এনেকৈয়ে নজনাকৈয়ে (প্ৰাঞ্জল কলিতা)

এনেকৈয়ে নজনাকৈয়ে

(ছাঁ লৈ লিখা)

মিজোৰামৰ ৰাজধানী চহৰ আইজলৰ পৰা কিছুদুৰৈত ত্লঙ নদী পাৰ হৈ ৰেইয়েক পৰ্ব্বত| সেউজীয়া ঘাহঁনিৰ চাদৰ উৰি আকাশ চুব খোজা ৰেইয়েক পৰ্ব্বতত তেতিয়া পশ্চিমৰ বেলিৰ ৰঙীন আভা| পৰ্ব্বতৰ কাষেৰে এটা লুঙ-লুঙীয়া বাট, বাটটোত এন্ধাৰ নমাৰ প্ৰস্তুতি চলিছে| বাটটোৰে আহি আছে এজন সুষ্ঠ-সুঠাম যুৱক| প্ৰায় ছ্য় ফুট উচ্চতাৰ এই পাহোৱাল ডেকাৰ পিন্ধনত মিজো চিকাৰীৰ সাজ| মূৰত ’কাউ-বয়’ ষ্টাইলত চামৰাৰ টুপি, খুকুৰি খন ককালতে বন্ধা আছে| মুখত দুদিন মান নকটা দাড়ি, মাৰ যাব খোজা বেলিৰ পোহৰ মুখত পৰি গাল খন তাম বৰণীয়া হৈ পৰিছে| চকুৰ চাৱনি সৰল কিন্তু স্পষ্ট| গহীন-গম্ভীৰ গতিত খোজ কাঢ়ি অহা এই যুৱকজনৰ হাতত এপাহ পাহাৰীয়া এন্থুৰিয়াম ফুল| ওঁঠত কোনোবা ইংৰাজী গীতৰ কলি গুন-গুণাই অহা যুৱক জন অকস্মাত ৰৈ গ’ল, গুন-গুণনি বন্ধ হ’ল| মিজো সাজ পিন্ধা ধুনীয়া ছোৱালীজনী সন্মুখত দেখা পাই বাকৰুদ্ধ হৈ পৰা যুৱকজনক দেখি ছোৱালীজনীয়েওঁ ৰৈ গ’ল| কাষত থকা নিজৰাটোৰ পৰা পানী লৈ আহিছে তাই, পিন্ধি থকা পুৱানখন (অসমীয়া মেখেলাৰ দৰে)তলৰ পিনে তিতা| উজ্বল ক’লা চুলি একেবাৰে অমাৱশ্যাৰ এন্ধাৰৰ দৰে, খোপা বন্ধা আৰু খোপাত এপাহ বনৰীয়া সূৰ্য্যমুখী ফুল| হালধীয়া সূৰ্য্যমুখী ফুল খোপাত লৈ অহা ছোৱালিজনীৰ চকুত লাজৰ চাৱনি| লাজ কৰা বাবে চাগে তাইৰ গালখন পকা কমলা টেঙাৰ দৰে হৈ পৰিছে| লাহি-সুগঢ়ী কঁকালৰ ভাজত যৌৱনৰ আৱাহনী ছন্দ| কিবা এক বুজাব নোৱাৰা কাৰণত ছোৱালী জনী আৰু যুৱক জন নিজ নিজ স্থানত স্থিৰ হৈ ৰ’ল| দুয়োজন দুয়োজনৰ সন্মুখত| যুৱক জনে এইবাৰ কিবা ক’ব খুজিলে, এনেতে পৰ্ব্বতীয়া বাটৰ কেঁকুৰি এটাৰ পৰা তাইক কোনোবাই মতা শুনা গ’ল| তাই যাবলৈ উদ্যত হ’ল, তাই আকৌ উভতি যুৱক জনৰ পিনে চালে| এইবাৰ যুৱকজন আগুৱাই গ’ল আৰু তাৰ হাতত থকা এন্থুৰিয়াম ফুল পাহ তাইৰ হাতত দি দিলে, তাইও অজান আনন্দত আত্মহাৰা হৈ পৰা যেন লাগিল| ছোৱালীজনীয়েও তাইৰ খোপাৰ পৰা সূৰ্য্যমুখী ফুল পাহ টানি আনি যুৱক জনৰ হাতত দি দৌৰ মাৰিলে| যুৱকজনে ফুলপাহ হাতত লৈ কোনোবা ইংৰাজী গীতৰ কলি আওৰাই আকৌ আগবাঢ়িল|

আড়ম্বৰপূৰ্ণ বিয়া, চহৰৰ নামী-দামী অভ্যাগতৰে ভৰি পৰিছে দৰাঘৰৰ চোতাল| আজি যোৰহাটৰ সম্ভ্ৰান্ত বৰুৱা বংশৰ একমাত্ৰ পুত্ৰ ৰঞ্জন বৰুৱাৰ বিয়া| কেবাখনো চাহ বাগিচাৰ মালিক ৰাজেন বৰুৱাৰ পুত্ৰৰ বিয়া, গায়নে-বায়নে দৰাঘৰ ৰজনজনাই আছে| কইনা গুৱাহাটীৰ প্ৰতিস্থিত ব্যৱসায়ী জয়ন্ত চৌধুৰীৰ একমাত্ৰ সন্তান অনুৰাধা চৌধুৰী| আচলতে এই বিয়াখনত দৰা-কইনাৰ পছন্দতকৈ দুটা সম্ভ্ৰান্ত বংশৰ মাজত সম্বন্ধ স্থাপনে অধিক গুৰুত্ব পাইছে| বহুতে এই বিয়াখনক সম্পূৰ্ণ ব্যৱসায়ীক দৃষ্টিভংগীত হোৱা বুলি ক’ব খোজে| এই বিয়াখনৰ জৰিয়তে দৰাই এগৰাকী সুন্দৰী ছোৱালী লাভ কৰাৰ লগতে গুৱাহাটীৰ মাজমজিয়াত এটা প্ৰাসাদোপম অট্টালিকা লাভ কৰিব আৰু জয়ন্ত চৌধুৰীয়ে নিজৰ ব্যৱসায় উজনিলৈ সম্প্ৰসাৰন কৰিব| বংশ মৰ্য্যাদাৰ বাবে হোৱা এই বিয়াত কইনাৰ কিছু আপত্তি আছিলে যদিও পৰিয়ালৰ কথা ভাৱি মানি ল’লে; আনহাতে দৰাজনে ভদ্ৰ আৰু নম্ৰ ভাৱে এই বিয়াত মত দিছিল|

সন্ধিয়া প্ৰায় সাতমান বজাত দৰাঘৰৰ অভ্যাগতসকল বিদায় লোৱাৰ পিছত কইনাঘৰলৈ যাবৰ সময় উপস্থিত হ’ল| দৰাই নিজৰ কোঠালৈ গ’ল আৰু নতুন জীৱন আৰম্ভ কৰাৰ প্ৰাক-মুহূৰ্তত ডায়েৰি লিখো বুলি ডায়েৰিখন উলিয়াই ল’লে| ডায়েৰিখনৰ পাতৰ মাজৰ পৰা তললৈ সৰি পৰিল এপাহ মৰহি যোৱা সূৰ্য্যমুখী ফুল| মৰহি যোৱা ফুলপাহ হাতত লৈ খিৰিকিৰে বাহিৰলৈ দলিয়াই দিলে আৰু এটা দীঘল হুমুনিয়াহ কাঢ়িলে| বিয়াৰ ছয়মাহ মান আগতে বন্ধুবৰ্গৰ সতে আইজললৈ ফুৰিব অহা কিছু মুহূৰ্ত মনলৈ আহিব ধৰিলে| মিজো চিকাৰীৰ সাজ পিন্ধি সেই আবেলি লগ পোৱা ছোৱালীজনীৰ প্ৰতিচ্ছবি মনলৈ আহিলে, যাৰ সন্মোহিনী চকুৱে অলপ সময়ৰ বাবে হলেও প্ৰেমৰ অনুভূতি জগাই তুলিছিলে| ৰঞ্জন বৰুৱা বাস্তৱলৈ উভতি আহিল| বৰুৱা বংশৰ একমাত্ৰ সন্তান ৰঞ্জন বৰুৱাই কাৰোবাক ভাল লাগিল বুলিয়েইতো আৰু নিজৰ বংশ মৰ্য্যাদা বাদ দি সাধাৰণ মিজো ছোৱালী এগৰাকীক বিয়া পাতিব নোৱাৰি|

দৰা্যাত্ৰীক আদৰিবৰ বাবে কইনাঘৰ সম্পূৰ্ণ হৈ উঠিছে| ভিন্ন ৰঙৰ লাইটৰ পোহৰ আৰু বেন্ড-পাৰ্টিৰ বাজনাৰ সুৰত প্ৰান পাই উঠিছে চৌধুৰীৰ ঘৰৰ চোতাল| কইনাই নিজৰ ৰুমতে জিৰণি লৈছে আৰু সহপাঠী বান্ধৱীবোৰে জোকাই ব্যতিব্যস্ত কৰি তুলিছে| কইনাৰ সাজত বহুত ধুনীয়া দেখাইছে অনুৰাধাক| গুৱাহাটি বিশ্ববিদ্যালয়ৰ ভূতত্ব-বিজ্ঞানৰ সদ্য স্নাতকোত্তৰ ডিগ্ৰীধাৰী অনুৰাধাক ভগৱানে জন্মৰ সময়ত ধন-সম্পত্তিৰ লগতে পৃথিৱীৰ সকলোখিনি ধুনীয়া দি পঠাইছে| বান্ধৱীবোৰে কৰা হাহিঁ ধেমালি বোৰৰ মাজত ঠাই পালে থাৰ্ড ছেমিষ্টাৰত ডিপাৰ্টমেন্টৰ পৰা মিজোৰামলৈ যোৱা ভ্ৰমনটোৰ কথা| ৰেইয়েক পৰ্ব্বতৰ দাঁতিত কেম্প পতা ছাত্ৰ-ছাত্ৰীবোৰে অনুৰাধাই পানী আনিব যাওঁতে লগ পোৱা চিকাৰী যুৱকজনৰ কথা কৈ জোকাব ধৰিলে| অনুৰাধা অলপ সময়ৰ বাবে সোঁৱৰণীৰ নৌকাত উটি গ’ল| অজানিতে ভাল লাগি যোৱা এই চিকাৰী যুৱকজনক চৌধুৰী পৰিয়ালৰ ছোৱালী হৈ বিয়া পতাটো সপোনৰো অগোচৰ আৰু মুৰ্খামিৰ বাহিৰে একো হ’ব নোৱাৰে|
………বাহিৰত আতচ-বাজিৰ শব্দত শুনা গ’ল| দৰা-গাড়ী আহি পালেহিয়েই চাগে| বান্ধৱীবোৰে দৰা চাবলৈ পদুলিলৈ দৌৰ মাৰিলে| অনুৰাধাই নিজৰ আলমাৰিটো খুলি কাপোৰৰ মাজত সজতনে ৰাখি থোৱা এন্থুৰিয়াম ফুলপাহ উলিয়াই এটা চুমা আঁকি দিলে, ফুলপাহ আলফুলে আলমাৰিটোৰ ভিতৰত ভৰাই থৈ আলমাৰিটো আকৌ তলা লগাই দিলে|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক