৰিক এচিডে পাতিছে ৰমৰমীয়া বেহা।:পি

বুঢ়ী: তুমিও যে আৰু বেমাৰতো কবিতা নেৰিলা। কলেজৰ দিনৰ ৰস এতিয়াও লথপথপাই আছে দেই!

বুঢ়া: কি কৰিবা কুকুৰ নেজৰ কথা আৰু…বেলেগকৈ কি ক’ম তোমাক।

বুঢ়ী: হেঃ হেঃ হেঃ। পিচে এটা কথা তোমাক সত্তৰটা বসন্তই গৰকিব পাৰে মোক কিন্তু আজিও মাত্র ঊনৈশটা বসন্তই হে গৰকাৰ সাহস কৰিছে।

বুঢ়া: হয় নে?! তোমাৰো সেই কলেজৰ দিনৰেপৰা ৰূপ-যৌৱনক লৈ ফিতাহি মৰা অভ্যাসটো নগ’ল আৰু ন?

বুঢ়ী: ফিতাহি ?? কি ক’ব বিচাৰিছা তুমি?

বুঢ়া: একো নাই, একো নাই, বাদ দিয়া।

বুঢ়ী: বাদ দিয়া বুলি ক’লেই বাদ দিম নে? হেৰা..ছোৱালীজনীৰ ঘৰলৈ যাওঁতে মোক দেখি চাৰিআলি মুৰৰ ডঙুৱা কেইটাই আগৰদৰে হুইছেল নামাৰিলে কি হ’ল! মোৰ পাকঘৰৰ কুকাৰটোৱে মোৰ উপস্থিতিত দেইলি তিনি চাৰিটাকে হুইছেল মাৰে বুজিছা। এতিয়াও মোৰ প্রফাইল পিকচাৰত ১৮৫টা ‘লাইক’ আৰু ১১৯ টা ‘কমেন্ট’। মোৰ এটো মাথো “গুড্ মৰ্ণিঙত” মিনিমাম ৭০টা লাইকে লাইন পাতি থাকে। ধুনীয়া ল’ৰা বোৰে টেগ কৰি কৰি ব’ৰো কৰি দিয়ে বুজিছা। এতিয়া কোৱা মই ফিতাহি মাৰিছো বুলি। হুঁহ ..

বুঢ়া: বাপৰে, ফুল অন জৱানী তাৰমানে, তুমি তাৰমানে ৰেখাৰ দৰে চিৰ সেউজ, অনন্যা একেবাৰে। কবিতাই ওলাই যায় আৰু মোৰ দেই..!

হে মহিয়সী মহান তোমাৰ জীৱন যৌৱন,

লাখুটি লোৱা লাহি খোজেৰে জীপাল কৰাহি মোৰ বুকুৰ মৌ-বন।

পিছে মিছা নকওঁ গ’ল্ডেন ফ্রেমৰ চচমা জোৰেৰে লাখুটি ডাল কাষত ৰাখি ৰূপোৱালী প্ৰলেপ সনা মেঘালী চুলিৰে আৰামী চকীত বহি মৰা প্রফাইল পিকখনত থকা তুমিজনী সঁচাই ১৯বছৰীয়া যেনেই লাগিছে।

বুঢ়ী: ইহ , তেল মাৰিছে চোৱা। তোমাকো ভেচমল কেছকালা লগোৱা কিছকিছিয়া চাইনিং মাৰি থকা ক’লা চুলিৰে একেবাৰে চফল ডেকাটো যেনেই লাগিছে আৰু….!

বুঢ়া: হেঃ হেঃ হেঃ..ঐ কথা এটা কওঁ খং নকৰাটো?

বুঢ়ী: কি কথা নো?

বুঢ়া: সেই তাহানিৰে পৰা ককবকাই থকা মনৰ ভাৱ এটা। তোমাক ফেছবুকত লগ পোৱাৰে পৰা আকৌ উকমুকাই উঠিছে হে।

বুঢ়ী: এহ কি নো পাক লগা কথা বোৰ কৈ থাকা। কোৱা কিহে খুন্দিয়াই আছে তোমাৰ মনৰ মাজত? খং নকৰো বাৰু।

বুঢ়া: নাই মানে সেই তেতিয়াৰ দিনৰে পৰা তোমাৰ খঙটো আকৌ বেছি নহয়। মোৰ কথাত খং উঠি লাখুটিৰে আক্রমণ চলালে কম্পিউটাৰটোহে চিৰদিনলৈ ঘুণীয়া হৈ যাব।:পি

বুঢ়ী: এহ এইডাল! কোৱা না কি ক’ব খুজিছা।

বুঢ়া: কথাটো হ’ল….

বুঢ়ী: কোৱা ৰৈ গ’লা যে….

বুঢ়া: এহ ৰ’বা কথাটো ক’ব লওঁতেই বুকুখন বিষাই উশাহটো আকৌ ঘুৰাব নোৱাৰা হৈছিলো ঔ…অক্সিজেন স্প্রে’ টো মাৰিলত হে ভাল লাগিছে।

বুঢ়ী: হ’ব তেনেহ’লে তুমি ৰেষ্ট লোৱা এতিয়া। পিছত ভাল পালে ক’বা।

বুঢ়া: নাই নাই আজি মই কমেই ক’ম। কিমান দিনৰ মুৰত যে সাহস গোটাইছোঁ। আজি নক’লে আৰু কোৱা নহ’ব আৰু কোনো কাহানিও।

বুঢ়ী: কোৱা আকৌ তেনেহ’লে।

বুঢ়া: আচলতে কি জানা জেতুকী, সেই কলেজৰ দিনৰে পৰা বুকুত বান্ধি লৈ ফুৰিছো এই কথাখিনি। তুমি বেয়া পোৱা বা মোৰ সতে মাত বোল বন্ধ কৰাৰ ভয়তেই কোৱা নহ’ল। সময়ৰ লগত বহু বিষ আহিল, বহু বিষ গ’ল। পিছে এই বিষটো বুকুৰ কোনোবা কোনত স্থায়ী হৈ ৰ’ল।

বুঢ়ী: কি আকৌ বুকু খন বিষাইছে নেকি? অক্সিজেন স্প্রেটো মাৰি দিয়া আকৌ…

বুঢ়া: ধেই এইজনী এইটো সেই টাইপৰ বুকুৰ বিষ নহয় অ’, ষোল্ল বছৰ বয়সতে হোৱা বুকুৰ বিষ। অক্সিজেন স্প্রেয়ে কাম নিদিয়ে ইয়াত।

বুঢ়ী: তুমি ব’ৰ কৰিছা আৰু দেই কি ক’ব আছে খোলা খুলিকে কৈ দিয়া, নহ’লে মই অফলাইন হম আৰু এতিয়া।

বুঢ়া: হেই..কি কৰা, কি কৰা। খং নকৰো বুলি কৈ খং কৰিছা যে। শুনা শুনা ডাইৰেক্ট কৈ দিওঁ আৰু তোমাক। লাজ-ভয় সকলোবোৰ চুৰিয়াৰ জেপত ভৰাই তোমাক কৈয়ে দিওঁ আৰু তেনেহ’লে।

বুঢ়ী: অ, ভাল বুঢ়াটো হৈ পটকে কৈ দিয়া।

বুঢ়া: আচলতে মই তোমাক ভাল পাওঁ। সেই কলেজৰ দিনৰে পৰা ভাল পাওঁ.. তেতিয়া মই তোমাক কওঁ মানে তোমাক বিয়াই দিয়েই দিলে আনলৈ। ফেছবুকত তোমাৰ সতে দেইলি চাট কৰি কৰি তোমাক আকৌ আগৰ দৰেই ভাল পাই পেলালো ঔ জেতুকী।

বুঢ়ী: ……………..

বুঢ়া: আছা নে তুমি ?

বুঢ়ী: অ, আছো…….

বুঢ়া: কি হ’ল মনে মনে ৰ’লা যে…

বুঢ়ী: নাই ভাবিয়েই পোৱা নাই কথাটো…

বুঢ়া: কিয় ইয়াতে ভাবিবলৈ কি আছে? ক’বলৈ থাকি যোৱা মনৰ কথা হে কৈছো কিবা…

বুঢ়ী: হমমমমম…

বুঢ়া: কি হ’ল কিবা এটা কোৱা আকৌ। বেয়া পালা ন মোৰ কথাবোৰ শুনি??

বুঢ়ী: নাই ঔ। কিয় বেয়া পাম মনৰ কথা বোৰ খোলা খুলিকে কৈছা যেতিয়া বেয়া পাবলৈ কি আছে নো।

বুঢ়া: তেনেহ’লে?

বুঢ়ী: তুমি কিয় যে নক’লা তেতিয়াই সেই কথা হে ভাবিছো। মইয়ো তোমাক কিমান আঁৰ চকুৰে চালো মোৰো বৰ ভাল লাগিছিল তোমাক। নিজৰ কৰি পাবলৈ বৰ মন গৈছিল।

বুঢ়া: হা ……….. কি??

বুঢ়ী: অ..সঁচাকৈ কৈছো। তোমাৰ শপত।

বুঢ়া: ইছ ইছ ইছছছছছছছ…কিয় যে নক’লো তেতিয়াই। ধুইৎ চাল্লা।

বুঢ়ী: একো নাই, সেইবোৰ ভাবি এতিয়া একো লাভ নাই। যি হ’ল, হ’ল আৰু। জন্ম-মৃত্যু-বিবাহত আমি নৰমনিচৰ কোনো হাত নাই বুজিছা? গতিকে এই সকলো তেৰাৰেই কৃপা। জুকাৰবাৰ্গে আজি দেবদূত হৈ তোমাক মোক মনৰ কথা মুকলিকে পতাৰ সুযোগ দিলে। গতিকে ভগৱান আৰু জুকাৰবার্গে যি কৰে ভালৰ বাবেই কৰে বুজিছা?

বুঢ়া: বুজিছো পিছে মোৰ কথাটো কি হ’ব?

বুঢ়ী: কি হ’ব মানে??

বুঢ়া: মই যে তোমাক এতিয়াও ভাল পাওঁ। তোমাক কাষত পাব বিচাৰোঁ…।

বুঢ়ী: কি????

বুঢ়া: অ, আকৌ।

বুঢ়ী: …………

বুঢ়া: কি হ’ল একো নক’লা যে?

বুঢ়ী: …………

বুঢ়া: হেৰা শুনিছা নে নাই?

বুঢ়ী: ছছছছছছছ… ৰ’বা, নাতিটোৱে সাৰ পাই গ’ল মই কি বুলি চিঞৰি দিয়াত। তাক শুৱাই লওঁ।

বুঢ়া: অ..

বুঢ়ী: অ, কোৱা। এই বয়সত জানো সেইবোৰ সম্ভৱ? মানুহে কি বুলিব? তুমি মই দুয়ো চাৰি-পাঁচটা নাতি নাতিনীৰ ককাক, আইতাক।

বুঢ়া: পিছে কি হ’ল? মইতো নহয় বুলি কোৱা নাই।

বুঢ়ী: তেনেহ’লে? কি ক’ব বিচাৰিছা ভালকৈ বুজাই দিয়া।

বুঢ়া: চোৱা, তোমাৰো তেওঁ আজি আমাৰ মাজত নাই আৰু মোৰ এৱো আজি আমাৰ মাজত নাই। গতিকে আমি বন্ধু হিচাপে ইজনে সিজনৰ সংগ দিয়াত কি আপত্তি? ময়ো জানো যে আমাৰ এতিয়া পার্কত বহি জোপোহাৰ আঁৰত ৰৈ শালিকী প্রেম কৰাৰ দিন নাই। মই মাথো বিচাৰো জীয়াই থকাৰ এই শেষ দিন কেইটা তুমি মই একেলগে থাকো আৰু আন্তৰিকতাৰে পাৰ কৰো প্রতিটো ক্ষণ। একেলগে স্মৃতিৰ সেই পুৰণি চহৰখনত ফুৰিবলৈ যাওঁ আৰু নষ্টালজিক হৈ পৰো সামৰণিৰ এই সুৰীয়া সময়খিনিত। প্রকাশ কৰো ইজনে সিজনৰ সমুখত আগতে অপ্রকাশিত হৈ থাকি যোৱা আৱেগ অনুভুতিবোৰ।

বুঢ়ী: সেই খিনিটো বুজিছো। কিন্তু ই কেনেকৈ সম্ভৱ? ঘৰৰ মানুহক কি বুলি ক’বা? সকলোৱে এই বুঢ়া-বুঢ়ীৰ পৰকিতি লৰিছে বুলি নাহাঁহিব নে?

বুঢ়া: তুমি সেই বোৰ একো চিন্তা নকৰিবা। মই সকলো ঠিক কৰি দিম। আৰু ঘৰৰ মানুহৰ কথা কিয় চিন্তা কৰা আৰু সিহঁতেতো আমাক এক্সপায়াৰ দেট পাৰ হোৱা ঔষধৰ দৰেহে ব্যৱহাৰ কৰে। গতিকে আমি সিহঁতৰ কথাত কিয় মুৰ ঘমাও? তাতকৈ সিহঁতক আমাৰ বোজাৰপৰা মুক্ত হে কৰি দিয়া উচিত।

বুঢ়ী: উপায়টো কি তেনেহ’লে? আমি থাকিম ক’ত? খাম কি? মোৰ কফ, বুকুৰ বিষ, ডাক্টৰ – এইবোৰ কোনে চাব?

বুঢ়া: আৰে মই ক’লোৱেইটো মই সকলো ঠিক কৰি আহিছো ইতিমধ্যেই। নগৰৰ সিটো মুৰত এটা অল্ড এজ হ’ম আছে। তাতে তোমাৰ মোৰ দৰে বহুতো বুঢ়া-বুঢ়ী থাকে যি জীৱনৰ শেষ সময়খিনি আনক আমনি নকৰাকৈ নিজৰ মাজতেই কটাব খোজে।

বুঢ়ী: বাপৰে তুমি দেখোন ডেঞ্জাৰ মানুহ সব ৰেডী কৰিয়ে থৈছা। পিছে নাতি কেইটাক কেনেকে এৰি থাকিম? সিহঁতেতো মোক যাবলৈ নিদিব।

বুঢ়া: তাৰো উপায় কৰি থৈছো। প্রতি দেওবাৰে আমি গৈ সিহঁতৰ সতে দিনটো কটাম সাধু ক’ম, খেলা খেলিম, নাচিম বাগিম। মুঠতে সপ্তাহত এটা দিন সম্পূর্ণ সিহঁতৰ নামত!

বুঢ়ী: অ তোমাৰ মেনেজমেন্ট স্কিল দেখোন এতিয়াও সেই কলেজৰ ইউনিয়ন চম্ভলাৰ দৰে একেই আছে।

বুঢ়া: 🙂

বুঢ়ী: ইছছছছ কথাবোৰ ভাবি বুঢ়া বয়সতো মনটো নাচি উঠিছে দেখোন ঔ।

বুঢ়া: প্রেম এনেকুৱাই বুজিছা

প্রেমে নেমানে বয়সৰ বাধা ,

প্রেমৰ বয়স সদায় বত্রিছৰ আধা।

বুঢ়ী: চান্স পালেই কবিতা কৰ’বাৰ পৰা ঢপলিয়াই আহে আৰু ন?

বুঢ়া: নক’বা আৰু..তোমাৰ সুখদ উপস্থিতিয়েই এই সকলোবোৰৰ বাবে দায়ী।

বুঢ়ী: ৱাহ ৱাহ ৱাহ! কথা ক’বলৈ দিবা আৰু।

বুঢ়া: :পি

বুঢ়ী: ঐ :পি কে বটচে। বোৱাৰীয়ে ভুমুকিয়াই চাই গ’ল হি, জানানে। ভাবিছে চাগে এই বুঢ়ীয়ে ‘মৰিলো ঔ’ বুলি ষ্টেটাছ আপদেট দি হে ফেছবুক সামৰিব চাগে। লাজেই লাগি গৈছে পাই।

বুঢ়া: হা:হা:হা:… ৰাতি খন ভাল হঁহুৱালা দেই! হা:হা:হা:

বুঢ়ী: চাল্লা লাপুং বুঢ়া, ৰঙচুৱা আলু নিকটাইছে চা।

বুঢ়া: কি ক’বা ………

তুমি অবিহনে এতিয়া মোৰ জীৱনেই অসাৰ

তোমাক অনলাইন দেখিলেই ধপধপাই বুকুত লোগোৱা লাখটকীয়া প্রেছমেকাৰ

তোমাৰ ৰূপালী চুলিটাৰীত ফুলে শৰতৰ কঁহুৱা ফুল

তোমাৰে সতে চাট কৰিলেই দেহত চুগাৰে দেখোন কৰে গণ্ডগোল

খুলি থোৱা দাঁতত সোমাই ৰয় মাংসৰ সৰু সৰু টুকুৰা

তুমি :পি :দি বুলি হাঁহি দিলেই বুকুত জ্বলে পিৰিতিৰ জুই একুৰা

লাচিতৰ হেংডাং যেন তোমাৰ মনোমোহা লাখুটি

তোমাক অনলাইনেই নহয় অফলাইনতো পাবলে লগাম মৰমৰ হাকুতি

বিষ কোপ জ্বৰ আৰু ডাক্টৰ, ঔষধ এক্সৰে আৰু প্রেচক্রিপচন

এই সকলোবোৰ আওকাণ কৰি মিলিব অচিৰেই আমি দুয়োৰে মন

ওলাই থাকিবা ৰিহা মেখেলাৰে সাজি ৰচকী জনী হৈ

ময়ো আহিম ধুতি পাইজামাৰে সাজি কাছি আবেলি তোমাক একেবাৰে নিবলৈ।।

 

বুঢ়ী: অ’ মাআআ… ক’তে মৰো এই বুঢ়াক আজি কিহে পালে পাচিয়ে পাচিয়ে কবিতা ওলাইছে দেখোন!!

পিছে এই কবিতাবোৰৰ কপিৰাইট মোৰেই আছে নে? নে বহু ঠাইত ইতিমধ্যে পাইৰেচি হৈছে??

বুঢ়া: ইয়ে.. মই কিবা তেনেকুৱা বুলি ভাবা নেকি ?

বুঢ়ী: ভাবিছো বুলি নো কেতিয়া ক’লো সুধিছোহে কিবা ?

বুঢ়া: নুসুধিবা তেনেকথা, সুধিলে মই দুখ পাওঁ।

বুঢ়ী: ইছছছছ…হয় নেকি? পিছে তোমাৰ ফ্রেণ্ড লিষ্টত মোৰ ডাঙৰজনী বোৱাৰী শেৱালি, কলিমনৰ জীয়েক জোনাকী,  মুহিধৰৰ লচপচী ঘৈণীয়েক বৈজয়ন্তীও আছে যে কথাটো কি ?

বুঢ়া: আ.. আছে.. পিছে কি হ’ল?

বুঢ়ী: কি হ’ল মানে? সেই ফুকলিয়া ছোৱালী কেইজনীয়ে আকৌ তোমাৰ ফ্রেণ্ডলিষ্টত কি কৰিছে? মূৰত ওৰণিৰ ঠাইত তোমাৰ ফ্রেণ্ডলিষ্ট হে শুৱনি কৰিছে যে কথাটো কি?

বুঢ়া: হৌৰা তুমি মোৰ প্রেছাৰ ১১০/১৪০ কৰিম বুলি লাগিছা নেকি হা! তোমালোক মাইকী মানুহবোৰ কেলৈ এনেকুৱা বাৰু? মোৰ ফ্রেণ্ডলিষ্ট খন আকৌ কেলৈনো খুচৰি অশান্তি চপাব লাগে?

বুঢ়ী: অ এতিয়া মই হে অশান্তি কৰিলো। হ’ব ৰাতি খন এই বোৰ শুনাবলৈকে মোক ৰাখি থৈছিলা ন?

বুঢ়া: চেহ অবুজন কিয় হোৱা নো। মই তেনেকৈ কোৱা নাই নহয়।

বুঢ়ী: হ’ব হ’ব মই চব বুজিছো। মোক বুজাব নেলাগে। মইতো অশান্তি দিয়া মানুহ হে। যোৱা যোৱা তোমাৰ মৰমৰ বৈজয়ন্তী এতিয়াও অনলাইন আছে। মোক কিয় চিঞৰি আছা? তাইকে কবিতা গাই শুনোৱাগৈ।

বুঢ়া: হেৰা তোমালোক ইমান সন্দেহবাদী কিয়? হেৰৌ ফেছবুক হৈছে এটা সম্পূৰ্ণ সামাজিক নেটৱর্কিং চাইট। ইয়াতে বিভিন্ন জনে বিভিন্ন জনৰ স’তে বন্ধুত্ব গঢ়িব পাৰে। বয়সৰ সীমাৰ উৰ্ধত ইয়াৰ পৰিসৰ। ১৬ বছৰীয়া এজনো ৬০ বছৰীয়া এজনৰ অন্তৰংগ বন্ধু হৈ পৰিব পাৰে। ইয়াতে জাতি-বর্ণ নির্বিশেষে লিংগ ভেদ নোহোৱাকৈ সকলো স্তৰৰ মনুহৰ সতে মত বিনিময় কৰিব পাৰি লগতে নতুন নতুন সৃষ্টিৰে মানসিক উৎকৰ্ষও সাধন কৰিব পাৰি। মোৰ ফ্রেণ্ডলিষ্টত কোন কোন আছে তাক খুচৰি খুচৰি মুৰৰ জুই কুৰা জ্বলোৱাতকৈ মনটো মুকলি কৰি বহল মনৰে মনৰ কথা পাতো আহা।

বুঢ়ী: বহল মনেৰে মানে?  অ, মোৰ মনটো মানে ঠেক?? মই মানে ঠেক মনৰ নিকৃষ্ট মানসিকতাৰ মানুহ? ঠিক তেনেকৈ ক’লা ন? যোৱা আজিৰ পৰা মই তোমাক নামাতো আৰু। যি কেইজনী ৰূপহী নাতেসৰী আছে সেই কেইজনীৰ স’তেই লিলিমাই কৰা গৈ, মোক আমনি নকৰিবা আৰু।

বুঢ়া: হৌৰা তোমাৰ হৈছে কি? তিলটোকে তাল মানে বৰতাল বনাই বজাই দিছা যে?

বুঢ়ী: আৰু কি? মই কিবা ঠেক মনৰ মানুহ হে। তুমিয়েই বহল মনৰ মানুহ বহল হৈ থাকা, মোক নামাতিবা।

বুঢ়া: হৌৰা হৌৰা..শুনাচোন…

বুঢ়ী: ……………..

বুঢ়া: হেৰা…. কেলৈ এনেকুৱা কৰানো?

বুঢ়ী: ……………..

বুঢ়া: উফফফফ …কি হৈছে… ক’ত গ’লা, হয়নে…. মোৰ প্রেছাৰ উঠি মূৰ ঘুৰাই গৈছে হে? এবাৰ মাত দিয়া চোন।

বুঢ়ী: ……………..

বুঢ়া: হেৰাআআ…….

বুঢ়ী: আইতাৰ কফে ধৰি ফোপাই আছে খুব জোৰেৰে কাঁহিও আছে…আপুনিও এতিয়া শুই থাকক।…………. মই তেওঁৰ নাতি, নৈঋত।

বুঢ়া: …………….আআহহহহহহ

……………………………….

পিছদিনা পুৱা দেখা গ’ল নগৰৰ আটাইতকৈ ব্যস্ত চিকিৎসালয়খনৰ এটি পৰিষ্কাৰ কোঠালীত দুখন বিছনা ওচৰা উচৰি কৈ ৰখা আছে। তাতে দুজন বয়স্ক ব্যক্তিক চেলাইন দি অক্সিজনে মাস্ক লগাই শুৱাই ৰখা হৈছে। কাষতে তেওঁলোকৰ পুত্র-বোৱাৰী, নাতি-নাতিনী ৰৈ তেওঁলোকৰ ফালে চাই নিজৰ মাজতে আলোচনা কৰি আছে  যে- যি হ’ব লগা আছিল হ’ল এতিয়া আৰু নহ’ব। আজিৰ পৰা নেট কানেকচন বন্ধ আৰু লেপটপ- ডেস্কটপ সকলো বোৰ পাছৱর্ড প্রটেক্টেদ। আৰু তেওঁলোকৰ বাবে এইমুহুর্তৰ পৰা ফেছবুক সম্পূর্ণৰূপে নিষিদ্ধ। ১০০% ভাল হোৱাৰ পিছত যদি অ’ল্ড এজ হ’ম যাব বিচাৰে,  একেলগে থাকিব বিচাৰে তেনেহ’লে সকলো চাই-চিটি বিবেচনা কৰা হ’ব। তেওঁলোকে বুঢ়া বুঢ়ীৰ গোটেই কথা-বতৰাখিনি পঢ়ি পেলাইছিল, কাৰণ বুঢ়া-বুঢ়ীয়ে নিজ নিজ একাউন্টৰ পৰা লগ-আউট কৰাৰ আগতেই ইতিমধ্যে হস্পিটালত ইন হৈয়ে গ’ল!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments