এনেকৈয়ে এদিন – ৰাজশ্ৰী শৰ্মা

গণেশগুৰি ফ্লাই অভাৰৰ কাষত থকা খাডিমচৰ দোকানৰ পৰা তৰালী লাহে লাহে ওলাই আহিল৷ ল’ৰাৰ স্কুলত নতুন জোতা লাগে হেনো, আকৌ তাইৰ নিজৰো ঠাণ্ডাত পিন্ধিবলৈ আৰামদায়ক জোতা নাই৷ পুৱা আঠ বজাতেই অফিচলৈ যোৱাৰ সময়ত আঙুলিকিটা ঠেৰেঙা লাগে সদায়৷ আজি অফিচৰ পৰা বছক কৈ এঘণ্টা আগতে ওলাই বজাৰখিনি একেবাৰে কৰি লৈ এতিয়া তাই ঘৰমুৱা৷ দুয়োখন হাততেই বজাৰৰ বেগ, ইপিনে কান্ধত অফিচত লৈ যোৱা টিফিন, পানী বটল, মবাইল, পাৰ্চ আদি ঢেৰ বস্তুৰে ডাঙৰ বেগটোতো আছেই৷ সোনকালে গৈ ৰিস্কা এখনত বহি লওঁ বুলি তৰালীয়ে খোজৰ বেগ বঢ়াই দিলে৷

আবেলিৰ সময়ত সকলোৰে লৰালৰি খোজৰ মাজত বেগকেইটা চম্ভালি গৈ থাকোতেও এপাকত ভৰি উজুটি খালেই তাই৷ গিৰিয়েক শান্তনুৱে তাইৰ এই অ’ত খুন্দিওৱা, ত’ত খুন্দিওৱা স্বভাৱৰ কাৰণেই গালি দিয়ে সদায়৷ এনেও আজিকালি শান্তনুৱে ক’লৈকো নাযায় তৰালীৰ লগত৷ ল’ৰাৰ স্কুলৰ পেৰেণ্টছ টিচাৰ মিটিং বোৰত হে দুয়ো একেলগে যায়, তাৰ বাদে কেতিয়াবা কোনো সম্পৰ্কীয় মানুহৰ বিয়াত যোৱা হয় বাৰু লোকৰ আগত সুখী পৰিয়ালৰ ভাও দিবলৈ৷

কথাবোৰ নাভাবো বুলি ভাবিলেও চোন নিজে নিজেই মনলৈ আহে আজি কিছুদিনৰ পৰা৷ অফিচৰ কাম, অফিচৰ টুৰ, ঘৰুৱা দায়িত্ব, ল’ৰাৰ পঢ়া শুনা এইবোৰৰ মাজত শান্তনু যেন লাহে লাহে আঁতৰি গৈ আছে তৰালীৰ জীৱনৰ পৰা৷ একান্ত ব্যক্তিগত সময়তো যেন কেৱল শৰীৰৰ হে তাড়নাত কাষ চাপে দুয়ো দুয়োৰে৷ কিমান দিন হৈ গ’ল বাৰু একেলগে নাহাঁহা! ইচ্ছা অনিচ্ছা, মান অভিমানৰ পাহাৰখন যিমানেই ওখ হৈছে, সিমানেই যেন দুয়োৰে মাজত এখন নদীয়ে বাহ লৈছে, ইমান গভীৰ, ইমান খৰস্ৰোতা যে সেইখন পাৰ হৈ ইজনে সিজনৰ ওচৰত যোৱাটোও এতিয়া যেন সম্ভৱ নহয়৷

ভাবি ভাবি আহি থাকোতেই হঠাৎ তাইৰ চকু বিপৰীত দিশৰ পৰা আহি থকা এগৰাকী মানুহৰ ওপৰত পৰিল৷ বুকুখনে যেন ধমহ কে মাৰিলে, “ এইজন তেঁৱেই হয় নে? দূৰৰ পৰা তো তেওঁ যেনেই লাগিছে৷ মোকো দেখিলে নেকি বাৰু৷ নাই দেখা চাগে৷ কাষেৰে পাৰ হৈ গুচি যাওঁ মনে মনে”৷ প্ৰথম যৌৱনৰ প্ৰথম প্ৰেমৰ মানুহ গৰাকীক দেখি তৰালীৰ উগুল থুগুল লাগিল মনটো৷ ঠিক পাৰ হওঁ হঁও হঁওতেই তেওঁ মাত লগালে, “ নেদেখা ভাও ধৰি যাবলৈ ধৰিছা যে, মই দেখা পোৱা নাই বুলি ভাবিছা নেকি অলী? ”

“অলী! উফ্, এই সম্বোধন! ” -তৰালীয়ে নিজকে ক’লে৷
“নাই নাই৷ তেনেকুৱা নহয় কথাটো৷ আপুনি নেদেখা বুলি ভাবিলো মানে, এইটো সময়ত এনেদৰে৷ আৰু এই মানে…..”

“ তোমাৰ কোনো লৰালৰি নাই যদি ক’ৰবাত বহো ব’লা অলী৷ অলপ সময় লগ দিবানে মোক? ”
তেখেতৰ চকুত চকু থৈ না কোৱাৰ শক্তি কোনোদিনে নহ’ল তৰালীৰ৷ আজিও যেন ক’ৰবাত একেই আছে মনৰ কথাবোৰ! অলপ হে সময়, হৈ যাব৷ কিন্তু আজি এনেকৈ লগ পায়ো যদি সুযোগ হেৰুৱাই, তেন্তে.. ৷ নীৰৱে তাই তেওঁৰ পিঠিখনত চকু ৰাখি অনুসৰণ কৰিবলৈ ধৰিলে৷

সুদৃশ্য ৰেষ্টুৰেণ্টখনৰ কোণৰ টেবুল এখনত দুয়ো দুয়োৰে সন্মুখত বহি ৰ’ল৷ কথা ক’লেই যেন কিবা নহ’বলগীয়া কথা হ’ব এনেদৰে অচিনাকিৰ দৰে বহি থাকিল দুয়ো৷ তৰালীয়ে ভাবিলে, কি নো সুধিম তেওঁক৷ সংসাৰৰ কথা উলিয়াম জানো! নেলাগে থ’ক৷ অলপ সময় সেইবোৰ নভবাকৈও তো পাৰি থাকিবলৈ৷ ৱেইটাৰজন আহি কি খাব সোধাত তেখেতে তাইক নোসোধাকৈয়ে অৰ্ডাৰ দিলে, “ দুটা কফি আৰু এটা ভেজ ৰ’ল আৰু এটা এগ ৰ’ল”৷ তাই যে এগ ৰ’ল খাই ভাল পায় মানুহজনৰ মনত আছে মানে৷ বুকুৰ মাজৰ পৰা এটি সৰু হুমুনিয়াহ সৰি পৰিল যেন৷
দুচকু তুলি তেওঁৰ পিনে চাওঁতেই চকুত চকু পৰিল৷ সেই একে গভীৰ দৃষ্টি! কলিজা ভেদ কৰি মনৰ তলি দেখা তেওঁৰ সেই চাৱনি৷ এই চাৱনিৰ মোহতেই তো পৰিছিল তাই৷ ৰিণি ৰিণি মনলৈ আহিল প্ৰথম তেখেতক দেখা পোৱা দিনটোৰ কথা৷ তাইৰ মাহীয়েকৰ ঘৰলৈ যাওঁতে যে বাৰাণ্ডাত চকীত বহি কিতাপ পঢ়ি থকা সেই ভংগীটো৷ মহাকৰ বায়েকৰ ল’ৰা বুলি চিনাকি কৰাই দিয়াৰ পিছতেই তাইৰ দুচকু আকৃষ্ট হৈ পৰিছিল তেওঁৰ গভীৰ দুচকুত৷ মহাকে কি কৈছিল এতিয়া আৰু মনত নাই, কেৱল মাত্ৰ মনত আছে সেই চকু, সেই কণ্ঠ!

বেছিপৰ চকুত চকু থ’বলৈ নোৱাৰে তাই তেওঁৰ৷ ইমান যতনেৰে লুকুৱাই ৰখা মনটো যদি পঢ়ি পেলায় তেওঁ৷ আবুৰবিহীন শৰীৰৰ লাজতকৈ আবুৰবিহীন মনৰ লাজ যে সদায়েই বেছি৷ কিন্তু নাই, এই মৌনতা আৰু সহ্য নহয়৷ বুকুখন যেন ফাটি যাব এই মৌনতাত৷ তাই সুধিলে, “ সুখী নে আপুনি জীৱনটোত? মনে বিচৰা গোটেই খিনিয়েই তো হ’ল আপোনাৰ৷ চাকৰি, নাম, ধন ঐশ্বৰ্য্য আৰু……! তথাপিও সঁচাকৈয়ে সুখী নে আপুনি? ”

“ চোৱা অলী৷ তুমি কেনে আছা বুলি সুধি তোমাৰ মনটোক দুখ নিদো মই আৰু৷ জানো মই তুমি কেনে আছা৷ তুমি হয়তো ভাবিছা যে মই বহুত সুখী, কিন্তু মাজে মাজে এনেকুৱা লাগে যেন কিবা এটা হেৰুৱাইছো জীৱনত৷ যিটো আৰু কেতিয়াও ঘূৰাই নাপাওঁ৷ ঈশ্বৰৰ কৃপাত সঁচাকৈয়ে সকলো পাইছো মই৷ তথাপিও জানো তুমি বিশ্বাস কৰিবা মোৰ মনৰ একাকিত্বৰ কথা৷ জানা অলী, কেতিয়াবা কেতিয়াবা অকলশৰে থকা অৱস্থাত তোমালৈ বৰকৈ মনত পৰে৷ এই ধৰা অফিচৰ কামত কোনোবা দূৰণিৰ পাহাৰুৱা ঠাইৰ ডাকবাংলোত ৰাতিটো কটাইছো৷ জিলীৰ মাতত নিশাচৰ পখীৰ মাতত নিশাটো গভীৰ হৈ পৰিছে, ঠিক তেনেকুৱা সময়ত তুমি মোৰ কাষলৈ আহা৷ তোমাৰ যে বৰ হেঁপাহ আছিল তেনেকুৱা ডাকবাংলোত থাকি চাবলৈ৷ কিন্তু সম্ভৱ জানো!

সমাজৰ মাজত থাকি দায়িত্ব বোৰ সামৰোতে সামৰোতে তুমি যে মোৰ দুহাতৰ মাজেৰেই দূৰলৈ গুচি গ’লা অ৷ বৰ অকলশৰীয়া লাগে মোৰ, অসহায় হৈ পৰোঁ৷ ”

প্ৰিয় পুৰুষৰ অসহায় বিধ্বস্ত ৰূপ কোনো নাৰীৰেই কাম্য নহয়৷ মনৰ মানুহ গৰাকীক এনেকুৱা আবেগিক অৱস্থাত দেখি তৰালীৰ আৰু সহ্য নহ’ল৷ বাওঁ হাতখন আগবঢ়াই তেওঁৰ সোঁহাতখন খামুচি ধৰিলে তাই৷ যেন সাহস হে দিলে৷ সেই পৰশত কিন্তু জিকাৰ খাই নুঠিল তাই আগৰ দৰে৷ যেন একান্ত ভাৱে নিজৰ কিবা এটিহে চুইছে, এনেকুৱা লাগিল তাইৰ৷ প্ৰথম বাৰ তেওঁৰ হাতৰ স্পৰ্শ তাইৰ হাতত পোৱাৰ পিছত যে কেনেকুৱা ৰাই জাই লাগিছিল আজি ইমান বছৰ পিছতো মনত আছে তাইৰ৷ পৰিয়ালৰ সৈতে এটি পিকনিকত গৈছিল সিহঁতে৷ ৰাণীৰ পিনৰ নিজৰাৰ পাৰৰ পিকনিক৷ বয়সীয়াল খিনিয়ে ৰন্ধা বঢ়া দায়িত্ব লোৱাৰ পাছত সিহঁতৰ বাবে ৰৈছিল কেৱল পানী অনা কামটো৷ অনভ্যস্ত দুভৰিৰে শিলত খোপনি পুতি থাকিব নোৱাৰি পিছলি পৰিব ধৰিছিল তাই নিজৰাটিত৷ তেতিয়াই নে, হয় তেতিয়াই তেওঁ ধৰিছিল তাইক পৰিব নিদিয়াকৈ৷ কাণৰ কাষত কৈছিল, “পাগলীজনী, গোটেই জীৱনটো এনেকৈ লগত লাগি থাকিব লাগিব নেকি তোমাৰ৷ ”

তাই বাস্তৱলৈ আহিল, এৰুৱাই আনিলে হাতখন তেওঁৰ হাতৰ পৰা৷ আমাৰ সমাজত দুগৰাকী প্ৰাপ্তবয়স্ক লোকে নিজৰ আবেগ ৰাজহুৱা ঠাইত দেখুওৱাটো বেয়া কথা যে! ফুটাই ক’লে, “যদি সঁচাকৈয়ে আপুনি ইমান ভাবে মোৰ কথা, তেন্তে কিয় এইবোৰ হ’বলৈ পায়৷ এই যে মই নিজকে এখন সংসাৰ নামৰ পিঁজৰাত বন্দী পাওঁ, এনেকুৱা তো হ’ব নালাগিছিল কথাবোৰ৷ একেবোৰ কথাই মূৰত পাক ঘূৰণি খাই থাকে৷ এষাৰি মৰমৰ আকুল মাতৰ বাবে মোৰ হিয়াখন ছাটি ফুটি কৰে৷ কাৰ দোষত কওক৷ মই আৰু নোৱাৰা হৈছো৷ ল’ৰাটোৰ মুখলৈ চাই মই জীয়াই আছো৷ নহ’লেতো মোৰ আত্মাই কেতিয়াবাই এৰি গ’ল মোক৷ আপুনি নুবুজিব এইবোৰ৷ আপুনি তো আজিকালি সুখী৷ মোৰ আশা আকাক্ষাই আপোনাক কোনোদিনে চুবলৈ পোৱা নাই মই জানো৷ ” ওলাই অহা কান্দোনটো কোনোমতে চেপি ধৰিলে তৰালীয়ে৷

“ অলী অ, পাগলীজনী মোৰ৷ মোৰ হিয়াখন ফালি চালে তোমাকেই দেখিবা অ সোণ৷ দূৰত থাকিলেও তো তোমাৰেই মই৷ কেনেকুৱা যে হৈ গৈছা তুমি৷ ইমান উজ্জ্বল চকুদুটি এনেকুৱা ঘোলা কিয় হৈছে৷ লোকৰ কাৰণে বহুত কৰিলা, এতিয়া অলপ নিজৰ কাৰণেও কৰা৷ এই চকুদুটিৰ উজ্জ্বলতা কেতিয়াও কমি যাবলৈ নিদিবা দেই৷ এতিয়া কফিকাপ খোৱা৷ চেঁচা পৰিল৷ ” -তেওঁৰ কথাৰ ওপৰত কথা ক’বলৈ নোৱাৰে তাই৷ একান্ত বাধ্য ছাত্ৰীৰ দৰে মনে মনে কফিকাপ খাই ঘড়ীটোলৈ চালে তাই৷ ল’ৰাৰ টিউচন শেষ হ’বলৈ আধাঘণ্টা বাকী৷ সময় মিলাই ওলাই যাব পাৰিলে তাক তাই একেবাৰে লৈয়েই যাব৷

“ দেৰিয়েই হ’ল ন৷ ব’লা উঠো৷ এই যে আজি এনেকৈ লগ হ’লো আমি দুয়ো, তাৰ বাবে কিন্তু ভগৱানক ধন্যবাদ দেই৷ নহ’লে তোমাৰ মোলৈ মৰম অৱশিষ্ট আছেনে নাই বুলি বহুত চিন্তাত থাকো মই৷ এতিয়া বুজিছো, মই য’ত ৰৈ আছো, তুমিও তাতেই আছা৷ মনটো ভাল লাগিছে জানা৷ এটা কথা মনত ৰাখিবা অলী সদায়েই, কায়িকভাৱে তোমাৰ পৰা আঁতৰত থকাৰ সময়তো কিন্তু মই তোমাৰেই কাষত থাকিম৷ তাত পাপ -পুণ্য মই হিচাপ নকৰোঁ কেতিয়াও৷ কেতিয়াবা এনেকৈয়ে লগ হম দিয়া৷ মনৰ কথা দুটা কম৷ ”

তেওঁৰ দুচকুলৈ চাই তাইৰ ওঁঠত হাঁহি বিৰিঙিল৷ কিবা যাদু চাগে জানে তেখেতে এনেকুৱা অনুভৱ হ’ল তাইৰ৷ মনত ভিতৰত বছৰ বছৰ ধৰি জমা হোৱা কিছুমান অভিমান যেন এটি ক্ষণতেই নোহোৱা হৈ পৰিল৷ সঁচাকৈয়ে, প্ৰিয়জনৰ সান্নিধ্যত কটোৱা এটা আবেগভৰা মুহূৰ্ত গোটেই জীৱন কটাবৰ কাৰণে যথেষ্ট৷ এটি বুকু ভৰাই উশাহ ল’লে তাই৷ কিবা এটা ভাল লগাই যেন ভৰাই তুলিলে তাইৰ সমগ্ৰ সত্ত্বা৷

ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহোতে তেওঁ তাইৰ হাতত ধৰি থাকিল, বাধা নিদিলে তাই৷ এনেকেওতো ভাল লাগে কেতিয়াবা৷ হঠাতে এজন মানুহৰ মুখামুখি হ’ল দুয়ো৷ হাঁহি মুখীয়া মানুহজন আগবাঢ়ি অহাত তাই অলপ অসহজ বোধ কৰিলে৷ তেওঁৰ কোনোবা চিনাকি যদি!

“ আৰে শান্তনু৷ কিমান দিনৰ মূৰত ভাই৷ আৰু নবৌও চোন লগত৷ নমস্কাৰ নবৌ৷ চিনি পাইছেনে মোক? আৰে বাহ ভাই৷ বিয়াৰ ইমান বছৰৰ মূৰতো যে দুয়ো এনেকুৱা ৰোমাণ্টিক ভাৱে হাতত হাত থৈ৷ হাঃ হাঃ হাঃ৷ ”

“ আৰে নৱ, কি খবৰ তোৰ? এই অফিচৰ পৰা ওলাই অলপ বজাৰ কৰিলে অ বৌৱেৰে৷ তাকে ময়ো অলপ সময় পাই জাষ্ট কফিকাপ খালোঁ দুয়ো৷ নহ’লে আৰু এই বয়সত ক’ৰ ৰোমাণ্টিকতা৷ হাঃ হাঃ৷ ”
দুয়ো বন্ধুৰ কথা পাতি হোৱাৰ পাছত তৰালীয়ে তেওঁৰ মুখলৈ চালে৷ আজিচোন কিবা এটা ভাল লাগিছে তাইৰ নিজৰ মানুহজনক৷ প্ৰথম প্ৰেমক নিজৰ স্বামী হিচাপে পায়ো যে তাই কিয় ইমান অভিমানী হৈ পৰিছিল৷ দহ বছৰীয়া সংসাৰ দুয়োৰে, আতোলতোলকৈ সজোৱা সংসাৰ খনত তাইনো বাৰু মান অভিমানক বেছি গুৰুত্ব দিলে নেকি ইমান দিনে৷ তেওঁৰ বুকুৰ কথাখিনি নোকোৱাকৈ নুবুজিলে নে তাই৷ তৰালীৰ নিজৰ ওপৰতেই খং উঠিল৷

তেওঁ ক’লে, “ ব’লা ব’লা৷ ৰুণ বাবাই ৰৈ থাকিব টিউচনত৷ তুমি ইয়াতে ৰোৱা, মই গাড়ীখন পাৰ্কিঙৰ পৰা লৈ আনো, বেগকেইটা মোকেই দিয়া৷ ”

তাই তেওঁৰ চকুলৈ চাই ক’লে, “ওহোঁ, আজিৰ পৰা য’লৈকে যাম দুয়ো একেলগে যাম দেই৷ ”

সন্ধিয়াৰ মহানগৰীৰ লাইটৰ পোহৰত উজ্জ্বলি উঠা তাইৰ দুচকুলৈ চাই ৰ’ল তেওঁ৷ ক’ৰবাত যেন খৰস্ৰোতা পাহাৰীয়া নৈ এখনৰ ওপৰত এখন সাঁকো গঢ়ি উঠিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments