এযোৰ জোতা — নয়নমণি হালৈ

বিক্ৰমৰ এযোৰেই জোতা।
পৰাপক্ষত সি জোতা নিপিন্ধে। হাতত বেল্‌চা লৈ ট্ৰাকৰপৰা শিল, বালি আদি নমাবলৈ জোতাৰ প্ৰয়োজন নাই। আচলতে তাৰ জীৱনত জোতাৰ প্ৰয়োজন নহ’লেই; কিন্তু তথাপিও তাক জোতা এযোৰ একপ্ৰকাৰ জোৰ-জৱৰদস্তিয়েই কিনি দিছিল ৰামেশ্বৰ আৰু বুধিয়ে। সেইযোৰ পিন্ধি সি জানকীক চাবলৈ গৈছিল আৰু তাৰ এমাহ পিছতে জানকীক সি বিয়া কৰাই আনিছিল। বিয়ানো কি, গাঁৱৰ ল’ৰাবোৰে খানা এটা খাইছিল, ট্ৰাকৰ মালিকে তাক কাপোৰ এযোৰ আৰু টকা এহাজাৰ দিছিল, ৰামেশ্বৰ, বুধিহঁতে ডিঙিলৈকে এসোপা গিলিছিল আৰু কইনাঘৰৰ চোতালত নাচি নাচি হামখুৰি খাই পৰিছিল। বৰ স্ফূৰ্তি হৈছিল সিদিনা। তাৰপিছত আৰু স্ফূৰ্তি হৈছিল, দুয়োটা ল’ৰা জন্মৰ সময়ত ৰামেশ্বৰহঁতৰ স্ফূৰ্তিত তত নোহোৱা হৈছিল। তাৰ পিছৰ দিনবোৰ বিক্ৰমৰ বাবে ট্ৰাকৰ ঘোৰঘোৰণি, ধূলি-মাকতি, শিল-বালিৰ দৰেই নীৰস আৰু বিবৰ্ণ হৈ আহিছিল। কিন্তু বহুদিনৰ মূৰত বিক্ৰমৰ জীৱনত স্ফূৰ্তি কৰাৰ দিন এটা আকৌ আহিল আৰু তেতিয়াই তাৰ জোতাযোৰলৈ মনত পৰিল।

বিক্ৰমৰ খুলশালীয়েকৰ বিয়া। জানকীৰ তলৰ দুয়োজনী ভনীয়েকেই কেইদিনমান অগাপিচাকৈ দুটা ল’ৰাৰ লগত পলাই গ’ল। হওঁতে কাৰো বেয়া নালাগিল, মাকে কেৱল পাকঘৰত দুদিন চকুপানী মচিলে, বাকী সংসাৰৰ গছৰ পাত এটাও নলৰিল। কিন্তু সৰুজনী ভনীয়েক বৰ লক্ষ্মী ছোৱালী। সেইবাবে ভাল পাত্ৰ নিজে আহি ঘৰ চাপিছেহি আৰু পাত্ৰই একেষাৰে কৈ গৈছে যে ছোৱালী সি সমাজক সাক্ষী কৰিহে গ্ৰহণ কৰিব, নহ’লে নালাগে। মাজৰ দুয়োজনী ছোৱালী পলাই যোৱাৰ পিছত বুঢ়া বাপেকৰো অলপ স্ফূৰ্তি কৰাৰ ইচ্ছা এটা হ’ল, ওচৰৰ ঘৰ-ঘৰোৱাহেও অলপ উত্‍সাহ দিলে, বিক্ৰমেও জীৱনটোত কিমান আৰু ট্ৰাকৰ ঘোৰঘোৰণি শুনি থাকিব, সিয়ো বেয়া নাপালে। এলান্ধুকলীয়া পুলি আৰু পাকঘৰটোৰপৰা দুদিনলৈ মুক্তি পোৱাৰ আনন্দখিনি ধৰি ৰাখিব নোৱাৰি জানকীৰো চকুৰে দুধাৰি বৈ আহিল আৰু আজি-কালি কৰি বিয়া আহি যেন ঘৰৰ কাথিয়েই পালেহি। বিক্ৰমে জানকীক জোতাযোৰৰ কথা আকৌ এবাৰ মনত পেলাই দিলে।

জানকীয়ে এন্ধাৰ পুলিটোৰ কোনোবা এটা চুকৰপৰা যেতিয়া জোতাযোৰ উলিয়াই আনিলে, দেখিয়ে বিক্ৰমৰ কিবা জোতাযোৰলৈ মৰম লাগিল। আছে, জোতাযোৰ যেনেকৈ থৈ দিছিল, তেনেকৈয়ে আছে। অৱশ্যে নাথাকিবলৈ সি পিন্ধিছেনো কিমান দিন! ঘৈণীয়েকক সি ফটাকানি এখনত মিঠাতেল অলপ সানি লৈ জোতাযোৰ মচি ৰ’দত দিব দিলে; কিন্তু ঘৈণীয়েকেই তাৰ মূৰত সুমুৱাই দিলে কথাটো, বোলে, “এইযোৰা যদি টাউনৰ মুচী এটাৰ হতুৱাই পলিচ কৰাই আনে, একেবাৰে চিকচিকিয়া হৈ যাব।” বেলচাখন লৈ বিক্ৰম বাট পাইছিলেই, এইখনেই শেষ বিয়া, অলপ ধুনপেচ মাৰিবলৈ তাৰো মন নথকা নহয়। তাতে সি ডাঙৰ ভিনিহিয়েক, বিয়াখনৰ বহুকেইটা দায়িত্বভাৰ তাৰ মূৰৰ ওপৰতে। সি উভতি আহিল আৰু জোতাযোৰ প্লাষ্টিকৰ ঠোঙা এটাত সুমুৱাই লৈ গোঁগোঁৱাই ওলাই গ’ল।

পুৰণি বাছষ্টেণ্ডৰ গাতে লাগি থকা চাৰিআলিটোৰ মুচীজনৰ নাম নন্দু। কিন্তু এই নামটো বহুতেই নাজানে, পিচে তাৰ মুখৰ এষাৰ কথাৰ কাৰণে তাক গোটেই টাউনখনে চিনি পায়। “জিন্দেগীত কি আছেহে” এইষাৰ কথা তাৰ মুখৰ আগতে থাকে। যিকোনো কথা ক’লেই সি “জিন্দেগীত কি আছেহে, আজি আছোঁ কালি নাই”, ঠিক এনেধৰণে আৰম্ভ কৰে, পইচা-পাতিলৈ বেছি মূৰ ঘমাই নাথাকে, গ্ৰাহকে যি দিয়ে তাতেই সন্তুষ্ট হোৱা মানুহ সি। তাৰপিছত সি পুৰণি হিন্দী গীত এটা বৰ ডাঙৰ ডাঙৰকৈ গায়। গানটোতো জিন্দেগী শব্দটো থাকেই, “জিন্দেগী এক চফৰ হে চুহানা”- এই ধৰণৰ গান। বৰ স্ফূৰ্তিবাজ মানুহটো। ঘেৰ-ঘেৰ শব্দ কৰি তাৰ সন্মুখতে বিক্ৰমহঁতৰ ট্ৰাকখন সেইদিনা ৰৈ গ’ল। গাড়ীৰ ব’ডিৰপৰা জাঁপ মাৰি বিক্ৰম নামিল আৰু জোতাযোৰ নন্দুক দি থৈ আহিল। গাড়ীৰ ওপৰৰপৰাই ৰামেশ্বৰে চিঞৰিলে,
: ঐ জিন্দেগী খুলশালীৰ বিয়া, চিকচিকাই থাকিব লাগিব কিন্তু।
সেইফালৰপৰা নন্দুৱেও চিঞৰিলে,
: জিন্দেগীত কি আছে, জোতাহে।
ক’লা ধোঁৱা এসোপা এৰি দি ট্ৰাকখন তাৰপিছত ৰাস্তাৰ কোলাহলত মিলি গ’ল।

সন্ধিয়াৰ আগে আগে নন্দুৰ সন্মুখত যেতিয়া ট্ৰাকখন ৰ’ল, তেতিয়া নন্দুৱে তাৰ উৱলি যোৱা অদ্ভুত বৰণ ধৰা পুৰণি বেগ এটাত তাৰ লাম-লাকটুবোৰ ভৰাই আছিল। “ঐ ৰ ৰ”, বুলি বিক্ৰমে গাড়ীৰপৰা নামি তাৰ ওচৰলৈ দৌৰি গ’ল। এইবাৰো নন্দুৱে ডায়লগ এটা মাৰিবলৈ নাপাহৰিলে,
: জিন্দেগীত টাইমৰ মূল্য আছে আমাৰ, আধাঘণ্টা দেৰি হ’ল তোৰ কাৰণে।
ওপৰৰ পৰা ৰামেশ্বৰে চিঞৰিলে,
: এনে গোটেই টাইমত চলাটো, ভাং খাবলৈহে যাবি, আৰুনো ক’ত যাবি?
নন্দুৱেও তাৰফালে চাই,
: জিন্দেগীত কি আছে ঐ? খাই লৈয়ে জীৱন।
বুলি চিঞৰ এটা মাৰি পঠিয়ালে। ৰাতি জোতাযোৰৰ ঠোঙাটো বিক্ৰমৰ ঘৰৰ বাৰাণ্ডাতে ওলমি থাকিল। পিছদিনা পুৱা বিয়ালৈ যাবলৈ আটাইকেইটাৰে খদমদম লাগিল আৰু পিন্ধিবলৈ বুলি জোতাযোৰ যেতিয়া বিক্ৰমে হাতত তুলি ল’লে তেতিয়া তাৰ চকু কপালত উঠিল। এইযোৰ দেখোন তাৰ জোতাযোৰ নহয়। এপাকত সি ঘৈণীয়েকক চিঞৰি সুধিলে,
: ঐ চাৰিৰ কাষত তিনিটা ন বহুৱাই দিলে কিমান হয় ঐ?
ঘৈণীয়েক পাঠশালাৰ দেওনা পাৰ হৈ আহিছে; তাই তপৰাই মাত দিলে,
: পাঁচহাজাৰ, কেৱল এটকা কম।
তাৰপিছত ঘৈণীয়েক ওলাই আহি যেতিয়া বিক্ৰমৰ হাতত জোতাযোৰ দেখিলে আৰু দামটো জোতাযোৰৰ ভিতৰৰফালে জিলিকি থকা দেখিলে তাই একপ্ৰকাৰ আৰ্তনাদ কৰি উঠিল,
: তুমি পাঁচহাজাৰ টকাৰে জোতা কিনি আনিলা? ক’ত পালা ইমান পইচা?
বিক্ৰমে উচাত্‍ মাৰি উঠিল,
: ৰহ চিঞৰ-বাখৰ নকৰিবি। একেলগে পাঁচহাজাৰ টকা দেখিয়েই পোৱা নাই আজিলৈ। নন্দুৱে নিশ্চয় ভুল কৰিলে। সি মোৰ জোতাযোৰৰ ঠাইত বেলেগ কাৰোবাৰ জোতা এযোৰ দি পঠিয়ালে।
: কি ধুনীয়া জোতাযোৰ! দেখিলেই দামী যে গম পায়।
জানকীয়ে জোতাযোৰ চকুৰ আগত তুলি ধৰিলে।
: এটা কাম কৰোঁ দে। তহঁত অলপ ৰ, মই টাউনলৈ গৈ নন্দুক জোতাযোৰ দি থৈ আহোঁ।
: ৰ’বাচোন, কালি বিয়াৰ দিনা নহ’লে এইযোৰ জোতাই পিন্ধা। এদিনৰহে কথা। তাৰপিছত দি আহিবা।
: কিন্তু জোতাযোৰ বা কাৰ! যদি কোনো অঁকৰা-মকৰা মানুহৰ হয়, নন্দুক গালি পাৰিব।
: ইমান বেয়া মানুহ নাই দিয়া। এদিন দুদিনৰ কাৰণে কোনেও গালি নাপাৰে। এনেও তোমাৰতো দোষ নাই ইয়াত, সিয়েই দোষ কৰিছে। কালি বিয়াখনত পিন্ধি পৰহিলৈ দি থৈ আহিবা।
বিক্ৰমে জোতাযোৰ লিৰিকি-বিদাৰি থাকিল। জোতাযোৰ নিশ্চয় খুব আৰামী হ’ব। সি জীৱনত এনে এযোৰ জোতা পিন্ধাৰ কথা কল্পনাই কৰিব নোৱাৰে। কিন্তু ভগৱানে কিজানি তাক সুযোগ এটা দিছে। তাতে খুলশালীৰ বিয়া। জানকীয়ে ঠিকেই কৈছে, কালি বিয়াখনত পিন্ধি পৰহিয়েই সি নন্দুক জোতাযোৰ ঘূৰাই দি আহিব। বিক্ৰমে জোতাযোৰ ভৰিত সুমুৱাই ল’লে।
বিয়াঘৰত কেইবাজনেও তাক জোতাযোৰৰ কথা সুধিলে। সিয়ো চকীত যেতিয়াই বহিছে, এখন ভৰিৰ ওপৰত আনখন তুলি দিছে। কেতিয়াবা গভীৰ চিন্তা কৰা যেন দেখুৱাই এনেই একোবাৰ ভৰিখন নচুৱাইছে। কাষতে বহি থকা কোনোবা এজনে হয়তো কৈছে, “ভিনিহি, জোতাযোৰ ক’ত কিনিছ, ইমান ভাল লাগিছে!” বিক্ৰমে হাঁহি এটা মাৰে। একধৰণৰ ক’ব নোৱাৰা সুখানুভূতিয়ে তাক আচ্ছন্ন কৰি তোলে। কেৱল মাজে-মাজে নন্দুৰ মুখখন চাৎকৈ তাৰ চকুৰ সন্মুখত ভাঁহি উঠে আৰু তেতিয়া চুই দিয়া কেৰেলুৱা পোকৰ নিচিনা তাৰ মনটোও কোঁচ খাই আহিব খোজে। আকৌ ঘৈণীয়েকৰ কথাও মনলৈ আহে, “সিতো চুৰ কৰি অনা নাই, নন্দুৱে ভুলকৈ দি পঠিয়ালে, সি কি কৰিব!”
বিয়াৰ পিছদিনা বিক্ৰমৰ গাটো অলপ বেয়া লাগিল। বিয়া বুলি দুদিন তাৰ কষ্ট হ’ল, টোপনিও ক্ষতি হ’ল। কিবা এটা ভাগৰে তাক হেঁচা মাৰি ধৰিলে। সেইদিনা সি ৰামেশ্বৰহঁতক কামলৈ নাযাওঁ বুলিয়ে জনাই দিলে। দিনটো সেইদিনা সি শুয়ে কটালে। পিছদিনা পুৱা ট্ৰাকৰ ওপৰৰপৰা দেখিলে নন্দু বহা ঠাইকণ খালী। ট্ৰাকখন আৰু তাত ৰখাবলৈ নিদি বিক্ৰমহঁত গুচি গ’ল। জোতাযোৰ ড্ৰাইভাৰৰ চিটৰ তলতে সোমাই থাকিল; কিন্তু পিছদিনাও নন্দুক তাত নেদেখি বিক্ৰম অলপ আচৰিত হ’ল। ই গ’ল ক’লৈ!
বিক্ৰম বেছি আচৰিত হ’ল যেতিয়া সাতদিনলৈ নন্দুৰ ছাঁটো চাৰিআলিৰ চুকটোত দেখিবলৈ পোৱা নগ’ল। এই সাতদিনে জোতাযোৰ ড্ৰাইভাৰৰ চিটৰ তলতে সোমাই থাকিল। ৰাতি ভাতৰ পাতত সি জানকীক কথাটো ক’লে। তাই ক’লে বোলে,
: ৰাখিয়ে থোৱা জোতাযোৰ। ইমান দামী জোতা এযোৰ ক’তনো কিনিব পাৰিবা!
বিক্ৰমে একো নক’লে, কেৱল পোন্দোৱাকৈ এবাৰ ঘৈণীয়েকলৈ চালে। যি বুজিব লাগে জানকীয়ে তাতেই বুজি গ’ল।
পিছদিনা সি ৰামেশ্বৰহঁতক কামলৈ নাযাওঁ বুলিয়েই জনাই দিলে। জোতাযোৰ আগৰ সেই ঠোঙাটোত ভৰাই সি পুৱাই নন্দুক বিচাৰি ওলাল; কিন্তু চাৰিআলিটোৰ কোনেও নন্দুৰ ঘৰ চিনি নাপায়। পিচে সি নন্দুক লগ পাবই লাগিব আজি। সদায় সদায় কাম ক্ষতি কৰিবও নোৱাৰি। সি বাছষ্টেণ্ডৰ ভিতৰত বহা আন এটা মুচীৰ ওচৰলৈ গ’ল আৰু নন্দুক চিনি পায় নেকি সুধিলে। সি ঘৰটো সঠিককৈ ক’ত ক’ব নোৱাৰিলেও সোণপুৰৰ মেটৰবস্তিৰ আশে-পাশে বুলি ক’লে। বিক্ৰমে মেটৰবস্তি পোৱালৈ বেলি পশ্চিমৰফালে লহিয়াবলৈ আৰম্ভ কৰিছিল। প্ৰকাণ্ড আঁহতজোপাৰ তলত থকা শিৱৰ মন্দিৰটোত ভাং টানি নন্দু বহি থাকিব পাৰে বুলি কোনোবাই তাক কৈছিল; কিন্তু তাতো সি নন্দুক নাপালে। মন্দিৰটোৰ কাষৰ গলিটোৰ শেষৰ ঘৰেই নন্দুৰ ঘৰ বুলি ল’ৰা এজনৰ মুখত সি নিশ্চিত হ’ল আৰু সি চিধাই গলিটোলৈ সোমাই গ’ল।
পুৰণি কাঠ আৰু ভঙা টিনপাতেৰে অ’ত-ত’ত জোৰাটাপলি দিয়া সেইটো নন্দুৰ ঘৰ। চোতালত শুকান মাটিমাহৰ বড়া মেলি দি থকা নন্দুৰ ঘৈণীয়েকে বিক্ৰমক দেখি ওৰণিখন এহাতমান টানি ল’লে আৰু নন্দু পিছফালে থকা বুলি আঙুলিয়াই দেখুৱালে। পিছফালে এটা খাল, পানী কম। তাৰ পাৰতে পীৰা এখনত নন্দু বহি আছিল। জোতাৰ ঠোঙাটো লৈ বিক্ৰম তাৰ কাষ চাপি গ’ল। ওপৰাকটিকৈ বিক্ৰম তাৰ কাষতে বহিল। সন্মুখত জোতাযোৰ। নন্দুৰ গাল এখন ফুলি আছিল। চকু দুটা যেন পানী শুকাই যোৱা দুটা খাল, নিস্তেজ, নিঃসাৰ। ঘৈণীয়েকে চোতালৰপৰা ভোৰভোৰাই আছিল, “জোতাযোৰৰ বাবেই মানুহটোক পিটিলে সিহঁতে। এযোৰ জোতাৰ বাবেই মানুহ এটাক ঘুঁচিয়াই মাৰিব পাৰেনে! তেনে জোতা মানুহটোৱে কিমান চিলালে, দুযোৰ জোতা চিলাই দিম বুলি কোৱাৰ পিছতো নেৰিলে।”

বিক্ৰম আৰু অলপ আগুৱাই গ’ল নন্দুৰফালে। সি ভাবিছিল নন্দুৱে তাক ক’ব, “জিন্দেগীত কি আছে, এযোৰ জোতাহে” কিন্তু সি একো নক’লে। বহুসময় দুয়ো জোতাৰ ঠোঙাটো মাজত লৈ বহি থাকিল। ভালেখিনি পৰ পিছত জোতাৰ ঠোঙাটোলৈ চাই নন্দুৱে ক’লে,
: ঠোঙা দুটা একে আছিল। সেইটোৱে ভুল হৈ গ’ল মোৰ।
: ঠোঙা দুটা একে আছিল, কিন্তু ভিতৰৰ জোতা দুযোৰ বেলেগ আছিল।
বিক্ৰমে ক’লে।
: অ’ এযোৰ দামী আৰু এযোৰ কমদামী।
নন্দুৱে আৰু একো নক’লে। বিক্ৰমৰো একো ক’বলৈ মন নগ’ল। দুয়ো জোতাযোৰলৈ চাই ৰ’ল। একেথৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক