এপিটাফ (সংগীতা কাকতি)

আঘোণমহীয়া কান্ধলৈ ছ-থৰিয়া ডাঙৰি তুলি লওঁতেও নকঁপা বজ্ৰ দাইটিৰ হাতদুখন ফটোখন উঠাবলৈ লৈ কঁপি উঠিল!
বজ্ৰ দাইটি খেজুৰীতল গাঁৱৰ একমাত্ৰ স্কুলখনৰ হেডমাষ্টৰ৷ তেওঁ পিছে ৰাইজৰ মাজত জনাজাত বেলেগ এটা কাৰণতহে৷ গোটেই গাওঁখনৰ ভিতৰত এটাই মাথোঁ কেমেৰা, সেইটোৰেই গৰাকী বজ্ৰ দাইটি৷ গাঁৱৰ কাৰোবাৰ ৰভাতলত বিয়ানামৰ জাউৰি উঠিছে; কাৰোবাৰ লৰা-ছোৱালীৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল-আপ্ কৰিবলৈ পাচপৰ্ট ফটো লাগে, বজ্ৰ দাইটি কেমেৰাটোৰ সৈতে হাজিৰ হয়গৈ৷ পাৰোতাই ফটোখনে প্ৰতি দহটকামানকৈ দিয়ে, নোৱাৰাই লাও-বেঙেনা এটা দিলেও কেইদিনমানৰ পিছত তেওঁ সকলোকে সমান হেঁপাহেৰে ’ৱাশ্ব’ কৰা ফটোকেইখন দি থৈ আহে৷

দিগন্তহঁতৰ ঘৰলৈও তাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্মৰ ফটো তুলিবলৈকে শেষবাৰ আহিছিল বজ্ৰ দাইটি৷ পিছচোতালৰ কাপোৰ মেলা ডাঁৰদালত দেউতাকৰ নতুন বগা চুৰিয়া এখন দুজাপকৈ মেলি দিছিল মাকে৷ সেইখনৰ সন্মুখতে চকী এখন পাৰি সি বহিছিল; তাৰ মুখলৈ মেট্ৰিক পৰীক্ষাৰ ভয়টোৰ মাজেৰে সৰকি অহা প্ৰথম ফটো উঠাৰ আনন্দখিনি বজ্ৰ দাইটিৰ কেমেৰাত বন্দী হৈ ৰৈছিল৷ তাৰ পিছত কি জানো ভাবি ঘৰৰ সকলো একেলগে ফটো এখন মাৰি দিছিল দাইটিয়ে, পইচা নোলোৱাকৈয়ে৷ আইতাক, সিহঁত লৰা-ছোৱালী তিনিটা আৰু মাকৰ হাঁহিবোৰ একেলগে ধৰি ৰখা থকা প্ৰথম আৰু শেষ ফটো সেইখন৷ সেই ফটোখনত ৰৈ নগ’ল মাথো লোকৰ বাৰীত জেওৰা-জপনা দিবলৈ বুলি দিনটো ঘৰৰ বাহিৰত থকা দিগন্তৰ দেউতাক৷ অৱশ্যে ঘৰত থকাহলেও চাগৈ তেওঁক কোনেও ফটোত উঠিবলৈ টানি-আঁজুৰি হলেও আনিব নোৱাৰিলেহেঁতেন৷ কামৰ বাদে একোকে চিনি নোপোৱা মানুহজন বৰ একাচেকা আছিল৷

সঁচাকৈয়ে একাচেকা আছিল সিহঁতৰ দেউতাক, বিশেষকৈ ঘৰৰ মানুহখিনিৰ আগত৷ তেওঁক জেওৰা দিয়া, ডাঙৰি অনা আদি কামবোৰত সহায় কৰি দিওঁতে পৰীক্ষাৰ দিনবোৰত দিনত পঢ়িবলৈ অলপো সময় নোলাইছিল দিগন্তৰ৷ তথাপিও ভালকৈ পঢ়ি-শুনি কিবা এটা কৰাৰ প্ৰচণ্ড ইচ্ছা তাৰ, অভাৱে কোঙা কৰিলেও সেই ইচ্ছাৰ জুইকুৰা অনবৰতে ৰু-ৰুৱাই জ্বলি থাকে তাৰ মন-মগজুত৷ সেয়ে ৰাতি ভাত খাই উঠি চাকিটো জ্বলাই পঢ়াৰ টেবুলত বহিছিল সি৷ একাচেকা দেউতাকৰ টান মাতটো ভাঁহি আহিছিল অলপ পিছতেই, “ৰাতিখন কাচ তেল পুৰি পুৰি নপঢ়িলে নহয়নে, ৰাতিপুৱা উঠি পঢ়িবি৷ নহলে কাচতেল কিনিবলে পইচা মিলাওতে পানী খাই শুব লাগিব৷“ চাকিটো নুমুৱাই বিছনাত পৰিছিলগৈ সি, ভাগৰত চকুৰ পতা জাপ নোখোৱালৈকে ইচ্ছাৰ জুইকুৰাৰ পোহৰত স্কুলত পঢ়োৱা কথাবোৰ মনতে আওৰাই গৈছিল৷

সেইদৰে পঢ়ি, বজ্ৰ দাইটিয়ে তোলা ফটো ফৰ্মত লগায়েই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে দিগন্তই, লগতে তিনিখনত লেটাৰ৷ সিহঁতৰ ঘৰলৈ মানুহৰ সোঁত বলিল; টাউনৰ সংগঠন এটাই তাৰ হায়াৰ চেকেণ্ডাৰী বছৰ দুটাৰ কিতাপ-বহীৰ দায়িত্বও ল’লে৷ ঘৰৰ-গাঁৱৰ সকলো আনন্দত অধীৰ হ’ল, নিৰ্বাক হৈ থাকিল মাথো দিগন্তৰ দেউতাক৷ এক গভীৰ অভিমান আৰু দুখত দিগন্ত ডুব গৈছিল অহৰহ! কিবা লাভ আছে জানো ভাল ৰিজাল্ট কৰি, যাৰ বাবে কৰে তেওঁৰ বাবেই যদি মূল্যহীন হয় সেই প্ৰাপ্তি! কাকো ভাগ দিব নোৱাৰাকৈ প্ৰাপ্তিৰ মাজতো সি বহন কৰিছিল ভেকুৱামসদৃশ এক অচিন বিশাল শূন্যতা!

নতুন বছৰৰ ক্লাচবোৰ আৰম্ভ হৈছিল৷ বাঁহেৰে সঁজা তিনিবেগেত-মান বহল তাৰ হেঁপাহৰ পুৰণি টেবুলখনত কিতাপখিনি জুকিয়াই আছিল দিগন্তই৷ দেউতাক সোমাই আহিছিল বাৰাণ্ডাৰ চুক এটাকে আটোমটোকাৰীকে বেৰা দি বনোৱা তাৰ কোঠাটোলৈ৷ কিতাপখন জপাই থৈছিল দিগন্তই, কাচতেলৰ খৰচ বঢ়াই ৰাতি পানী খাই শুব নোৱাৰে সি৷ একাচেকা মাতেৰেই কৈ উঠিছিল দেউতাকে, “তই এতিয়াৰপৰা যিমান দেৰিলৈকে মন যায় পঢ়িবি৷ মই বেছিকৈ দুঘণ্টা হাজিৰা কৰিম দৰকাৰ হ’লে৷“ আচৰিত হৈ দেউতাকৰ চকুলৈ চাই ৰৈছিল দিগন্তই৷ দেউতাকে তাৰ চকুৰ পৰা চকু আঁতৰাই সন্মুখৰ বেৰখনলৈ চাইছিল৷ সদায় একেডোখৰ ঠাইতে চাকিটো জ্বলোৱা বাবে বেৰখনত চাকিৰ ধোঁৱাৰ ক’লা চামনি এখন বহিছিল৷ ভালেখিনি সময় একেথৰে চাই ৰৈ এসময়ত তেওঁ সেই চামনিখনৰ ওপৰতে তৰ্জনী আঙুলিটোৰে ঘঁহি ঘঁহি লিখিলে, ’পঢ়ি থাক, মই আছো’৷ তাৰপিছত চাকিৰ শলিতাডালৰ ওপৰফালে হোৱা ক’লা সৰু সৰু গুটিকেইটা আঙুলিৰে ভাঙি চাকিটোক আৰু পোহৰাই তেওঁ বিছনাত পৰিলগৈ৷ কাহানিও কথাৰে একো মৰম প্ৰকাশ কৰি নোপোৱা মানুহজনে ইমান মৰম কঢ়িয়াই ফুৰে বুকুত! আচৰিত হ’ল দিগন্ত৷ খঙো উঠিল তাৰ মনে মনে, মাকৰ নিচিনাকে দেউতাকে কিয় মুখফালি মৰমবোৰ দেখুৱাব নোৱাৰে? নিজৰ পুতেকটোৰ আগত কিয় সুখ-দুখবোৰ মেলি দিব নোৱাৰে! কিহৰ চেঁপাত, কি কাৰণত মনৰ কথাবোৰ বেৰত লিখি বুজাব লাগে! কিয়!

সেই ’কিয়’টোৰ উত্তৰ জানিবলৈ বেছিদিন ৰ’ব লগা নহ’ল দিগন্ত৷ বেৰখনত সেই আখৰকেইটা লিখা হৈ নোৰোৱা হ’লে, বজ্ৰ দাইটিয়ে উঠোৱা ফটোখনতো বাদ পৰি যোৱা দেউতাকৰ স্মৃতি বুলিবলৈ একোৱেই নাথাকিলহেঁতেন! তেওঁৰ অন্তৰাত্মাই যেন দেখা পাইছিল আহিবলগা সময়খিনি; সেয়ে যেন অকস্মাৎ দুৰ্ঘটনাত হেৰাই যোৱাৰ এমাহমান আগত নিজক ৰাখি থৈ গৈছিল সেই আখৰকেইটাত! ইমান অনাকাংক্ষিত ধুমূহাজাকৰ পিছত ঠন ধৰি উঠিবলৈ বহুত কষ্ট হ’ল সিহঁতৰ৷ এসময়ত কেঁচা ঘাঁডোখৰ বুকুত বান্ধিয়েই আকৌ উদ্যমেৰে লাগিল দিগন্ত, দেউতাকে হেৰাই যোৱাৰ আগত মুকলিকৈ জনাই থৈ গৈছে তাক তেওঁৰ আশাবোৰ৷ সেই আশাৰ প্ৰতীক হৈ তাৰ টেবুলৰ কাষৰ বেৰখনত জিলিকি আছিল দেউতাকৰ কাউৰীঠেঙীয়া আখৰকেইটা৷ প্ৰতিনিশা সেইকেইটা এবাৰ চায়েই পঢ়াত বহে সি৷ চাকিৰ ধোঁৱাই ঢাকি দিয়া যেন কৰিলেই আখৰকেইটাৰ ভাঁজে ভাঁজে আঙুলিটো ফুৰাই দিয়ে, তাৰ আখৰৰ ঠাঁচ অকণমানো নবহুৱাকৈ৷
সেই আখৰকেইটাৰ সাহসতে সি হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰি ইঞ্জীনিয়াৰিঙতো চিট পালে৷ ইঞ্জীনিয়াৰিঙ কলেজখন অসমৰ সিটো মূৰত, সেয়ে সি ঘৰ এৰি হোষ্টেলত থাকি পঢ়াৰ সিদ্ধান্ত হ’ল৷ বুকুখন কঁপি উঠিল দিগন্তৰ! ক’ত পাব সি হোষ্টেলত, দেউতাকে ’পঢ়ি থাক, মই আছো’ বুলি লিখি থৈ যোৱা বাঁহৰ বেৰখন! ঘৰলৈ বহুত দিনৰ মূৰতহে আহিব সি৷ বেৰখনৰ পৰা অকণ অকণকৈ গোবৰ-মাটিবোৰ এৰাবলৈ আৰম্ভ কৰিছেই; সি অহালৈকে হয়তু বাঁহৰ কামিকেইডালহে থাকিবগৈ৷ সেয়ে সি থিৰাং কৰিলে, দেউতাকৰ আখৰকেইটা ফটো মাৰি বন্ধাই থব৷ পৃথিৱীৰ য’তে নাথাকিলেও তাৰ পঢ়া টেবুলৰ সন্মুখৰ বেৰখনতে ফ্ৰেমটো আউজাই থব৷ ফ্ৰেমটোৰ পৰা দেউতাকে তাক অহৰহ কৈ থাকিব, “পঢ়ি থাক, মই আছো“৷

সেই ফটোখন উঠাবলৈ লৈয়েই দুয়োহাত কঁপি উঠিছিল বজ্ৰ দাইটিৰ৷ হ’লেও ফটোখন উঠোৱাৰ পিছত তেওঁৰ মনটো ভৰি পৰিল, গাওঁখনত প্ৰথমবাৰৰ বাবে বিয়াৰ ৰভা নতুবা একৰঙী কাপোৰৰ বেক্গ্ৰাউন্দ নোহোৱা ফটো এখন উঠোৱাৰ আনন্দত৷ ধোঁৱাৰে ৰঙীন বেৰ এখনৰ বেকগ্ৰাউণ্ডত এজন দেউতাকৰ অসাধাৰণ ফটো সেইখন!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
টুলু
4 years ago

সংগীতা কাকতি তথা আপোনালোকৰ Xahitya dot com অশেষ ধনঞবাদ।