এন্দুৰ -সুনীল দত্ত

বিয়াৰ আলহীৰে গিজগিজাই থকা ঘৰখন আজি নিজম পৰিল৷ শহুৰেকৰ ঘৰত আঠমঙলা খাই পৰাগে গধূলি নিশাক লৈ ঘৰ সোমালহি৷ পেহীয়েকৰ ছোৱালীজনী আছিল৷ হিমানীৰ লগত লগ লাগি তাই পৰাগৰ শোৱনিকোঠাটো সজালে৷ আটকধুনীয়া বিছনাখনত বগলীৰ পাখিৰ দৰে বগা বিছনা চাদৰখন পাৰি থাকোতে হিমানীৰ বুকুখনত কিবা এটাই খুন্দা মাৰি ধৰা যেন পালে৷ তাইতকৈ দহবছৰে সৰু ভায়েক পৰাগৰ আজি ফুলশয্যাৰ নিশা৷ ভায়েকৰ ফুলশয্যাৰ বাবে আজি তাই বিছনাখন সজাইছে৷ তাইৰো হেঁপাহ আছিল কাঠৰ কাৰুকাৰ্য্য খচিত বিছনা এখনত পাৰি থোৱা বগা বিছনা চাদৰ এখনৰ ওপৰত লাজ লাজকৈ ওৰণি টানি বহি থাকিবলৈ৷ দুকুৰি বছৰত ভৰি দিয়া হিমানীৰ বাবে এতিয়া এইটো মাথোঁ এটা অলীক সপোন৷

কোঠাটো সজাই মেলি হিমানীহঁতে ভাতত লাগিল৷ এটা সময়ত ভাত-পানী খাই পৰাগ তাৰ শোৱনি কোঠাত সোমাল৷ পৰাগৰ ওচৰৰ কোঠাটোৱেই হিমানীৰ কোঠা৷ লাইট অফ কৰি পেহীয়েকৰ ছোৱালীজনীৰ লগত হিমানীও বিছনাত উঠিল৷ শোৱাৰ অলপ পিছতেই পেহীয়েকৰ ছোৱালীজনী টোপনিত ঢলি পৰিল৷ কিন্তু হিমানীৰ চকুত আজি টোপনি নাই৷ পুৰণি কথাবোৰে তাইক খুঁচিবলৈ ধৰিলে৷ চালে চকুৰোৱা হিমানীৰ পিছত ডেকা ল’ৰাৰ লাইন লাগিছিল৷ কিন্তু দেউতাকলৈ প্ৰচণ্ড ভয় কৰা হিমানীয়ে কোনো ল’ৰালৈ চকু তুলি চাবলৈ সাহস নকৰিলে৷ লগৰ ছোৱালীৰ হাতত ল’ৰাবোৰে দিয়া প্ৰেমপত্ৰবোৰ হিমানীয়ে চুয়ো নাচালে৷ কিন্তু খুৰীয়েকৰ মোমায়েকৰ ল’ৰা অলকৰ পিনে এদিন হিমানীয়ে মূৰ তুলি চাবলৈ সাহস গোটালে৷ অলক সিহঁতৰ ঘৰলৈ আহিয়েই থাকে৷ হিমানীহঁতে মামা বুলি মাতে৷ কোনেও একো সন্দেহ কৰাৰ থল নাই৷ কোনেও গম নোপোৱাকৈ দুয়োৰে প্ৰেম আগবাঢ়িল৷ আৰু অৱশেষত এদিন ৰাতি দুয়ো হিমানীৰ কোঠাত অন্তৰংগভাবে কিছু সময় কটোৱাৰ সিদ্ধান্ত ল’লে৷ হিমানীয়ে দুৱাৰখন খুলি ৰাখিব আৰু অলকে হাতত সাৰে ভৰিত সাৰে তাইৰ কোঠাত সোমাব৷ কিন্তু ৰাতি হিমানীৰ কোঠাত সোমোৱাৰ লগে লগে হিমানীৰ দেউতাকে দুয়োকে দেখিলে৷ তাৰ পিছত অলকৰ ওপৰত অমানুষিক অত্যাচাৰ চলিল৷ অৱশেষত খুৰীয়েকে হাতে-ভৰিয়ে ধৰি কাকূতি-মিনতি কৰি অলকৰ প্ৰাণ বচালে৷
হিমানীৰ বাহিৰলৈ ওলোৱা বন্ধ হ’ল৷ আলহী-দুলহীয়ে দৰাৰ খবৰ আনে৷ কিন্তু নানান কাৰণত বিয়াখন নহয়গৈ৷ লাহে লাহে হিমানীৰ বয়স বাঢ়িল৷ খবৰবোৰ নহা হ’ল৷ ইয়াৰ মাজতেই হিমানীহঁতৰ দেউতাক-মাক ঢুকাল, খুৰাকহঁত বেলেগকৈ থকা হ’ল৷ হিমানী বাঁহ গছৰ ভোল হৈ ঘৰতেই ৰৈ গ’ল৷
পৰাগৰ কোঠাত পৰাগ আৰু ঘৈণীয়েক নিশাই খুকখুককৈ হাঁহিছে৷ অলপ পিছত নিস্তব্ধতা, তাৰ পিছত আকৌ গুণগুণনি৷ হিমানীয়ে কাণ দুখনত সোপা মাৰি ধৰিলে৷ অলপ সময়ৰ পাছত পৰাগৰ শোৱনি কোঠাত জ্বলোৱা লাইটৰ পোহৰ হিমানীৰ চকুত পৰিল৷ হিমানীয়ে চকু মুদি দিলে৷ কোনোবাই দুৱাৰ খুলিছে, অলপ পিছত আকৌ বন্ধ কৰিছে৷ গোটেই ৰাতি পৰাগৰ কোঠাৰ পৰা ভাঁহি অহা শব্দবোৰে এন্দুৰ এটা হৈ হিমানীৰ বুকুখনত দৌৰি থাকিল৷ এবাৰ কামোৰে, এবাৰ দৌৰে৷ বিছনাখনত ছটফটাই থাকি হিমানীয়ে বাৰে বাৰে ভাবিলে-ৰাতিৰ আন্ধাৰত কোনোবাই আহি তাইৰ দুৱাৰখনত যদি লাহেকৈ টুকুৰিয়ালেহেঁতেন!
উজাগৰী ৰাতি এটা কটাই হিমানী বিছনাৰ পৰা উঠিল৷ উঠিয়েই তাই পাকঘৰৰ ওচৰৰ সৰু কোঠাটো চাফা কৰিবলৈ ধৰিলে৷ এইটো কোঠাত বহুবছৰ আগতে অলক আহোতে শুইছিল৷ এতিয়া অলাগতিয়াল বস্তু কিছুমানেৰে কোঠাটো ভৰি পৰিছে৷ বহুবছৰ ধৰি ইয়াত কোনো নাথাকে৷ বিছনাৰ পৰা উঠি আহি পৰাগে বায়েকক সুধিলে-“কি হ’ল বাইদেউ? কোঠাটো কিয় চাফা কৰিছ?” হিমানীয়ে বেৰৰ পিনে মুখখন ঘূৰাই ক’লে-“মোৰ ৰুমটোত এন্দুৰৰ বৰ উৎপাত হৈছে অ’৷ আজিৰ পৰা মই এইটো ৰুমতে শুম৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক