এপাহ গোলাপ আৰু নৱবৰ্ষ: ৰশ্মিৰেখা দাস

(এয়া কি ? সেউজীয়া পাতেৰে এপাহ সতেজ গোলাপ । ৰঙা ৰঙা । কোনে জানো থৈ গল খিড়িকীমুখত! ঠিক যোৱা বছৰৰ নিচিনাকৈ । আগফালৰ দুৱাৰমুখলৈ দৌৰি যাওঁ । জানো যে তাতো এপাহ থাকিব । উ..ম…ম হয়তো!
ভবাৰ দৰেই হ’ল । দুৱাৰমুখতো কেইপাহমান ৰঙা গোলাপ ।)

ණ ”নতুনবোৰ এদিন পুৰণি হয় । আৰম্ভ হলেই সি শেষ হয় । সৃষ্টিৰ নিয়ম ।”
নতুনৰ পৰা পুৰণি হোৱাৰ পৰিক্ৰমাত বহু সময়ত সুখ আৰু দুখৰ অশ্ৰুকণা কঢ়িয়াই আগবাঢ়ি যাওঁ । সময়ৰ হাতত ধৰি মানুহ আহে আৰু যায় । নতুন সপোন, নতুন আশা আহে । সিওঁ যায়গৈ । স্মৃতিৰ বাকৰিত মাথোঁ ৰৈ যায় বহু কথা । ৰূপোৱালী অতীত।
তেজপুৰত মই তেতিয়া নতুন ।দেউতাৰ চাকৰি সূত্ৰে আমাৰ নতুন ঠিকনা আছিল তেজপুৰ । সেউজীয়া পৰিষ্কাৰ এখন ঠাই । সুন্দৰৰ অন্য এক নাম তেজপুৰ । লাহে লাহে মোৰ হিয়াৰ আমঠু হ’ল বাণ ৰজাৰ দেশখন ।
সময়ে বাগৰ সলায় । বছৰ শেষ কৰি নতুনক আদৰি ল’বৰ হয় । ৩১ ডিচেম্বৰৰ নিশা আনন্দ স্ফূৰ্টি কৰি সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাওঁ । পুৱা সাৰপাই কোঠাৰ খিড়িকীখন খুলি দিওঁ । এজাক শীতল বতাহেৰে মোৰ কণমানি কোঠাটো ভৰি যায় । মই বুকু ভৰাই দীঘলকৈ উশাহ এটা লওঁ । নতুন পুৱাৰ উষ্ম মাদকতা । উভতিব খুজিও ৰৈ যাওঁ।
এয়া কি ? সেউজীয়া পাতেৰে এপাহ সতেজ গোলাপ । ৰঙা ৰঙা । কোনে জানো থৈ গল খিড়িকীমুখত! ঠিক যোৱা বছৰৰ নিচিনাকৈ । আগফালৰ দুৱাৰমুখলৈ দৌৰি যাওঁ । জানো যে তাতো এপাহ থাকিব । উ..ম…ম হয়তো!
ভবাৰ দৰেই হ’ল । দুৱাৰমুখতো কেইপাহমান ৰঙা গোলাপ । দুচকুত মোৰ হাজাৰ বিষ্ময় । বুকুত হেন্দোলনি । কোন তেওঁ ? কেতিয়া থৈ যায় ? প্ৰশ্নবোৰ সাঁথৰ এটা হৈ থাকি যায় ।
দিন বাগৰে । পাহিবোৰ সময়ৰ লগে লগে মৰহে । দুচকুত কাজল পিন্ধি তেতিয়া সেউজীয়া ঘাঁহনিত শিমলু তুলা বুটলি ফুৰো । আকাশলৈ চাওঁ শিমলু ফুলৰ ৰঙীন মেলা । ফাগুন আহে । ইমান ভাল লাগে ।সময়বোৰ বৈ থাকে । কপৌ ফুলে । গগনাটো মই আলফুলে সাঁচি থওঁ । দুহাতত জেতুকাৰ নতুন গন্ধ । আহ . .! পুৰণি নোহোৱাৰ আগতেই অনুভৱৰ সঁফুৰাত বন্দী কৰি থওঁ । ক’ত যে সপোন সাৰ পাই উঠে সেই গন্ধত ।
বহু উদ্যমেৰে পাৰ হৈ যায় দিন, মাহ, ঋতু । এদিন সেই বছৰটোও সম্পূৰ্ণ হয় । সেই বিশেষ দিনটো আকৌ আহে । ৩১ ডিচেম্বৰ ।
সেইবাৰ মই মনে মনে ভাবি থৈছিলো ৰঙা গোলাপেৰে শুভেচ্ছা জনোৱাজনক ধৰা পেলাম । লাগিলে গোটেই ৰাতিটো সাৰে থাকিম । সেইমতেই ঠিক হ’ল । বিছনাতে পৰি ৰলোঁ ।
কৌতুহল বাঢ়ে । ঘড়ীটোলৈ চাওঁ বিদায়বেলা সমাগত। আৰু কেইটামান মুহূৰ্ত মাত্ৰ । . . . . ৫৬,৫৭, ৫৮, ৫৯ . . . .  নতুন বছৰ সোমাল ।
ক্ৰিং . . . ক্ৰিং . . . । লেণ্ড-লাইনৰ শব্দ । নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ কাৰোবাৰ ফোন সেয়া । খুব বেছি দুই মিনিট কথা পাতি প্ৰতি-শুভেচ্ছা জনাই ফোনটো থলোঁ । কিবা এটা মনত পৰি হঠাত্‍ দৌৰি গলো দুৱাৰমুখলৈ । ৰৈ গ’লো ঠাইতে । মোৰ ওচৰত এপাহ গোলাপ । লগত এটুকুৰা কাগজো । লিখা আছে—‘হেপ্পী নিউ ইয়েৰ’ । অলপো পলম নকৰি পদুলিলৈকে দৌৰি গলো । কিন্তু কোনো নাছিল তাত । চৌদিশে ঘুৰি ঘুৰি চালোঁ । নাই, কোনো নাই । হুমুনিয়াহ এটা এৰি থৈ গুচি আহিলো ভিতৰলৈ । অচিন শুভাকাংক্ষীজনক দেখাটো হৈ নুঠিল ।
নতুন বছৰবোৰ পাৰ হৈ গৈ থাকিল । সময়ৰ লগে লগে মোৰ ঠিকনাও সলনি হ’ল । এটা নতুন পুৱা আজিও মোৰ খিড়িকীৰ মুখত অপেক্ষাৰত । সাৰপায়েই মই আগবাঢ়ি যাওঁ । খিড়িকী খুলি দিওঁ । এজাক শীতল বতাহ শীতল হৈয়ে সোমাই আহে । মন-প্ৰাণ সতেজ হৈ পৰে সেই ফুলপাহৰ দৰে । ৰঙা ৰঙা । মিচিকিয়াই হাঁহো । আৰু কওঁ—”শুভ নৱবৰ্ষ”!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments