এয়াৰপৰ্টৰ ছোৱালীজনী – মূলঃ- দিব্যাংশ মুণ্ড্ৰা, অনুবাদঃ- অভিজিত কলিতা

এই কেইদিনমানৰ আগতে বিমানত মোৰ কাষত এজনী ধুনীয়া ছোৱালী বহিল।

সেইদিন মোৰ বাংগালোৰৰ পৰা মুম্বাইলৈ যাব লগা বিমানখন পলম হৈছিল। সেয়েহে আদহীয়া দম্পতি আৰু টোপনিগধূৰ যাত্ৰীবিলাকৰ মাজত বিমানলৈ অপেক্ষা কৰি থকাৰ সময়খিনিতে মোৰ দুচকু আন এযোৰ অতীৱ সুন্দৰ চকুত পৰিল।

তাই কমেও উচ্চতাত ৫’৯” হ’ব, পিংক যোগা পেণ্ট আৰু লুজ কটন টপ এটা পিন্ধি আছিল তাই ( মোৰ ভালদৰে মনত নাই অৱশ্যে)!- আৰু লাউঞ্জৰ কিতাপৰ ষ্টলখনত তাই কিতাপ চাই আছিল।

সুন্দৰী !   

কিতাপ!

আপুনি বাজি লগাব পাৰে যে মোৰ মনত ইতিমধ্যে ভায়’লিন বজা আৰম্ভ হৈছিল।

মই চকীৰ পৰা উঠি একো নজনাৰ দৰে কিতাপৰ ষ্টলখনৰ ফালে গ’লোঁ, সাৱধানে, যাতে কোনোবাই মোক মন কৰি থাকিলেও মোৰ উদ্দেশ্যৰ কথা গম নাপায়;  আৰু তাইৰ বিপৰীতৰ বুক ৰেকখনৰ কিতাপবোৰ লাৰি-চাৰি চোৱা আৰম্ভ কৰিলোঁ। (ধেমালি নাই কৰা, সঁচাকে)

মোৰ যদি ভালকৈ মনত আছে, তেনে তাই হাতত লৈ থকা কিতাপখন আছিল-“দ মিনিষ্ট্ৰি অৱ আটমষ্ট হেপ্পীনেছ”- মই তাইলৈ বাৰে বাৰে চাই থকা তাইৰ চকুত পৰিছিল হয়তো, সেয়ে এসময়ত তাই কৈ উঠিল,-

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- আপুনি কিতাপ পঢ়ি ভাল পায়?

দিব্যাংশঃ- ( চাৰিওফালে চাই আৰু – ধুৰ, নেপাওঁ বুলি কৈ উঠাৰ ইচ্ছাটোক নিয়ন্ত্ৰণ কৰি)- হয় হয়! আপুনিও ভাল পায়?

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- হয়, ময়ো ভাল পাও। আৰু সেয়ে আপুনি পঢ়াত মন দিয়া উচিত, এনেকৈ ছোৱালী চাই থকাতকৈ।

জ্বলন।

প্ৰচণ্ড গৰম বতাহ এজাকে যেন কোবাই গ’ল মোক।

সুন্দৰীয়ে কথাষাৰ কৈয়ে ঘুৰিল আৰু অলপ আঁতৰলৈ গ’লগৈ। মোৰ কাণ-মূৰ ৰঙা পৰি থাকিল।

কি ভাৱি নেজানো, কিন্তু মই কিতাপখন কিনি পেলালোঁ- অৰূন্ধতী ৰয়ৰ লিখনি স্বৰ্গীয়, তেওঁৰ ৰাজনৈতিক ভাৱ‌ধাৰাৰ একেবাৰে বিপৰীত।

ভাগ্যই বোলোঁ বা কাকতালীয় সংযোগেই বোলোঁ, আমি দুজন বিমানত একেটা শাৰীতে পৰিলো, মই খিৰিকীৰ কাষত আৰু তাই এইল ছিটটোত।

এজন মাজবয়সীয়া খুৰা আমাৰ মাজত ছিটটোত মই আৰু মোৰ প্ৰেমৰ মাজত চীনৰ প্ৰাচীৰ হৈ বহি থাকিল, তেওঁ প্ৰায় শুবলৈ সাজুৱেই- ডিঙিত গাৰু লগাই লৈছে, আৰু বিমানখন উৰাৰ প্ৰায় লগে লগেই এখন হাতেৰে ছিটবেল্ট খুলিবলৈ চেষ্টা কৰিছে আৰু আনখন হাতেৰে প্ৰকাণ্ড পেটটো খজুৱাইছে।

সি যি কি নহওক, বিমান উৰাৰ লগে লগেই মই উপন্যাসখন মেলি ল’লোঁ, ৰীডিং লাইটটোও জ্বলালোঁ। তাই নিশ্চয় দেখিলে, সেয়ে কেই মুহুৰ্তমানৰ পাছতে তাই খুৰাজনক তাইৰ ছিটটো দি তাই মোৰ কাষত বহাৰ অনুমতি বিচাৰিলে।

খুৰাই মোৰ ফালে খঙেৰে চালে, কিন্তু তাইৰ মিঠা মাতৰ অনুৰোধক উপে‍ক্ষা কৰা তেওঁৰ বাবে সম্ভৱ নাছিল।

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- (ছিটত বহিয়েই) হাই!

দিব্যাংশঃ- হেই!

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- তুমি কিতাপখন কিনিলা?

দিব্যাংশঃ- অঁ, হয়।

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- কেনেকুৱা পাইছা?

দিব্যাংশঃ- মই জাষ্ট আৰম্ভ কৰিছোঁহে আচলতে; কিন্তু মই পঢ়া সাতটা শাৰীতে প্ৰায় দহবাৰ অভিধান খোলাৰ প্ৰয়োজন বোধ কৰিছোঁ।

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- (হাঁহি)- হাঁ, বুজিছো মই!

দিব্যাংশঃ-  সঁচাকে কৈছোঁ।

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- বিশ্বাস কৰিছোঁ

কিছু সময়ৰ নীৰৱতা।

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ-তুমি কিয় পঢ়া?

দিব্যাংশঃ- ভাল পাওঁ কিতাপ পঢ়ি সেয়ে..!

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ-বুজিছোঁ, কিন্তু কিয় ভাল পোৱা? মই পঢ়োঁ কাৰণ মই চৰিত্ৰবোৰৰ দৰে অনুভৱ কৰিব খোজোঁ।

দিব্যাংশঃ-ৱাও, বঢ়িয়া। কিতাপ পঢ়াৰ এক আকৰ্ষণীয় কাৰণ এইটো!

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ-বুজা নাই তুমি কি কৈছা?

দিব্যাংশঃ- মানে এই যে কিতাপৰ চৰিত্ৰবোৰৰ দৰে অনুভৱ কৰা…!

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- মই কিন্তু একেবাৰে আক্ষৰিক অৰ্থটো বুজাইছোঁ।আচলতে মোৰ অনুভৱ কৰিব পৰা ক্ষমতা নাই, এক শাৰিৰীক বিসংগতিৰ বাবে!

দিব্যাংশঃ- কি কোৱা?

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ-হয়। মোৰ মনে দুখস সুখ মৰম আদি অনুভৱবোৰ প্ৰছেচ কৰিব নোৱাৰে।

দিব্যাংশঃ- সঁচাকৈ কৈছা?

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ-উমম! সৰুৰে পৰাই।

দিব্যাংশঃ- ……………….

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- সেয়ে সৰুৰে পৰা কিতাপ পঢ়িবলৈ মোক মোৰ ডাক্তৰে উপদেশ দিছিল, মানে যাতে কিতাপত লিখা অনুভৱবোৰৰ প্ৰতিক্ৰিয়া কৰি কৰি মই নিজেও অনুভৱ কৰিবলৈ অনুশীলন কৰিব পাৰোঁ।

দিব্যাংশঃ- (আমোদ পাই), তেনে সেইকাৰণেই তুমি এয়াৰপৰ্টৰ কিতাপৰ দোকাখনত মোৰ প্ৰতি ইমান ৰূঢ় ব্যৱহাৰ কৰিছিলা?

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- কেতিয়া?

দিব্যাংশঃ- কিয়, বাংগালোৰ এয়াৰপৰ্টত?  সেই বুকষ্টলখনত?

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- ..উমমম… মই কোনো বুকষ্টললৈ যোৱা নাছিলোঁ…!

দিব্যাংশঃ- কি আচৰিত, গৈছিলা তুমি। মই তোমাক এইখন কিতাপ পঢ়ি থকা দেখিছিলোঁ, আৰু তুমি মোক প্ৰায় গালিয়েই দিছিলা….!

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ- মিছা কথা। সঁচাকে ক’বলৈ গ’লে মই এইমাত্ৰহে তোমাক লগ পাইছোঁ, জী্ৱনত প্ৰথম বাৰৰ বাবে..!

দিব্যাংশঃ- ….

কিতাপ পঢ়ি থকা ছোৱালীজনীঃ-…..

দিব্যাংশঃ- অহ! তুমি মোৰ কিবা গণ্ডগোল লগাব খুজিছা, হয়নে?

কিতাপ পঢ়া ছোৱালীজনীঃ-…….

দিব্যাংশঃ- আৰু, এই কিতাপখনক লৈয়ে আমাৰ কথা-বতৰা আৰম্ভ হৈছিল, তুমিয়ে আৰম্ভ কৰিছিলা।

কিতাপ পঢ়া ছোৱালীজনীঃ- মই কৰিছিলোঁ?

দিব্যাংশঃ- অঁ,তুমিয়েই কৰিছিলা।

কিতাপ পঢ়া ছোৱালীজনীঃ- ৰ’বা, কোনখন কিতাপৰ কথা কৈছা তুমি?

দিব্যাংশঃ- (আঙুলিয়াই)এইখন। অৰূন্ধতী ৰয়ৰ “দি মিনিষ্ট্ৰী অৱ আটমষ্ট হেপ্পীনেছ”

কিতাপ পঢ়া ছোৱালীজনীঃ-কিন্তু তুমি দেখোন ছালমান ৰাশ্বদীৰ “চাটানিক ভাৰ্চেচ” হে পঢ়ি আছা।

দিব্যাংশঃ- (ইতিকিঙেৰে)_ হয় হয়! চোৱা এইখন (তেওঁ কিতাপখন ছোৱালীজনীৰ চকুৰ আগত ডাঙি ধৰে, কিন্তু দেখে ..সেইখন দেখোন সঁচাকৈয়ে চাটানিক ভাৰ্চেচ)!

কিতাপ পঢ়া ছোৱালীজনীঃ-…………

দিব্যাংশঃ- এয়া পাগলামি! মই এইখন কিতাপ কিনা নাছিলো।

কিতাপ পঢ়া ছোৱালীজনীঃ-…

দিব্যাংশঃ- চাটানিক ভাৰ্ছেচ ভাৰতত নিষিদ্ধ কৰা হৈছে। এয়াৰপৰ্টৰ কিতাপৰ দোকানত এইখন কিতাপ পোৱাৰ প্ৰশ্নই নুঠে।

কিতাপ পঢ়া ছোৱালীজনীঃ-…….

দিব্যাংশঃ-(কিতাপখন লুটিয়াই) কি হৈছে মোৰ!

এই মুহুৰ্তত তাই তাইৰ নীলা চকু দুটাৰে মোৰ বাদামী চকু দুটালৈ চাই আছিল, তাইৰ চকুত বগুৱা বাই ফুৰা এক অজান অশুভ দ্যুতি জিলিকি উঠিছিল। 

দিব্যাংশঃ- শপত খাই কৈছোঁ, মই এয়াৰপৰ্টত এইখন কিতাপ কিনা নাছিলো।

কিতাপ পঢ়া ছোৱালীজনীঃ- তুমি এয়াৰপৰ্টত আছিলা?

দিব্যাংশঃ- মেডাম, বিমানত উঠিবলৈ এয়াৰপৰ্টলৈ যাবই লাগিব নহয় জানোঁ?

কিতাপ পঢ়া ছোৱালীজনীঃ- উহহ!! আমি এতিয়া বিমানত উঠা নাই দিব্যাংশ।

দিব্যাংশঃ- ….

মই হাঁহি পেলালোঁ। কিন্তু হঠাত দেখিলোঁ, মোৰ বাওঁফালে দেখোন বিমানৰ সৰু গোলাকাৰ খিৰিকীখন নাই, তাৰ ঠাইত মই ৰেষ্টোৰাৰ প্ৰশস্ত খিৰিকী এখনেৰে বাহিৰলৈ চাই থকা অৱস্থাত নিজকে আৱিষ্কাৰ কৰিলোঁ।

দিব্যাংশঃ- হে ভগৱান!! হৈছে কি এইবোৰ?

কিতাপ পঢ়া ছোৱালীজনীঃ- ……….

দিব্যাংশঃ- মই ইয়াত কি কৰি আছোঁ? ৰ’বা, তুমি মোৰ নাম জানিলা কেনেকৈ?

কিতাপ পঢ়া ছোৱালীজনীঃ- কি পাগলৰ দৰে কথা কৈছা তুমি। মই তোমাৰ গাৰ্লফ্ৰেণ্ড, মই তোমাৰ নাম নাজানিম?

দিব্যাংশঃ- …………………

গাৰ্লফ্ৰেণ্ডঃ- তুমি মোক আৰু এৰি দিব নোৱাৰিবা। মোৰ ভাল লাগিছে এই ৰেষ্টোৰাঁখন।

দিব্যাংশঃ- আৰে, মইটো প্লেনত আছিলো।

গাৰ্লফ্ৰেণ্ডঃ- অসস! সেয়া দুদিনৰ আগৰ কথা।

দিব্যাংশঃ- অসম্ভৱ। মই প্লেনত বহি আছিলোঁ, কিতাপ পঢ়িছিলোঁ, আৰু আমাৰ কথা-বতৰা আৰম্ভ হৈছিল, মোৰ সকলো মনত আছে। আৰু মই দেখোন তোমাক ভালকৈ চিনিয়েই নেপাওঁ! কি হৈ আছে এইবোৰ?

গাৰ্লফ্ৰেণ্ডঃ- হমমম! মোৰ সৈতে ব্ৰেক আপ কৰাৰ নতুন বুদ্ধি হা? আৰু শুনা,  মই একো অনু্ভৱ কৰিব নোৱাৰোঁ, মোৰ মস্তিষ্কত অনুভৱ কেন্দ্ৰটো নায়েই! অনুভৱ বিকলাংগ মই।

দিব্যাংশঃ-  জানোঁ, তুমি কৈছিলা মোক ফ্লাইটত।

গাৰ্লফ্ৰেণ্ডঃ- কি ক’ব খুজিছা তুমি?  মই এইটো কথা তোমাক কেতিয়াও কোৱা নাই, আচলতে যোৱা এমাহ ধৰি মই প্লেন জাৰ্নি কৰাই নাই। মোক অত্যাচাৰ নকৰিবা দিব্যাংশ। আমি ইজনে-সিজনক ভালকৈ সময়েই দিব পৰা নাই, আৰু তুমি ব্ৰেক আপ কৰাৰ চেষ্টা কৰি আছা?

দিব্যাংশঃ- মই .. মই….কি?  মই তোমাৰ নামেই নেজানোঁ!

গাৰ্লফ্ৰেণ্ডঃ- এয়া অপমান। কি বুলি ভাৱিছা তুমি। জহন্নামে যোৱা, ইমান ইমমেচিয়ৰড তুমি। ডাঙৰহৈ উঠি ফোন কৰিবা মোক।

দিব্যাংশঃ-……

গাৰ্লফ্ৰেণ্ডঃ- মই যাওঁ।

দিব্যাংশঃ- ঠিক আছে।

গাৰ্লফ্ৰেণ্ডঃ- সঁচাকৈয়ে যাম কিন্তু, চিৰদিনৰ বাবে..!

দিব্যাংশঃ- যোৱা আকৌ।

গাৰ্লফ্ৰেণ্ডঃ-……….

দিব্যাংশঃ- তোমাৰ নামটো কি আছিল সেইটোতো কৈ যোৱা।

(গাৰ্লফ্ৰেণ্ডে এটা প্ৰকাণ্ড চৰ মাৰে, আৰু হঠাতে মই পুনৰ নিজকে বিমানৰ ছিটত পাওঁ।

দিব্যাংশঃ- কি হৈছিল এই মুহুৰ্তত?

কিতাপ পঢ়া ছোৱালীজনীঃ- তুমি শুই গৈছিলা।

দিব্যাংশঃ-  ৰ’বা, তুমিতো মোৰ গাৰ্লফ্ৰেণ্ড!

কিতাপ পঢ়া ছোৱালীজনীঃ- ওহোঁ নহয়। কিন্তু তোমাৰ আত্মবিশ্বাসক পুৰা নম্বৰ দিব পাৰি।

দিব্যাংশঃ- কিন্তু তুমি তো! … মই যে….আৰু মই চাটানিক ভাৰ্ছেচ কিনা নাছিলোঁ।

কিতাপ পঢ়া ছোৱালীজনীঃ- অফ কৰ্চ! সেইখনচোন ভাৰতত নিষিদ্ধ, কেনেকৈ কিনিবা।

দিব্যাংশঃ- মই তাকেতো কৈ আছিলোঁ।

কিতাপ পঢ়া ছোৱালীজনীঃ- কি হৈছে তোমাৰ, মতিভ্ৰম হৈছে নেকি?

দিব্যাংশঃ- ……………

কিতাপ পঢ়া ছোৱালীজনীঃ- …………

দিব্যাংশঃ-  মোক এটা চৰ মাৰাচোন।

কিতাপ পঢ়া ছোৱালীজনীঃ- কি?

দিব্যাংশঃ-  অ’,  জোৰকে চৰ মাৰা মোক।

কিতাপ পঢ়া ছোৱালীজনীঃ- মই হয়তো নিজৰ ছিটলৈ ঘুৰি যোৱাই ভাল হ’ব।

দিব্যাংশঃ নহয়। প্লীজ চৰ মাৰা মোক।

(কিতাপ পঢ়া ছোৱালীজনীয়ে ভয়ে ভয়ে ইফালে সিফালে চাই, আৰু এসময়ত তাইৰ কোমল হাতখন উঠাই মোৰ গালত এটা চৰ মাৰে।)

আৰু লগে লগে মই আকৌ নিজকে এয়াৰপৰ্টৰ লাউঞ্জত আৱিষ্কাৰ কৰোঁ,  সমুখৰ কিতাপৰ দোকাখনত থকা ধুনীয়া ছোৱালীজনীক ৰ’ লাগি চাই থকা অৱস্থাত।

০০০০০

( গল্পটো দিব্যাংশ মুণ্ড্ৰাৰ Quora.com ৰ পৃষ্ঠাত উপলব্ধ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments