এমুঠি ভালপোৱাৰ সন্ধানত (অনামিকা বৰুৱা)

এমুঠি ভালপোৱাৰ সন্ধানত

শেষ উকিটো মাৰি ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিলে। হাতখন জোকাৰি বিদায় দিলোঁ নীৰা বাইদেউক। চাওঁতে চাওঁতে নেদেখা হৈ গ’ল ট্ৰেইনখন। লাহে লাহে মই ওলাই আহিলোঁ ষ্টেচনৰ পৰা। চাবিপাত লৈ গাড়ীৰ ওচৰ পালোঁগৈ। কিবা খালি খালি যেন মনটো। এনে লাগিল যেন বাইদেউৰ মোক কিবা ক’বলৈ থাকি গ’ল। সকলোৰে অলক্ষিতে তেওঁ যেন কঢ়িয়াই লৈ ফুৰিছে অলপ বিষাদ অলপ ৰিক্ততা! অথচ কিমান ৰাংঢালী মানুহগৰাকী! সেই অলপ সময়তে ঘৰৰ আটাইকেইটা প্ৰাণীকেই বাইদেৱে এনেকৈ মুহি পেলালে যে মোৰ ক’বলগীয়া কৰিবলগীয়া একোৱেই নাথাকিল। এওঁৰ উৎ‌সাহ দেখি অবাকেই হৈছিলোঁ মই। মাছ-মাংস-দৈ-মিঠাইৰে আনি এঘণ্টাৰ বাবে অহা মানুহগৰাকীক জোৰ্‌কৰি ৰাতিৰ ভাতসাঁজ খুৱাই পঠিয়াইছিল মই একো ক’বলৈ নাপাওঁতেই। বাইদেউৰ বাবেই এওঁ নিজেই অত্যুত্‌সাহী হৈ ভিনিদেউকো লৈ আহিছিলগৈ ভাত খাবলৈ। পাছদিনা বাইদেৱেও অলপ আচৰিত হোৱাৰ দৰে কৈছিল আমাৰ কথা। ভিনিদেৱে হেনো খুব শলাগীলে আমাৰ কথা কৈ। বিশেষকৈ এওঁৰ কথা কৈ। কথা পাতি পাতি হাঁহিছিলো আমি দুয়োজনীয়ে। মতা-মানুহ যে! ভাললগাবোৰ সেয়ে মিলে চাগে! আচলতে বাইদেউহঁত আহিছিল কোনোবা আত্মীয়ৰ বিয়া এখন খাবলৈ। তাকে মই গম পায় একপ্ৰকাৰ কথাত বান্ধি বাইদেউক লৈ আহিছিলোঁ আমাৰ ঘৰলৈ। বাইদেউক পায় বহুত দিনৰ মূৰত প্ৰাণখুলি হাঁহিছিলোঁ মই। নহ’লেতো দৈনন্দিৰ জীৱনৰ যিখন ৰুটিন তাত উশাহ ল’বলৈকো আহৰি নাথাকে!!
: জুমন আৰু মিতু, তোমালোক দুটাক কথা এটা কওঁ?
: কোৱা মা|
: তোমালোকে মোক ভালপোৱা?
: পাওঁ মা। কিয় নাপাম বাৰু! কিযে সোধা নহয়!
: নহয়, মই এনেই সোধা নাই। যদি সঁচাই মোক ভালপোৱা, মোৰ প্ৰতি যদি তোমালোকৰ সঁচাই অলপমানো শ্ৰদ্ধাবোধ আছে তেনে তোমালোকে আন যিয়েই নকৰা তোমালোকৰ পঢ়াৰ প্ৰতি অলপ চকু দিয়া। কাৰণ তোমালোকে যদি ভৱিষ্যতে একোটা ভাল জীৱন আহৰণ কৰিব খোজা তাৰবাবে এতিয়াই ভালকৈ পঢ়াতো জৰুৰী। আৰু তোমালোকে যদি জীৱন গঢ়িব নোৱাৰা তেনে মানুহে মোকেই হাঁহিব। হাঁহক বাৰু কোনো কথা নাই, কিন্তু তোমালোকক মানুহ কৰি তুলিব নোৱাৰিলে মোৰ নিজকেই হাৰি যোৱা যেন লাগিব। তোমালোকে জানাই মানুহে এনেও মোক বেয়া বুলি কয়!
: তোমাক বেয়া বুলি কোৱাৰ সুবিধা মানুহক আমি কেতিয়াও নিদিওঁ মা|–জুমনে ক’লে|
: মইতো ভালকৈ পঢোঁৱেই মা—মিতুৱে ক’লে|
: তোমালোকৰ হাততেই আছে মোৰ জীৱনৰ শেষ আস্থা—দুয়োটাকে টানি বুকুত সুমুৱাই ল’লোঁ। কিনো বুজি পায় ইহঁত দুটাই! তথাপি আজিকালি জুমনে বহুত কথাই বুজিব পৰা হৈছে। দিনে দিনে ওখ-ডাঙৰ হৈ আহিছে ল’ৰাটো। বয়ঃসন্ধিৰ কাল এইছোৱা তাৰ বাবে। এই সময়ত যদি তাক পৃথিৱীখনৰ বিষয়ে সঠিক আৰু সম্যক ধাৰণা এটা দিব নোৱাৰোঁ, অথবা সি শুদ্ধ পথ এৰি বিপথে পৰিচালিত হয় তেনে পাছলৈ মোৰ কৰিব পৰাৰ ভিতৰত আৰু একোৱে নাথাকিব। চিন্তা হয় তাক লৈ মোৰ। দেউতাকৰ এইবোৰক লৈ চিন্তা-ভাৱনা নাই যেনেই লাগে। ঘৰখন বুলিবলৈ লাগতিয়াল বজাৰখিনি কৰি দিয়েই তেওঁ তেওঁৰ দায়িত্ব সামৰে। বাকী য’ত যি লাগে সেইবোৰ কৰিবলৈ মইতো আছোৱেই! বিৰক্তি লাগে কেতিয়াবা|

মোবাইলটো বাজি উঠিল। নীৰা বাইদেউৰ ফোন। এই অসময়ত। নিশা প্ৰায় ন বাজেই দেখোন! ঘৰত অকলেই আছিলোঁ দেখি লগে লগে উঠালোঁ ফোনটো-

: বাইদেউ, সিদিনা ভালে ভালে পালেগৈনে? ভাগৰ পলাল জানো?
: উম্‌ ভালে ভালে পালোহি নী। ভাগৰনো কি। ঠিকে আছো দিয়া। ইহঁতবোৰ নাই নেকি? ঘৰখন ঠাণ্ডা হৈ থকা যেন লাগিছে?
: নাই বাইদেউ, জুমনৰ লগৰ ল’ৰাৰ জন্মদিন খাবলৈ গৈছে দুয়োটাই। আহিবৰ হৈছে আৰু। আপুনি অসময়ত ফোন কৰিলে যে! অলপ চিন্তাই হৈছিল মোৰ!
: এনেই আমাৰ ঘৰতো কোনো নাই দেখি তোমাৰ লগত কথা পাতিবলৈ মন গ’ল সেয়ে ফোন লগালোঁ। তুমিও অকলে আছা ভালেই হ’ল। কথাকে পাতো অলপ। সেইদিনা ভালকৈ একো পতাই নহ’ল|
: তাকে, ইমান খৰ‌ধৰ হ’ল! মোৰো অলপ বেয়া লাগিছিল। কওকচোন…
: কিনো কম নী! জানাই দেখোন মাইকী মানুহৰ জীৱন-বুৰঞ্জী। সেই একেইবোৰ কথাই। য’তে যি নকৰা লাগে মুক্ত হ’ব নোৱাৰা কেতিয়াও। ভৰিত এডাল অদৃশ্য শিকলি বান্ধ খাই থাকে অহ‌ৰহ্‌। তুমিতো মোতকৈ আৰু গভীৰভাৱে অনুভৱ কৰা কথাবোৰ। ব্যক্ত কৰিবও জানা! তুমি বাৰু কেনেকৈ ধৰিব পাৰা নী মানুহৰ মনৰ গতি? কেনেকৈ বজায় ৰাখিব মনৰ সন্তুলন ইমান সাৱলীলভাৱে? তোমাক কেতিয়াও অতৃপ্তি-অশান্তিয়ে নদহেনে?
: দহে বাইদেউ কিয় নদহিব! ময়ো জানো মানুহ নহয়?
: তথাপি তুমি কেনেকৈ নিজক সুদৃঢ় কৰি ৰাখা? যেতিয়াৰ পৰা তোমাক পাইছোঁ তোমাৰ দৃঢ়তা আৰু সততাই মুগ্ধ কৰি আহিছে মোক!
: কিজানি মোৰ সততাই মোক দৃঢ় কৰি ৰখাত সহায় কৰে বাইদেউ। কিন্তু কেৱল সেইয়াই সঁচা নহয়। তাৰ বাহিৰেও জীৱন বাটত অকপটে পোৱা কিঞ্চিত ভালপোৱা কিঞ্চিত সাহস আৰু মাজে-সময়ে পোৱা কাৰো কাৰোবাৰ আস্থাই মোক মই কৰি ৰাখিছে। এইবোৰেই মোৰ সম্পদ। মোৰ জীৱনৰ পাথেয়। আৰু ইহঁত দুটাক মানুহ কৰাৰ কৰ্তব্য নাই জানো?
: এৰা, মাক হৈ সন্তানক মানুহ কৰাটোৱেই মূল কথা। মোৰতো দুয়োটাই নিজে খুটি খাব পৰা হ’ল। নিজাকৈ সংসাৰো কৰিলে। তথাপি কিয় জানো ভাৱ হয় মোৰ জীৱনটো যেন অসম্পূৰ্ণ হৈ ৰ’ল! আৰু কিবা কৰিবলৈ থাকি গ’ল! কিবা পাবলৈ থাকি গ’ল! জীৱনটো যেন অথলে গ’ল! অথচ জীৱনৰ শেষ পৰ্য্যায়ত আহি উপনীত হৈছোঁ!
: এনেকৈ নক’ব বাইদেউ। আপুনি আপোনাৰ কৰ্তব্য ঠিকমতেই পালন কৰিছে। কৰবী আৰু নীলোত্‌পল আজি নিজৰ ভৰিত নিজে থিয় দিছে একমাত্ৰ আপোনাৰ অহোপুৰুষাৰ্থতেই। এতিয়াতো আপোনাৰ আজৰি সময়। গোটেই জীৱন বহুত কষ্ট কৰিলে আপুনি। এতিয়া অলপ জিৰাওক। নিজক সময় দিয়ক। ভাললগা কামবোৰ কৰক। ক’ৰবালৈ ফুৰিবলৈ যাওক। কিতাপ পঢ়ক|
: একোকেই কৰিবলৈ মন নাযায় নী আজিকালি। ভাগৰ লাগে শাৰীৰিক-মানসিক অৱসাদে বেঢ়ি ধৰিছে মোক। গোটেই জীৱন কিজানি সংগোপনে কঢ়িয়াইছোঁ এক নিঃসংগতাৰ ভাৰ। আজি তোমাক কোনেও নজনা কথা এটা কম। জানানে নী, কৰবীৰ ফাইনেল পৰীক্ষাৰ সময়ত তাইৰ ওচৰত থাকিবলৈকে তাইক সময় দিবলৈকে মই মোৰ এটা অপাৰেচন কৰাই লৈছিলোঁ স্ব-ইচ্ছাৰে। মোৰ ইউটেৰিয়াছটো উঠাই লৈছিলোঁ। নহ’লে তাইৰ কাষত থকা সময়কণো মই ভগাব লাগে মনোৰঞ্জনৰ কাৰণে। কি ক’ব খুজিছোঁ বুজিছা চাগে!
: বুজিছো বাইদেউ! কি কওঁ এতিয়া আপোনাক!
: জন্ম দিলোঁ বুলিয়েই মাকৰ সন্তানৰ প্ৰতি অসীম দায়িত্ব থাকে কিন্তু সন্তানবোৰৰ বাৰু মাকৰ প্ৰতি কোনো দায়িত্ব নাথাকে নেকি? সন্তানবোৰে জানো এবাৰ হ’লেও মাকৰ মাতৃত্বক স্বীকৃতি দিব নালাগে? তেওঁলোকে জানো ক’ব নালাগে মা তোমাৰ বাবেই মোৰ জীৱনটো ইমান সুন্দৰ হ’ল? মাত্ৰ এবাৰ! এইয়া মাকবোৰৰ প্ৰাপ্য নহয়!
: নিশ্চয় হয় বাইদেউ। যি সন্তানে মাকৰ মুখলৈ চায়েই মনৰ খবৰ অনুধাৱন কৰিব পাৰে তেনে সন্তানৰ মাতৃ হ’ব পৰাতকৈ সুখকৰ আন একো হ’ব নোৱাৰে চাগে! কিন্তু আমি মাকবোৰে সন্তানৰ পৰা একো দাবী কৰিব নোৱাৰোঁ, একো আশা কৰিব নোৱাৰোঁ। যুগ-যুগান্তৰৰ পৰা জন্ম-জন্মান্তৰৰ পৰা এই ধাৰণাই চলি আহিছে যে পিতৃ-মাতৃয়ে মাথোঁ সন্তানক দিব লাগে, মানুহ কৰি তুলিব লাগে। কাৰণ পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে নিজ স্বাৰ্থৰ বাবেই। বুঢ়াকালত সাৰথি হ’ব বুলি! জন্ম দিলে বুলি বাৰু মাক-দেউতাকে সন্তানৰ প্ৰতি থকা কৰ্তব্যখিনি কৰিলে, সন্তানেও যদি জীৱন পালোঁ বুলি মাক-দেউতাকৰ প্ৰতি থকা কৰ্তব্য-দায়িত্বখিনি সঁচাকৈয়ে উপলব্ধি কৰিব পাৰে তেতিয়াহ’লে কোনো অসুখী নহ’ল হয়! কোনো বৃদ্ধাশ্ৰমৰ সৃষ্টি নহ’ল হয়। মৃত্যুৰ মুখামুখি হৈয়ো কোনো দুখত ভাঙি নপৰিল হয়। কিছুমান কথা ভাবিলে বৰ বেয়া লাগে বাইদেউ|
: এৰা নী। বৰ বিচিত্ৰ এই জীৱন। সময় থাকোঁতে ভাবি নাচালোঁ। এতিয়া ভাবোঁ আৰু বহুত কিবাই কৰিব পাৰিলো হয়। ভাৱাবেগ ৰুধিব পৰাহ’লে চাগে মনটোক সবল কৰিব পাৰিলোঁ হয়! এতিয়া সময় উকলি গ’ল|
: সময় কেতিয়াও অথলে নাযায় বাইদেউ। এতিয়াও আপোনাৰ মাজত সৃষ্টিশীলতা আছে। আপুনি মাথোঁ নিজক বিশ্লেষণ কৰক আৰু ভাৱবোৰক জুকিয়াই লওক। চাব সময় আপোনাৰ হাতৰ মুঠিত|
: তুমি বৰ ভাল নী। সদায় মোক উত্‌সাহ যোগোৱা। ইহঁত দুটাৰ আহিবৰ হোৱা নাই জানো। থওঁ দিয়া। বাহিৰত শব্দ শুনিছোঁ। এওঁ আহিল চাগে!
: ভাল বাৰু বাইদেউ। শুভৰাত্ৰি|
……………………………………………….

: অ’ই নয়নী বা’ শুনচোন, আজি মোৰ কবিতা এটা নিয়মীয়া বাৰ্তাত ওলাইছে জান’! ইমান ভাল লাগিছে মনটো!
: সঁচা! বৰ ভাল খবৰ। কোনটো পঠিয়াইছিলি পিছে?
: “জীৱনৰ পথ”টো। কিন্তু অলপ এডিট্‌ কৰিলে সেয়ে অলপ বেয়া লাগিছে!
: মই নাইপঢ়া সেইটো। এডিট কৰিলে নেকি? একো নহয় দে। এইবোৰ থাকেই আৰু। সম্পাদকে তেওঁৰ কেঁচি চলাবই। বিখ্যাত নোহোৱালৈকে তেওঁলোকে ইমানখিনি সুবিধা লয়েই। মন বেয়া নকৰিবি|
: নকৰোঁ। মোৰ ষ্টেটাচত দিছোঁ কবিতাটো। তই সময় পালে এবাৰ চাবি দেই|
: উম্‌‍ চাম দে। নাচালে তই সুদাই এৰিবি জানো?
: হেঃ হেঃ নেৰোতো! তই নাচালে কোনে চাব! অ’ই কালি ত্ৰিদীপক ব্লক কৰি দিলোঁ|
: উৱা কেলেই? কিয় কৰ এইবোৰ?
: মোক শিষ্টাচাৰ নজনা বুলি কৈছিল। কিবা কথাত লাগি আছিলোঁ। গতিকে ব্লক|
: কিহে যে পায় তোক!
: এই নতুনবোৰক মই চাই থাকোঁ মাজে মাজে বুজিছ’|
: ভাল কৰ। মোক কিমান চাইছিলি পিছে?
: তোক নাইচোৱা। খাৰাংখাচ-দিলখোলা মানুহ তই। বুজি পাওঁ বুজিছ’ ইমান কেঁচা বুলি নাভাবিবি মোক|
: বাৰু দে পকায়েই তই। ফোন থ’ এতিয়া কাম আছে মোৰ|
: ৰ’চোন। আজি তোৰ বন্ধ নাই জানো? মোৰ ক্লাচ নাই এতিয়া। দুটা ক্লাচ অফ্‌। আজি ৰাতিপুৱা ভালকৈ খাই নাহিলোঁ সেয়ে ভোক লাগিছে। ঘৰ গৈ পাওঁতে পাঁচটা বাজিব|
: চাহ-তাহ কিবা খা। নোখোৱাকৈ কিয় আহ? এনেই ভোক সহ্য কৰিব নোৱাৰ’ তাতে ইমান দেৰি হ’ব! এনেকৈ হ’লে বেমাৰত পৰিবি হ’লে কৈ দিছোঁ। মৰমীয়েতো তোক কোনোদিনে যোগাৰ নিদিয়াকৈ নাথাকে। অলপ সোনকালে শুই উঠিব নোৱাৰ’ কানিয়া?
: এলাহ লাগে অ’ উঠিবলে’। পুৱা শুৱাৰ আমেজ তই কি বুজিবি?
: মই নুবুজোঁ দে। ফোন থ’বিনে?
: কথা পাতচোন! মোৰ অকলে অকলে আমনি লাগিছে কাৰণেহে!
: কিন্তু এই দুটা স্কুলৰ পৰা আহি পাবৰ হৈছেতো। কিবা এটা ৰান্ধোগৈ অ’। সুদা ভাতকেইটাহে হৈছে।
: আচ্ছা সেইটো কথা। অ’কে দেন বাই।

………………………………………………………

খৰধৰকৈ হিচাপটো মিলাই মেডিকেল বিলখিনি এৰি দিলোঁ। ফাইলটোত ছাৰে হস্তাক্ষৰ কৰি দিলেই বিলখিনি তললৈ পঠিয়াই দিব পাৰিম। থাৰ্দ্‌ কোৱাৰ্টাৰৰ টকা নাহিল এইবাৰ। ফাণ্ড নাইহেনো। সেয়ে আগৰ বাকী ৰোৱা এক লাখ পোন্ধৰ হাজাৰ টকাৰ মাজতেই যিমানখিনি পাৰোঁ মিলাই মেলি বিল এৰি দিলোঁ। ছাৰেও কৈছিল চাই মেলি সকলোৱে এখন এখনকৈ পোৱাকৈ দিয়া। পূজাৰ আগত কিবা এটা পালেও কৰ্মচাৰীসকলে ভালপায়। হয়ো কথাতো। মেডিকেল বিলৰ টকা পালে সকলো সুখী হয়। কিন্তু এনেকৈ বিল মিলাব লগা হ’লে বৰ অসুবিধা হয়। পাছত বিল হেৰুৱাৰ ভয় থাকে। এখনকৈ খুব কমেইহে দিয়ে। প্ৰত্যেক মাহে প্ৰায় সকলোৱে দুখন-তিনিখনকৈ বিল জমা দিয়ে। আচলতে অপাৰেটিভ হেডৰ ফাণ্ড যিমান আহিলেও নোজোৰে। কাৰণ সমগ্ৰ ডিভিজনটোত অপাৰেটিভ হেডৰ মানুহেই বেছি। আমাৰ এদ্‌মিনিষ্ট্ৰেটিভ হেডৰ মানুহ কম হোৱা হেতুকে তুলনামূলকভাৱে ফাণ্ড সদায় বেছিয়েই হয়। এইবাৰো আমাৰ বিল আৰু দুমাহৰ এৰি দিব পাৰিলোঁ হয়। কিন্তু নিদিলোঁ। সিবাৰ এই লৈ বহুত খেলি মেলি হ’ল। আকৌ জানি-শুনি খেলিমেলি এটাৰ সৃষ্টি কৰিবলৈ মন নগ’ল। বিলৰ কাম শেষ হ’লত ভাগৰ লগা যেন লাগিল। এনেও আজি অলপ দিনৰ পৰা গাটো দুৰ্বল যেন লগা হৈছে। অলপতে ভাগৰি পৰোঁ। সেইদিনাতো ছাৰে সুধিয়েই দিলে-তোমাক দেখোন টোপনি নোহোৱা মানুহ যেন লাগিছে! কি হ’ল গা বেয়া নেকি? আদিত্য দায়ো কৈছে-তোৰ চকুৰ গুৰিবোৰ ক’লা পৰিছে। ৰাতি টোপনি নহয় নেকি তোৰ? শুবলৈ নাইপোৱা সঁচাকে’। দুমাহেই হ’ল দৈনন্দিন ৰুটিনখন কিছু সলনি হৈছে। এওঁ প্ৰমোচন লৈ থানালৈ অহাৰ পাছৰে পৰা মোৰো ৰুটিনখন সলনি হৈ গৈছে ইচ্ছা নথকাস্বত্তেও। শেৱালি ঘৰলৈ গৈ আৰু নহা হ’ল। মণিকাই ঘৰ সৰা বাচন ধোৱাৰ বাহিৰে আন একো কাম কৰিব নোৱাৰে। তাতে এওঁৰ মূৰত প্ৰমোচনৰ ভূতে ভালকৈয়ে বাহ লৈছে। ঘৰ সোমাওঁতে কেতিয়াবা নিশা এক বাজে কেতিয়াবা দুই বাজে। কেতিয়াবা নিশা নাহেই। কোনোবাদিনা আকৌ সোনকালে আহিলেও নিশা এক বজাত ওলায় যায়। লাভৰ মূৰত মোৰ চকুৰ টোপনি নোহোৱা হৈছে। এনেও মোৰ টোপনি তেনেই পাতল। অলপতে সাৰ পাওঁ। এতিয়া এওঁৰ লগত পৰি প্ৰায় শুবলৈ নোপোৱাৰ দৰেই হৈছে। পুৱা পাঁচবজাতেই মোৰ দিনটোৰ আৰম্ভ হয়। তাতে সন্মুখত ইহঁত দুয়োটাৰে পৰীক্ষা। অফিচৰ পৰা গৈ ভাগৰত চকু মেলিবৰ মন নাযায়। তথাপি চাহকাপ খায়েই আকৌ মিতুক পঢ়ুৱাবলৈ বহোঁ। জুমনকো চকু দিব লাগে। পঢ়া সামৰি ভাত-পানী ৰান্ধি খাই-বৈ আজৰি হওঁ মানে দহ বাজে। অভ্যাসবশতঃ এবাৰ ফেচবুক খুলি আপদেট্‌ চাওঁমানে মিতু টোপনি যায়। জুমনে পঢ়ি থাকে। তাক ৰখি থাকোঁতেই কেতিয়াবা দুই-এজনৰ লগত মত বিনিময় কৰোঁ। কোনোবাজনৰ ভাল লগা কবিতা-গল্প-ফটো লাইক কৰোঁ। মন গ’লে নিজৰ ভাৱ একোটাক শব্দৰ ৰূপ দি পেলাওঁ। এওঁ আহি কেনেবাকৈ ফেচবুকত বহি থকা দেখিলেই অশান্তি কৰে। পোনপতীয়াকৈ মোক একো নকয় কিন্তু জুমনৰ আগত কয় এই ফেচবুক বৰ বেয়া বস্তু জানা জুমন। প্ৰত্যেক দিনাই কিমান যে গোচৰ আহে আমাৰ ওচৰলৈ! চব বাজে কাৰবাৰ। এই কথাটোৱে বৰ বেয়া পাওঁ মই। কিয় তেওঁ স্পষ্ট নহয় কোনোদিনে? কিয় তেওঁ এনেকৈ আওপকীয়াকৈ কথা কয়? কিয় জুমনক টানে কথাৰ মাজলৈ? কাক কম! কোনে বুজিব! যিজন মানুহৰ সৈতে মোৰ জীৱন-মৰণৰ সম্পৰ্ক সেইজনেই যেতিয়া একো নুবুজে আন কোনোবাই বুজিব বুলি আশা কৰাটো মূৰ্খামি। বিৰক্তিয়ে হেঁচা মাৰি ধৰে|

: বাইদেউ, মোৰ বিল এখনো নাই! দিয়কনা এখন কিবাকে মিলাই!
: তুমি ফেব্ৰুৱাৰী মাহত বিল দিয়াই নাই সন্দীপ। মই ক’ৰপৰা মিলাই দিওঁ কোৱা?
: মাৰ্চৰ পৰা এখন উলিয়াই দিব নোৱাৰি নেকি? ফাণ্ড নাই জানো?
: ফাণ্ড আছে। কিন্তু একাউণ্টচ্‌‍ৰ মানুহবোৰ জানো মূৰ্খ? অকল তোমাৰ এখন মাৰ্চৰ বিল উলিয়াই দিলে বাকীবোৰে মোক নধৰিবনে? বিভূদাই জানো মোক সুদাই এৰিব? চ’ৰী ভাই|
: এ’ এইবাৰ মোৰ পূজাতো এনেই গ’ল। বাইদেৱে মোৰ মনটো দুখ লগাই দিলে! অ’ বাইদেউ দিয়কনা এখন!

সন্দীপে এনেয়ে কামুৰি থাকিল অলপ সময়। কিশোৰে চাহ দি গ’লহি। ঘড়ীটোলে চালো। চাৰি বাজিবলৈ দহ মিনিট আছে। তাৰমানে এতিয়াও প্ৰায় দুঘণ্টা আছে অফিচ ছুটী কৰিবলৈ। আৰু ফাইল চুবলৈ মন নাইযোৱা। এলাহ লাগিছে। কিন্তু নুচুলেতো নহ’ব! কাম আছে। দুটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ আছে। সেই দুটা ৰিপৰ্ট কাইলৈকে দিবই লাগিব। এই ইণ্টাৰনেটডাল হোৱাৰ পৰা সুবিধাতকৈ অসুবিধা হৈছে বেছি। লাগ বুলিলেই ৰিপৰ্ট এটা এতিয়াই লাগে। যেনিবা তাকেই দিবলৈ দিনৰ দিনটো বহি আছোঁ। সময়মতে দিয়া ৰিপৰ্টবোৰো যেতিয়া নোপোৱা বুলি মেচেজ আহে আৰু তাৰবাবেই ওপৰৱালাৰ কথা শুনো মূৰটো গৰম হৈ যায়। আগতেই ভাল আছিল। চিঠি একোখন ডাকত আহে। উত্তৰ-প্ৰত্যুত্তৰ কৰিবলৈ হাতত ঢেৰ সময় থাকে। এতিয়াহে আমাৰবোৰৰ মৰণ। খং উঠি যায় কেতিয়াবা। এনেও কামৰ অন্ত নাই ব্ৰাঞ্চটোত! তাত ভূতৰ ওপৰত দানৱ ওলোৱাদি ওলায়হি আৰ.টি.আই.ৰ কেচবোৰ!

অফিচৰ পৰা ওলায় বজাৰলৈ গ’লোঁ। বিলাহী একেকেজি, চফ্‌ অলপ, বেচন অলপ আৰু বিস্কুট বজাৰ কৰি চাৰি আলি পালোঁহি। অফিচৰ পৰা ওলায় বজাৰ কৰিবলৈ থাকিলে বৰ বেয়া পাওঁ। এনেও ৰাতি হ’লে আমাৰ ফালে ৰিক্সাৱালাবোৰ যাব নোখোজে। তাতে বজাৰ কৰিলে আৰু অলপ দেৰি হৈ যায় কাৰণে ৰিক্সা নোপোৱাৰ ভয় এটা লাগি থাকে। এওঁ থানালৈ অহাৰ পাছত ৰিক্সা বিচৰা এই এটা নতুন সমস্যাই লগ দিছে মোক। আকাশখন গোমা হৈ থকাৰ কাৰণেই নেকি জানো সময়তকৈ বহুত বেছি ৰাতি হোৱা যেন লাগিল। ৰিক্সা এখন পালোঁ যেনিবা। ঘৰ গৈ পাওঁতে ঘড়ীলৈ চাই দেখো সময় প্ৰায় সাত বাজেই আৰু। চাহ কেতিয়া খাম!

: মা, আমালৈ কিবা আনিছা?
: আনিছোঁ, কিন্তু আগতে মই মুখ-হাত ধুই লওঁ হ’বনে?
: হ’ব মা। মই টিভি চাই আছো দেই মা তেতিয়ালৈ|
: জুমন, ইমান দেৰিলৈ তুমিও টিভি চাই আছা? পঢ়িব লগা নাই নেকি? পৰীক্ষালৈ আৰু কেইদিন? মোক চাহ একাপ কৰি খুৱাবা নেকি তুমি? বৰ ভাগৰ লাগিছে!
: তুমি ভৰি-হাত ধুই আঁহা। মই চাহ কৰোঁ। কিবা এটা খায়েই মই কিতাপ লম মা|

চাহ খাই খায়েই মিতুক পঢ়ুৱাই আছোঁ। অলপ জিৰাবলৈ মন গৈছিল যদিও পাছত ভাত ৰান্ধিবলৈ পলম হ’ব বুলিয়েই তাইক কিতাপ উলিয়াবলৈ দিলোঁ। তায়ো কুৰ্‌কুৰে খাবলৈ পায় মনে মনে কিতাপ উলিয়াইছে। নহ’লে পেন্‌‍পেনাই থাকিলে হয়। কষ্ট হয় ইহঁত দুটাক দেখিলে। কিয়েইবা দিব পাৰিছোঁ! কিমানেইবা কৰিব পাৰিছোঁ ইহঁতৰ কাৰণে! মই চাকৰি কৰাৰ বাবেই ইহঁত দুটাৰ সময়বোৰো গতানুগতিকতাত হেৰাই গৈছে। লগ-সংগ নাই। ক’লৈকো ওলায় যাবলৈ নাপায়। আনন্দ-ধেমালিৰ লগ নাই, উত্স নাই। সিহঁতৰ শৈশৱ পাৰ হৈছে কাৰ্টুন আৰু কিতাপৰ মাজেৰে। গ্ৰাম্য জীৱনৰ মুক্ত আৰু নিৰ্মল শৈশৱ সিহঁতৰ বাবে সাধুকথা মাত্ৰ। চহৰীয়া জীৱনৰ বাধ্যবাধকতাই সিহঁতলৈ আনি দিয়া সীমাবন্ধতাই কেতিয়াবা মোকেই অজস্ৰ প্ৰশ্ন কৰে। উত্তৰ দিব নোৱাৰি অসহায়বোধ কৰোঁ। মোবালটো বাজি উঠিল। উঠি গৈ ধৰিলোঁ-

: নীৰা বাইদেউ!
: নী! আহি পালানে অফিচৰ পৰা?
: এই অলপ আগতে আহি পালোঁ বাইদেউ। চাহ খায়েই আছিলোঁ। কওক। আপুনি চাহ খালে? আপোনাৰ মাতটো ইমান বিষন্ন কিয়? কি হৈছে?
: চব শেষ হৈ গ’ল নী! চব শেষ হৈ গ’ল!
: কি হ’ল মোক খুলি কওকচোন!
: কৰবীৰ কথা কৈছিলোঁ তোমাক!
: অঁ কৈছিলতো! ভালে আছেনে তাই? এতিয়া কেইমাহ তাইৰ? প্ৰগ্ৰেছ ঠিকমতে হৈছেনে? অৱশ্যে তাই নিজেই ডাক্তৰ যেতিয়া আমি শিকাব লগা নাই। কিন্তু এই মাজৰ সময়ছোৱাৰ গেপটো বৰ দীঘলীয়া হোৱাটোহে চিন্তাৰ কাৰণ|
: একো নাই নহয় নী! তাই নষ্ট কৰি পেলালে। মোক সিদিনা ক’লে-মা মোৰ পেটত একো নাই নহয়। চফা কৰি পেলালোঁ তোমালোকে নাথাকোঁতেই। মই মাত্ৰ তোমাক ক’ব পৰা নাছিলোঁ|
: কিন্তু নীৰা বাইদেউ, এনে কি হ’ল যে তাই ইমান ডাঙৰ সিন্ধান্ত এটা লৈ পেলালে। আপুনি কোৱা নাছিল জানো বাৰ বছৰৰ বিৰতিৰ পাছত পুনৰ গৰ্ভৱতী হৈ তাই ভালেই পাইছে বুলি? আৰু আপোনাৰ জোঁৱাই? তেওঁ কি একো কোৱা নাই?
: কৈছিলো নী। আমিও বিচাৰিছিলোঁ তাইৰ দ্বিতীয় এটা সন্তান হওক। কিন্তু তাই সাহস কৰিব নোৱাৰিলে। জোঁৱায়ে তাইক বহুত মৰম কৰে, ভালো পায় কিন্তু সন্তান এটা জন্ম দিলে গৰ্ভধাৰণ কৰাৰ পৰা প্ৰসৱলৈকে সকলো দায়িত্ব তাই অকলেই ল’ব লাগিব। আৰু জন্ম দিয়াৰ পাছতো তাক তাই অকলেই চাব লাগিব। এতিয়াও ঘৰ-সংসাৰ বুলি ক’লে সকলো দায়িত্ব তাই অকলেই লয়। সময় থাকোঁতেই তাই দ্বিতীয় সন্তান এটা বিচাৰিছিল কিন্তু তাইক ল’বলৈ নিদিলে। এতিয়া মাত্ৰ বংশৰক্ষাৰ নামতেই তাই আৰু এটা অত্যধিক বোজা ব’ব পৰাৰ সাহস কৰিব নোৱাৰিলে ‘নী! ভাবিছোঁ তাই যি কৰিলে ভালেই কৰিলে!

বাহিৰত কলহৰ কাণে ঢলা বৰষুণ। মোৰ নিজৰ মাতটো মই নিজেই নুশুনা হ’লোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক