এন এইচ সাতত্ৰিশ ( উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা )

NH37_Upasana

                                            কুকুৰৰ শ যেন লগা বস্তুটোৰ নোমাবৃত ছালখন অলপ শুকাই গৈছে, ভিতৰৰ তেজ মঙহবোৰো ঈষৎ কলা, ৰঙচুৱা! বায়’ডিগ্ৰেডেচন হবলৈ ধৰিছে৷ মাথো উপেক্ষা কৰিব নোৱাৰি তীব্ৰ গোন্ধটো৷ ছালফাৰ, হয় ছালফাৰেই এই গোন্ধৰ মূল উৎস! কাৰ্বন, হাইড্ৰ’জেন, ………ছালফাৰ এইকেইটাই, এইকেইটাৰেই মানুহো গঠিত, কুকুৰো গঠিত, অথচ! ব্ৰেক…….অনুৰাধাই নিজৰ চিন্তাৰ দৌৰত ব্ৰেক লগালে, আনিন্দ্যয়ো ঘপকে ব্ৰেক লগালে৷ মানুহ এজনে প্ৰকাণ্ড বস্তাসদৃশ কিবা এটা ডাঙি ৰাস্তা পাৰ হৈ আছিল৷

এন এইচ সাতত্ৰিশ! সোণাৰু, কৃষ্ণচূড়াৰ শাৰী শাৰী গছ, হালধীয়া- ৰঙা ফুল৷ ইমান ধুনীয়া প়থিৱী৷ অবাক হৈ পৰে তাই প্ৰায়ে৷ পুনৰ মৃত কুকুৰৰ গোন্ধ নাকত লাগে তাইৰ৷ নেচনেল হাইৱে নহয় যেন কুকুৰৰ কবৰস্থলী৷

আনিন্দ্যলৈ চায় তাই, আনিন্দ্যই মৃত কুকুৰৰ গোন্ধ নাপায়, ৰঙা হালধীয়া ফুলবোৰ দেখিও অবাক নহয়৷ তাইৰ ঈৰ্ষা হয় তালৈ৷

আনিন্দ্য তাইৰ সহকৰ্মী৷ কেতিয়াবা একেলগে অহা যোৱা কৰে৷ আনিন্দ্য হেপিলী ডিভোৰ্চী আৰু অনুৰাধা হেপিলী মেৰিড! সোধা নাই কেতিয়াও কিয় হৈছিল বিবাহ বিচ্ছেদ! দৰাচলতে প্ৰয়োজনবোধেই কৰা নাছিল৷

: অনুৰাধা, তাই মোক কিদৰে এৰি যাব পাৰিলে?

: কোন? লিপিকা?

: প্ৰেম বিবাহ আছিল আমাৰ, বিয়া পাতি মানুহ সুখী হব, এয়া অদ্ভুদ ধাৰণা: হমম…….দুখী হোৱাৰ সময়তহে সংগীৰ প্ৰয়োজন!

: আমি দুখতো সংগী আছিলোঁ৷ তথাপি তাই নাথাকিল মোৰ সৈতে৷

কিছুপৰ মৌনতা!

: তোমাৰ বাৰু ৰঙা হালধীয়া ফুলবোৰ ভাল নালাগেনে?

: নাঃ, ভাল বেয়া একো নালাগে৷

: আৰু মৰা কুকুৰৰ গোন্ধ?

: কুকুৰ? ক’ত কুকুৰ মৰিছে?

আনিন্দ্যই পুনৰ ব্ৰেক মাৰিলে ঘপকে৷ জিগ জেগ কৈ বাইক চলোৱা ল’ৰাটো কথমপি বাচিল৷

: ললিতৰ বিয়া৷

: ললিত? কোন ললিত?

: মোৰ প্ৰাক্তন প্ৰেমিক, এক্স!

: অ’হ, তুমি আপচেট নেকি খবৰটো পাই?

: কালি ফোন কৰিছিল৷

: বিয়াৰ তাৰিখ জনাবলৈ?

: নাঃ, তাৰ হেনো কিবা অসুখ, তাকে জনাবলৈ ফোন কৰিছিল৷

: অ’হ! কি হৈছে?

: নাই নাই, একো নাই, সামান্য কিবা এটা৷ ভয়টো এনেয়েও বেছি তাৰ৷ কৰবাত বিষ এটা হলেও কেন্সাৰ বুলি কান্দিবলৈ বাকী আছিল৷

: হা: হা: , ৰিয়েলী?

: কিন্তুু এইবাৰ তাৰ সঁচাকৈয়ে ভয় লাগিছিল৷ বেমাৰৰ ভয় নহয়, মোক হেৰুওৱাৰ ভয়, তাক মোৰ বাহিৰে আন কোনেও বুজি নাপাব বুলি লগা ভয়৷

: আৰু তোমাৰ? তোমাৰো ভয় লাগিছিল নেকি?

: ভয় নহয়, দুখ লাগিছিল আৰু খং উঠিছিল৷ এনেকুৱা এটা ফোন তিনিবছৰ আগেয়েও কৰিব পাৰিলেহেঁতেন!

: ৰঙা হালধীয়া ফুলবোৰ দেখি তুমি এতিয়াও আপ্লুত হোৱা?

: হওঁ৷ মানুহবোৰ সুখী অথবা দুখী হবলৈ সম্বন্ধবোৰ, বিলাস- বৈভৱবোৰ থকাৰ আগৰেপৰাই কৃষ্ণচূড়া, সোণাৰুৱে মানুহক আপ্লুত কৰি আহিছে, ময়ো অবাক নহৈ নোৱাৰোঁচোন৷

কথা পাতি পাতি গাড়ী চলাই থকা আনিন্দ্যই গতিবেগ অলপ কমাই দিলে৷ পূৰ্বপত্নীৰ কথা কৈ কৈ আৱেগিক হৈ পৰা আনিন্দ্যৰ মুখৰ বৰণ সলনি হ’ল, কিবা এটা ক্ষোভ যেন সমগ্ৰ পৃথিৱীৰ বিৰূদ্ধে!

: “ চাল্লা, পলিটিক্স কৰিবলৈ আহিছে“!

অনুৰাধাই দেখিলে সন্মুখত এজাক মানুহৰ বিশাল সমদল এটা৷ এইবোৰ মানুহৰ সমদল, ধৰ্ণা আদিবোৰ দেখিলে আমাৰ মানুহবোৰৰ ইমান খং উঠে কিয়? মনতে ভাবিলে তাই৷ স্বগতোক্তি কৰিলে-“ সিহঁতবোৰ- আমিবোৰ“! হয়, সিহঁতবোৰ! আমি সেইবোৰ মানুহৰ অংশ নহয়৷

: এই মানুহবোৰক জানানে ৰাজনৈতিক নেতাবোৰে বুৰ্বক বনাই আছে৷

: হব পাৰে৷

: কি জানে ইহঁতে ৰাজনীতিৰ কথা, অৰ্থনীতিৰ কথা!

: আৰু আমি তেওঁলোকৰ কথা? ( নাই, এইটো প্ৰশ্ন আনিন্দ্যক নহয়, নিজকেহে সুধিলে তাই)

পুনৰ মৃত কুকুৰৰ গোন্ধ নাকত লাগেহি৷ মৰিবৰ বহুদিন হ’ল, গোন্ধৰ পাৰ্থক্যতেই তাই ধৰিব পৰা হৈছে- মৃত্যুৰ কিমান দিন হৈছে! হুমুনিয়াহ এটা ওলাইছিলেই৷ কিন্তুু পুনঃ সন্মুখত কৃষ্ণচূড়া, সোণাৰু!

আনিন্দ্যলৈ চায় তাই, ঈৰ্ষা হয় তাইৰ তালৈ- সি মৃত কুকুৰৰ গোন্ধ নাপায়, ৰঙা হালধীয়া ফুল দেখিও আপ্লুত নহয়৷

: তোমাৰ বাৰু ললিতৰ প্ৰতি এতিয়াও ফিলিংচ আছে নেকি?

: নাঃ, নাই৷ কিন্তুু তাৰ কথাখিনি শুনি আজি পাঁচবছৰ আগতে যিমান উদ্বিগ্ন হৈছিলোঁ, কালিও যিমানেই উদ্বিগ্ন হলোঁ! ইয়াকে যদি ফিলিংচ বুলি কয়, হয় আছে ফিলিংচ!

: মোৰ ঈৰ্ষা হয় তোমাৰ প্ৰতি৷

: হুহ! কিয়?

: তুমি অন্ততঃ তোমাৰ অনুভৱৰ প্ৰতি সৎ, মই নহয়৷ লিপিকাক বিচাৰি নগলোঁ এবাৰো৷

এনেতে মানুহৰ সমদলটোো পাৰ হৈ গ’ল৷ ট্ৰেফিক জাম খালী হ’ল৷ আনিন্দ্যই গাড়ীৰ গতিবেগ বঢ়ালে, কাৰ্য্যালয় পালেগৈ৷ পিছে সি অনুৰাধাক নমাই গাড়ীৰ দিশ সলনি কৰিলে৷

: লিপিকাক বিচাৰি যাওঁ, এবাৰ কৈ চাওঁ মোৰো ভয় লাগে, তাইৰ বাদে অইন কোনেও মোক নুবুজিব বুলি!

আনিন্দ্য পুনৰ এন এইচ সাতত্ৰিশত৷ আহিবৰ পৰত অনুৰাধাই কৈছিল, “হয়তো তুমি এতিয়া এন এইচ সাতত্ৰিশত মৃত কুকুৰৰ গোন্ধ পাবা আৰু ফুলবোৰ দেখিও আপ্লুত হবা৷ ’’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments