এপিয়লা গৰম চাহ আৰু আড্ডা প্রসংগ : বৰষুণ (মিতালী বৰ্মণ)

যোৱা কিছুদিনৰ পৰা দিল্লী চহৰলৈ নামি আহিছে বৰুণদেৱৰ আর্শীবাদ । ২০০৫ চনত প্রথমবাৰৰ বাবে দিল্লীলৈ আহি দেউতাৰ লগত জয়পুৰলৈ ফুৰিবলৈ গৈছিলোঁ । যোৱা বাটত সিদিনাও ৰিমঝিমকৈ এজাক বৰষুণ সৰি পৰিছিল ধৰাৰ বুকুত । তেতিয়াই আমাৰ গাড়ীৰ চালকজনে কৈছিল “দিল্লী মে তো বাৰিচ হোতীহি নেহি । য়হাতো নচীৱৱালোকোহি বাৰিচ মিলতী হ্যায় ।” মনত থাকি গ’ল সেই অচিন যুৱকজনৰ কথাষাৰ ।

আজি কিছুদিনৰ আগতেও বাটে বাটে মনৰ মাজতে লিখি আহিছিলোঁ বৰষুণৰ কবিতা :

“মোৰ চহৰলৈ আহিছে
মোৰ প্রিয় বৰষুণ
সংগ দিছে মোক অবিৰতভাৱে
টোপাল হৈ সৰি পৰিছে মৰমবোৰ
ধুই নিছে দুঃখৰ আৱর্জনা…”

বৰষুণত আধা-ভিজা হৈ বিশ্ববিদ্যালয় পালোঁ । মোৰ সহকর্মী ড০ প্রমোদিনী দেৱী আৰু মই একেটা কোঠালিতে বহোঁ । বাইদেউ মণিপুৰৰ । এগৰাকী মৰমীয়াল ভদ্র মহিলা (হয়তো মই তেওঁৰ জীয়েকৰ বয়সৰ হ’ম) । ভালেই পাইছিলোঁ পূর্বোত্তৰ ভাৰতৰ মানুহগৰাকীৰ লগত একেটা কোঠালিত বহিবলৈ পাই; যেন অচিন ঠাইতো লগ পাই গৈছিলোঁ মোৰ চুবুৰীৰে মাহীজনীক । নানা কথাৰ আলোচনা হয় আমাৰ মাজত । বহু কথা শিকিছোঁ তেওঁৰ পৰা । সিদিনাও আহিয়েই বাটত বৰষুণে পোৱাৰ কথা ক’লোঁ । অলপ পাচত আমাৰ বিভাগৰ গৱেষিকা ছাত্রী সৃতা আহি ওলাল আমাৰ কোঠালিত । তাই পশ্চিমবংগৰ ছোৱালী । আকৌ ওলাল বৰষুণৰ প্রসংগ । হাতত এপিয়লা গৰম চাহ আৰু বৰষুণৰ আলাপ !!

সৃতাই সুধিলে “মিতালী দিদি, তোমালোকৰ অসমত খুব বৰষুণ হৈ থাকিলে তাক ৰখাবলৈ কিবা নিয়ম আছে নেকি ?” এয়াই হ’ল আৰম্ভনি । তাৰ পাচত আগতে কেতিয়াও নুশুনা বৰষুণৰ লগত জড়িত কেইবাটাও লোক-বিশ্বাসৰ কথা জনাৰ সুযোগ পালোঁ । বাঙালী সমাজত থকা এটা নিয়ম এনেধৰণৰ : “যদি কাৰোবাৰ ঘৰত কিবা উৎসৱ-পার্বন আছে আৰু যদি মূষলধাৰে বৰষুণ হৈ আছে তেন্তে গৃহস্থই এটা দৰকাৰী কাম কৰিব লাগে । তেওঁলোকৰ কোনোবা এজনে এনে এঘৰ মানুহ বিচাৰি উলিয়াব লাগিব যিঘৰ মানুহৰ এটিয়ে মাথো সন্তান আৰু সন্তানটি কন্যা সন্তান হ’বই লাগিব । তেনে এঘৰ মানুহৰ পৰা ইঘৰ মানুহৰ কোনো সদস্যই গৈ বাতি এটা চুৰ কৰি আনি লুকুৱাই থব লাগিব আৰু যদি তেওঁ সেই কাম কৰাত সফল হয় তেন্তে বৰষুণ ৰোৱাটো খাটাং । নাইবা আন এটা বিধি মতে ভেকুলী এটা ধৰি আনি তাক খৰাহী বা আন কিবা ফুটা থকা পাত্রৰে ঢাকি থব লাগে । কাৰণ ভেকুলীয়ে টোৰটোৰালে বৰষুণ হয়” । লগে লগে প্রমোদিনী বাইদেৱে মাত লগালে, “মণিপুৰৰটো শুনা । প্রথমে এটা বাঁহৰ খৰাহী ল’ব লাগিব । কিন্তু খৰাহীটো পানী সৰকি যোৱা ধৰণে পাতলকৈ সজা হ’ব লাগিব । তাৰ পাচত অতিপাত বৰষুণ দি থাকিলে ঘৰৰ কোনো এজন সদস্যই গৈ ঘৰৰ চালত খৰাহীটো থৈ আহিব লাগে আৰু বৰুণদেৱক প্রার্থনা কৰিব লাগে এইবুলি যে হে বৰুণদেৱ তোমাৰ কৃপাৰে আমি কৃপাধন্য । কিন্তু বৰষুণেই যদি দিছা মোৰ ঘৰৰ চালত পানী পৰাৰ আগতে এই খৰাহীটো পানীৰে পূর্ণ কৰা । কিন্তু পাতলকৈ সজোৱা খৰাহীটোত পানী ৰ’ব ক’ৰ পৰা ?? বৰুণ দেৱতাও এই কামফেৰাত সফল নহৈ বৰষুণকে বন্ধ কৰি দিয়ে । তাৰ কেই ঘণ্টামান পাচত বৰষুণ ৰ’বই ৰ’ব” । ময়ো সৰুকালত দেখিছিলোঁ আইতাই কৰা বিধি এটা । বৰষুণ দি থাকিলে ঘৰৰ কাম-বনত আহুকাল হয় বাবে কেতিয়াবা আইতাই পকা জলকীয়া এটা চোতাল সৰা বাঢ়নিডালৰ কাঠি এডাল উলিয়াই তাৰ এমূৰে খুচি লগাই দিছিল আৰু আনটো মূৰ চোতালত পুতি দিছিল । মানে টিকটিকীয়া ৰঙা, পকা জলকীয়াটোৱে যেন আকাশৰ পিনে ট ট কৈ চাইহে আছিল । সঁচাকৈয়ে তাৰ অলপ পৰ পাচত মেঘৰ ওৰণি গুচাই বেলিটি ন-কইনাৰ লেখীয়াকৈ লাজ লাজকৈ ওলাই আহিছিল ।

তাৰপাচত এইবাৰ ওলাল কি কৰিলে বৰষুণ দিয়ে তাৰ প্রসংগ । অসমৰ দৰে পশ্চিমবংগতো অনা-বৃষ্টিৰ সময়ত “ভেকুলী বিয়া” পতা নিয়ম আছে ।

“ভেকুলীৰ বিয়ালৈ আহে ইন্দ্রদেৱে
বতাহ-বৰষুণত তিতি
সৰগৰ অপেচৰী নামি আহিছে
ভেকুলীৰ বিয়া শুনি” (ভেকুলী বিয়া নাম)

মণিপুৰৰ বিধি আকৌ একেবাৰে সুকীয়া । তেওঁলোকৰ মতে হেনো “ পাহাৰৰ চূড়াটোলৈ উঠি গৈ তাতে বৰুণদেৱৰ পূজা কৰিব লাগে, তেতিয়াহে বৰষুণ হয়” । আকৌ আন এটা বিধিও নথকা নহয় । যদি অনা-বৃষ্টিৰ বাবে খুউব আকাল হয় তেন্তে ১০৮ জনী খীৰতী গাই আনি গোবিন্দ (ভগৱান শ্রীকৃষ্ণ)ৰ পূজা কৰি, তেওঁৰ প্রতিমূর্ত্তিৰ সন্মুখত খীৰাব লাগে আৰু গাখীৰখিনি তেওঁলৈ অর্পণ কৰিব লাগে” । ইয়াৰ অর্থ এয়েই যে, ভগৱান শ্রীকৃষ্ণই আটাইতকৈ বেছিকৈ ভালপোৱা বস্তুবিধ মানৱ সমাজে তেওঁক অর্পণ কৰিছে আৰু তাতে গোঁসায়ো প্রসন্ন হৈ মানৱ সমাজত তেওঁৰ কৃপা দৃষ্টি বৰষাব । আচৰিত ধৰণে তাৰ এদিন বা দুদিন পাচতে বৰষুণ হয় হেনো ।

তেনেতে ছাত্র-ছাত্রীবোৰ অহাত আমাৰ কথা সিদিনা তাতেই সামৰিব লগীয়া হ’ল । এয়ে আছিল আমাৰ সিদিনাৰ এপিয়লা চাহৰ আড্ডা । প্রায়েই নানা কথাৰ আলোচনা হয় । লিখি ৰাখোঁ বুলিয়ো ৰখা নহয় । স্বভাৱগত এলাহে ধৰে । কিন্তু “বৰষুণ”ৰ লগত জড়িত ইমানবোৰ মোহনীয় কথা লিখি ৰখাটো মোৰ বাবে “এলাহ”তকৈয়ো বেছি আনন্দময় আছিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments