এনেয়ে কিবা-কিবি: ৰন্ধন কলা (উদ্দীপ তালুকদাৰ)


সাহিত্য আৰু কলাৰ মাজত মূল পাৰ্থক্য কি? সাহিত্য আৰু কলাৰ পাৰ্থক্য আছে ইয়াক অনুভৱ কৰাৰ মাধ্যমত। সাহিত্য আমি পঢ়ি অনুভৱ কৰোঁ। লেখকে যি লিখি যায়, সেইখিনি চকুৰ চাই বা কাণেৰে শুনি মগজুৱে পাঠোদ্ধাৰ কৰি অনুধাৱন কৰিবলগীয়া মাধ্যম হৈছে সাহিত্য। সাহিত্যৰ বাবে কি ইন্দিয়ৰ যোগেৰে লেখাখিনি মগজুলৈ গৈছে সেইটো প্ৰয়োজনীয় নহয়। চকুৰে নেদেখা জনে ব্ৰেইলি-ৰে পঢ়িব পাৰে, বাতেখেতক আন এজনে পঢ়ি শুনাব পাৰে (এইটোত সৰু অসুবিধা এটা আছে। পাছলৈ আলোচনা কৰা হৈছে।) যেনেকৈয়ে পঢ়ুৱৈৰ মগজুলৈ নোসোমাওঁক কিয়, সাহিত্যৰ আনন্দ যোগাযোগৰ মাধ্যমটোৱে সলনি কৰিব নোৱাৰে। যেনে চকুৰে দেখি পঢ়া, বা শুনা, বা আঙুলিৰে চুই পঢ়া গোটেইকেইটা পদ্ধতিতে ৰসাস্বাদন একেই থাকিব।

আনহাতে কলাৰ বাবে আমাৰ ইন্দ্ৰিয়ৰ মাধ্যম অতি প্ৰয়োজনীয়। ইন্দ্ৰিয় বিধৰ অবিহনে কলাৰ স্বৰূপ নাথাকেই। শ্ৰৱন শক্তি নাথাকিলে সংগীত অনুভৱ কৰিব নোৱাৰিব। অন্ধ মানুহজনে কেতিয়াও ছবিৰ আনন্দ উপভোগ কৰিব নোৱাৰে। সেয়ে কলা উপভোগৰ বাবে ইন্দ্ৰিয় নহ’লেই নহয়। কলাৰ সৃষ্টিয়েই হয় ইন্দ্ৰিয়ৰ যোগেদিৰ সাস্বাদনৰ বাবে।

ছবি আৰু সংগীত বোধকৰোঁ আটাইতকৈ সৰল কলা। অৰ্থাৎএই দুয়োটা একোটা ইন্দ্ৰিয়ৰ দ্বাৰাই উপভোগ কৰা সম্ভৱ। কিন্তু বোলছবি এটা জটিল কলা, কাৰণ ইয়াৰ শব্দ আৰু ছবি দুয়োটাই সমানে থাকে। কিন্তু এনে কিছুমান কলা আছে সেইবোৰ ইমানেই জটিল যে প্ৰায় আটাইকেইটা ইন্দ্ৰিয়ৰ ইহঁতক অনুভৱ কৰিবলাগে।

এনে এবিধ অতি জটিল কলা হৈছে ৰন্ধন। স্বাদ-ৰ বাহিৰেও, গোন্ধ, দৰ্শন, আনকি স্পৰ্শ এই আটাইকেইটাকে ৰন্ধন কলাত সন্তষ্ট কৰিব লাগে।ভাৰতীয় পুৰাণত ৰন্ধনক এনেয়ে চৌষষ্ঠী কলাৰ অন্যতম বুলি কোৱা হোৱা নাই। সেয়ে, ৰাইজে ভাত-পানী ৰন্ধাটোক এলা-পেচা কাম বুলি নাভাবিবা। ভাল ৰান্ধিব পৰাটো ভাল চিনেমা এখন নিৰ্মাণ কৰাতকৈ বহুত টান কাম। চিনেমাখনত আপুনি মাত্ৰ দুটা ইন্দ্ৰিয়ক সন্তুষ্ট কৰিলেই হ’ল! কিন্তু ৰান্ধোতে আপুনি কমেও চাৰিটাক সন্তুষ্ট কৰিব লাগিব। সেয়ে ৰন্ধনৰ জটিলতা চিনেমা নিৰ্মাণৰ দুগুণ। লগতে অকল ইন্দ্ৰিয়কেইটাক সন্তুষ্ট কৰি থ’লেও সি মাত্ৰ ‘পপুলাৰ বাণ্যিজিক কলা’ হে হৈথাকিব। ইন্দ্ৰিয়ৰ সন্তষ্টিৰ লগতে পৌষ্টিকতাৰ প্ৰতি নজৰ দিলেহে ৰন্ধনক প্ৰকৃত ‘কলাত্মক সৃষ্টি’ বুলিব পৰা যাব।

শেষ কৰাৰ আগেয়ে ওপৰত এৰি থৈ অহা প্ৰশ্ন এটাৰ উত্তৰ দি থৈছোঁ। কিতাপ এখন এজন মানুহে আন এজনক পঢ়ি শুনোৱাতো মোৰ বোধেৰে কলাত পৰিব, অকল সাহিত্য হৈ নাথাকে। কাৰণ কিতাপখন পঢ়ি শুনাওঁতে পঢ়োতা জনৰ ‘প্ৰদৰ্শন’ শৈলীয়ে কিতাপৰ মূল কথাখিনিৰ ওপৰত সামান্য হ’লেও নিজস্ব অনুধাৱনৰ কথা আনি দিব। একেখিনি কথাকে বিভিন্নজনে বিভিন্ন ধৰণে পঢ়িব পাৰে, গতিকে নিজে পঢ়া আৰু পঢ়াই শুনাৰ মাজত সাহিত্য আৰু কলাৰ বিস্তৰ পাৰ্থক্য সোমাই থাকে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক