এমুঠি চুটি কবিতা

জীৱন

ববিতা বৰা

পাহৰি পেলাব পাৰি কেতিয়াও নাপাহৰো বুলি ভবা বহুতো কথা৷
কাৰোবাৰ অবিহনে সহজ নহ’ব বুলি ভবা জীৱনটোও সহজ হৈ পৰে ধীৰে ধীৰে…
পাৰ ভাঙি অহা দুখবোৰো শুকাই
আহে নিজৰ গতিত লাহে লাহে…
এদিন দুদিনকৈ দেখোন হাঁহিবোৰো ঘূৰি আহে,
পুনৰাই এসোপা সপোনেও ভিৰ কৰেহি দুচকুত…
নতুনৰ আগমনে পুৰণিবোৰ হৈ পৰে মাথো কিছু হুমুনিয়াহ
আৰু …..
কিছু নষ্টালজিয়া….
জীৱনৰ।।
**

সময়…দুঃসময়

জোৎস্না গগৈ

হৃদয়ত আছা তুমি অথচ কিমান দূৰৈত আজি…
আজিকালি মইও খুবেই ব্যস্ত জানানে
খামোচ মাৰি লৈ নাথাকো দুখ,
ব্যস্ততাৰ ছেকনীৰে সৰকি যায় সময়…
নেদেখো সপোন
সুখৰ এমাৰত সজাৰ…
**

অনুভৱৰ চাকনৈয়া

বিকাশ দাস

সন্মুখত ব্যর্থতাৰ আলিংগন
দূৰৈত সুখৰ তাচ্চিল্য।
নিশাৰ অন্ধকাৰ,
তাতে মই আৰু মোৰ অনুভৱ।
মদিৰাৰ তালে তালে উথলি উঠিছে
অনুভৱৰ চাকনৈয়া…
**

এটা স্তৱক

দেবশ্ৰী দত্ত

তুমি অবিহনে সুখী হোৱাৰ সম্পূর্ন অভিনয়
কৰিছো..
শিকিছো আনক ফাকি দি হাঁহি থকাৰ..
চকুপানিখিনি বাধা দি ৰাখিছো.
কিছুমান ভাললগা স্মৃতি সপোন আছিল
বুলি পাহৰিব চেষ্টা কৰিছো
বেদনাবোৰৰ সৈতে প্রেমৰ মধুৰ
পুলকখিনি সামৰি থৈ
অকলে আগবাঢ়িব
লৈ আজি বাৰে বাৰে আজি উজুটি খাইছো..

**

বাঁহী

ইন্দ্ৰনীল গায়ন

এটি চিনাকি বাঁহীৰ সুৰ
দূৰৈৰ পৰা ভাহি আহিছে,
ক্ৰমশঃ
চিনাকি বাঁহীৰ সুৰে আজি
বিষাদভৰা জোনাকৰ সৈতে
নির্জনতাৰ কথা পাতিছে।
**

নষ্টাল’জিয়া

নয়্নমণি শৰ্মা ৰিকু

আঙুলিৰ ফাঁকেৰে সৰকি যোৱা সময়খিনিতেই আছিল সপোনবোৰ
এতিয়া মকৰাজালত লাগি থকা দিনবোৰ মোৰ নহয়
হুৰাই উৰুৱাই দিয়া মই যেন এজাক হালধীয়া চৰাই
অচিনাকি সুৰৰ ৰাগী লাগি হেৰুৱালো পৰিচয়।।

০০০০০০০০০০

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments