এমুঠি “এধানি গল্প”

 

হেৰোৱা সময়ৰ অন্বেষণ

(অতি চমু ইংৰাজী গল্প এটাৰ ভাবানুবাদ)

অঞ্জল বৰা

আজি যেন ভৱিষ্যত আৰু অতীত দুয়ো বিপৰীত দিশে গতি কৰিছে৷ আমিও বৰ্তমান ৰৈ থকা আৰু এৰি অহা পদচিহ্নৰ মাজত ৰৈ থাকি জীৱনটোক বিপৰীত দিশলৈ ঠেলিবলৈ চেষ্টা কৰিছিলোঁ৷ তেওঁ আজি মোক লগ পোৱাৰ আগতেই চিলোৱা জেকেট এটা পিন্ধি আহিছিল; এইটোৱে তেওঁৰ শৰীৰৰ হেৰুৱা স্মৃতিখিনিক যেন ধৰি ৰাখিছিল, তাৰপিছত তেওঁ মোৰ বাঁও চেলাউৰীৰ ওপৰেৰে কুণ্ডলী পকাই থকা চুলিবোৰ খুব জোৰেৰে টানিছিল, মোৰ গালৰ মাজলৈ ইয়াক চিধাকৈ আজুৰি আনিছিল আৰু মোক কৈছিল চোৱা, মই তোমাক সলনি কৰি দিব পাৰোঁ৷
যেন আমাৰ মাজত অতীত আৰু ভৱিষ্যত ঠিক একেলগে চলি আছিল

====================

পৰিবৰ্তন

দেৱব্ৰত বৰা

গাওঁখনৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ উলহমালহেৰে বিয়া হয় নাইবা মনে মিলা কাৰোবাৰ লগত পলাই যায় বিয়াই হওক বা পলায়ে যাওক তাৰ পিছত সিহঁত আৰু বেছি ধুনীয়া হয় । এবছৰমান পিছত সিহঁত মাতৃ হয় । লগে লগে সিহঁত একোজনী ভগ্নস্বাস্থৰ মহিলাত পৰিণত হয় সৰুতে আমাৰ বাবে এয়া এক চিৰাচৰিত প্ৰাকৃতিক পৰিঘটনাৰ দৰেই আছিল মোৰ টুকুপেহীৰো এই একেই অৱস্থা হৈছিল কিন্তু পেহীৰ ছোৱালী মিলিৰ এবছৰীয়া সন্তানৰ জন্মদিনত উপস্থিত থাকি দেখিলো, মিলিক সন্তানৰ মাতৃ যেনতো নালাগেই, বোৱাৰী যেনেই নালাগে। মিলিহঁত ভাগ্যৱান । হৈছে, বহুত বিয়োগাত্মক পৰিবৰ্তনৰ লগতে সমাজখনৰ কিছু যোগাত্মক পৰিবৰ্তনো হৈছে এক সুখবোধে বিমল আনন্দ প্ৰদান কৰিলে ।

========================

ইপাৰসিপাৰ
উৎপল জোনাক হাজৰিকা

এক্সিডেন্ট। গাড়ীয়ে খুন্দিয়াইছে মানুহ এজনক। ড্ৰাইভাৰক ক’লো, ব’লা ব’লা। দেৰি নকৰিবা। বেলেগ মানুহ আছে, চাব। অফিচৰ চকীখনত বহিব লওঁতেই মোবাইটো বাজিল। চালো। অচিনাকী নম্বৰ। ধৰিলো। অচিনাকী কন্ঠস্বৰে ক’লে, ‘আপোনাৰ ভাইটিৰ এক্সিডেন্ট হৈছে, সোনকালে জি এম চিলৈ আহক। মই গৈ পাওঁ মানে সি আমাক এৰি গুচি গ’ল কোনোবা অজান দেশলে। তাৰ মৃত মুখখনলৈ চাবলৈ মোৰ সাহে নুকুলালে। কিন্তু নিয়তিৰ বিচাৰো জানো এনেকুৱা হ’ব লাগে?

=====================

খেল

পাপুলজ্যোতি বৰগোহাঞি


২০০৭ ।
পৰ্ট অৱ্ স্পেইন, ট্ৰিনিদাদ ।
টাৰ্গেট ১৯১
বিজয় অপৰিহাৰ্য আছিল, পিছে তিনিটা বল বাকী ৰৈ গ, পাঁচ উইকেটত ভাৰত হাৰি থাকিল বাংলাদেশৰ লগত। বিশ্বকাপৰ পৰা এইবাৰো ভাৰত বাহিৰ হল ।

জকাইচোঁচা কছাৰীগাঁও, জকাইচোঁচা ।
দফলা ঠেঙাল বোলা খেল বলিয়া হাজিৰা কৰি খোৱা মানুহটো মৰি থাকিল ।ৰাতি এপৰলৈকে ওচৰৰ ঘৰত মানুহটোৱে খেল চাই আছিল বৰ আশাৰে– ‘কিবা এটা অন্তত হব একো এটা যেতিয়া নহল মানুহটো ঘূৰি আহিল ঘৰলৈ আৰু সৰিয়হ খেতিত দিয়া পোক মৰা দৰবৰ বটল এটা গিলি দিলে কোটকোটকৈ ।
মৰিবৰ জোখাৰে আচলতে বহু দুখ গোটখাই আছিল মানুহটোৰ । পুতেকটো আলফালৈ গৈ মৰিল সেইটোও আছিল এটা দুখ ।

====================

তেজ

উৎপল জোনাক হাজৰিকা


কাছাৰীলৈ যাবলৈ ওলাই সি মাকৰ ফটোখনৰ আগত ৰ’ল। সেৱা এটা জনাই ক’লে, ‘আজিলৈকে যিয়েই বিচাৰিছো পাইছো তোমাৰ পৰা। আজি একো নিবিচাৰো। মই বিচাৰিছিলো বুলিয়েই তুমি অনাথ আশ্ৰমৰ পৰা ভন্টি এজনী আনি দিছিলা। তাই আজি মোৰে পৰা সকলো লৈ যাব খুজিছে। আজি কেচ হাৰিলে তোমাৰ স্মৃতিৰে ভৰপূৰ এই ঘৰটোও তাইৰ হৈ যাব। তোমাক মই লৈ যাম কিন্তু তোমাৰ আত্মাটো জানো নিব পাৰিম আৰু তুমিয়েবা থাকিব পাৰিবানে ইয়াত? তুমি যি ভাল দেখা কৰিবা আজি মই তোমাৰ পৰা একো নিবিচাৰো।’ গালখন তিতিব খোজা গৰম নিমখীয়া পানীখিনি মোহাৰিবলৈ গৈ সি চচমাযোৰ খুলিলে। এখন হাতে পাচফালৰ পৰা ৰুমালেৰে তাৰ চকুপানীখিনি মোহাৰি দিলে। সি ঘূৰি চাই ক’লে, ‘ভন্টি তই!’ ‘মোক ক্ষমা কৰি দে ককাইদেউ’, তাই তাৰ বুকুত সোমাই উচুপি উঠিল, ‘মোৰ ভুল হৈছিল, মোক ক্ষমা কৰি দে।’ তাৰ হাতখন কব নোৱাৰাকৈয়ে তাইৰ চুলিৰ মাজত সোমাই পৰিল।

=======================

গোন্ধ

উৎপল জোনাক হাজৰিকা


গনেশ মন্দিৰ ষ্টপেজত ৰৈ তাই ল’ৰাটোক নেদেখিলে। ফুল বেচা বুঢ়ী মানুহজনীও নাই। কলেজৰ বাচখন অহালৈ তাই অলপ পৰ ৰ’ব লাগিব। আনদিনা তাই ঠিক যাবৰ হলেই ল’ৰাটোৱে তাইক শুনাই মানুহজনীক কিবা এটা কয়। বেছিভাগ প্ৰসংশাই কৰে। কেতিয়াবা ধুনীয়া, কেতিয়াবা পৰী। দুদিন নে এদিন চিধাচিধিকৈ সি তাইক জোকাইছিলো। তাৰ কথাত মানুহজনীয়ে মাথো হাঁহে। কেতিয়াবা খং উঠিলেও কেতিয়াবা তাইৰ ভালেই লাগে। যোৱা কালি তাই সিহঁতক দেখা নাই। আজিও নাই। আজিও তাক নেদেখিমেই নেকি, তাই ভাবিলে। বাচখনো আজি আহি পোৱা নাই। কাৰোবাৰ মাত শুনি তাই ঘূৰি চালে। ল’ৰাটোৱে ফোনত কাৰোবাৰ সতে কথা পাতি তাইৰ ফাললৈকে আহি আছে। ‘নাই, আইতাৰ গাটো ভাল নহয়, গতিকে দোকান খোলা নাই। ফুলবোৰ পাৰ্মানেন্ট কাষ্টমাৰবোৰৰ ঘৰত গৈ দি আহিছো। তোক পিছত লগ পাম দেই।’ তাইলৈ নোচোৱাকৈ ফোনত অনৰ্গল কথাপাতি সি তাইৰ কাষেদি পাৰ হৈ গ’ল। তাই তাক কিবা কম বুলি ভাবিও কব নোৱাৰিলে। মাত্ৰ চাই থাকিল সি যোৱালৈ। অলপ দুৰ গৈয়ে সি তাইলৈ ঘূৰি চাই মিচিকিয়াই হাঁহি দিলে। তাই ধৰা পৰি গৈ মুখখন ঘূৰাই ললে। সি কিৰিলি মৰাৰ শব্দত ঘূৰি চাই তাৰ শূণ্যলৈ মৰা জাপটো সি মাটিত পৰাৰ ঠিক আগতেহে তাই দেখা পালে। তাইৰ মুখত নাথাকিলেও মনত মিঠা হাঁহি এটাই ঢৌ খেলা আৰম্ভ কৰিলে।

=====================

এজোলোঙা পোহৰ

অভিজ্ঞান ফুলকোঁৱৰ


কেঁচুৱামোৰ ভোক লাগিছে!
মাকতেজ আছে খাবি?
কেচুঁৱামোৰ পিয়াহ লাগিছে!
মাকবিহ আছে খাবি?
কেঁচুৱামা, যি আছে তাকে দে
মাক– (মূৰটো পাতি দি) খা এইটোকে৷ বাপেৰ এটাই যি ঘটে খৰচ কৰি আহে মদত৷ তহঁত কেইটাৰ অকল খাও খাও৷ মোক আৰু কিমান খাৱ!
কেঁচুৱা– (অলপ সময়ৰ পিছত) মা ল এয়া বিহ আৰু তেজ৷ তইও খা মোকো দে৷
তাৰ হাতত আছিল এটা ফটা চোলা যিটোৰে লাজ ঢাকিব নোৱাৰি আৰু বাটত পোৱা এখন এৰেহা বাতৰি কাকত যিখনৰ একো সি বুজি নেপায় ৷

উপসংহাৰ তেজ আছিল দৰিদ্ৰতাই দিয়া যাতনা আৰু বিহ আছিল শিক্ষাহীনতাই এৰা এন্ধাৰ৷

===========================

সিদ্ধান্ত


দেৱব্ৰত বৰা


বাটত দুবাৰকৈ বেয়া হো‌ৱাৰ পিছত তৃতীয়বাৰত বাছখন একেবাৰেই নচলা হৈ ৰৈ গ’ল। আন যাত্ৰীসকলৰ লগতে সিও টোপোলা সহিতে বাছৰ পৰা নামি আহিল। (তাৰ মাকলৈ মাজে মাজে খঙো উঠে। কি যে এসোপা বান্ধি দিয়ে!) কিছু সময় অপেক্ষাৰ অন্তত যাত্ৰীৰে ভৰি থকা বাছ এখন আহিল। পৰিচালক জনে ক’লে, খালী মানুহহে যাব পাৰিব। টোপোলাৰ বাবে গাড়ীত জেগা নাই।অৰ্থাৎ সি সেইখন বাছত যাব নো‌ৱাৰে। আবেলি হ’লেই। সি অত সময়ে তাৰ সহযাত্ৰী হৈ অহা ছো‌ৱালীজনীক সেইখনতে গুছি যাবলৈ ক’লে। ছো‌ৱালীজনীয়ে ক’লে – “ইমান দূৰ একেলগে আহিলো। এতিয়া মই আপোনাক এৰি নাযাওঁ।“ কি আচৰিত! অচিন সহযাত্ৰীৰ বাবে ইমান সহমৰ্মিতা! বুকুৰ ভিতৰত যেন কিবা অচিন সংগীত এটা বাজি উঠিল। মাকে তাক বিয়া পাতিবলৈ কৈয়ে আছে। সি ছো‌ৱালীজনীৰ মোবাইল নম্বৰটো ল’বলৈকে ঠিক কৰিলে।

=================

ওভোতা


উৎপল জোনাক হাজৰিকা

মধ্যমা আঙুলিটোৰ নখটোৰ ঠিক ওপৰতে মাখিচালখন এৰিছে। কিবা ভিটামিন কমিছে চাগৈ। ক’ৰবাত লাগিলে টিঙিচকৈ মূৰত ধৰেগৈ। সেইটো আঙুলিহে আকৌ য’তেত’তে বাৰে বাৰে লাগে। বাওঁহাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ নখ দুটাৰে ওভতি থকা চালখন ধৰি দিলো টান এটা মাৰি। আস! যিকণ চিগিল তাতকৈ বেছি উঠিহে থাকিল। বিষটোৰ লগতে ওলাই আহিল তেজৰ সুঁতি এটা।

======================

তৃষ্ণাতুৰ


অজয়লাল দত্ত


পুৰা বটল এটা শেষ হোৱাৰ পাছতো নিচা নধৰিল ৷ লুকাই চুৰকৈ, পুলিচৰ পৰা বাচি বাচি যোগাৰ কৰা সকলো প্ৰচেষ্টা অথলে গ’ল ৷ গুজৰাটত সেয়াই মুস্কিল, বেছি ভাগেই ভেজাল মদ! দমনডিউৰ নাম থকাবোৰ কিনাই অৰ্থহীন ৷

এটা ৩১ডিচেম্বৰৰ নিশা অথলে গ’ল ৷ হঠাত এটা ৰাতিৰ নিচাৰ তৃষ্ণাই তাক তৃষ্ণাতুৰ কৰি তুলিলে ৷
তাৰ মাজতে ফোনটো বাজিবলৈ ধৰিলেশুভ নৱবৰ্ষ ৷ এই বছৰ বিয়াখন পাতিবই লাগিব, তাইৰ শুভেচ্ছা বাণীয়ে যেন তাক পুনৰ সঁকিয়াই দিলে ৷

নতুন বছৰত বহু কিবা কৰা কৰাৰ সপোনে এইবাৰ তাক সাবতি ধৰিলে ৷ তাইক নিজাকৈ পাবই লাগিব, তাইৰ সতে ভালপোৱাৰ এখন সৰু পৃথিৱী, সংসাৰ….ইত্যাদি ৷ সকলো কথাই যেন জীৱন মৰুত তাৰ সমুখত মৰুদ্যানৰ ৰূপত মৰিচীকা হৈ ধৰা দিলে ৷ সেই সপোনৰ পাছলোৱাৰ এক নতুন নিচাই তাক আচ্ছন্ন কৰি আনিলেসি যেন এতিয়া বেছি তৃষ্ণাতুৰ, এক প্ৰেমময় জীৱনৰ…..

========================

অপেক্ষা

অনুভৱ আকাশ


তোমাক ভালপোৱাৰ দুবছৰে পাৰ হল। হয়তো এই সময়বোৰ মই কেনেকৈ পাৰ কৰিলো মই নিজেই কব নোৱাৰো। আজিও তোমাৰ উত্তৰৰ অপেক্ষাত ৰৈছো। যিদৰে খৰাং বতৰত এজাক বৰষুণৰ অপেক্ষাত দিন নিয়ায় হাজাৰ জন কৃষকৰ হৃদয়ে।।।।

====================

এডলীয়া বাঁহৰ সাঁকো

দীপাঙ্কৰ গগৈ


নঙলা মুখত কোনোবাই বৰকৈ চাইকেলৰ বেলটো বজাই থকা শুনি ওলাই যোৱাত ডাকোৱালজনে ৰিদিপৰ হাতত চৰকাৰী ছীলমোহৰ থকা খাম এটা দি গুছি গল। খামটো নঙলা মুখতে খুলি চাই দেখিলে যে চাকৰিৰ বাবে কলিং লেটাৰ আহিছে। আগৰ ইন্টাৰভিউ বিলাকত যিমান ভাল ফলাফল দেখুৱালেও বুজি নাপায় কি কাৰণত তাৰ নামটো মননীত প্ৰাৰ্থীৰ তালিকাত নাথাকেগৈ। যি কি নহঁওক লিখিত পৰীক্ষাৰ বাবে এমাহ সময় পাইছে যেতিয়া অলপ পঢ়া যাঁওক বুলি ভাবি ঘৰৰ ভিতৰলৈ সোমাবলৈ লওঁতেই হঠাত্‍ বাৰাণ্ডাৰ ওপৰলৈ চাই পঠিৱাত দেখা পাইছে কেইবাটাও মকৰাই জাল গুঠি বাৰাণ্ডা খনৰ চুককোণ ভৰাই তুলিছে এইবাৰ দুৱাৰখনলৈ বুলি চকু নিওঁতে দেখা পাইছে এটা সৰু মকৰাই দৰজাখনৰ চুক এটাত জাল গুঠিবৰ কাৰণে অপ্ৰাণ ছেষ্টা কৰি বাৰে বাৰে বিফল হৈছে তথাপিও অৱশেষত সৰুকৈ হলেও এখন জাল গুঠাত সক্ষম হৈছে। এইবাৰ সি বাওঁ হাতেৰে জালখন আতৰাই ভিতৰলৈ সোমাই গৈছে…..

==========================

দ্বীপ

দেৱব্ৰত গগৈ

অৰ্নিক নতুনকৈ হোৱা ফেচবুক বন্ধুৰ লগত চাটিঙত ব্যস্ত ।

“ki khobor? ”

মগজটো গৰম হৈ আছে , এটাই আজি নতুন গাড়ী এখন কিনি মোৰ গাড়ীখন ৰখা ঠাইতে পাৰ্কিং কৰি ফ্লেটৰ ভিতৰত সোমাই আছে , লগ পালে বেয়াকৈ কম”

“ Mon byea nokoribo , manuhbor pagol hoi , O , aji moiu Swift ekhon kinilu , photo ekhon uplod kori diu robo”

আগতে প্ৰফাইল পিকচাৰ নথকা ফেচবুক বন্ধুৰ নতুন প্ৰফাইল পিকচাৰখন দেখি অৰ্নিকৰ চকু থৰ হৈ গ’ল । নতুন বগা ৰঙৰ চুইফট এখন, পঞ্জীয়ন নম্বৰটো জিলিকি আছে, অৰ্নিকে দেখিয়েই চিনি পালে কাৰণ সি ফ্লেটৰ তলৰ পাৰ্কিং পেলেচত অলপ আগতে এই নম্বৰটোৱেই পঢ়ি আহিছিল !

===================

ভালপোৱা

দেৱব্ৰত বৰা


বহুত দিনৰ আগতে সি তাইক এটা ভাটৌ উপহাৰ দিছিল। তাইৰ সামান্য ভুলৰ বাবে ভাটৌটো উৰি গুছি গল তাৰ পাছত এদিন হঠাতে সিও আকাশৰ তৰা হ’ল। এতিয়া আকাশেদি উৰি যোৱা ভাটৌজাক তাই ৰ লাগি চাইছে কিজানি সি দিয়া চৰাইটোও জাকৰ মাজতে আছে!

=================

সপোন

স্বৰাজ নেওগ

 

প্রথম মাহৰ দৰমহা কেইটা লৈ সি জোৰেৰে চাইকেল খন চলাই দিলে…… চকুত তালৈ বাট চাই থকা মাকৰ মুখ খন আৰু বুকুত মৰমীক নিজৰ কৰি লোৱাৰ সপোন এটাই তেতিয়া বৰকৈ অগা দেৱা কৰিছিল ।

=======================

গজাল

ভাস্কৰজ্যোতি দাস

দুমহলীয়া ক’ৰ্ট বিল্ডিং আৰু জগন্নাথৰ কেন্টিনখনৰ মাজৰ বাটটোত ৰাতি ভূত ওলায় । কথাটো সকলোৱে কৈ থাকে । যিয়েই ৰাতি সেইফালে মটৰ চাইকেল লৈ যায় তাৰ চকাৰ পাঙচাৰ উলিয়াই দিয়ে ভূতে । কালি ৰাতি সাহস গোটাই তালৈ গ’লো । ওখ ওখ ইউকেলিপ্টাচ কেইজোপাৰ পাতবোৰে জোনৰ পোহৰ আৰু ঠাইখনৰ মাজত ওখ প্ৰচীৰৰ দৰে ঠিয় হৈ আছে । হঠাতে পাতৰ ফাকেৰে অহা জোনৰ পোহৰত ৰাস্তাটোত কিবা এটা জিলিকি উঠিল । জয়াল ঠাই । গাৰ নোমবোৰ সিয়ৰি উঠাতো অস্বাভাৱিক নহয় । হাতত সাৰে ভৰিত সাৰে জিলিকি থকা বস্তুটোৰ ওচৰলৈ গ’লো । ওচৰত কোনো নাই । কেৱল বস্তুটো জিলিকি আছে আৰু চৌদিশ আন্ধাৰ । ওচৰৰ পৰা দেখোসেইটো দেখোন এটা আলপিন ।

বাঁওহাতৰ কেন্টিনখনলৈ চালো । সদায় চাহ খাই জগন্নাথৰ কেন্টিনখনৰ সেই বিশেষ ঠাইটুকুৰাৰ পৰাই দাঁতকেইটা খুচৰি ময়েইতো আলপিনবোৰ দলিয়াই থাকো । মটৰ চাইকেলৰ চকা ফুটোৱা ভূতটো আজিহে দেখিলো ওচৰৰ পৰা ।

=================

ছবি
উৎপল জোনাক হাজৰিকা

 


কথাখিনি শুনিলে মোটামুটি এটা ধাৰণা কৰিব পাৰিব মানুহজনৰ বিষয়ে। গাইগাৰীয়ে মুঠেই শকত নোহোৱা, দেখিলে বয়স ধৰিব নোৱাৰা আদবয়সীয়া এজন মানুহ। কেতিয়াও ক’তো কোনেও মানুহজনক বিশ্বাসত নলয়, কোনো কাৰণ নোহোৱাকে। তেওঁৰ কোনো কথা মানুহে শুনিবই নুখুজে। দেখিলে মানুহজনে আত্মবিশ্বাস হেৰুৱাইছে বুলি ধৰিবই নোৱাৰি। সাধাৰণ ভাবে থাকে। বাচতো বহুদিন তেওঁক মানুহে চিটৰ পৰা উঠাই নিজে বহে। হঠাৎ সিদিনা তেওঁ গৰজি উঠিল। বাচ পৰিচালকজনে দুটকা খুচুৰা নাই বুলি দন কৰিবই খুজিছিল। তেওঁ ক’লে, ‘তোক দুটকা দি দিয়াটো ডাঙৰ কথা নহয়, কথা হ’ল এয়া আৰম্ভণিহে। এবাৰ দাঁতত তেল লাগিলে তই সেই নিচা পাহৰিব নোৱাৰিবি। তোক দুটকা কমকৈ দিলে তই নামানিবি, আৰু মোৰ দুটকাটো দিবই নোখোজ। ভালে ভালে টকাটো দি দে, নহলে কথা বেয়া আছে কৈ দিলো।’ মানুহজনৰ গোজৰণিয়ে কাম দিলে। প্ৰথমবাৰলৈ কোনোবাই তেওঁৰ কথা মানি ল’লে। বাচ পৰিচলকজনে পকেটৰ পৰা দুটকা উলিয়াই তেওঁৰ হাতত দিলে। নিৰুদ্দগভাবেৰে টকাটো হাত পাতি লবলৈ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments