এমিলি ডিকিনছন- কুৰি শতিকাৰ আমেৰিকান মহিলা কবি (-মৌচুমী বৰি )

এমিলি ডিকিনছন আছিল এগৰাকী প্ৰচাৰবিমুখ আমেৰিকান মহিলা কবি, যি নিজ ঘৰৰ চাৰিবেৰৰ মাজত গোটেই জীৱন কটাইছিল;মাত্ৰ কেইদিনমানৰ কাৰণেহে বোলে তেওঁ ঘৰৰ বাহিৰ ওলাইছিল। তেওঁ কেৱল ৱাশ্বিংটন, ব’স্টন, ফিলাডেলফিয়া মহানগৰী কেইখনত ভ্ৰমণ কৰিছিল আৰু মাউন্ট হলিঅ’ক কলেজত এবছৰৰ কাৰণে শিক্ষালাভ কৰিছিল। জীয়াই থকা কালত খুব কম আমেৰিকানেহে তেওঁক জানিছিল; তেওঁৰ দ্বাৰা ৰচিত মাথোঁ সাতোটা কবিতাহে তেওঁৰ জীৱনকালত পোহৰলৈ ওলাইছিল আৰু তেওঁ তেওঁৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকলক কৈ গৈছিল যে মৃত্যুৰ পাছত যেন তেওঁৰ কবিতাবিলাকো পুৰি পেলোৱা হয়। কিন্তু ঈশ্বৰৰ ইচ্ছা আছিল অন্যধৰণৰ।এই আমেৰিকান মহিলা কবিগৰাকীয়ে কুৰি শতিকাৰ ইংৰাজী সাহিত্যত শ্ৰেষ্ঠ কবিসকলৰ শাৰীত স্থান লাভ কৰিছে আৰু তেওঁৰ কবিতাই বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
এইগৰাকী মহিলা কবিৰ জন্ম হৈছিল আমেৰিকাৰ আমহাস্ট চহৰত যি গোটেই জীৱন চিৰকুমাৰী হৈ কেৱল কবিতা ৰচনাতে ব্ৰতী হৈছিল। তেওঁৰ মুখখন এক সাংঘাতিক বৈষ্যমৰ আকৰ আছিল – ধুনীয়া নহ’লেও তাত বিৰাজ কৰিছিল সৌম্যতা আৰু কাঠিন্যতাৰ সমন্বয়ত এক উজ্জল প্ৰদীপ্তি। তেওঁৰ আছিল গভীৰ ব্ৰঞ্জ বৰনীয়া দুটি চকু, মসৃণ বগা ছাল আৰু মংগোলীয় বৰণৰ একোছা চুলি। এবাৰ তেওঁৰ এখন ছবি বিচৰা হৈছিল-কিন্তু সেই অনুৰোধ প্ৰত্যাখান কৰি তেওঁ নিজেই সাধাৰণভাৱে অথচ স্মৰণীয় ধৰণে নিজৰ ছবি এখন আঁকি পঠাইছিল এনেদৰে—“মোৰ কোনো ছবি নাই।মই মুগা বৰণীয়া সৰু গানগোৱা চৰাইজনীৰ দৰেই নিচেই সৰু। গুটিধৰা কাঠ বাদাম গছৰ পিংগল আৱৰনৰ দৰেই বিশাল মোৰ চুলিকোছা আৰু মোৰ চকুদুটা আলহীয়ে গিলাচত এৰি যোৱা শেঁতা বৰণৰ উৎকৃস্ট মদৰ লেখীয়া। এইখিনি হ’লেই নহ’বগৈনে বাৰু?”
এমিলি ডিকিনছনৰ লিখনিসমূহ অনেক ঠাইত সিঁচৰতি হৈ আছিল। তেওঁৰ মৃত্যুৰ বহুবছৰৰ পিছত আমেৰিকাৰ হাভার্ড বিশ্ববিদ্য়ালয়ে ১৯৫৫চনত টমাছ এইছ জনছনৰ সম্পাদনাত লিখনিসমূহ প্ৰকাশ কৰে। টমাছ জনছনে এমিলিৰ আধালেখা কবিতা আদিকে ধৰি সকলো কবিতাকে সম্পাদনা কৰে। ইয়াৰ পিছত গোটেই পৃথিৱীয়ে এমিলি ডিকিনছন নামৰ এজনী চিৰকুমাৰী মহিলাক ইংৰাজী সাহিত্যৰ মৌলিক চিন্তাবিশিস্ট কবিসকলৰ শ্ৰেণীত যে ধৰিব পাৰি সেই কথা বুজি পায়। কবি এমিলিয়ে ৰহস্যবাদ, প্ৰেম, প্ৰকৃতি আদি সকলো বিষয় বস্তুকে লৈ কবিতা লিখিছিল। তেওঁৰ দুটামান কবিতা তলত দিয়া হ’ল:
(১)“পৃথিৱীৰ প্ৰতি মোৰ চিঠি”
পৃথিৱীৰ প্ৰতি মোৰ এই চিঠি
যি পৃথিৱীয়ে মোলৈ কোনোদিন একো লিখা নাই
অতি সৰল ভাষাত মৰমৰ প্ৰকৃতিয়ে
কোমল গাম্ভীৰ্য্যৰে সেই খবৰ দি যায়।
অদৃশ্য হাতৰ যোগেদি
প্ৰকৃতিৰ সেই প্ৰেমৰ কাৰণেই যেন
মোৰ মৰমৰ দেশবাসীয়ে মোৰ বিচাৰ কৰে। 

(২)“মই দলনি পথাৰ কেতিয়াও দেখা নাই”
মই দলনি পথাৰ কোনোদিন নেদেখিলো
সমুদ্ৰ দর্শনৰ পৰাও সদায় বঞ্চিত হ’লো
তথাপিতো জোপোহা গছবিলাকক কেনে দেখি জানো।
সমুদ্ৰৰ ঢউকো ভালদৰে চিনো।
মই ঈশ্বৰ ৰ স’তে কথা পতা নাই
বৈকুণ্ঠও কোনোদিন দেখা পোৱা নাই
কিন্তু তেওঁ আৰু তেওঁৰ ঠাই সম্বন্ধে মই নিশ্চিত
তেওঁ মোক যেন দি গ’ল সম্ভেদ লিখিত।

(টোক: বিভিন্ন উৎসৰ সহায় লৈ লিখনিটো যুগুত কৰা হৈছে।)

 

মৌচুমী বৰি

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments