এবুকু কেঁকটাচত ডুব যোৱা মাজ নিশাৰ ঐক্যতান (ৰক্তিম গোস্বামী)

 

 

ফাগুণে কোবাই যোৱা ক্রুছবিদ্ধ যীশুৰ মূৰ্তিটোৰ পৰা এটা বিকৎ চিঞৰ ওলাই আহিলেহে কিহবাই হেঁচি ধৰা বুকুখনে যেন সকাঁহ পাব। অভিমাণত উফন্দি থকা তোমাৰ মুখখন মই আৰু চাব নোৱাৰো । ছাঁই বৰণীয়া বতাহ জাকত এৰি দিব বিচাৰো মই মোৰ নিসংগতা তোমাৰ অভিমানত জাহঁ যাবলৈ। তাকে কৰিব নোৱাৰো। মন যায় লঠঙা পাহাৰটোৰ ওপৰত ক্রুচবিদ্ধ হবলৈ কোনোবা জোনাক নিশা অনন্ত ঘূৰ্ণীয়মান মায়াৰ এচাটি বিশাল পোহৰত।

আজি এপিয়লা মদ খাম। তাত সানি ল’ম তোমাৰ ঘৰ্মাক্ত দেহাৰ গোন্ধ আৰু অলপ কেঁচা কেঁচা গোন্ধোৱা মাটি। মাজ নিশাৰ ঐক্যতানত বুকুৰ মাজত উচুপি উঠিব লাভাবোৰ । জলফাইৰ জুপিত আহি বহিবহি এটা কণমানি ক’লা চৰাই। তৰাবোৰ কঢ়িয়াই নিয়া হাটিপটিয়া জাহাজখনলৈ কেনেবাকৈ উৰা মাৰিব পৰা হ’লে তিয়াই পেলালো হয় মনটো তোমাৰ মৰমেৰে কোনোবা ফৰিংফুটা ৰাতিৰ পোহৰত। অলপো গম নিদিম সেই অচিন খৰিকটিয়াক অথবা কোনোবা দুখৰ কমাৰ শালত বহি থকা অচিন চৰাইজনীক।

শুনা, মই এদিন মৰিমেই। সেয়ে কৈছো, পথাৰখনৰ আলিবোৰ সুমথিৰা বৰণৰ ৰ’দেৰে চিকুনাই ৰাখিবা। তোমাৰ আঙুলীবোৰত মই যোৱাৰ পৰত পিন্ধাই যাম পোহৰৰ একোটা সোণবৰণীয়া আঙঠি। তোমাৰ সাঁজ, তোমৰ দুচকু, তোমাৰ মনৰ কোমলতাবোৰ, তোমাৰ মিঠা স্পৰ্শ, অচিন সুৰংগত গুঞ্জিত হোৱা আমাৰ হাঁহিবোৰ অঘৰীৰ দৰে ঘূৰি ফুৰিব কোনো বেশ্যাৰ দেহৰ ভাজেঁ ভাজেঁ,অলিয়ে গলিয়ে।

তোমাক নোকোৱাকৈয়ে যে মই পুঁহি ৰাখিছিলো এবুকু কেঁকটাচ তুমি আতঁৰি যোৱাৰ ভয়ত।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments