এবুকু আকুলতা (মিতালি গোস্বামী)

এবুকু আকুলতা

মিতালি গোস্বামী


এক উছৱমুখৰ বাতাৱৰণে ঠাইডোখৰৰ নক্সা সলাই পেলাইছে। অষ্টমীয়ে বিদায় ল’লে। সমূহতে আজি নৱমীৰ আয়োজন। গোটেই অঞ্চলজুৰি পুৱাৰপৰাই বলিছে উৎসাহৰ বতাহ। আনন্দৰ লগত মিহলি হৈ বিষাদবোৰে চটফটাইছে। কাইলৈ দেৱী যাবগৈ। নৱমীও যাব লাগিব। দেৱীৰ বিদায়ৰ লগতে নিজম পৰিব উছৱৰ ৰঙেৰে ৰাঙলী হৈ পৰা সৰু চুবুৰীটো। মাতৃগৃহত দেৱীৰ আজি অন্তিমটো ৰাত্রিযাপন।

ইমান সোনকালে এই চাৰিদিন পাৰ হয়। বছৰজুৰি কৰা প্রতীক্ষাৰ নিমিষতে অন্ত পৰে। দশমীৰ দিনটো আহি উপস্থিত হোৱা মাত্রকে গধুৰ হয় নৱমীৰ অন্তৰ। আস্, আৰু এটা বছৰ পাৰ হৈ গ’ল। নৱমী পূজাৰ পৱিত্র দিনটোতে তাই জন্মিছিল। সেয়ে মাক-দেউতাকে তাইৰ নাম থলে নৱমী। সেইজনী নৱমী আজি বত্রিশটা শৰৎ অতিক্ৰমি তেত্রিশ বছৰীয়া হ’ল। পূর্ণিমাৰ জোন হেন তাইৰ মুখখনলৈ চাই মাহীয়েকে প্রায়েই কৈছিল ‘বাই তহঁতৰ ঘৰলৈ সঁচায়ে এইজনীৰ ৰূপত দেৱী আহি জন্মা নাইতো?’ তাই..? আৰু দেৱী? কি পুণ্যৰ বলত তাইৰ নৱৰাত্রিৰ নৱমী তিথিত ধৰাৰ বুকুলৈ আগমন ঘটিল, তাই নাজানে। কিন্তু এটা কথা তাই সঠিকভাৱে বুজে, যে তাইৰ এই জীৱনটো সম্পূর্ণ বিফল। কাকো একো সুখ দিব পৰা নাই তাই। তাইকলৈ জানো মাকজনী সুখত থাকিব পাৰিছে? অহর্নিশে তাইৰ চিন্তা কৰি কৰি মানুহজনী কমদিনৰ ভিতৰতে বহুখিনি জহি-খহি গ’ল। আৰু ককায়েক? ইমান যে খিংখিঙীয়া স্বভাৱৰ হৈছে সি। কেতিয়া কাক বেয়াকৈ কয় ঠিকেই নোহোৱা হৈছে। কথাবোৰ কিবা ভাল নলগা হৈছে তাইৰ।

:বাপুটি আহ..।
সৰুকৈ মাতিলে নৱমীয়ে। থুপুক-থাপাক খোজেৰে পখিলাৰ পাছে পাছে দৌৰিব পৰা হৈছে সি। গছ-লতাত চৰাই-চিৰিকতি য’ত যি পৰে, তাৰ কণমানি হাত দুখন জোকাৰি জোকাৰি সি খেদি ফুৰে। তাৰ হাঁহি, মাত-কথাবোৰে গোটেই ঘৰখনকে প্রাণ দি জীয়াই তোলে। কেনে নিষ্পাপ সিহঁতৰ সৰু সৰু চকুবোৰ! মাজে মাজে ভাবে নৱমীয়ে, সদায়ে সৰু হৈ থাকিব পৰাহেঁতেন..বৰ ভাল আছিল। কিন্তু সেই দিনবোৰত আকৌ সোনকালে ডাঙৰ হোৱাৰহে হাঁহাকাৰ আছিল।

সপোন কিছুমান নৱমীৰ বুকুত আজিও আছে। প্রতি দিনে মনৰ মাজত সেই সপোনবোৰকে কঢ়িয়াই লৈ ফুৰে তাই। সৰু কোম্পানীটোৰ সেই নির্দিষ্ট কেবিনটোৰ চকীখনত বহি যেতিয়া তাই নিজৰ কামবোৰৰ মাজত সোমাই পৰে, তেতিয়াই তাইৰ মনৰ মাজত গুজৰি-গুমৰি থকা সপোনবোৰ প্রৱল হয়। বহুদূৰ বাট যাবলৈ তাইৰ এতিয়াও বাকী। তাইৰোতো মন যায়, মাকজনীক ভাল কাপোৰ এযোৰ পিন্ধাবলৈ। প্রথম চাকৰিৰ টকাৰে ককায়েকে মাকলৈ অনা কপাহী কাপোৰযোৰ বহু পুৰণি হ’ল। নতুন এযোৰ ল’বলৈ বোৱাৰীয়েকে শাহুৱেকক নোকোৱা নহয়, কিন্তু মানুহজনীয়েচোন মনেই নকৰে। মইনো ক’লৈ যাওঁ বুলি কৈ কথাষাৰৰ তাতেই যতি পেলায় তেওঁ। মাক আৰু বৌয়েকৰ এনেবোৰ কথাৰ মাজত সোমাবলৈ নৱমীয়ে বেয়া পায়। অথচ ককায়েককো ‘মালৈ নতুন কাপোৰ এযোৰ আনি দে’ বুলি ক’বলৈ সাহ নহয় তাইৰ। কিমান বোজা ব’ব সি? ঘৰখনৰ সকলো খৰচতো তাৰ ওপৰতে। সৰু কোম্পানীৰ চাকৰিত টকা নাই। মানসিক শান্তি বুটলিব পাৰে বাবেই কামটোত মূৰটো গুজি থৈছে তাই। তাত নৱমীয়ে তৰহ তৰহ ভাৱ-ভঙ্গীৰ মানুহবোৰক লগ পায়। কিছুমান ৰসিক মানুহৰ সতে কথা পাতিব পালে সতেজ সতেজ হৈ পৰে তাইৰ মন। আৰু নতুনকৈ কোম্পানীটোলৈ মেনেজাৰ হৈ অহা ডেকাজনৰ সেই কোমল চাৱনিটো? কিবা এটা ভাল লাগে। এচকু প্রত্যয় যেন সোমাই আছে সেই চাৱনিৰ মাজত। আকৌ ঘপকৈ কেতিয়াবা নিখোজ হৈ যোৱা মানুহজনৰ কথা ভাবি খং উঠে তাইৰ। এনে ভীৰু মানুহ! কিন্তু তেওঁৰ বিষয়ে বেছি বেয়াকৈ ভাবিবলৈও মন নাযায় নৱমীৰ।

বাপুটিৰ হাতত ধৰি নৱমী পূজাথলীলৈ সোমাই গ’ল। এহাতত তাইৰ ধূপ-চাকিৰে ভর্তি নীলৰঙী পলিথিনৰ বেগটো, অইনখন হাতৰ মুঠিত বাপুটিৰ কণমানি হাতৰ মিহি মিহি আঙুলিকেইটা। জোৰকৈ ধৰিলে দুখ পাই বুলি বৰ আলফুলকৈ তাই তাৰ হাতখন নিজৰ হাতৰ মুঠিত ভৰাই লৈছে। পূজামণ্ডপ ঢাক-ঢোলৰ শব্দত ৰজনজনাইছে। আয়তীসকলৰ নাম আৰু উৰুলি-জোকাৰেৰে মুখৰিত চৌদিশ। দুগৰাকীমানে আঁতৰৰপৰাই আলেখলেখ চাইছে। তেনেহেন মানুহবোৰৰ বাবে কেতিয়াবা পৰিবেশৰ লগত মোকাবিলা কৰিবলৈ বৰ অসুবিধা হয় তাইৰ। তেওঁলোকে বাৰু তাইক দেখিলে কিয় ফিচিঙা-ফিচিঙি কৰে? ইমান বয়সলৈ তাইৰ বিয়া হোৱা নাই, সেইটো কিবা তাইৰ দোষনে? বিয়াখন নহ’লেই জানো শেষ হৈ যায় জীৱনৰ ৰংবোৰ? কৌতুহলী চকুবোৰ নচুৱাই সিহঁতে তাইৰ কথাকে পতা যেন অনুভৱ হয় তাইৰ।

:ব’ল বাপুটি, আমি চৰণ চুই গোঁসানীৰ আশীর্বাদ লওঁ।
বাপুটিৰ অকণমানি জোতাযোৰ নিজৰ চেণ্ডেলযোৰৰ সতে আঁতৰত খুলি থৈ চন্দ্রতাপৰ তললৈ তাই বাপুটিৰ সতে আগুৱাই গ’ল। অন্য দিনাখন নাহিলেও প্রতিবছৰে এই দিনটোত নৱমীয়ে দেৱীৰ চৰণত মূৰ দোৱায়হি। বিগত বছৰটোতকৈ অনাগত বছৰটো ভাল হওঁক বুলি ঈশ্বৰৰ ওচৰত প্রার্থনা জনায়। এইবাৰো জনালে। তাই ভবাৰদৰেই যাতে সকলো হয়, তাৰবাবে তাই ঈশ্বৰক অনুৰোধ জনালে। কথাবোৰ এতিয়াই কাকো জনোৱা নাই। আগতে সকলো ঠিকে ঠিকে হৈ লওঁকচোন। কেৰাহিকৈ তাইলৈ চোৱা মানুহজনৰ চকুহাল দেৱীপূজনৰ গোটেই সময়চোৱা নৱমীৰ চকুৰ আগত ভাঁহিল। কিবা এটা আছে! অন্যৰ সতে মানুহজনৰ ব্যৱহাৰ; আৰু তাইৰ প্রতি? কিবা এটা তফাৎ আছে।

: মাজনী, তই টকা ক’ত পালি?
নতুন কাপোৰসাঁজ হাতত উঠাই দিওঁতে মানুহজনীৰ মুখখন উজলি উঠিছিল। মাকৰ জিলিকি পৰা মুখখন দেখি কিছুপৰৰ বাবে আলোড়িত হৈছিল নৱমী। আনন্দ লগাৰে কথা। তাইৰ মুখত হাঁহিৰ ক্ৰিছেনথিমাম ফুলোৱা মানুহজনীক এমোকোৰা হাঁহি উপহাৰ দিব পৰাতো তাইৰেই সৌভাগ্য। অসুখৰ সতে যুঁজি যুঁজি মানুহজনী ভাগৰুৱা হৈ পৰা যেন অনুভৱ হয় তাইৰ কেতিয়াবা। তথাপি তাইৰ সম্মুখত মানুহজনীয়ে সদায়েই হঁহাৰ প্রয়াস কৰে। হাঁপানীৰ কদর্য ৰূপটো নেদেখালৈ তাই অনুমান কৰিব পৰা নাছিল এই ৰোগৰ ভয়াৱহতা। গোটেই ৰাতি কাঁহি কাঁহি উমাল কাপোৰখনৰ ভাঁজত সুমাইযে মানুহজনী বহি থাকে..। বৰ দুখ লাগে। কাপোৰযোৰ হাতত তুলি দিওঁতে সন্তুষ্টিৰ হাঁহি এটাৰ সতে মাকৰ চকুৰে কিছুপৰিমাণে অশ্রু সৰিছিল। তামোল আৰু চাধাৰ চেকত ক’লা পৰা দাতকেইটাৰে মৰা হাঁহিটোৰে তেওঁক অপূর্ব দেখাইছিল। কেইবাটাও দাঁত সৰি মানুহজনী সোলা হ’ল। তথাপি চুলিবোৰ এতিয়াও কিছকিছ্ কৰে ক’লা হৈ আছে। এসময়ত মণিছালৰ গুটি, ঔবীজেদি ধোৱা চুলি সেইকোছা। সহজতে বগা নপৰে।

:পে..ই, বে..লুন..দি..আ..,..দি..আ..।
আধা বুজা, আধা নুবুজা ভাৱত বাপুটিয়ে বেলুনৰ বাবে কৰা আৱদাৰত নৱমীৰ জড়তা ভাঙিল। সি এনেদৰে আৱদাৰ কৰি তাইৰপৰা বস্তু ল’ব..। সেই প্রতীক্ষা তাইৰ বহুদিনীয়া। পূজা মণ্ডপৰ ওচৰত দুদিনৰ বাবে ক’ৰপৰা যে দোকানবোৰ আহি ভৰি পৰে। চিনাকী ঠাইবোৰ কিবা অচিনাকী অচিনাকী গোন্ধায়। অৱশ্যে এই দুদিনীয়া বেপাৰৰপৰাই যে কতজনে দহদিনৰ আহাৰ গোটায়।

:বেলুন লাগে তোক?
হাঁহি এটাৰে ওভোতাই প্রশ্ন কৰি কেইবাটাও তৰহ তৰহৰ বেলুন নৱমীয়ে তাক কিনি দিলে। ওচৰতে ৰৈ কণমানি ছোৱালী এজনীয়ে উদাস চকুৰে সিহঁতলৈ চাই আছিল। তাইকো এটা বেলুন দিলে তাই। দি ঘৰমুৱা হ’ল দুয়ো। আৰু মাত্র এটা ৰাতিহে..।

এবাৰ, দুবাৰকৈ তিনিবাৰ বিয়াখন ভঙাৰ পাছত নৱমীলৈ বিয়াৰ প্রস্তাৱ তেনেকৈ নহা হ’ল। প্রথমবাৰ বিয়া ঠিক হোৱাৰ পাছতেই দেউতাক নিখোজ হৈছিল। নিখোজ নোহোৱাহেঁতেন হয়তো নৱমীৰ জীৱনৰ গতি আজি ভিন্ন হ’লহেঁতেন। সেইবাৰ বিয়াৰ কথা-বতৰা বহুদূৰ আগবাঢ়িছিল; অহা যোৱাবোৰো প্রায় আৰম্ভ হৈছিলেই দুখন ঘৰৰ মাজত। পাছৰবাৰৰ বিয়াখনত আপত্তি হৈছিল তাইৰফালৰপৰা। ল’ৰাজনৰ চাৰিত্রিক দোষ কিছুমানৰ বাবে। আৰু তৃতীয়বাৰত, আগৰ দুবাৰৰ ভাঙি যোৱা বিয়া দুখনে ঘৃত হৈ উঁক দিলে। ফলত তাই আজিও দেহত শেষ যৌৱনৰ এচেৰেঙা পোহৰ লৈ আবিয়ৈজনী হৈ ৰ’ল। গোটেই ঘটনাৰাজিত তাইৰ অপৰাধ কোনখিনিত তাই ভাবি নাপায়। মৃতপ্রায় মাকজনীৰ শুকান চকুযুৰিলৈ চালে কাৰ প্রতি তাই ক্ষোভত জ্বলি উঠে তাই নিজেই নাজানে। তাইৰ দেউতাকজন বা ক’ত এনেদৰে নিখোজ হ’ল? কেতিয়াবা ভাবে তাই।

ঘৰখন নিশ্চুপ হৈ শুই আছে। মাক আৰু বৌয়েকক বাটত তাই লগ পাই আহিছে। সিহঁতৰ লগত বাপুটি আকৌ গ’ল পূজাঘৰলৈ। এয়াইটো তাৰ বয়স উমলি ফুৰাৰ। পূজাঘৰৰ জকমকীয়া পৰিৱেশত সি থাকিবলৈ ভাল পোৱাতো স্বাভাৱিক কথা। মৌমিতাক নৱমীয়ে দেখা যেন পাইছিল দেৱীক সেঁৱা জনাই ওলাই আহোতে। কিন্তু কাষলৈ গৈ তাইক মাতষাৰ লগাবলৈ ইচ্ছা নহ’ল তাইৰ। একেবাৰে ল’ৰালি দিনৰ বান্ধৱী যদিও মৌমিতাজনীয়ে সদায়েযে তাইক সেই একেবোৰ কথাকে সোধে। ভাল নালাগে। আৰু তাইৰ কিছুমান কথাইচোন নৱমীক ভিতৰলৈ বিন্ধে। কথাবোৰ তাই জানিয়ে সেইদৰে কয় নে নাজানিয়ে কয়, সেয়া ধৰিব নোৱাৰে নৱমীয়ে। এনেও মানুহৰ ঠাট্টা ইতিকিংবোৰ সহজে বুজি নাপায় তাই। এইটো তাইৰ বেয়া স্বভাৱ। অৱশ্যে কিছুমান কথা নুবুজিলেওতো ক্ষতি নাথাকে।

:হ’ব বাৰু।
কথা শেষ কৰি মোবাইল ফোনটো তাই টেবুলখনৰ সোমাজলৈ থলে। সেই মানুহগৰাকীৰ ফোন। কম সময়ৰ ভিতৰতে বহু বেছি আপোন হৈ গ’ল তেওঁ। তেওঁৰ প্রতি এক গভীৰ আত্মীয়তা অনুভৱ হয় নৱমীৰ। কাইলৈৰ বাবে বহু যোগাৰ কৰিবলৈ তাইৰ এতিয়াও বাকী। মানুহগৰাকীয়ে ঠিকনাটো কি কৈছিল জানো? লগ পাওঁতে দিয়া কাগজখন আছেনে? বেগটোৰ ভিতৰলৈ হাতখন সুমুৱাই বিচাৰি চালে তাই। প্রতিটো কথাতে মানুহজনীয়ে ইমান উৎসাহ দিয়ে তাইক। ভাল লাগে কিবা এটা। অইন কাৰোপৰা সেই উৎসাহ তাই নাপায়। ককায়েকহঁতে তাইক কৰি থকা কামটোও এৰিবলৈহে কয়। পোৱা টকাকেইটাৰ তুলনাত কামটোত কষ্ট বহু বেছি হয়, সেয়া তাইও জানে। সিও সেইবাবেই বাধা দিয়ে বাৰু। কিন্তু ঘৰতোতো বিশেষ কাম নাথাকে তাইৰ। যিকন থাকে পুৱাই শেষ কৰি দিনটোৰ বাবে আজৰি হয় তাই।

:তোমাৰদৰে বহুতকে আমাৰ কোম্পানীয়ে জ’ব দিছে। তুমিও ট্রেইনিংটো কৰা। অহা যোৱাৰ খৰচ কোম্পানীয়ে বহন কৰিব।
কথাখিনি কৈ টকাকেইটামান মানুহজনীয়ে তাইৰ হাতত তুলি দিছিল; প্রয়োজনীয় দুই এপদ বস্তু কিনিব পৰাকৈ। সেইখিনি টকাৰে এইবাৰ পূজাত আটাইলৈ কাপোৰৰ বজাৰ কৰিলে তাই। ট্রেইনিঙৰ কথা ঘৰত ঘূণাক্ষৰেও উলিওৱা নাই। ক’ৰবালৈ যাম বুলিলে ককায়েকে দুর্ঘোৰ আপত্তি কৰিব, তাই জানে । অৱশ্যে সি যে তাইৰ অহিত চিন্তি তাইক যাব নিদিয়ে, তেনে নহয়। কিন্তু কিবা এটা ভয় কৰে। মানুহজনীয়েও কৈছে,

:ঘৰুৱা প্র’ব্লেম যেতিয়া এতিয়াই কথাবোৰ নজনাবা। আগতে ওলোৱাচোন, পাছত জনালেও হ’ব। তুমি ভাল জ’ব এটা পালে কোনেনো বেয়া পাব!
অতি সোনকালে সিহঁতলৈ তাই আকৌ কাপোৰ কিনিব পাৰিব। মানুহজনীয়ে কোৱাধৰণে যদি ভালে ভালে গোটেইখিনি হয় অচিৰেই ভাল চাকৰি এটাৰ তাই গৰাকী হ’ব। তেতিয়া এতিয়াতকৈও ভাল কাপোৰ এসাজেৰে মাকজনীক সঁজাব তাই, ঘৰখনোতো চাব পাৰিব। স্কুল-কলেজত লাভ কৰা শতাংশৰ পৰিমাণ বৰ বেছি নহ’লেও কলেজীয়া ডিগ্রী এটাতো তাইৰ আছে। মেজৰ নৰ’ল। তাইক তাৰ প্রয়োজনো নাই। এটা ভাল চাকৰিৰ বাবে তাইৰ থকা ডিগ্রীটোও একো কম নহয়।

:ক্ষন্তেক পাছতে দেৱীৰ পাদপদ্মত পুষ্পাঞ্জলি অর্পণ কৰা হ’ব। গতিকে সমূহ ভক্তপ্রাণ ৰাইজক…।
মাইক্ৰ’ফোনত ভাঁহি অহা শব্দকেইটাৰপৰাই নৱমীয়ে অনুমান কৰিলে, নৱমীৰ পূজাভাগ শেষ হ’ল। ঘৰৰ মানুহবোৰ আহি পাবলৈ হয়তো বেছিপৰ নালাগে। ককায়েকৰ দেৰি হোৱা স্বাভাৱিক। সদায়ে হয়। পূজাৰ কেইদিন তাৰ খোৱা-বোৱাৰ বিচাৰ লোৱাৰো সময় নাথাকে। কিন্তু মাকহঁত? খৰখেদাকৈ তাই বেগটোত তাইৰ প্রয়োজনীয় বস্তু কেইপদ ভৰোৱাত লাগিল।

‘এবাৰ বাৰু সেই নীলৰঙী চকুৰ মানুহজনক কথাবোৰ জনোৱাতো ভাল হ’ব নেকি?’- নৱমীয়ে ভাবিলে। ক’বতো নোৱাৰি; তেওঁকো যদি তাইক আমনি দিয়াৰদৰে এই দিনকেইটাত কিহবাই আমনি দিছে? আৰু তাইতো কেতিয়ালৈ উভটিব পাৰিব তাই নিজেই নাজানে। তেন্তে? চুটিৰ দর্খাস্তখন দহদিনৰ বাবে পেলাইছে তাই। গৈ উঠি ইস্তফাখন তাৰপৰাই পোষ্ট কৰি দিব হয়তো। দিনটোত সীমাহীনবাৰ তাইৰ মনলৈ সেই মানুহজনৰ ছবিখন আহে। আস্, কিবা এটা আছে! কিবা এটা আছে সঁচাকৈ। এতিয়া ইমানদিনলৈ? পাৰিবনে? পাৰিবনে বাৰু তাই? কিন্তু কথাবোৰ শুনিলে মানুহজনেবা আকৌ কেনে প্রতিক্ৰিয়া কৰে? তেওঁতো তাইক বাট দেখুৱাই আগুৱাই নিয়া সেই মানুহজনীক বৰ ভাল নাপায়। মানুহজনীক এদিন তেওঁ ‘দালাল’ বুলি গালি পৰা তাই নিজেই শুনিছিল। সেইবোৰ কথাৰ মাজত সুমোৱাৰ প্রয়োজন নাই বুলিয়েই তাই কথাবোৰ আওকান কৰিছিল।

:তুমি সেইবোৰ নুবুজা।
তেনেকৈয়ে কৈছিল অতনু নামৰ মানুহজনে। তেওঁ মানুগৰাকীৰ সতে কৰা ব্যৱহাৰটো বৰ আচহুৱা যেন লাগিছিল নৱমীৰ।
:কিন্তু কিয়? -প্রশ্ন কৰিছিল নৱমীয়ে।
:তুমি বৰ আজলী। কিন্তু ভাল লাগে। ভাল লঅগে জানা তোমাৰ এই সৰলতা..।
কাব্যিক সুৰত অতনুৱে উচ্চাৰণ কৰা শব্দকেইটাত লাজত ৰঙা পৰিছিল তাই। মুখেৰে একো মাতিব পৰা নাছিল। মুখৰ আগতেনো তেওঁ তাইক তেনেকৈ ক’ব লাগেনে? তাইৰ কিবা লাজ নালাগে নেকি? কথাষাৰ কৈ মানুহজনে ঢেকঢেকাই হাঁহিছিল। ৰঙা-বগা পৰিছিল তাই। উছাত মাৰি তাৰপৰা উঠি আহিছিল। বহুপৰলৈ ৰঙা হৈ আছিল তাইৰ গাল দুখন। বুকুখন ধপধপাইছিল। আস, সঁচাকৈয়ে কিবা যেন আছে! কিবা এটা আছে।

বেগটো সাঁজু কৰি বিচনাখনৰ তললৈ থেলি থলে তাই। এইটোক সাৰথি কৰিয়েই কাইলৈ তাই ওলাই যাব লাগিব অচিন-অজান ঠাই এখনলৈ; বুকুত এবুকু সাহস লৈ। জন্মদিনৰ এই বিশেষ দিনটোত ইমান সময়জুৰি তাই কিবা এটা বস্তুৰ অপেক্ষাত আছে। কৈতো আহিছিল তাই। মানুহজনেও শুনা যেনেই লাগিছিল। কিন্তু? ইমান দেৰি হ’ল। পাহৰিলে নেকি বাৰু? ইমানতো চেতনাবিহীন নহয় তেওঁ। তেন্তে? মোবাইলটো নৱমীয়ে হাতত তুলি ল’লে। নখেৰে হেঁচি হেঁচি এটা এটাকৈ নম্বৰবোৰো উলিয়ালে। কথাবোৰ কাৰোবাৰ সতে পাতিবলৈ বৰ ইচ্ছা হৈছে তাইৰ। মনৰ ভিতৰত কিহবাই বাহ সাঁজিব ধৰিছে। বৰ মন গৈছে, পৰিচিত কন্ঠস্বৰ এটা শুনিবলৈ। সঁচাকৈয়ে বৰ মন গৈছে তাইৰ। কিন্তু সংকোচো হয়। মাকহঁতৰো যে ইমান দেৰি হৈছে। বৰ অকলশৰীয়া অনুভৱ হৈছে। ফোন নম্বৰটো উলিয়াই অলপপৰ তাই চিন্তা কৰিলে।

দুৱাৰমুখৰ কলিংবেলটোৱে হঠাৎ কোর্হাল কৰি উঠিল। থতমত খালে তাই। চিন্তাৰ আউল লগা জগত এখনৰপৰা নৱমী জঁপিয়াই উঠিল। কোন বাৰু আহিল? পুষ্পাঞ্জলি পর্ব হয়তো শেষ হ’ল। মোবাইলটো বিচনাখনলৈ দলিয়াই খৰখোজেৰে দুৱাৰমুখলৈ তাই আগুৱাই গ’ল। দুটা খোজ আগবঢ়াওতেই তাই শুনিলে, ক’ৰবাত মোবাইল ফোন এটা বাজি উঠিছে। বাজি উঠা ফোনটোত চিনাকী চিনাকী সুৰত বাজিছে এটা মিঠা মিঠা গান। সময় নষ্ট নকৰি খৰখেদাকৈ দুৱাৰখন খুলি দিলে তাই। জানো কোন বা আহিল!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments