এনেকৈনো কি বেয়া! (ভগৎ লাল দত্ত)

(অপ) গল্পৰ দৰে……

এনেকৈনো কি বেয়া!

এখন গাঁওৰ কথা। অক্ষাংশ, দ্ৰাঘিমাংশ সুধি কাহিনীটো আৰম্ভণিতেই তেল কৰি নিদিব। তেতিয়া অৱশ্যে গুগল মেপো নাছিল, জিপিএচ থকা স্মাৰ্ট ফোনো নাছিল আৰু গাঁওখনৰ মানুহবোৰে ছেক্সটেন্ট নামৰ যন্ত্ৰটোৰ নামো শুনা নাছিল। গাঁওখন অৱশ্যে নাৱৰীয়াৰেই ভৰা আছিল। সেইখন গাঁওৰে কনটিলৌ আৰু বগাইৰ কাহিনী। কণটিলৌৱেই গাঁওখনৰ প্ৰথম মানুহ (মানে ল’ৰা, নামটো শুনি গম পাবই লাগে), যিয়ে ছেক্সটেন্ট যন্ত্ৰৰ নাম শুনিছিল। কণটিলৌৱে নৈ পৰীয়া গাঁওখনৰ পৰা ওলাই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এখন বণিজ ফলিশালাত পঢ়িবলৈ যোগ্যতা অৰ্জন কৰিছিল। ফলিশালা খনৰ নামটো আজিকালি গাঁওৰে মেমেৰা ঠিকাদাৰৰ ল’-চালিহঁতে বেৰেকফাস্তত খোৱা বিলাতী কলীয়া আখৈ বোৰৰ নামৰ সতে একে হেনো। তেৰাৰ ডাক নামটোহে মেমেৰা হৈ থাকিল, পঞ্চায়তীৰাজত মেমেৰা (মানে মহানন্দ) ঠিকাদাৰ হোৱাৰ পিছৰ পৰা মেৰ-মেৰাই কেৱল গলধন ধৰাই নহয়, ধনৰ জোলোঙাও (জোলোঙা! আজিকালি বস্তাও নহয়, ধন হেনো ডাম্পাৰ ট্ৰাকতহে আনে!) ফুলি আহিল। পিছে কাহিনীটো আজিকালিৰ নহয়। তাহানিৰে (মানে ইমান তাহানিৰো নহয়, অলপ তাহানিৰ)।

কনটিলৌৰ পঢ়াশালীয়া দিনত দিনৌ তিনিটা ঘাট পাৰ হৈ অহা যোৱা কৰিব লাগে। তাৰে এটা ঘাটত বগাইহঁতৰ খোলা, মানে টিকিৰা পোৰা খোলা। সেইফালেৰে গ’লে দূৰৰ পৰাই পাণৰ ঠাৰি আৰু টিকিৰা পোৰা গোন্ধ মলমলাই থাকে। বগাই কণটিলৌতকৈ কেই বাৰিষা মান আগৰ। হ’লেও ফলি লোৱা হৰিভকত হিচাপে একে যুটিৰে আছিল। পিছে কনটিলৌহে ফলি-পুথিলৈ বাজলৈ ওলাল, বাকী সকলে ফলি লোৱাতকৈ নাও বাই মাছলৈ যোৱাতে নিজৰ ভাগ্য উত্তম বুলি ভাবিলে। যিয়েই নহওক, পাঠশালাত টিমক বুদ্ধিৰ পৰিচয় দিয়া কণটিলৌ জলপানি লৈ মফচলীয়া হাইস্কুল পালেগৈ। তাৰ পিছত আৰু নৰ’ল, মেট্ৰিকত চমক লগাই গুৱাহটীয়া কটন কলেজ, কলিকতীয়া আই টি আই মহতিয়াই একেকোবে বিলাত পালেগৈ। কনটিলৌৱে আই টি আইত পঢ়িবলৈ কলিকতালৈ (খৰ্গ নে হাতীদাঁত তেনেকুৱা কিবা এটাহে হেনো আচল ঠাইডোখৰৰ নাম) যাবলৈ ওলোৱা দেখি গাঁৱৰে দৌতি দুজনমানে বোলে কৈছিল, “হেৰি নহয়, মানে আই টি আই পঢ়িবলৈ নিজৰ দেশ এৰি ইমান দূৰলৈ যাৱ যে! আমাৰ ভেৰগাঁৱতে এখন হৈছে দেখোন, চাইকেল মাৰি ঘৰৰে পৰাই অহা যোৱা কৰিব পাৰিবি।”

সেইবোৰ যিয়েই নহওক, কনটিলৌ পঢ়িবলৈ বিলাত পালেগৈ। খুউব পঢ়িলে, পঢ়ি শুনি অঁতালে। বিলাতত অলপ দিন থাকি, নিজৰ দেশত কিবা ভাল বাব এটা পাই দেশলৈ ঘুৰি আহিল। এতিয়া কনটিলৌৱে কি কৰে সেইটো নুসুধিব। সোপাকে গাবলৈ হ’লে সেইখণ্ড এখন কণটিলায়নৰ কম নহ’ব। আৰু অমুকাও বাল্মিকী নহয় (আগতে ৰত্নাকৰটোকে হৈ লওঁচোন)।

কণটিলৌ বণিজ ফলিশালাত পঢ়ি থকা দিনৰে কথা। কিবা এক প্ৰজেক্ট নে কিবাৰ কাম লৈ দেশত আছিলহি। তেনেকুৱা সময়তে মাজতে ঘৰলৈ আহিছিল। আহোঁতে বন্ধুবৰ বগাইকতো লগ পাবৰে কথা। তেতিয়া আৰু ঘাট নাই। আলকতৰা সনা কাঠৰ দলং হ’ল (দেশৰ প্ৰগতি নাই হোৱা বুলি ক’ব খোজা বোৰৰ মুখত গলি থকা আলকতৰা পৰক !) । হ’লেও টিকিৰা পোৰা খোলা আছেই। বগাইহঁতৰ জীৱিকাও সেই, আধাবেলা মান মাছ মাৰি, টাউনৰ পৰা অহা বেপাৰীক মাছ গতাই দি ‘মজা চে’ খোলাত বহে, টিকিৰা পোৰে, তাচ খেলে, ফুলি-মহল খায়। (তেতিয়া কিজানি নদীত মাছ-পুঠি উভৈনদী আছিল আৰু নদী-বিলবোৰ ডাকত দিয়া হোৱা নাছিল।) আধাবেলাৰ শ্ৰমেৰে ঘৰে ঘৰোৱাহেও চলি যায়, নগ’লেও নাই তিৰোতাকিজনী এনেই আছে নেকি ! ঘৰ কেনেকৈ চলে নাচালে কিহৰ ঘৰৰ ঘৈণী ! বেছি কৰিলে ঢেকীথোৰা জিন্দাবাদ, লাগিলে খৰিৰ অভাৱত ঢেঁকী-কটৰা ফালিয়েই ভাত ৰান্ধিব লগা নহওক কিয়। মুঠতে লাইফ বিন্দাছ ! (এইকেইটা শব্দ তেতিয়া নাছিল কিজানি, ক্ৰিয়েটিভ লিবাৰ্টি লৈছোঁ অলপ)।

কণটিলৌৰ দেশৰ মানৱ সম্পদ তথা কৰ্মঘন্টাৰ এনে অপচয় সহ্য নহ’ল। হ’বই বা কিয় ! পিছে চিধা আঙুলিৰে ঘিঁউ ওলোৱাযে সম্ভৱ নহয়, সেইটোৱো তেওঁ নুবুজাকৈ থকা নাই। গতিকে এদিন বগাইহঁতৰ খোলালৈকে যোৱাৰ মন কৰিলে। মন কৰিলে মানে, গৈ ওলালগৈ, ৰাইজক ম’টিভেট কৰাৰ উদ্দেশ্যে। বোলে, “হেৰি নহয় বগাই। তহঁতি যে মাত্ৰ আধা বেলা মাছ মাৰি বাকী দিনৰ দিনতো খোলাত বহি আড্ডা দি কটাৱ বাকীখিনি সময়ততো বেলেগ কাম কৰিব পাৰ। ধৰ, নগৰৰ বেপাৰীত ঘাটতে মাছ গটাই দিয়াৰ সলনি পাল পাতি নিজৰ মাজৰ পৰাই কোনোবা গৈ নগৰৰ বজাৰত যোগান দিয়া, বেছি সময় মাছ মাৰি আৰু দূৰৰ বজাৰবোৰলৈ যোগান দিব পাৰ, নহ’লে সমূহীয়াকৈ শাক পাচলিৰ খেতি-বাতিও কৰিব পাৰ। এই খোলাৰ ওচৰতে মথাউৰিৰ ভিতৰৰ মাটিবোৰ কম ছন পৰি আছেনে! সেইবোৰৰ পৰাও দেখোন তহঁতৰ উপাৰ্জন বাঢ়িব …।”

বগাইয়ে বোলে, “কিয়? আমাৰ দেখোন ভালদৰেই চলি গৈছে। মজা চে চলি আছে।”

কণটিলৌ: “চা, এতিয়া মাত্ৰ আধাবেলা মাছ মাৰ, আৰু সেইখিনিৰে পেটে ভাতে খাই কোনোমতে চলিব  পাৰ হে ! অলপ বেছিকৈ মাছ মাৰিলে, নিজাববীয়াকৈ নগৰত যোগান দিলে, মাছৰ লগতে শাক-পাচলি আদিৰো খেতি কৰি যোগান দিলে, পেটেভাতে খোৱাৰ সলনি দুপইচা সঞ্চয়ো হ’ব। আৰু ডাঙৰ আন কামলৈ হাতো মেলিব পাৰিবি। অকল মাছৰ ওপৰতে নিৰ্ভৰ কৰি থকাটোও নাইকিয়া হ’ব।”

বগাই: “তেতিয়া ?”

কণটিলৌ:”চা এতিয়া, দিনে আধাবেলা মাছ মাৰি যিমান টকা পাৱ সেইখিনিৰে খাই-বৈ থাকিবলৈ জুৰিছে বাৰু। অলপ বেছি সময় মাছ মৰা, শাক-পাচলিৰ খেতিত হাত দিয়া, নিজাববীয়াকৈ বজাৰত যোগান দিয়া আদিবোৰ কৰিলে, পইচা লগাতকৈ বেছিকৈ আহিব। সেয়া সাঁচি গ’লে সম্পত্তি গোটাব পাৰিবি। লাহে লাহে নিজে হালকোৰ মৰা, জালবোৱাৰ সলনি অইন মানুহ ৰাখি সেইবোৰৰ হতুৱাই কৰাব পাৰিবি। সেইবোৰৰ পৰা আৰু লাভ হৈ আৰু ধন-বিত সাঁচি নিজা ফিছাৰি খুলিব পাৰিবি। নিজা শাক-পাচলিৰ বাগান খুলিব পাৰিবি। মানুহ-গৰুৰ সলনি ট্ৰেক্টৰ লগাই খেতিৰ কাম কৰাব পাৰিবি। লাভেই লাভ। মুঠতে তেতিয়া তহঁতৰ আৰামেই আৰাম। একদম মজা চে …. !”

বগাই: “ধুৰ ! এতিয়াওতো মজা চে চলি আছে। ইমানখিনি কৰিও যদি একেটাই হয়, কৰিনো কি লাভ ! এনেকৈয়ে ভাল !!”

(…… বন্ধুবৰ ডাক্টৰ উদ্দীপ তালুকদাৰলৈ বুলি আগবঢ়ালোঁ। কেৱল বগাইৰ ঠাইত অসমৰ টিভি চেনেল বুলি পঢ়িব। বাকীখিনি নিপাতনে সিদ্ধ।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments