‘এপ্ৰিল ফুল’ ছাৰ ( দীপাংকৰ মল্ল বৰুৱা )

১৯৮৪ চনৰ ১ এপ্ৰিলৰ কথা।

ডনবস্ক’ স্কুলৰ অষ্টম শ্ৰেণীৰ ‘ক’ শাখাত গণিতৰ ক্লাছ কৰিবলৈ চিদা ভট্ট ছাৰ সোমাল। ছাৰে মাজে সময়ে দুই এটা ধেমেলীয়া কথা কয় যদিও পঢ়াওঁতে খুব চিৰিয়াছ। ছাৰে ক্লাছত ‘ফাতলামি” পচন্দ নকৰে।

ছাৰে ৰোল কল কৰাৰ পিছতে মোৰ লগত একেলগে একেবাৰে পিছৰ বেঞ্চত বহা অংকন উঠি গৈ ছাৰৰ হাতত এটা লেফাফা দিলে। ছাৰে ঘোপাকৈ তাৰ মুখলৈ চালে।

“ছাৰ দেউতাই আপোনালৈ এখন চিঠি লিখি পঠিয়াইছে”।

“কি চিঠি”?

“ছাৰ, খুব ইম্পৰটেণ্ট চিঠি। এতিয়াই পঢ়ি চাওক”।

ছাৰে খৰধৰকৈ লেফাফাটো খুলিলে। লেফাফাটোৰ ভিতৰত এখন কাগজ। তাত লিখা আছে “APRIL FOOL”।

গোটেই ক্লাছৰ ল’ৰাবোৰে গিৰ্জনি মাৰি হাঁহিলে। অংকনে লাহেকৈ ক’লে, “এপ্ৰিল ফুল ছাৰ”।

ছাৰে খঙত ৰঙা চিঙা পৰিল। “মোক তই এপ্ৰিল ফুল কইৰবা আইছা? মোৰ লগত ফাতলামি কইৰবা আইছা। মোক কি লগৰ বুলি ভাইবছা নেকি?”, এই বুলি খালি হাতেৰেই অংকনক কেইচাট মান দিলে।

সেইদিনা চাৰৰ চকুপানী ওলাওঁ ওলাওঁ হৈছিল। সোনকালে ক্লাছটো সামৰি ছাৰ ওলাই গৈছিল।

আজিও এক এপ্ৰিলৰ দিনা সেই কাহিনীটো মনত পৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments